Pages

Saturday 16 July 2016

ভালপোৱা

ভালপোৱাৰ কথা । সি হীৰু দা, পূৰ্ণেন্দু পত্ৰীৰ কবিতাতে হওঁক, চিনেমাত, গানত, গল্পত, বাস্তৱৰ বজাৰত, ঘৰত বা আড্ডাতেই হওঁক-  জীৱনৰ দৰে এই ভালপোৱা বস্তুটো মোৰ বাবে অলপ ৰহস্যময় । মানুহে প্ৰেমাস্পদক ভালপায়, খেনোৱে আকাশক, নৈক, জীৱনক ! প্ৰেমাস্পদক বিয়া পাতিব নোৱাৰি ইপিনে দেৱদাসে ভাল পাইছিলগৈ মদক ! কোনোবাই ভাল পালেগৈ কলমক ! মই ভাবি থাকোঁ -- ক'ত, কিয়, কেনেকৈ !!

শ্যাম বেনেগালৰ অঙ্কুৰ চিনেমাখন যিয়ে চাইছে তেখেতসকলে বুজিব । শ্বাবানা আজমীৰ সন্তান নাই গিৰিয়েকৰ বাবে । এদিন গিৰিয়েক সাধু মেহেৰ নোহোৱা হ'ল । গিৰিয়েকৰ অনুপস্থিতিত জমিদাৰৰ পুতেকে শ্বাবানা আজমীক জালত পেলাই সন্তান সম্ভবা কৰিলে । এদিন গিৰিয়েক অাকৌ ওলালহি । শ্বাবানা আজমীয়ে গিৰিয়েকৰ মুখলৈ চাই অনুশোচনাত ভাগি পৰিল । কিন্তু গিৰিয়েক ?? মুখেৰে মাতিব নোৱাৰা সাধু মেহেৰে ঘৈনিয়েকৰ পেটটো চুই চালে আৰু মন্দিৰলৈ গৈ আকাৰে ইংগিতেৰে বুজাই দিলে যে সন্তানটো ভগবানৰেই দান বুলি সিহঁতে ৰাখিব আৰু ঘৈনিয়েকক সি মৰম সমানেই দিব এতিয়াও । চকু পানী ওলোৱা দৃশ্য !! ভালপোৱা এয়াই নেকি তেনেহ'লে !

বাপু কলীয়াই মানুহৰ ঘৰত কাম কৰে, কেতিয়াবা এনেও দুটকা খুজি নিয়ে । আমাৰ ঘৰত থাকোঁতেই এদিন ঘৈনিয়েক ওলালহি আৰু দুয়োজনৰ মাজত প্ৰচণ্ড যুদ্ধ । তেওঁ কাম আধাতে কাম সামৰি গ'লগৈ । দুপৰীয়া মই তেওঁৰ ঘৰলৈ গ'লোঁ পিছদিনাৰ বাবে মাতিবলৈ । চোতালতে বহি বাপু কলীয়াই বগা থাল এখনত শুদা ভাত নিমখেৰে পৰম তৃপ্তিৰে খাই আছে । ঘৈনিয়েকে পিৰা এখনত বহি জেং এটুকুৰাৰে গিৰিয়েকৰ পিঠি খজুৱাই দি আছে । গিৰিয়েকে আৰামত ভাতকেইটা খাওক ! ভালপোৱা সেইয়া ??

সিদিনা লিখিছিলোঁ । ধুমুহা অহাৰ লক্ষণ দেখি চব্জী বেপাৰীয়ে সোনকালে দোকান সামৰি যাবলৈ ওলাইছিল । মানুহজনীয়ে ধুমুহালৈ ভয় কৰে । নি:সন্তান । গতিকে মানুহটোৰ মানুহজনীক লৈ চিন্তা ক'ৰবাত ভয় খাব । ইয়াত থকা ভালপোৱাটো কিজানি অলপ ওপৰত !

মাই-দেউতাৰ এৰেঞ্জ মেৰেজ । টিপিকেল । দৰকাৰী কথা বতৰা, দায়িত্ব পালন আদিৰ বাদে আমাৰ চকুত কোনো প্ৰেমৰ উপাদান ধৰা পৰা নাছিল কোনোদিন । দেউতাই জীৱনৰ শেষ সময়ত হস্পিটেলত থাকোঁতে মাইক ছাঁটোৰ দৰে লগত ৰাখিছিল । এদিন দুপৰীয়া ৰোগীৰ বিচনাৰ কাষৰ বিচনাত মই শুই আছোঁ , কাষতে মাই । সেইদিনা তেখেতক আইচিইউৰ পৰা উলিয়াইছিল পাঁচদিনৰ মূৰত । আধাফূটা মাতেৰে দেউতাই মাইক মাতিছিল - হে'ৰা ! মাইয়ে ক'লে - কওঁকচোন !
"তুমি এইখিনিত বহি থাকাহি" বুলি কৈ দেউতাই নিজৰ বিচনাৰ কাষলৈ চকুৰে ইংগিত দিলে ।
ভালপোৱা কিজানি সেয়াই আছিল ! ওপৰৰ সকলোবোৰ ঘটনাৰ ওপৰত ।

Friday 15 July 2016

ধুমুহা

ধুমুহা

ধুমুহাজাক বাঢ়ি আহিছিল । পুতাইৰ লাহে লাহে ভয়টোও বাঢ়ি আহিছিল । সিঁহতৰ ঘৰটো থুনুকা । মাটিৰ । ছালখনৰো অৱস্থা নাই । পানীতো হৰহৰাই পৰেই লগতে কোনপাকত উৰুৱাই নিয়ে ঠিক নাই । সি মাটিত শোৱে । বিচনাত চম্পা । সি শুই থকা খেৰকেইদাল আৰু কাপোৰখন সামৰি আঁঠুতে হাত দুটা দি মজিয়াতে এনেই বহি ৰ'ল । শাম কাটিলে আকৌ বিচনা পাৰিব । তাৰ গাৰ কাষতে মজিয়াত পানী পৰি পৰি চিটিকনি বোৰ তাৰ পিঠিয়ে মুখে পৰিছে । চম্পা শুই আছেনে সাৰে আছে নে সাৰে থাকি শোৱাৰ ভাও ধৰিছে সি নাজানে ।

ধুমুহাৰ লগে লগে ঢেৰেকনীও বাঢ়ি আহিছিল । ক'ৰবাৰ পৰা নাৰিকলৰ ডাঙৰ শুকান পাত এটা উৰি আহি বাঁহৰ দুৱাৰখনৰ মুখতে পৰিলহি । এইবাৰ পুতাই নৰ'ল । ভয়তে চিধাই চম্পা শুই থকা বাঁহৰ বিচনাৰ তললৈ আঁঠু কাঢ়িয়েই বাট পোনালে । বিচনাৰ তলতহে যদি জীৱনটো বাচে ।

চম্পাকো মাতিব নেকি ?? নাই থাকক । কি দৰকাৰ । মৰক তাই ।

যোৱা পোন্ধৰদিন মান চম্পাৰ লগত তাৰ মাতবোল নাই । প্ৰথম দুদিন মাতবোল বন্ধ । পিছত সি একেলগে শোৱাও এৰিলে । সি মাটিত খেৰ পাৰি তাৰ ওপৰতে পুৰণা ফটা বিচনা চাদৰ এখন পাৰি শোৱা কৰিলে । ৰাতি আহি সি চৰুৰ পৰা ভাত উলিয়াই অকলে খাই অকলে মাটিত শুই থাকে । নিজৰ জেদৰ বাবে সি দুয়োটা ভোকেই সহ্য কৰিব পাৰে ।

পথাৰলৈ যাওঁতেই কোনোবাই বহুদিন আগতেই তাক কৈছিল সি নথকা অৱস্থাত গোলাপ সিহঁতৰ ঘৰতে বহি থাকেহি । সি গুৰুত্ব দিয়া নাছিল । দুদিনমান সি নিজেও গোলাপক সিহঁতৰ ঘৰত পাইছেহি যদিও কথাটো বৰকৈ মন কৰা নাছিল । পিছলৈ সি চম্পাৰ চাল-চলনত অলপ পৰিৱৰ্তন দেখা পাইছিল । আগৰ দৰে তাক নবকে, কাজিয়াও কমাই কৰে !

সিদিনা মনেশ্বৰে যেতিয়া নিজৰ ঘৈনিয়েক পলাই যোৱাৰ কথাটো পুতাইক মনত পেলাই দি তাক সাৱধান হ'বলৈ ক'লে সেইদিনাই পুতাইয়ে অলপ সৰহকৈ গিলি আহি চম্পাক সুধিলেহি - গোলাপ কিয় আহে মই নথকা পৰত হাঁ ?

তাৰ পৰাই আৰম্ভ হৈ যুদ্ধ ডাঙৰ হ'ল, চম্পাৰ পিঠিত হালোৱা এচাৰিৰ কোবৰ প্ৰতিদান স্বৰূপে তাৰো মূৰত চচপেনৰ কোব পৰিল । মাতবোল বন্ধ হ'ল । শোৱা বন্ধ হ'ল । সি কেতিয়াবা ৰাতি আহি একো নোখোৱাকৈয়ে ঘৰত ভোকতেই শুই থাকে । ভোকত থাকিব । জেদ নেৰে । তাই দোষ স্বীকাৰ কৰিব লাগিব । ভাওনাত দাসীৰ ভাও ল'লেও পুতাই মতা পুৰুষ ।

এইবোৰ ভাবি থাকোঁতেই ঘৰৰ কাষতে থকা অমিতা জোপা কেৰেককৈ ভাগি আহি ঘৰৰ ছালখনতে পৰিল । চম্পাই ভয়তে একেজাঁপে বিচনাৰ পৰা নামি বিচনাৰ তল পালেহি । পুতাইৰ গাতে গা লগাকৈ ।

ধুমুহাজাক বাঢ়ি আহিছিল । প্ৰচণ্ড ঢেৰেকনীৰ শব্দত চম্পাই এপাকত পুতাইক সাৱতি ধৰিলে । পুতাইয়ে এপষেকৰ মূৰত চম্পাৰ গোন্ধটো পালে । সি আঁতৰি নগ'ল ।

: তই গোলাপক কিয় ওচৰ চাপিবলৈ দিলি ?
চম্পাই কেতিয়াও নুশুনা সুৰ এটাৰে পুতাইয়ে সুধিলে ।

: তাক মই আজিলৈকে গাটো চুবলৈ দিয়া নাই । তোৰ শপত ।
: গাটোহে দিয়া নাই । বাকী মনটো ?? কিয় ??
: নাজানো । তই জাননে তোলৈ পলাই অহাৰ পাছৰে পৰাই মোৰ যে কিমান মনটো উৰি ফুৰিছিল । ৰাতি তোৰ লগত কথা পাতি পাতি শুই থাকিম । তই পথাৰৰ পৰা আহিবি মই জলপান দিম আৰু তোৰ কাষতে বহি কথা পাতিম । মূৰকত কিবাহে হ'লগৈ ।

ধুমুহাজাক বেছিকৈয়ে বলিছিল । পুতাইয়ে চম্পাক অকণমান বেছিকৈয়ে জোৰেৰে ধৰি ল'লে, তাই যাতে ভয় নকৰে । মজিয়াৰ পানী আহি সিহঁতৰ ভৰি চুলে ।

: পিছে তই ৰাতি সেইসোপা গিলি আহ । মোৰ কথাবোৰ নুশুন । মাত্ৰ মোৰ দেহৰ ভোকটো নাইকিয়া কৰ । কিন্তু মোৰ সৰু সৰু কথাবোৰ …। মনৰ ভোকটো ?? তই পলুৱাই অনাৰ প্ৰথম বছৰৰ বাহিৰে পিছত কেতিয়াবা মোৰ কথাবোৰ শুনিছিলিনে মন দি ?? এদিনমান ৰাতি আহি মোৰ লগত চোতালত এখন্তেক বহিছিলি নে ?? খালী সেইসোপা গিলি আাহি নিজৰ কথাবোৰ কৱ মোৰবোৰ নুশুন । ল'ছালী নোহোৱা বাবে মোক গালি পাৰ । এদিন নহয় সদায়েই । গোলাপ আহি এনেই বহে সন্ধিয়া । এই সৰু সৰু মই কাকো ক'বলৈ নোপোৱা কথাবোৰ গোলাপক কওঁ । মোৰো মন যায় ক'বলে । মোৰো মন যায় কোনোবাই মোৰ কথা শুনক ! গোলাপক মই মন দিয়া নাই । সি যদি দিছে নাজানোঁ । মই দিনটোৰ সৰু সৰু কথাবোৰ তাক কওঁ সি মনোযোগেৰে শুনে । তাতে মই ভাল পাওঁ । মনটো মোৰ পাতল লাগে । কথা সিমানেই ।

পুতাইয়ে চম্পাৰ মূৰত হাত থ'লে ।

: মই যোৱা সপ্তাহৰ পৰা এটুপিও মুখত দিয়া নাই জাননে তই ? যোৱা সপ্তাহৰ পৰা মোৰ তোৰ লগত কথা পাতিবলৈ মন গৈ আছে । তোৰে শপত আৰু এটুপিও নাখাওঁ । তই খালি গোলাপক মই নথকা পৰত আহিবলৈ হাক দিবি । মই বেয়া পাওঁ ।
: কৈছোৱেই তাক সিদিনাই । সি নাহে আৰু । এনেও খেতি খোলাৰ বাবে সি একেবাৰে নপামলৈ যাবগৈ । সি আহি বহা ঠাইকণতেই তই সন্ধিয়া বহিবিচোন । মই ভাত ৰান্ধি থাকিলে মোৰ সৰু সৰু কথাবোৰ শুনি শলাগি থাকিবি ।  হ'বনে ??
: হ'ব দে ।

দাসীৰ ভাও ল'লেও মতাপুৰুষ হোৱা পুতাই এটা সৰু ল'ৰাৰ দৰে হৈছিল ।

ধুমুহাজাক শাম কাটিছিল ।

কুকুৰা পুৰাণ

কুকুৰা পুৰাণ !

দিল্লীত গৈ মই প্ৰথম নিজাববীয়াকৈ ভাড়ালৈ  লোৱা ঘৰটো আছিল কেশৱপুৰমৰ চি ফাইভ এলেকাত । এটা সৰু ফ্লেট । মালিকনী ভদ্ৰমহিলা নীলম গুপ্তা । মাত কথা মৰমৰ । প্ৰথম দিনাই তেখেতে মোক সাৱধানবাণী শুনালে - বেটা অপনী পৰিৱাৰ কী তৰহ ৰেহনা লেকিন দাৰু ৱাৰু চিকেন ৱিকেন য়ে চব নেহি চলেগা । খায়াল ৰহে ।

মানে চিকেন ৰান্ধিব নোৱাৰিম ??
ওহোঁ ! আমি জৈন মানুহ । বাহিৰত খাই আহিবা মন গ'লে । ৰন্ধা চিকেন পেকিঙো নোৱাৰিবা আনিবলৈ ।

বাৰু । হ'ব । মুছাফিৰ হৈ আছোঁ যেতিয়া অলপ নীতি নিয়ম মানি চলিব লাগিবই ।

মই টপ ফ্ল'ৰত থাকোঁ । বাহিৰৰ পৰা আহিলে মালিকনীৰ চৰাঘৰলৈ সোমোৱা গেইটখন খুলি তেওঁলোকৰ কোনোবা চৰাঘৰত বহি থাকিলে মোৰ গাটো দেখুৱাই যাব লাগে ।

নীলম গুপ্তাৰ পৰিয়ালটো ভালেই লাগিছিল । আহোতে যাওঁতে মাতষাৰ পাওঁ নীলম গুপ্তাৰ পৰা যদি তেখেত চৰাঘৰত বহি থাকে- ষাঠি বছৰীয়া মহিলা - ঐয়ে দেবাঙ ইধৰ আ । চুন চুন…মেৰে বেটেকে লিয়ে নৌকৰী দেখ । এ  দেবাং কাহাছে আয়া ?? চুন চুন ইধৰ আ …পুৰি চব্জী খাকে যা …আৰে অয়ে দেবাং ক্যা?? ৰুক ৰুক …।

মই চিকেন বাহিৰতে খাই আহোঁ । আনিব নোৱাৰোঁ । যিকোনো সময়তে নীলম গুপ্তাৰ পুতেক দুটা ওলাবহি পাৰে । এদিন চয়াবীনত চিকেন মচলা দিওঁতেই পুতেকে শুঙি শুঙি অনুসৰণ কৰি পাকঘৰত চাই গৈছিলহি ।

চিকেন খাই ধৰা পৰিলে মোক ঘৰ খালী কৰিবলৈ নক'ব বুলি জানো কিন্তু সাদৰী মানুহজনীৰ বিশ্বাস ভাঙিবলৈ মন নগ'ল । মাতষাৰ পোৱাটো বন্ধ হ'ব ।

গতিকে মই বাহিৰতেই খাই আহোঁ । চিকেনৰ লগত ৰুমালী বা তণ্ডুৰী । তথাপি কেতিয়াবা মন যায় নিজৰ পাকঘৰত চিকেন ৰান্ধি খাবলৈ, নিজৰ বিচনাত বহি ঠেং চোবাবলৈ  !

এদিন মন বান্ধিলোঁ । এনেকে নহ'ব । বহুত নীলম গুপ্তাৰ কথা শুনিলোঁ । আজি তণ্ডুৰী পেকিঙ লৈ যাম আৰামত খাম বহি বহি ।

কথামতেই কাম । যিহেতু মোৰ ঘৰলৈ উঠি যাবলৈ নীলম গুপ্তাৰ চকুৰ আগেৰে যাব লাগিব গতিকে হাতত পেকেটটো থাকিলে ধৰা পৰাৰ ভয়ত পেকেটটো চোলাৰ বুটাম খুলি পেটত ভৰাই ল'লো । হাফ তণ্ডুৰী আছিল গতিকে পেটটো সামান্যহে ফুলিল ।

হাতত সাৰে ভৰিত সাৰে গেইটখন খুলি ওপৰলৈ চিৰিত ভৰি থৈছোহে মাত্ৰ - চুন দেবাং ইধৰ আজা ।

হ'লেই । মই উত্তৰ দিলোঁ - ৰুকীয়ে আণ্টী, ড্ৰেছ চেঞ্জ কৰকে আ ৰাহা হুঁ !

নাই নহ'ব । নীলম গুপ্তাই আদেশ দিলে । ক'ত ড্ৰেছ চেঞ্জ কৰি আহিবি । আহ পটকে । কথা আছে । পানীপট চে বুৱা আয়ী হেঁ ক্যা লায়া হেঁ দেখ - বুলি গেইট খুলি মোক আগুৱাই নিলেহিয়েই ।

মই মানুহৰ অনুৰোধ পেলাব নোৱাৰোঁ । মৰমো । মৰমত নীলম গুপ্তাই দিয়া আহ্বানক নেওঁচা দিব নোৱাৰি মৰণতে শৰণ দি ভিতৰলৈ গ'লো । একেবাৰে অতিমাত্ৰা ধাৰ্মিক শাকাহাৰীৰ চৰাঘৰত বহি আছোঁ পেটত এটা হাফ তণ্ডুৰী লৈ । ইতিমধ্যে পেটটোত গৰম বাঢ়ি গৈছে আৰু তণ্ডুৰীৰ সুগন্ধও বাহিৰ হ'বলৈ আৰম্ভ কৰিছে । ইফালে সিফালে লৰাই দিছো বেলেগে গম নোপোৱাকৈ ।

আজি হয় থাকিম নহয় ঘৰ এৰাৰ যো-জা কৰিম ।

চিনাকি কৰি দিয়া বুৱায়ে হাতত মালা এডাল জপি আছিল । কঁপালত দীঘল আঁচ । মনতে ভাবিলোঁ নীলম গুপ্তাই মোক ক্ষমা কৰিব কিন্তু এই বুৱাই যে মোক জীৱন্তে চোবাই খাব সেইটো খাটাং যদিহে মোৰ পেটত কুকুৰা থকাৰ উমান পায় ।

মই যিমান পাৰি সিমান কথা চমূ কৰি আহিবলৈ উঠিলো । বহি থকাৰ বাবে পেটৰ হাফ তণ্ডুৰী কুকুৰা অলপ মিছপ্লেচদ্ হ'ল । হাতৰে ধৰি অকণমান ঠিক কৰি দিলোঁ বেলেগে ধৰিব নোৱাৰাকে । চেৰেক কে শব্দ এটা হ'ল মৃদুকে । ফইল পেপাৰৰ ।

: আৰে পেট মে ক্যা লেকে আয়া হেঁ ??

নীলম গুপ্তাই এই প্ৰশ্নৰে মোক একপ্ৰকাৰ আত্মসমৰ্পন কৰিবলৈ বাধ্য কৰালে । মোৰ হাতত অস্ত্ৰ নাই । সমুখত বৰটোপ লৈ হাতত মালা জপি থকা দীঘল ফোঁটেৰে পানীপটৰ বুৱা আৰু নীলম গুপ্তা  ।

কৈ দিওঁ । স্বীকাৰ কৰি ছৰি ক'ম । আৰু এনে নকৰো বুলি কথা দিম ।

একে উশাহে "চিকেন আণ্টী" বুলি কৈ বুকুত গুলি ল'বলৈ সাজু হ'লোঁ !

"চালে বদট্টমিজ জাহা তাহা মজাক কৰতা ৰেহতা হেঁ" বুলি নীলম গুপ্তাই মালা জপি থকা বৃদ্ধাক ক'লে - ই অসমৰ ল'ৰা । আহোঁতেই কৈছিলোঁ তহঁত অসমীয়া মানুহে যিমান মাছ চিকেন খাৱ বাহিৰত খাবি মোৰ ঘৰলৈ নানিবি । বেচেৰাই কথা মানিছে । ই জানে চিকেন বুলি ক'লে মই নাক কোচাম গতিকে জোকাইছে ।

বুৱাই মোলৈ চাই হাঁহিলে । নীলম গুপ্তাই ক'লে - যা আভি ভাগ । অফিচ চে আয়া হে । অউৰ মেৰে চামনে চিকেন কা নাম ভী মত লে গণ্ডা কহি কা ।

ৰৈ গ'লো এখন্তেক । কি কওঁ । এই বিশ্বাস ! মৰম !! নে সঁচাকে জানিও অতিমাত্ৰা ধাৰ্মিক মহিলা গৰাকীৰ পৰা মোক বচোৱাৰ বাবে নীলম গুপ্তাৰ এই আচৰণ !!

সুখ নহ'ল প্ৰথমবাৰৰ বাবে ৰুমত তণ্ডুৰী খোৱা ।

সোৱাদ নাপালোঁ মুঠেও !

গেপ

গেপ

তিনি বছৰমান হ'ল নেকি ! ছোৱালী ডাঙৰ । কলেজীয়া । বাপেক মোৰ লগত ওলাই  আহিল । অলপ আঁতৰত ছোৱালী কিবা প্ৰজেক্টৰ কামত আছে । গাড়ীখন ৰখাই ক'লে - তুমি বহা অকণমান । মই ছোৱালীক মাতটো লগাই যাওঁ । দিনটো নাথাকিম নহয় । বাপেকে ছোৱালীক মাত লগালে । ছোৱালীয়ে গাড়ীলৈকে বাপেকক আগুৱাই দিলে । বাপেক বিদেশলৈ যাবলৈ ওলোৱা নাই কিন্তু ! মাত নলগালেও হয় ।

সিদিনা মনালিছা বাইদেৱেও একেই কৰিলে । গাড়ীখন ঘুৰাই নি নিজৰ ঘৰৰ পৰা এহাত দূৰত আইতাকৰ ঘৰত থকা জীয়ৰীক দেৰি হোৱা বাবে গাড়ীৰ পৰাই মূৰটো ওলিয়াই  মাত লগালে । জীয়ৰীয়েও আনন্দেৰে পঠালে মাকক । দিনটো মাকৰ মাতষাৰ আৰু মুখখন মনত ৰাখিব - তাইৰ অভিব্যক্তিৰে বুজাই দিলে । মাতষাৰ ফোনতো দিব পাৰিলেহয় কিন্তু  !
########################
ছোৱালীয়ে গুৰু-গোঁসাই নমনা হৈছে কম বয়সতে । বাপেকে মোক ক'লে- কথা পাতিবিচোন তই !
ছোৱালীক সুধিলোঁ - হয়নে ??
ছোৱালীয়ে গপছত ক'লে - হয় ।
এই ট্ৰেক চেঞ্জ হোৱাৰ পাছতহে দেউতা আৰু মায়ে মোৰ লগত কথা পাতিবলৈ হাবাথুৰি খোৱা হৈছে ! তাৰ আগলৈকে ?? সময়ত পইচা দিছে । বাকী দেউতাৰ বিজনেছ । মাইৰ চাকৰি আৰু দাদাৰ মেডিকেলৰ ছিটক লৈ চিন্তা । মোক টেকেন ফৰ গ্ৰাণ্টেড ! মই আউত অৱ দা পিকচাৰ ! বিলিভ মি !!

মৰ্মান্তিক !

###
আমি ৰাতি শুইছিলোঁ মাই দেউতাৰ লগত একেলগে ডাঙৰ হোৱালৈকে । কথাৰে ভৰা প্ৰতিটো দিন । বৰ্তমান সময়ত কৰ্মব্যস্ততা আৰু আন আন কাৰকৰ বাবে সেইবোৰ অসম্ভৱ । কিন্তু কথা আৰু মৰম আৰু যত্নৰ প্ৰকাশ ?? সেইটোতো সম্ভৱ । সময়ত বস্তুৰ যোগাৰ ধৰিছোঁ আৰু কি লাগে - এইটো ভাৱ । তাতোকৈ ভয়ংকৰ ভাৱটো হ'ল - কথা পাতিবলৈ, তেনেকৈ কিবা ছ' কৰিবলৈ মোৰ টাইম ক'ত ??

আৰু যেতিয়া ল'ৰা-ছোৱালীয়ে ট্ৰেক চেঞ্জ কৰে তেতিয়া আৰম্ভ হৈ যায় - আমাৰ লগত কথা নাপাতা কিয় ?? অমূকত গৈ, অমূকৰ লগত পৰি, মোবাইলৰ বাবে, হোষ্টেলৰ বাবে ধ্বংস হ'লা তুমি !!

কথা পাতক আৰু শুনক । আগ্ৰহেৰে । যিমানেই ব্যস্ততা নাথাকক কিয় । নহ'লে এদিন মুখৰ পৰা কথা বাহিৰ কৰিবলৈ, এষাৰ মাত শুনিবলৈ চিকিৎসা কৰাৰো দৰকাৰ হ'বগৈ পাৰে । সংস্কাৰ কিতাপে শিকোৱাৰ আগতে শিকাব ঘৰে । আমি ঘৰৰ পৰাই শিকিছিলোঁ ।

কথা পাতক সন্তানৰ লগত ।

(বিশেষ এজনৰ অনুৰোধত এইখিনি ফেচবুকত লিখিলোঁ )

আনন্দৰ প্ৰকাশ

আনন্দৰ প্ৰকাশ ।

দৈৰ টেকেলী তিনিটা আছিল । মোৰ দামে দৰে যিটো মিলিল সেইটো বাঁহৰ তমাল এডালেৰে ভালকৈ মেৰিয়াই দিবলৈ মানুহজনে বহি থকা ঠাইতে থকা কুমলীয়া বাঁহৰ কামি এপাত চুচিবলৈ লাগিল । আঁঠুমুৰীয়া চুৰিয়া এডোখৰ, হাফো নহয় ফুলো নহয় জাতীয় চোলা এটা আৰু ডিঙিত  পুৰণা গামোছা এখন  পকাই লোৱা - মোৰ স্পষ্টকৈ মনত আছে । টেকেলীটো ঠিক কৰি মোক দিয়ে মানে - এইটো দামত ইমান ভাল দৈ নোপোৱা- জাতীয় কথাৰে মোক উৎসাহ দি থাকোঁতেই ক'ৰবাৰ পৰা ঠিক তেখেতৰ বয়সৰে মানুহ এজন আহি তেখেতক ক'লেহি -…অই আমাৰ এইকে পাই খবৰটো দিছে । জীয়েৰৰ ল'ৰা এটা হ'ল অলপ আগতে । কেইদিনমান আগবাঢ়িল ।

তমালেৰে টেকেলীটো বান্ধি থকা মানুহটোৱে কটকী মানুহটোলৈ চালে ।
: অ' ! মই আক' বজাৰৰ পৰা গৈ যাম বুলিহে ! কেতিয়া হ'ল ।
: অলপ আগতে । এতিয়া ভাল ।

মানুহজনে টেকেলী বন্ধা এৰি গামোছাৰে চকুহাল মচিলে । নিজকে নিজে ক'লে - মাক নোহোৱা ছোৱালী ! নাকটো সোঁওত কে এবাৰ মচি আকৌ টেকেলী বন্ধাত লাগিল ।
: নাতি পালে ??
: অ' হে । হৰিৰ কৃপাত ।

আগদাঁত নোহোৱা মুখৰ সেই মুহুৰ্তৰ হাঁহিটো মোৰ মূৰত সোমাই আছে আজিও ।
----------------------------------
মইও বহি আছিলোঁ । পুতেকে উধাতু খাই সোমাই আহি মোৰ লগত কথা পাতি থকা বাপেকক কাগজ এখন দেখুৱাই ক'লে- দে'তা এইখন ! লেটাৰ ।

বাপেকে থুঁতৰিত হাতটো দি পুতেকক চকুৰে বুজাই দিলে - সেইফালে !

সেইফালে শ্বকেছ এটাৰ ওপৰত  চশমা পিন্ধা অতি সাদৰী যেন লগা মানুহ এগৰাকীৰ ডাঙৰ বন্ধোৱা ফটো এখন আছিল । সমুখতে সৰু পিতল নে তামৰ কাঁহী এখনত ধূপদানি এটা আৰু চাউল কেইটামান ।

-----------------------
মাজতে সভা এখনত কথা কৈ আছিলোঁ ! সভাসদৰ মনোযোগ দেখি অতি আনন্দ পাইছিলোঁ কথা কৈ । কথাৰ মাজতে হঠাতে মনোযোগ ভংগ হ'ল দহ ছেকেণ্ডমানৰ বাবে । আজি যদি সেই মানুহটো থাকিল হেতেন মই এনেদৰে কথা কোৱা শুনিবলৈ !

পিছ মুহুৰ্ততে এনেকুৱা লাগিল সমুখৰ আসনত যেন তেখেত বহি মোলৈ ইংগিত দিছে - কৈ থাক । ন'ৰবি ।

তাৰ পিছত যি পাঁচমিনিট কৈছিলোঁ সেইখিনি কৈছিলোঁ দুগুন আনন্দ আৰু উৎসাহেৰে !

হাফ আৰু ফুল

হাফ্ আৰু ফুল
হাফ আৰু ফুল বুলি ক'লেই এতিয়াৰ চামৰ বেছিভাগৰে যিটো কথা মনলৈ আহে তেওঁলোকক কওঁ যে তাৰ বাহিৰেও হাফ আৰু ফুল বুলি দুটা মজাৰ বিষয় আছিল । সেইবিষয়ে আমি ফোনতে প্ৰস্তুত কৰা গৱেষণা পত্ৰখন মই পাঠ কৰিবলৈ ওলাইছোঁ নতুন চামক সেই দিনৰ এটা আভাস দিয়াৰ কিঞ্চিত প্ৰচেষ্টা স্বৰূপে । সেই দিন বুলি এইবাবেই কোৱা হৈছে যে দুহেজাৰ চনৰ পিছত দুনীয়াখন ইমান ক্ষীপ্ৰভাৱে সলনি হ'ল যে নিৰানব্বৈ চনৰ কথা মানে এতিয়া তাহানিৰ কথা !!

বাৰু শুনা বাচাহঁত ! হাফ আৰু ফুল মানে আছিল হাফ পেডেল আৰু ফুল পেডেল । সাধাৰণ চাইকেল এখন শিকি একেবাৰে চলাব পৰা হোৱালৈ চাৰিটা প্ৰশিক্ষণৰ স্তৰ পাৰ হ'ব লগা হৈছিল । যথাক্ৰমে, মুখেৰে ঘেং ঘেং শব্দ কৰি এনেই  ঠেলি নিয়া, মাজৰ ফ্ৰেমতে সৰ্বশৰীৰ সুমুৱাই দি পেডেল মাৰি চলোৱা যাক তলত চলোৱা বোলা হৈছিল, কোনোমতে ছিটত উঠিবলৈ চেষ্টা কৰি পেডেল এফলীয়াকৈ মাৰি যোৱা যাক হাফ পেডেল নামেৰে অভিহিত কৰা হৈছে আৰু শেষৰ স্তৰ হৈছে  কোনোমতে ছিটত উঠিব পৰা হৈ দুয়োফালে ঢুকি নাপালেও পেডেল মাৰি চলোৱা যাক কোৱা হয় ফুল পেডেল ।  সাধাৰণতে প্ৰথমাৱস্থাত যিসকলে পেডেলডাল কোনোমতেই ঢুকি নাপায় অথচ ছিটত উঠি ফুল পেডেল মাৰি চলায় তেওঁলোকক সমাজে "টিকা ঘুৰাই ঘুৰাই চলোৱা" বুলিও বিশেষভাৱে অভিহিত কৰিছিল । সেই সময়ত "টিকা ঘুৰাই চলোৱা" সকলৰ দূৰ্ঘটনাৰ হাৰেই আছিল সৰ্বাধিক আৰু অভিভাৱক সকলৰ চিন্তাৰ কাৰণ । আজিৰ সচেতন মহলৰ দৰে তেতিয়াও সচেতন মহল আছিল আৰু ক'ৰবাত কলৰ তলে বা বাঁহৰ তলে কোনোবা ন-শিকাৰুৰ চাইকেল দূৰ্ঘটনাত পতিত হৈ দাঁত, মুখ, নাক, হাত আদি ভাগিলে সিবিলাকে " এই ক্লাছ ছিক্সতে বাপেকৰ চাইকেল এনেকৈ এৰি দিব নালাগে " জাতীয় মন্তব্যৰে তেওঁলোকৰ দায়িত্ব পালন কৰিছিল ।

সমনীয়া কোনোবাই লগৰ এজনতকৈ আগতেই ফুল পেডেল মাৰিব পৰা গ'লে তেওঁ ঈৰ্ষাৰ পাত্ৰ হৈছিল । হাফ পেডেল মৰাৰ চিহ্ন আঁঠুত, গেৰুৱা গাঁঠি আদিত বিদ্যামান আছিল । ফুল পেডেল মাৰি গ'লে মনত উদয় হোৱা প্ৰথম ভাৱটো আছিল যে মোক কোনোবাই ফুল পেডেল মাৰি চাইকেল চলোৱা দেখিছেনে নাই ??

উপৰোক্ত কথাসমূহ সাধাৰণ চাইকেলৰ ক্ষেত্ৰত প্ৰযোজ্য আছিল । ৰেঞ্জাৰৰ ক্ষেত্ৰত নহয় ।

সংগীত

হজ খাছ ৰ ভিতৰফালে থকা (নামটো পাহৰিছোঁ) ৰেষ্টুৰেণ্ট এখনলৈ গৈছিলোঁ তিনি বছৰমানৰ আগতে । সৰুকৈ সজাই থোৱা মজিয়াতে বহি ডেকা এজনে তবলা, হাৰমনিয়ামৰ সংগত এনে সুন্দৰকৈ, বুকুত সোমাই যোৱাকৈ গোলাম আলীৰ গজল পৰিৱেশন কৰি আছিল যে বৰ্ণনা কৰিবলৈ মোৰ ভাষা নাই । তেওঁৰ গজল শুনি মই ইমানেই অভিভূত হৈছিলোঁ যে সেইদিনা তাত কি খাইছিলোঁ আজি মোৰ সমুলঞ্চে মনত নাই । মনত আছে তেওঁ গোৱা হাংগামা হে কিউ বড়পা, চমকতে চান্দ ক' আৰু য়ে দিল য়ে পাগল দিল আদি । গোলাম আলীৰ গজল ইমান নিখুঁতকৈ, এনেকুৱা কাজেৰে গোৱা কিজানি মই দ্বিতীয়বাৰ শুনিলোঁ । প্ৰথম শুনিছিলোঁ ৰূপমৰ কণ্ঠত । বাৰু, মই আহিবৰ সময়ত তেওঁৰ হাৰমনিয়াম খনৰ কাষতে সন্মান সহকাৰে কিবা এটা পুৰস্কাৰ থৈ তেওঁক সুধিলোঁ যে তেওঁৰ গুৰুজী কোন । ডেকাই উত্তৰ দিলে তেওঁৰ গুৰুজী হ'ল ৰেডিঅ' । বেলেগ কোনো গুৰু নাই । তেওঁ প্ৰাণ ঢালি গাবলৈ চেষ্টা কৰে, চকু মুদি ভাবি লয় এইটো গজলেই মোৰ "ৰুটী" !

আচৰিত নহৈ পাৰেনে ? আনুষ্ঠানিক বিদ্যা নোহোৱাকৈয়ে এনে গায়কীৰে গজল সম্ভৱ ?? উত্তৰ হয়তু এটাই যে তেওঁৰ আৱেগেই তেওঁৰ গুৰুজী !

ৰেল ষ্টেচনত থকা অন্ধ লোকগীতৰ শিল্পীকেইজনৰ গুৰু কোন নাজানোঁ । কিন্তু তেওঁলোকে গোৱা "দেহৰ ভৰষা নাই " আপুনি এখন্তেক ৰৈ মন দি শুনিলে আপোনাৰ বুকু কঁপি যাব ।

দিল্লীৰ বিনোদৰ চাহ দোকানত এদিন বেলৰ চৰবত বেচা ল'ৰা এটাই মগ এটা বজাই বজাই "নেইনা ঠগ লেংগে" গাই মোৰ চকু কঁপালত তুলিছিল । তাৰ পিছত আৰু এটা গাবলৈ দিওঁতে সি নাগালে ।

মায়ে কেতিয়াবা গুণ গুণাই থাকে - শালিকী অ' অবুজন চৰাইজনী, জোনধনে জোনালীতে তৰাৱতীক চাই । মই কাণ পাতি ৰওঁ - গা চোন আৰু দুলাইন ! একেটা মাতত । শব্দ নকৰাকৈ ।

কোনোবাই গুণ গুণোৱা শুনিলেই মই কাণ থিয় কৰোঁ । গাওঁকচোন ! বুকুৰ পৰা । নিজে শুনক । নিজেই নিজক নিচুকাওক ।

শইকীয়ানীয়ে কেতিয়াবা গুণগুণাই থাকিলে মই কাণ উনাই থাকোঁ । নালাগে গায়িকা হ'ব কিন্তু তেওঁৰ নিজৰেই অজ্ঞাতে বুকুৰ পৰা ওঁঠলৈ সুৰ আহে নেকি শুনি থাকোঁ ! গাই থাকাচোন ।

সকলোৰে এটাই কথা - গান গাব নাজানোঁ । হেৰি ! নিজৰ বাবে গুণ গুণাই থাওকচোন বুকুৰ পৰা । টিভিত সাৰেগামা লৈ যাব নালাগে । গানত প্ৰাণ দিয়ক নিজৰ বাবেই !