Pages

Thursday 26 November 2015

বাটে ঘাটে

বাটে ঘাটে । নিলিখি নোৱাৰোঁ ।
১) ছাৰ্ভেৰ ওচৰত । মৰমলগা ল'ৰা ।
: দাদা পইচা এটা দিয়ক ।
: কিয় লাগে ??
: ভিক্ষা । ভাত খাম । 
: কেই টকা লাগে ?
: দিয়ক পাঁচ টকামান আৰু । (মৰমলগা হাঁহি) ।
: যদি এশ টকা দিওঁ !!
: এশ ????
: অ' এশ । কি কৰিবি ক !
: জঁপিয়াই জঁপিয়াই নাচিম ।
: জঁপিয়াই ? আৰু নাচিবিও !!
: হাঁ । ইয়াতে জঁপিয়াই নাচি দেখুৱাম আপোনাক ।
: নালাগে দে জঁপিয়াবলৈ । এই পাঁচ টকা ল । এখন ভৰিৰে কি জঁপিয়াবি !!
: পাৰিম দাদা । পাঁচ টকা দিলেও জঁপিয়াই নাচিব পাৰোঁ । ভৰি থকা নথকা কথা নাই । মন যায় ।
পাঁচ টকাটো লৈ কিবা এটা গুনগুনাই এখন ভৰিৰেই লেঙেৰিয়াই লেঙেৰিয়াই ল'ৰাটো চকুৰ আঁতৰ হ'ল ।
সি আঁতৰ হ'ল । আঁতৰ ন'হল কথাকেইটা । গোটেই বাটটো আৰু এতিয়াও কাণত পৰি আছে - মন যায় !
২)
শাক-পাচলিৰ দোকানৰ কাষত । বেলেগে নুশুনাকে শুভ্ৰ বগা সাজ পিন্ধা মধ্যবয়সীয়া ভদ্ৰমহিলাই ফোনত কৈছে - আজি দেউতাৰা জীয়াই থকা হ'লে তুমি মোক এনেকে ক'ব পাৰিলাহেতেন নে ??
ফোন থৈ তেখেতে চশমা মচিলে, পাচলি কিনিলে, গুছি গ'ল । থাকিলোঁ মই ।
কাক কৈছিল, কিয় কৈছিল মই নাজানোঁ ।
কাক কৈছিল তেনেকৈ ?? পুতেকক, জীয়েকক?? বোৱাৰীয়েকক ??
মানুহজন নোহোৱা গৈ গ'লে মানুহগৰাকীৰ সামান্য নিৰাপত্তাহীনতাৰ ভাৱ আহে যিমানেই পৰিৱেষ্টিত হৈ নাথাকক কিয়, অভিমান বাঢ়ে, "তেখেত থকা হ'লে" এই ভাৱটোৱে অহৰহ তেওঁক খেদি ফুৰে কিজানি !!! কিজানি ???
আমি পুতেক, জীয়েক, বোৱাৰীয়েকহঁতে এই কথাকেইটা মনত ৰাখোঁ । মনত ৰাখোঁ, উপলব্ধি কৰোঁ ?? !!

Saturday 14 November 2015

লক্ষী দগীল, হিলৈৰ ফায়াৰিং, দলী চপৰাৰ বম্বিং……

আচলতে বহুত ধুমুহাৰ পাছতো মই মোৰ ভিতৰৰ শিশুটোক মৰিবলৈ দিয়া নাই ! সেয়েহে সুৰুঙা পালেই মই শৈশৱলৈ ঘুৰি গৈ এনেভাৱে নিমগ্ন হওঁ যে কোনোবা সময়ত সেই দিনবোৰৰ স্মৃতিয়ে মোক হাঁহিবলৈ বাধ্য কৰে, যুঁজিবলৈ শক্তি দিয়ে । গাঁৱৰ পৰিবেশত কটোৱা শৈশৱৰ কথাবোৰৰ কথা যেতিয়া কাৰোবাৰ লগত মিলি যায় তেতিয়া মই সেইজনৰ লগত সময় কটাবলৈ আনন্দ পাওঁ । তেওঁ মোৰ সংগ ভাল পোৱা নোপোৱাটো পিছৰ কথা । শিৰোণামত থকা নাম কেইটা মোক মনত পেলাই দিছিল দিগন্তই !

১৯৯৯-২০০০ চন মানৰ পৰা মই ৰাষ্টাই ঘাটে আগৰ দৰে মাৰ্বল খেলা দেখা নোপোৱা হ'লোঁ । আমাৰ শৈশৱত মাৰ্বল খেলটো আছিল গাঁৱৰ ল'ৰাৰ এক এৰাব নোৱাৰা নিত্ত নৈমিত্তিক কাৰ্য্য, বিশেষকৈ পৰীক্ষাৰ পিছৰ এই ঠাণ্ডা দিনকেইটা । আমি প্ৰায়েই মাৰ্বল ৰাখিছিলোঁ মোজা এপাতৰ ভিতৰত । দগীল নামৰ বস্তুটো আছিল মাৰ্বল খেলৰ "মেইন" বস্তু । যিটো দগীল ব্যৱহাৰ কৰি আমি বেছিকৈ খেলত জিকি বেছিকৈ মাৰ্বল লাভ কৰিছিলোঁ সেইটো মাৰ্বলৰ নাম আছিল লক্ষী দগীল । ই সাক্ষাত লক্ষীৰ ৰূপ । মানে ইয়াৰ দ্বাৰা লাভৰ পৰিমাণ যথেষ্ট । লক্ষী দগীল আমি কাকো নিদিওঁ । উপযুক্ত বা বৰ্ধিত মূল্য দিলেও লক্ষী দগীল বেলেগলৈ হস্তান্তৰ কৰা ন'হব । খেলাৰ আগতে লক্ষী দগীলত চুমা এটা খাই লোৱাটো আছিল সফলতাৰ আন এক চাবিকাঠি । সকলোৰে লক্ষী দগীল নাথাকে । ভাগ্যৱান দুই এজনৰ বাদে । তেনে এক ভাগ্যৱান আছিলোঁ মই !!

পুতলা বন্দুক পূজাৰ সময়ত ওলাইছিল । তাকো দামী বন্দুকবোৰ আছিল আমাৰ সামৰ্থ্যৰ বাহিৰত  । পূজাৰ বাদে বাকী জৰুৰীকালীন যুদ্ধৰ সময়ত আমি ব্যৱহাৰ কৰিছিলোঁ কুমলীয়া বাঁহৰ আগেৰে বনোৱা হিলৈ বন্দুক । গুলী পমা গুটি । সেই পমা গুটিৰে হিলৈ ফায়াৰিঙ কৰাৰ পাছত ওলোৱা গোন্ধটো যিসকলে জীৱনত এবাৰলৈও পাইছে তেখেতসকলৰ নাকত এই মূহুৰ্তত সেই গোন্ধটো আহি লাগিছেহি বুলি মোৰ বিশ্বাস ! মোৰ জীৱনৰ প্ৰথম গল্পটোৰ মূল বস্তু এই পমা গুটিৰ হিলৈৰ গোন্ধ ।

আমি ইণ্ডিয়া পাকিস্তান বম্বিং কৰিছিলোঁ । গ্ৰেনেডবোৰ আছিল শুকান বগা কেচুমতা বা দলীচপৰা । সেই শুকান দলীচপৰা শত্ৰুপক্ষৰ গাত বা কাষত পৰাৰ লগে লগে ভাগি যি শুকান মাটি উৰি গৈছিল সেয়া আছিল গ্ৰেনেডৰ ধোঁৱা !! আৰু সিফালৰ পৰা মুখেৰে বম্বিংৰ এফেক্ট !!

সেই দিনবোৰ মই অনৰ্গল বুকুৰ মাজত কঢ়িয়াই লৈ ফুৰিছোঁ । কেতিয়াবা কংক্ৰীটৰ মাজতো হঠাতে সেই গোন্ধৰ এক হালুচিনেশ্যন!! পিছ মূহুৰ্ততে হাঁহিছো - ভিতৰত কিবা এটা আজিও জীয়াই আছে তাৰমানে !!

আজি দিনটো বাছেৰে আহি থাকোতে ভাবিছিলোঁ শিশু দিৱসৰ কিবা এটা লিখিম । এতিয়া এইটো দেখুন শেষেই ন'হবগৈ !! ইয়াক ইয়াতে শেষ কৰা মঙ্গল ! মানুহে আমনি পায় কেতিয়াবা ।

Monday 2 November 2015

বেলতলা বজাৰৰ বাইদেউহঁত

বেলতলা বজাৰৰ বাইদেউহঁত

যি সকলে বেলতলাৰ বৃহস্পতি আৰু দেওবাৰে বহা বজাৰখনলৈ এপাক হলেও মাৰিছে তেখেতসকলে জানে এই বজাৰত এখন গাঁৱৰ অকৃত্ৰিম গোন্ধ নগৰলৈ লৈ অহা জনজাতীয় বাইদেউ কেইজনীৰ কথা  ।

গাঁৱৰ বস্তু নগৰলৈ বেচিবলৈ অহা জনজাতীয় বাইদেউহঁতে সমুখত পোহাৰ মেলে ভীমকলৰ পচলাৰ পৰা আৰম্ভ কৰি তিতা ভেঁকুৰী, পলুপোকলৈকে । এখেতসকলৰ অনুগ্ৰহতেই যে কিমান দুস্প্ৰাপ্য বস্তু নগৰত থকা মানুহে চকুৰ আগতে পাইছে তাৰ বাবে এখেতসকলক কৃতজ্ঞতা জনাবলৈ আমাৰ ভাষা নাই । অৱশ্যে সময়ৰো অভাৱ । কিনিহে লৈছোঁ এনেই দিছেনে কিবা !!! পইচা দিছোঁ সঁচা, কিন্তু পইচা দিলেই সকলো বস্তু এনেদৰে সকলোতে পায়নে?? সাৰ নিদিয়া সৰু জিকা কেইটা, ক'লা জলকীয়া কেইটা, দেখিলেই লোভ লগাকৈ কাটি থোৱা কচুথোৰ,  মানিমুনি কেইডাল ?? ক'ত পাম ?? কৃতজ্ঞ নহওঁ !!!

বাইদেউহঁত অকৃত্ৰিম । গাঁৱৰ পৰা অনা বস্তু বিলাকৰ দৰেই তেওঁলোকো বাহ্যিক প্ৰলেপৰ পৰা মুক্ত । ব্যৱসায়ীৰ জিভা তেওঁলোকৰ নাই । খাৰাংখাচ ।
: পটল ঘৰৰনে??
:কিবাটো ইমানবিলাক পটল ঘৰত কিনেকি হ'ব ?? গাঁৱৰ পৰা কিনি আনিছে । সাৰ নিদিয়া কৈছোঁ সঁচা কথা । নিলে নিবি নিনিলে নাই যা !! বচ ।

: জলকীয়া জলা হ'ব নে বাইদেউ??
:জাল নহয় কি হ'ব । আমি ঘৰত খাই কিনে আনিছোঁ । নামানিলে চকুত ভোঁহাৰি কিনে চা । বচ ।

সহজ সৰল বাইদেউহঁত । কথাাবোৰত কিবা এটা টান আছে । কেতিয়াবা পেলাব নোৱাৰোঁ । জলকীয়া কিনি থাকোতে কাষৰ বাইদেউজনীয়ে কৈছে : অই ভাইটি, ইটো কমলা নেচোন । দহটকাত চাৰিটা দিম ল ।

কথাকেইটাত এটা মৰমলগা সুৰ আছে । খোৱা ন'হব বুলি জানিও দহটকাৰ কমলা লৈছোঁ ।

জনজাতীয় বাইদেউহঁত ৰাতিপুৱাই আহে । ৰাতি ওভতে । দুপৰীয়া মোনাৰ পৰা সৰু সৰু বাটিত ঘৰৰ পৰা অনা ভাত খায় । নকলেও ধৰিব পাৰি - পেট নভৰে । ভাতখোৱা আধাতে এৰিও কলপাতত ভাগ ভাগকৈ থোৱা জলকীয়া এভাগ গ্ৰাহকক দিয়ে । বিমুখ নহওঁক ।

গ্ৰাহক নোহোৱা সময়ত ওচৰা ওচৰিকৈ বহা দুই তিনিজনী বাইদেৱে মেল মাৰে । খিলখিলকৈ হাঁহে । বাইদেউহঁতৰ চকু মুখবোৰ তীব্ৰভাৱে উজ্বলি উঠে । কিমান মানুহ কিমান ধৰণেৰে সুখী !!!

এজনী বাইদেউৰ কোলাত কেঁচুৱা । বাইদেৱে পালাত ভোল জুখি এজন গ্ৰাহকক দি আছে । এনেতে কেঁচুৱাই কান্দিছে । বাইদেৱে পালাখন থৈ চাদৰেৰে ঢাকি কেঁচুৱাক তেনেকৈয়ে গাখীৰ খুৱাইছে আৰু গ্ৰাহকক দহটকা ওভতাই দিছে । আকৌ চাদৰখনেৰে বেছি সাৱধানেৰে ঢাকি কেঁচুৱাটোক পুনৰ গাখীৰ খুৱাইছে ।

জীৱনৰ আচল দৃশ্যটো তাতেই !!