Pages

Tuesday 6 October 2015

খোজে খোজে কিমান কথা

আচলতে জীৱনৰ প্ৰতিটো খোজতেই কেতিয়াবা একো একোটা গল্প…
১) ৰাতিপুৱা খোজকাঢ়িবলৈ যাওঁতে ।
ছোৱালীজনীয়ে পলিথিনৰ মোনা এটাত শেৱালি ফুল বুটলি আছিল নিজৰ পদূলিত । মাকে দেৱালখনৰ সিপাৰৰ পৰা একান্তমনেৰে ছোৱালীজনীক চাই আছিল হাত দুটাৰে দেৱালখনত ভেজা দি । একান্ত মনেৰে । মগ্ন হৈ । হয়তু শেৱালি ফুলাৰ কথা মনত পৰিছিল , শেৱালি ফুল বুটলাৰ কথা, শেৱালি ফুলৰ মালা গাঁঠাৰ কথা !!
ছোৱালীয়ে মা বুলি কিবা এটা কোৱা শুনিলোঁ ।
উভতি আহোঁতে দেখিলোঁ ছোৱালীৰ ফুল বুটলা হ'ল । মাকে কিন্তু একেদৰেই মগ্ন হৈ ৰৈ আছিল শেৱালিৰ তললৈ চাই হাত দুখন দেৱালত একেদৰেই ভেজা দি । কিবা এটা আছিল সেই মগ্নতাত । কিবা এটা !!
জীয়েক কাষত । হাতত শেৱালিৰ মোনা ।
মাকে তলসৰা শেৱালি চাই তেনেদৰে আৰু কিমান সময় মগ্ন হৈ ৰৈ আছিল মই নাজানো - বগা সাজযোৰ পিন্ধি ।
২) ভঙাগড় ।
ভাত অলপ দেৰি হ'ব , বহক । বহিলোঁ । হোটেলৰ সমুখত মানে সমুখৰ পাকঘৰটোৰ কাষতে থকা বেচিনত মিঠা বৰণীয়া মানুহজনীয়ে বাচন ধুইছে । দাইল-ভাজি গ্ৰাহকৰ থালে থালে দি পাকঘৰৰ পৰা হাতৰ মাগ কেইটা ভৰাই আনিবলৈ যোৱা মানুহটোৱে আহোঁতে যাওঁতে মানুহজনীলৈ চাইছে, চকুৰে কিবা কৈছে । মানুহজনীয়েও চাইছে । মোৰ ভাত অহা নাই । মই মনে প্ৰাণে বিচাৰিছোঁ ভাত আৰু অকণমান দেৰিকৈ আহক ।
বাচন এৰি মানুহজনী কিবা কথাত হোটেলৰ ভিতৰলৈ আহিল আৰু মজিয়াত পৰি থকা পানীত পিচলি পৰিল । চবেই চালে মানুহজনীলৈ । মই মানুহটোলৈ । দাইল-ভাজি দিয়া মগটো ঠাইতে এৰি মানুহটোৱে সুধিলেহি : বেছি দুখ পালি নেকি?
মালিকে টেবুলৰ পৰা ক'লে : অলপ চাব লাগে ফ্ল'ৰখন । কিমান ক'ম !
দাইল-ভাজি দিয়া মানুহটো খন্তেকতে নোহোৱা হ'ল ।
মানুহজনী আকৌ বাচন ধোৱাত লাগিল । মোৰ ভাত আহিল । লগত মাছ । একেবাৰে সমুখৰ টেবুলত ।
নাইকিয়া হোৱা দাইল-ভাজি দিয়া মানুহটোও আহি ওলালহি । বাচন মাজি থকা  মানুহজনীৰ ওচৰ চাপিল । অলপ মনে মনে ধৰণেৰেই মানুহজনীক হাতৰ টিপতে কিবা এটা দিলে : "এই বড়ীটো খাবি অকণ পাছত বিখালে" ।
মানুহটো মানুহজনীৰ কোন হয় নাজানো ।
প্ৰেম আছে কিন্তু ! আছে যত্ন !! সেইটো দেখি জানিলোঁ ।