Pages

Monday 28 March 2016

পাকঘৰ

এই কথাকেইটা অকল ফেচবুকৰ বাবেই নহয়, নতুন চামে বিশেষকৈ চহৰতে জন্ম হৈ ডাঙৰ হোৱা সকলক তাহাানিৰ আমাৰ পাকঘৰৰ লগত সমাজ-সংস্কৃতিৰ সম্বন্ধৰ বিষয়ে এক সম্যক ধাৰণা দিয়াৰ বাবে লিখা হৈছে ।
নতুনকৈ সজা ঘৰটোৰ কোঠা কেইটা মোক দেখুৱাই থাকোতে সম্বন্ধীয়া খুড়াক সুধিলোঁ পাকঘৰ কোনটো ? খুড়াৰ কোলাত থকা বাবুৱে মোলৈ চাই সুধিলে : কি পাকঘঅ ?? কিচ্চেন অ' । স্বাভাৱিক ।
ঠাইৰ অভাৱৰ বাবেই হওঁক বা আন সুবিধাৰ বাবেই হওঁক আমি সৰুতে দেখা আছুতীয়া পাকঘৰবোৰ এতিয়া নাই । এতিয়া সকলোৰে সুবিধা হোৱাকৈ মূল ঘৰৰ ভিতৰতে কিচ্চেন । অৱশ্যে এই কিচ্চেনবোৰ চহৰত আগৰে পৰাই আছিল । কেৱল আমাৰ গাঁও অঞ্চলবোৰতহে পাকঘৰ আছিল মূল ঘৰৰ পৰা আছুতীয়া ।
গাঁৱত আমাৰ ঘৰৰ দৰেই প্ৰায়বোৰ ঘৰতেই মূল ঘৰৰ গাতে লাগি আছিল মাটিৰ পাকঘৰ । মাটিৰ মজিয়া । গেছ অহাৰ আগলৈকে দুটা মাটিৰ চৌকা । আমি তেতিয়া একেবাৰেই সৰু । নাকৰ শেঙুন চেলেকা । এটা চৌকা চাহৰ, এটা ভাতৰ ।
পাকঘৰৰ ভাতখোৱা মজিয়াখন আছিল আমাৰ সংস্কাৰৰ এটা নমুনা । পূব ফালে ককাদেউতা বহিব মূল কঠত । ডাঙৰ কাঁহৰ কাঁহী আৰু হাতীখোজীয়া বাতি । দেউতা বহিব বিপৰীত দিশে সৰু কঠত, ককাতকৈ সৰু কাঁহী-বাতি । আমিবোৰ দীঘল কঠত । ককাহঁতে খোৱাৰ মজিয়াত কৰা গুৰু-গম্ভীৰ কথাৰ মাজত আমাৰ মাত মতা নিষেধ । মহিলাসকলৰ খাদ্যগ্ৰহন আমি খাই অতোৱাৰ পাছত । ককা ঢুকোৱাৰ পাছত বহুদিনলৈ এই পৰম্পৰা চলি থাকিল ডাইনিং টেবুল নহালৈকে । ভাত খোৱাৰ সময় একেটাই । একেলগে । অতি অসুবিধাৰ বাহিৰে ঢাকি থোৱা ভাত খোৱা নিষিদ্ধ ।
পাকঘৰৰ ভিতৰত চালত মকৰাজাল ধোঁৱা লাগি এলান্ধু হৈছিল । এলান্ধু ব্যৱহাৰ হৈছিল নৱজাতকৰ "মুখ লগা ভঙা" মন্ত্ৰৰ বাবে যোগাৰ কৰা সামগ্ৰীৰ লগত ।
পাকঘৰৰ বেৰত শুকান তিতাফুলৰ ডালি খুচি থোৱা হৈছিল । কাগজৰ ঠোঙাত শুকুতা তিতা, বাঁহৰ চুঙাত শুকান থেকেৰা । আস !! ছৱিখন !!!
চৌকাত কৰা ৰন্ধনৰ সোৱাদ সুকীয়া আছিল । খৰিৰ জুইত ৰন্ধা ছাগলীৰ মঙহ বা ৰৌ মাছৰ তৰকাৰীখনত লাগি থকা ধোঁৱাৰ গোন্ধটো !!
কালক্ৰমত গাঁৱতো এই সুকীয়া পাকঘৰবোৰ গৈ কিচ্চেন হ'ল । আমাৰো । মজিয়াৰ গুৰু-গম্ভীৰ কথা গৈ ডাইনিং টেবুল পালেগৈ । অৱশ্যে আমাৰ সুবিধাৰ বাবেই ।
আমাৰ ঘৰৰ মাটিৰ পাকঘৰটো এতিয়াও আছে । চৌকা দুটাও । কিচ্চেন হ'ল যদিও সেই পাকঘৰত এতিয়াও ৰন্ধন কৰে মায়ে । আমি এতিয়াও জুইত ৰন্ধা মাংস তৃপ্তিৰে খাওঁ কেতিয়াবা ।
পাকঘৰবোৰ আছিল পৰিয়ালৰ সংস্কাৰ আৰু মিলাপ্ৰীতিৰো প্ৰতীক । পৰিয়ালৰ সকলোৱে একেলগে বহি ভোকৰ ভাতসাঁজ …!!

বাঁহী

বাঁহী
(লিখি নিজে সন্তুষ্ট হোৱা এটা অগল্প )
আচলতে সি বাঁহীটো এৰিব নোৱাৰে কোনোপধ্যেই । সেই সৰুতেই গছৰ তলে বাঁহৰ তলে ঘুৰি ফুৰোতেই যি বুকুত সাৱতি ল’লে, তেতিয়াৰে পৰা এতিয়ালৈ বাঁহীৰ লগত তাৰ এক আত্মাৰ সম্বন্ধ । সৰুৰে পৰাই নানান ধুমুহা, ৰামধেনুৰ সঙ্গী আৰু সাক্ষী তাৰ বাঁহীটো । তাৰ বাঁহীৰ সুৰত বেলেগে কি শান্তি পাই বা নাপাই সি নাজানে, কিন্তু নিজৰ সুৰত তাৰ নিজৰেই অন্তৰাত্মাই যে এক প্রশান্তি লাভ কৰে সেয়া সি জানে । জীৱনৰ কেবাজাকো ধুমুহাৰ পিছত তাক স্থিৰ কৰি ৰাখিছিল তাৰ বাঁহীয়ে । যিমানেই যন্ত্রণা নহওঁক বা সময় যিমানেই কঠিন নহওঁক, বাঁহীটো ওঁঠত ল’লে সি জী উঠে ।
গাঁৱৰ পথাৰখনে, বাঁহতলীৰ লুঙলুঙীয়া বাটটোৱে, পথাৰৰ আঁহতৰ তলৰ ছাঁ ত দুপৰীয়া জীৰাবলৈ অহা গৰুৰ জাকটোৱে তাৰ সুৰটো চিনি পায় । আটাইতকৈ ডাঙৰ কথা তাৰ ভাগৰুৱা আত্মাই তাৰ সুৰটো চিনি পায় ।
মাধৱীৰ মন মুহিছিল সি বাঁহীৰেই । গছৰ তলত বিহু মাৰোতে তাৰ বাঁহীৰ সুৰত আঁহতৰ পাতেও লৰিবলৈ পাহৰিছিল । আঁহতৰ কাষেৰে বৈ যোৱা নৈৰ সোঁতেও খন্তেক জিৰাইছিল তাৰ বাঁহীৰ সুৰত । আদহীয়া সকলে বিহুৰ শেষত তাক কৈছিল – আৰু অলপ পৰ ফুঁকচোন- বছৰটোলৈ মনৰ শান্তি আজিয়েই গোটাই লওঁ ।
পিছৰ বেলি মাধৱীয়ে বিহু শেষ কৰি ঘৰলৈ উভতি নগ’ল । বাঁহীৰ পিছে পিছে আহিল । আৰু এতিয়া মাধৱী, বাঁহীবাদক ধনাই আৰু সিহঁতৰ ন বছৰীয়া বাবুমণি ।
পিছে সময় একেই হৈ নাথাকিল । বাঁহীৰ সুৰ খেদি ধপলিয়াই অহা মাধৱীয়ে এতিয়া বাঁহীটো লৈ তাক খেচখেচোৱা হ’ল ।
- কি দাল কৰিবাগে তুমি হে ?? নোৱাৰা সম্বৰ্ধনা নে কি সেইবোৰ ল’বলৈ যাব । দিনৰে দিনতো হাজিৰা খতি আৰু আবেলি সেই একেসোপা গামোছা আৰু নিজৰ নাম লিখা ডাঠ কাগজ লৈ উভতিবা । সন্ধিয়া চাউল কেইটাৰ বাবে মই হাঁহাকাৰ কৰিব লাগে । অকল মোৰ হাজিৰাৰে দিনটো চলাব পাৰিলে ভালেই আছিল । তেতিয়া তুমি মনৰ ইচ্ছাৰে য’তে মন যাই ত’তে বাঁহী ফুঁকি ফুৰিবগৈ পাৰিলাহেতেন । বাবুমণি ডেকা হৈছে । তাক খালি নিমখেৰে ভাত দিবলৈ মই দুখ পাওঁ । কথাবোৰ ভাবিবা । বাঁহীৰে, গামোছাৰে পেট নভৰে ।
-- ৰ’বাচোন হেঁ ! বাঁহীটোকনো কিয় টানকৈ কোৱা ?? মানুহে মোক ভাল পায়, বিছাৰে, সেয়েহে । এখন সমাজৰ আগত, ইমান ডাঙৰ ডাঙৰ মানুহৰ আগত গামোছা ল’বলৈ পোৱাটোও কিমান সন্মানৰ কথা । একেটা শাৰিতে মোক চকীত বহুৱাই । মই বৰ শান্তি পাওঁ হে ।
পিৰালীতে বহি বাঁহীটো লিৰিকি বিদাৰি ধনাইয়ে কৈ যায় ।
-- আৰু এদিন হাজিৰা কৰিবলৈ নগ’লে নাখাই নমৰো দিয়া ।
--সেইয়াই সেইয়াই !! গামোছা, গামোছা, গামোছা...। সন্মান পত্র আঁৰিবলৈ মাটিৰ ভগা বেৰত আৰু জেগা নাই । গামোছা দিয়া কোনোবাই এদিনমান সুধিছেনে বোলো বাঁহীবাদক ধনায়ে সম্বৰ্ধনা লৈ গৈ ৰাতি ঘৰত গৈ খাবলৈ চাউল আছেনে নাই , নে আমি দিয়া গামোছাৰে পেট গাঁঠি মাৰিব ?? বছৰি বছৰি গামোছাৰ সলনি কিবা এটা টকাপইচা আহিব পৰা বাট দেখুৱাই দিয়াহেতেন ক’লো হয় । খালি বাঁহী, বাঁহী, গামোছা, সম্বৰ্ধনা। চাউল কেইটাৰ কথা, উৱলি যোৱা ঘৰটোৰ খবৰ নাই ।
-- হ’ব দিয়া । মোকেই যি কোৱা কোৱা । বাঁহীটোক মিছাতে নধৰিবা । কত বেয়া সময়ত মোৰ লগ নেৰাকে আছে অ’ মোৰ ধন !!
ধনাইয়ে উদাস মনেৰে বাঁহীটোত ফুঁ দিয়ে । “ কৰুণা সাগৰ নামৰ পাতিলা খেলা...” ।
সিও জানে মাধৱীৰ কথাবোৰ সঁচা । এসময়ত তাৰ বাঁহী শুনি টোপনি যোৱা মাধৱীয়ে কিহৰ তাড়নাত এনেদৰে কয় সি বুজে । তথাপি মাধৱী আৰু বাঁহীৰ ভিতৰত সি বাঁহীটোকে আগভাগ দিয়ে । ভুল হ’লেও ভাল হ’লেও । বাঁহীটো তাৰ জীউ ।
সম্বৰ্ধনা ল’বলৈ ধনাই খোজকাঢ়িয়েই যায় কাষৰ গাঁওবোৰলৈ । বেছিভাগ বিহুৰ ফাংচন । সম্বৰ্ধনা লৈ কেতিয়াবা ফাংচনৰ মুখ্য আকৰ্ষণ অহা দেৰি হ’লে সি অলপ সময় বাঁহীটো বজাই দিয়ে মঞ্চত । দৰ্শকক ধৰি ৰাখিবলৈ । কেতিয়াবা কমিটিয়ে তাক ভাত খাবলৈ কয় । সি নাখায় । সোনকালে ঘৰ গৈ পাব লাগে । মানুহজনী আৰু বাবুমণিক এৰি সি বাহিৰত মাছ-ভাত খাবলৈ টান পায় ।
আজি সম্বৰ্ধনাৰ শেষত তাক ঘৰত থৈ অহা মানুহ নাই । মুখ্য আকৰ্ষণক আগবঢ়াই আনিবলৈ গৈছে । ৰাতিও ভালেমান হৈছে ।
সম্বৰ্ধনা লৈ উভতি আহোঁতে ৰাষ্টাতে ধুমুহা বৰষুণ । সাঁকোখন পাৰ হওঁতেই কিবা প্রকাৰে খপজপত তাৰ হাতৰ পৰা বাঁহীটো তলৰ জানটোত পৰে । নাই, বাঁহীটো কোনোপধ্যেই হেৰুৱাব নোৱাৰি । বুকুৰ এফাল বাঁহীটো !! আন্ধাৰতে ধনাইয়ে জানটোত জাঁপ দিয়ে । মোৰ বাঁহী...মোৰ বাঁহী । ধুমুহা বৰষুণ তেতিয়া তুংগত ।
ৰাতিপুৱা ধনাইৰ দেহটো জানৰ পাৰত । কান্ধৰ মোনাটোত থকা গামোছা, সম্বৰ্ধনা পত্র সকলো তিতি আছে । মাত্র তাৰ কাষত বাঁহীটো নাই ।
পিছদিনা বিহু কমিটিয়ে মূল গায়কৰ অনুষ্ঠানৰ আগে আগে বাঁহীবাদক ধনাই কলিতাৰ নামত এক মিনিট সময় মৌনতা অৱলম্বন কৰিলে । মাইকচেট বন্ধ ৰাখিলে । অহা বছৰৰ পৰা ধনাই কলিতাৰ সোঁৱৰণত সমবেত সংগীত প্রতিযোগিতা অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰিলে ।
কোনোবাই ধনাইয়ে হাতত বাঁহী লৈ থকা ফটো এখন আনি মাধৱীক দিলে শ্ৰাদ্ধ বিধি যোৱাৰ পাছত । মাটিৰ বেৰত দুখনমান সম্বৰ্ধনা পত্র আঁতৰাই সেইখন আঁৰি দিয়া হ’ল ।

নিম্ন-মধ্যবিত্তীয় সুখ

নিম্ন-মধ্যবিত্তীয় সুখ পাগুলি আছোঁ অলস সন্ধিয়াটোত ।
১) টিভি আহিব এপ্ৰিলত । ব'হাগ বিহুৰ আগে আগে । বাঁহডাল কটা হ'ল মাৰ্চতে । দীঘল, পোন । বাঁহডাল চাওঁ-- বাঁহ দেখিয়েই বিশেষজ্ঞই মতপোষণ কৰে - ফটো ভাল আহিব । সঁচানে ?? ইচ !
টিভি আহিবলৈ তেতিয়াও পোন্ধৰ দিন বাকী ।
২) ৰুলনম্বৰ এক হ'লে অ'মেগা এটা পাম । লগতে উইংচাং এটা । এতিয়া নুতন আৰু বিটেক্স ।
৩) নতুন জোতা । প্ৰথম জোতা । নিপিন্ধোঁ । বোকা লাগিব ।
লাইট থকা জোতাযোৰ এক অলীক সপোন !
৪) মেট্ৰিকৰ আগে আগে হৰলিক্স এটা । ভাত, কল, জলপানে যি কৰিব নোৱাৰিলে, হৰলিক্সে কৰি কামাল দেখুৱাব এইবাৰ !
৫) গাড়ীখন গ'ল । গোন্ধটো ৰ'ল ।
৬) মামাহঁত চহকী মানুহ । স্কুটাৰ আছে ।
৭) সিহঁতৰ দেউতাক ধনী । "ৰঙীল" টিভি কিনিছে ।
৮) লগা, আমাৰ টিভিৰ আইনাত ৰঙা-নীলা কাগজ লগা । আমাৰ টিভিও "ৰঙীল" বনাও !
৯) কিনা চুয়েটাৰটো "সামৰণ" । এইটো মায়ে গুঁঠা । ঘৰত পিন্ধা ।
১০) ৰেঞ্জাৰ চাইকেল ! কি সুখ !! কি প্ৰাপ্তি !!! কি সুন্দৰ জীৱন !!!!

স্বঘোষিত গল্প

স্বঘোষিত গল্প । একে উশাহে ।
১) গাড়ী চুৰিত অভিযুক্ত বিধায়কে আধাৰশিলা স্থাপন কৰা ৰাজহুৱা নামঘৰভাগতেই ৰাইজে মেল পাতি নামঘৰৰ চৌহদৰ নাৰিকল চুৰি কৰাৰ গুৰুতৰ অপৰাধত মাতিয়াক এঘৰীয়া কৰিলে ।
: মাতিয়া তোৰ কিবা ক'ব লগা আছে ??
: ঈশ্বৰসকল !! চোৰক ভোট দি আমাৰ সমষ্টিৰ ৰজা পাতিলে আপোনাসৱে আৰু এই অধমক মাটিত পৰি থকা পানী নোহোৱা নাৰিকল দুটা নিওঁতেই এই গুৰু শাস্তি !! ক'বলগীয়া ইমানেই !
মাতিয়াক অকল এঘৰীয়া কৰাই নহয় পৰাচিত কৰিবলৈও আদেশ দিয়া হ'ল ।
২)
: আচলতে অন্ধবিশ্বাসেই দুনিয়াখন খালে বুইছে !! সৰু কথা এটাকে ধৰকচোন - কিবা এটা কথা কৈ আছে আৰু হেন সময়তেই জেঠীয়ে মাতিলেই কথাটোৰ জোৰ বাঢ়িল…!
এনেতে কাষৰ বেৰত জেঠীয়ে টিক্ টিকালে ।
: সইত সইত সইত !! সত্য বচন ।
৩)
ৰং খেলিবলৈ অহা ল'ৰা-ছোৱালীৰ জাকটোৱে ঘৰৰ সকলোকে ৰং দি গ'ল । ভয়তে দুৱাৰ মাৰি সোমোৱাবোৰক দুৱাৰ খুলি খুলি ৰং সানিলে ।
চোতালতে ৰৈ থকা মানুহজনীক কোনেও ৰং নাসানিলে । নুসুধিলেও ।
মানুহজনীয়ে আকৌ এবাৰ অনুভৱ কৰিলে । মানুহটোৱে যাওঁতে ৰংবোৰো লৈ গ'ল । বগা সাজ পিন্ধা মানুহৰ বাবে ৰং নিষিদ্ধ ।

মনৰ প্ৰশান্তি

ভাৰত আৰু বাংলাদেশৰ টি-টুৱেন্টী খেলৰ দিনাখনেই ডিস্ক'ভাৰী চেনেলত এখন ডকুমেন্টেৰী চাইছিলোঁ । কলকাতাৰ পৰা ঢাকালৈ চলা ভাৰতীয় ৰে'লৰ ওপৰত । ৰে'লৰ ড্ৰাইভাৰজনে কাম শেষ কৰি দুই-তিনিদিনৰ মূৰত অতিপাত ভাগৰুৱা হৈ লোকেল ট্ৰেইনেৰে তেখেতৰ নিজা ঘৰলৈ যায় । ঘৰলৈ গৈ তেখেতে কি কৰে ?? বিশ্ৰাম ?? লোৱাত বিশ্ৰামেই লয় কিন্তু সুকীয়াকৈ । দেহ-মনৰ অৱসাদ দূৰ কৰিবলৈ তেখেতে তবলা বজায় । তেখেতৰ লগত কণ্ঠ আৰু হাৰমনিয়াম সংগত কৰে তেখেতৰ পত্নীয়ে । তেখেতৰ মতে এনেদৰে তবলা চৰ্চা কৰাৰ ফলত তেওঁৰ মানসিক অৱসাদ দূৰ হোৱাৰ লগতে তেখেতে পৰৱৰ্তী দিনৰ বাবে এক নতুন উদ্যম লাভ কৰে ।
: অৱসৰ গ্ৰহনৰ পাছত হয়তু মই সংগীত চৰ্চাটোকে দৈনিক কৰ্তব্য হিচাবে ল'ম । কাৰণ ই মোক ইমানদিনে শক্তি আৰু শান্তি দি আহিছে ।
এই দুটা বাক্য তেখেতে নিজ মুখেৰে কোৱাৰ পাছত আমাৰ একো ক'বলৈ সাধ্য নাই !
##
কলকাতাত থাকোতে এদিন যাদৱপুৰত মই থকা ফ্লেটটোৰ কাষতে থকা গছৰ তলত অকলশৰে ৰৈ থকা অট'ৰ ড্ৰাইভাৰক সুধিলোঁ গৰিয়াহাট যাবনে নাযায় । সময় আছিল দুপৰীয়া ।
: যাবনে ?
: বেয়া নাপাব নাযাওঁ ।
অতি অমায়িক উত্তৰ ।
: অলপ ভাড়া লাগিলে বেছিকৈয়ে দিম …?
বয়সীয়া অট'ৱালাই তেখেতৰ ছিটৰ তলত মৃদু স্বৰত বাজি থকা সৰু ডেকটোৰ শব্দ কমাই মোক ক'লে দুপৰীয়া আহাৰ খোৱাৰ পাছত এই আধাঘন্টা তেখেতৰ ৰৱীন্দ্ৰ সংগীত শুনাৰ সময় । এই অলপ নিজান ঠাইবোৰত । নহ'লে ৰাতি এপৰলৈ তেখেতে অট' টানিব নোৱাৰিব । মই যেন তেখেতক বেয়া নাপাওঁ আৰু বুজি পাওঁ যে অট' চলোৱাৰ দৰেই এইটোও তেখেতৰ অতি জৰুৰী নিত্য-নৈমিত্তিক কাম । হুবহু তেখেতৰ ভাষাত কৈছোঁ ।
কথা শেষ কৰি হাতটো তললৈ নি ডেকৰ শব্দ সামান্য বঢ়াই দি তেখেতে আকৌ মূৰটো ছিটৰ পাছফালে আঁউজাই দিলে ।
তেখেতে পোৱা শান্তি তেখেতৰ মুখমণ্ডলত ধৰিব পৰা বিধৰ আছিল ।

এপ্রিল ফুল

এপ্রিল ফুল
এক এপ্রিলৰ দিনা প্রিঞ্চ মঞ্জে (ঘৰত মতা নাম মনাই, স্কুলীয়া নাম মনোহৰ, ফেচবুকীয়া নাম প্রিঞ্চ মঞ্জ) কাণত হেডফোন লগাই গান শুনি শুনি পথাৰত গৰু চৰাই আছিল । সি গৰখীয়া নহয় কিন্তু চহৰৰ হোষ্টেলৰ পৰা দুদিনমানৰ বাবে ঘৰলৈ আহি সি মনৰ চখ পুৰাবলৈ ঘৰৰ গৰুকেইটা চৰাবলৈ আহিছে । গৰুৰ লগত পথাৰৰ গছৰ তলত সি ইতিমধ্যে দুখনমান ছেলফি উঠিলেই ।
হঠাতে তাৰ মনত এটা বুদ্ধি খেলালে । সি গাঁৱৰ মানুহক ভয় খুৱাবলৈ "বাঘে খালে ঔ বাঘে খালে ঔ বুলি" চিয়ঁৰিবলৈ ধৰিলে ।
গাঁৱৰ মানুহে হাতে হাতে লাঠি, টাঙোন, চেঙেলীয়াবোৰে বাঘৰ ফটো ল'বলৈ মোবাইলৰ কেমেৰা অন কৰি যি যেনেকৈয়ে আছে তেনেকৈয়ে পথাৰলৈ দৌৰি আহিল । তাকে দেখি আমাৰ প্রিঞ্চ মঞ্জে "এপ্রিল ফুল এপ্রিল ফুল" বুলি কৈ কৈ টিকা চপৰিয়াই চপৰিয়াই নাচিবলৈ ধৰিলে । গাঁৱৰ মানুহে তাক গালি শপনি পাৰি গুছি গ'ল ।
পিছদিনা সঁচাকৈয়ে বাঘ ওলাল । প্রিঞ্চ মঞ্জৰ সমুখতে । কাণত হেডফোন থকা বাবে সি আগতিয়া উমান নাপালে ।
সি চিয়ঁৰ মৰাৰ আগতেই বাঘে হাঁহি এটা মাৰি তাক ক'লে ।
-- আজি চিয়ঁৰিলেও মানুহ নাহে । কালি তই মানুহক উল্লু বনাই থৈছ । আৰু সাধুটোও মানুহৰ মনত আছে । হা হা হা...গৰৰৰৰৰৰ...
ভয়ত কঁপি কঁপি বেঙে মূতা গৰু হৈ প্রিঞ্চ মঞ্জে ক'লেঃ-
-- দেউতা ঈশ্বৰ, মানে বাঘেশ্বৰ—কথা কৈছেই যেতিয়া মোৰ কথাও শুনক । মোক নাখাব হে অনাথৰ বাঘ !! মোৰ ডিগ্রীয়েই কমপ্লিত হোৱা নাই প্রভু । ছাত্র হৈ থাকোতেই আন্দোলন কৰি দুপইচা সাঁচি, বিয়া পাতি ঢেৰ কাম আছে । প্রভু বাঘেশ্বৰ !!!
প্রিঞ্চ মঞ্জে ফেঁকুৰিবলৈ ধৰিলে ।
-- ৰ ৰ । নমুনাখন নকৰ । এনেও মই তোক আজি নাখাওঁ । আমাকহে এতিয়া তহঁতে ঠায়ে ঠায়ে খোৱা কৰিছ অধমহঁত !! ছিঃ ... নৰমনিচৰ নামত তহঁত...।
প্রিঞ্চ মঞ্জে সামান্য সাহ পাই বাঘৰ সমুখতে হাতযোৰ কৰি আঠুঁ লৈ বহিল ।
-- দে, চুৰত এডাল দে । সিদিনা খাৰঘুলিত নৰমনিচৰ ঘৰৰ বাৰান্দাত চকী এখনত বহোতে কাষতে এটা আধাপোৰা টুকুৰা পাই হুপিছিলোঁ । বৰ আমেজ । দে আছে যদি দে ।
প্রিঞ্চ মঞ্জে তাৰ হাফপেন্টৰ পকেটৰ পৰা গল্ডফ্লেক এটা উলিয়াই, জ্বলাই বাঘক দিলে । বাঘে হাতোৰাৰে সেইটো লৈ সুখটান দি ক'বলৈ ধৰিলে ।
-- নৰমনিচৰ ঘাটিলৈ মিতিৰ ফুৰিবলৈ নাহোঁ দেচোন । খানা নাই ওপৰত ভাইজান !! নহ'লে আমাৰে জাতিভাই কুকুৰক নাটানো দেচোন !! আৰু তোকতো আজি এনেও নাখাওঁ । তোক খোৱা মানে কালিলৈ তোৰ ফ্রেণ্ডচাৰ্কল আৰু গাঁৱৰ মানুহে মিলি মোক ধৰি খাই পেলাব । লাওখোৱালৈ বিয়া দিয়া জী জনী আজি জগো কালি জগো । এক্সপেক্টেড ডেইট দুই এদিনতে । নাতিৰ মুখ নোচোৱাকে নৰমনিচৰ পেটলৈ গ'লে আত্মাই শান্তি নাপাব । নহ'লে তোকো টানিলোঁ হয় । চাওঁ, চুৰট আৰু এডাল দে । দে জ্বলা । বাবা আছে যদি এচিকূট মিলাই ভৰাই দে । আজি তোক মনৰ কথাকে কওঁ ।
প্রিঞ্চ মঞ্জে তেতিয়ালৈ নৰ্মেল হৈছিল । সি বাঘৰ আহবান শুনি ভালেই পালে ।এই ছিটুৱেশ্যনত বাবাৰ বিশেষ দৰকাৰ । সি বিশেষ কাইদাৰে চুৰটডাল বনাই নিজেও দুহুপা মাৰি বাঘলৈ আগবঢ়ালে ।
-- তহঁতৰ ওপৰত বেছি আক্ষেপ নাই । কিন্তু আছে । আছে মানে তহঁতে যে আমাৰ মানে বনৰ ৰখীয়া পাতিছিলি মানুহটো ?? তাৰ ওপৰত আছে । আমাৰ জ্ঞাতি এশিঙীয়াৰ পুলিয়ে পোখাই শেষ হ'ব এতিয়া অথচ তেখেতৰ কাণসাৰ নাই !! তোক মৰমতে এৰিছো, তেখেতক হ'লে সমুখত পালে দুচেলেক মাৰিম কৈ থ'লোঁ মানে গুজৰি থ'লোঁ !! ক'বিগৈ ।
-- ক'ম ক'ম দেউতা ঈশ্বৰ, মানে বাঘেশ্বৰ । আৰু কিবা ??
-- আৰু ..!!! হাতীৰ দুখো বহুত । মোক কেবাবারো দৰ্খাস্ত দিছে । ইমান গহীন গম্ভীৰ বেড ৰেকৰ্দ নথকা জিনিছটোক কাৰোবাৰ ভোটৰ চিন বনাই ভোট নাপালেই "হাতী অমুকহে হাতী তমুকহে" বুলি উপলুঙা কৰি মনোকষ্ট দি আছহঁত !! নৰমনিচ যে নৰমনিচেই !!কোনোদিন তহঁতৰ সুমতি নহ'ব ।
-- বাৰু মই উঠোঁ । কথা ঢেৰ কিন্তু সময় তাকৰ । আকৌ কোনোবাই দেখিলেও জীৱন যাব ।
প্রিঞ্চ মঞ্জে হাতযোৰ কৰিয়েই কৈ থাকিল ।
-- আজি আপুনি মোক লাইফ দিলে প্রভু । কি বুলি থেংকচ দিওঁ । মাত্র আৰু এটা জীৱনদানৰ দৰেই কৃপা কৰি যাওঁক প্রভু ।
-- আৰু কি আক' ??
-- প্রভু , ছেলফি এখন উঠোঁ আপোনাৰ লগত...অকণমাণ প'জ এটা দিয়ক মোৰ লগত , পাৰিলে নেগুৰডাল মোৰ ডিঙিত পকাই দিয়ক প্লিজ !! জীৱনদানৰ দৰেই এইটো মূল্যবান !!

Wednesday 16 March 2016

গুণী পিতৃ

সিদিনা । ৰাতি কাম কৰি আছিলোঁ । পুৱতি নিশা তিনিমান বজাত কাষৰ ঘৰৰ পাঁচমহীয়া মানৰ কেঁচুৱাটোৰ কান্দোন আহি কাণত পৰিল । মই কাম কৰা কোঠাৰ কাষৰ দেৱালৰ কাষতে কান্দোনৰ কোঠা । কান্দোন বাঢ়ি গৈ থাকিল । গছৰ পাত সৰোৱা । মনতে ভাবিলোঁ আজি নেৰিছে !
দহ মিনিট মানৰ পিছত "টু টু চু চু চু মাইনা" জাতীয় নিচুকনি । পুৰুষ কণ্ঠৰ । নাই, কেঁচুৱাই নেৰিলে । একেই সুৰ, তাল, ছন্দ, লয়ত কান্দোন চলি থাকিল । কম্পনাংকৰ মাত্ৰা বাঢ়ি গৈ থাকিল । আজি নেৰিব ।
বাপেকেও নেৰিলে । নিচুকনিৰ গুণগত মানদণ্ডৰ পৰিৱৰ্তন কৰিলে । গীত, কথা, বাদ্য, বিচিত্ৰ মাত- এখন মুখেৰেই ! আৰু এসময়ত কেঁচুৱাৰ কান্দোন কলকলোৱা বা ধেকধেক হাঁহিলৈ ৰূপান্তৰিত হ'ল । হাঁহি চলি থাকিল বেচ কিছুপৰ !
বাপেক !!!
মোৰ ফালৰ পৰা মনে মনে পুৱতি নিশাই তেখেতক "গুণী পিতৃ" সন্মানেৰে বিভূষিত কৰিলোঁ । দেৱালৰ ইপাৰৰ পৰা মনে মনে । তেওঁ মোৰ কাণৰ সাক্ষীত পুৱতি নিশা তিনি বজাত যি কাম, যি অসীম ধৈৰ্য্যৰে কৰিলে, সি লাজৱাব !!

সাধাৰণ মানুহৰ কথাবোৰ

সাধাৰণ মানুহৰ কথাবোৰ ।
ৰাস্তাৰ কাষৰ পকৰীৰ দোকানী এজনৰ বিষয়ে লিখিছিলোঁ দুমাহমান আগতে । সেইটো পঢ়াসকলে যোগসূত্ৰটো পাব ।
দোকানখনত এতিয়া পকৰী-চপৰ তিনিওকাষে তিনিখন গ্লাছ লাগিল । কাঠৰ টেবুল এখনৰ পৰা এটা তিনিখলপীয়া ৰেক হ'ল । ৰেকৰ এটা চুকত নকুলদানা ভৰিৰ ওচৰত লৈ লক্ষ্মীৰ ফটো লাগিল । কণী, চাহ নতুনকৈ আহিল । দুমাহত উন্নতি যথেষ্ট । মোৰ চকুৰ আগত । মই ভাল পাওঁ কাৰণ মানুহজনৰ জিভাখন ভাল, খাদ্যৰ সোৱাদো যথেষ্ট ভাল ।
দোকান ডাঙৰ হ'ল আৰু মানুহজনে থিয় হৈ ঘুগুনীৰ হেতা লৰোৱা স্থানত এতিয়া পুতেক । ওঠৰ-বিশ । নতুন ডেকা ।
ল'ৰা স্মাৰ্ট । উত্তৰাধিকাৰীসূত্ৰে বাপেকৰ পৰা সৰল ব্যৱহাৰ পাইছে । সপ্ৰতিভ । তাৰোপৰি ৰাস্তাৰ কাষত দোকান দিও বহুত ডাঙৰ দোকানতো বহুসংখ্যক মালিকে নোকোৱা "থেংক ইউ" সি প্ৰতিজন গ্ৰাহকক কয় । অসমীয়া, বাঙলা আৰু হিন্দী সি সলসলীয়াকৈ কয় । হাতত ক'লা মণিৰ খাৰু ।
দোকানত নাথাকি বাহিৰত থাকিলে তাৰ কথা-বাৰ্তাত ৰাস্তাৰ কাষৰ পকৰী দোকানী বুলি ক'বলৈ আপোনাৰ সাহ নহ'ব ।
আজি সি পকৰীৰ পাচিটোৰ কাষতে মোবাইলৰ পৰা নি এটা এম্পলিফায়াৰত গান শুনাৰ ব্যৱস্থা কৰি লৈছে । লক্ষ্মী গোঁসানীৰ ঠিক কাষতে ।
মই তাৰ ৰেহ-ৰূপ চাওঁ । ভাল লাগে । কিবা এটা আছে তাৰ তাত ।
"তুনে মেৰে জানা…এম্পটিনেচ" বাজি আছে । সি লগে লগে গুনগুনাই পকৰীত মচলা মাৰিছে । ইংৰাজীখিনিও প্ৰায় সমানে হামিং দিছে । মুঠতে কাৰুকাৰ্য্য তাৰ চাবলগীয়া ।
বাৰু আচল কথা তলৰকেইটাহে । পইচা দিয়াৰ সময়ত ।
: পঢ়া শেষ নে তোমাৰ কৰি আছা ?
: অহ' চৰি দাদা । ড্ৰপ দিলোঁ দুবছৰ । আকৌ এডমিশ্যন ল'ম এই মে'ত । বেলতলা কলেজত ।
: কিয় ড্ৰপ ?
: বহুত কথা দাদা । ঘৰৰ "প্ৰব্লেমচ" ।
: আচ্ছা …!
: তাৰোপৰি মই নিজে বেয়া হৈছিলোঁ । পাৰ্টনাৰৰ লগত পৰি …চব শেষ ।
: এতিয়া পিছে ??
: এতিয়া দেৰিকৈ গ'ম পালোঁ দাদা । গ্ৰেজুৱেশ্যনটো মোক কেনেবাকে লাগিবই । নহ'লে লাইফত ভাল ইন্টাৰভিউ এটাও নোৱাৰিম দিব । দেউতাৰ গা বেয়া । গতিকে যোৱা মাহৰ পৰা বিজনেছ মই লৈছোঁ । চেঞ্জ কৰিছো নিজকে । মে' ৰ পৰা আগবেলা কলেজ, আবেলি দোকান, ৰাতি পঢ়া ।
: কথামতে কাম হ'বনে ?
: আপুনিটো থাকিবই এই এৰিয়াত । চাব দাদা । ৰিয়েলাইজেচন নোহোৱা হ'লে মই এনেকে আদ্দা এৰি পকৰী ভাজি নাথাকোঁ । পকৰী, চপৰ পইচাৰেই পঢ়িব লাগিব ।
ডেকালৈ মৰম লাগিল !!

প্রিয় খাদ্য

প্রিয় খাদ্য
তাহানি কাকতে পত্রই শিল্পী সাহিত্যিকৰ সাক্ষাতকাৰ পঢ়িলে তেখেতসকলৰ প্রিয় খাদ্য কি এইটো পঢ়িবলৈ মই ভাল পাইছিলোঁ । স্কুলীয়া কেঁচা মন-মগজুত ভাব আছিল – তেখেতসকলে আমাৰ দৰেই খায় নে ?? নহ'লে কি খায় ? অৱশ্যে সেই সাক্ষাতকাৰ সমূহত সেইসকল লোকৰ বহুত প্রিয় খাদ্য মই তেতিয়াৰ দিনত চিনি নাপাইছিলোঁ । গাঁৱত জন্ম লৈ গাঁৱতে পঢ়া-শুনা কৰা মোৰ বাবে চিকেন দো প্যাজা কি বস্তু ভাবিবলৈ মগজুত উপাদান নাছিল । মোবাইল, ইণ্টাৰনেট নাছিল, গুগল চলাবলে তেতিয়াও বহু বছৰ বাকী । ডিডি ৱানত এইবোৰ প্রায় নাহেই । গতিকে দুটা পিয়াঁজেৰে ৰন্ধা কুকুৰাৰ আঞ্জা বুলি বুজাৰ বাহিৰে মোৰ মগজুৱে আৰু বেছি ভাবিব নোৱাৰিছিল ।
বাৰু । সময় পাৰ হৈ যোৱাৰ লগে লগে এই প্রিয় খাদ্যৰ বিষয়টোৱে মোৰ মনত বাৰুকৈয়ে শিপাবলৈ ধৰিলে । অকল ডাঙৰ মানুহৰে নহয়, মোৰ দৰে ক্ষুদ্র জীৱৰোতো প্রিয় খাদ্য আছে !! সাধাৰণতে তেতিয়া কলেজ পঢ়াৰ দিনত ঘৰত গৈ খোৱা মাৰযুক্ত আলু সিদ্ধৰে ভাত কেইটাও অমৃত । কিন্তু ডায়েৰী খনত লিখি থবলৈকেতো অন্ততঃ প্রিয় খাদ্য দুবিধমান লাগে !! কি এই খাদ্য ?
তাৰ পিছত তেতিয়াৰে পৰাই মই ভাবি আহিছোঁ কি এই খাদ্য । প্রিয় খাদ্য হ'বলৈ কি কি গুণ লাগিব ?? বহুত খাদ্যইতো প্রিয় মোৰ !! তেনেহ'লে ?? আৰু শৈশৱৰ পৰা তেতিয়ালৈকে ঘুৰি চাই মোৰ উপলব্ধি হৈছিল যে ঘৰতেই হওঁক বা পৰতেই হওঁক যি খাদ্যৰ নাম শুনিলেই মোৰ জিভাৰ পানী সৰে, যি খাদ্যৰ বাবে মই ভোক নাথাকিলেও সঁচা অৰ্থত ৰৈ থাকোঁ, যি খাদ্যই মোক উদৰৰ লগতে বুকুতো শান্তি দিয়ে, যি খাদ্যই মোক শৈশৱৰ মাটিৰ পাকঘৰৰ মাটিৰ মজিয়াখন, কঠখনলৈ মনত পেলাব পাৰে, সেয়াই মোৰ প্রিয়তম খাদ্য । বাকী প্রিয় খাদ্য বহুত ।
প্রিয়তম খাদ্যৰ প্রথম স্থানত মাটিমাহৰ টেঙা কাঠআলু বা ঔটেঙা দিয়া, লগত শুকান ভজা জলকীয়া আৰু লগত এক কলপাত ভাত । এই বাক্যকেইটা লিখি আছো মানে জিভালৈ পানী আহিছে । মাটিমাহৰ টেঙাৰে ভাত এসাঁজৰ সোৱাদ নোপোৱা অসমীয়া মানুহ সৌৰজগতত আছে বুলি মোৰ মনে নধৰে । গাঁৱৰ ভোজৰ মাটিমাহৰ আঞ্জাখন বৰ্ণনা কৰিব পৰাকে মোৰ প্রতিভা নাই ।
শাকেৰে ৰন্ধা সৰু মাছৰ টেঙা । এইবিধ দ্রব্য মোৰ কিমান মৰমৰ মোক ভালকৈ জনাসকলে জানে । সোৱাদলগাকৈ শাকেৰে সৰু মাছ ৰান্ধিব জনা সকললৈ মোৰ মৰম বা শ্রদ্ধা বেছি । এই দ্রব্যবিধৰ প্রতি মোৰ টান কিমান সেয়া এটা উদাহৰণ দিলে বুজিব । ২০০৮ । জালুকবাৰীত থাকোতে এদিন খুউব গা বেয়া বাবে শুই আছিলোঁ । উৎপলৰ মাতৃয়ে ফোন কৰি ক'লে – সৰু মাছ আৰু কণ বিলাহী দিয়া শাকৰ আঞ্জা । আহিবানে নাহা ?? মই পেৰাচিটামল এটা গিলি হাজিৰ হলোগৈ ।
আৰু শেষ প্রিয়তম খাদ্যত আগদিনাই ৰান্ধি থোৱা খাঁহি মাংসৰ লগত ৰাতিপুৱা খোৱা লুচিকেইখন । বাতিটোত আঞ্জাৰ ওপৰত পৰি থকা চামনিটো, আলু দুচকল....আৰু নকওঁ ।

বাটে-ঘাটে (৪)

বাটে-ঘাটে (৪)
১) মাছবেপাৰীয়ে চাইকেলখন ষ্টেণ্ড কৰিলে । মাছ শেষ হোৱা মাছৰ টিনটোৰ পৰা কাপোৰ এখন উলিয়াই হাত মচিলে আৰু কিতাপৰ দোকানলৈ সোমাই গ'ল । মই কিতাপৰ দোকানৰ বাৰাণ্ডাত । অ-আ ক-খ ৰ ছবি থকা কিতাপ এখন, ৰং পেঞ্চিল এপেকেট ল'লে । বস্তুকেইপদ দিয়া পলিথিনটো অতি আটোমটোকাৰীকৈ আনি চাইকেলৰ মোনাত ল'লে । পকেটৰ পৰা ফোন উলিয়াই ক'লে "ল'লো" ! বাপেক !
ঘৰত অ-আ ক-খ আৰু ৰং পেঞ্চিলৰ বাবে ৰৈ থকা পুতেক বা জীয়েক আৰু মাকৰ মুখখন এনেয়ে কল্পনা কৰি চালোঁ । আজি সন্ধিয়া সিহঁতে আনন্দ পাব । ছবি আঁকিব ।
২) 
গলিটোৰ মুখতে ডিঙিত গামোছা লোৱা বৃদ্ধই হাত দাঙি ৰখালে । ৰখিলোঁ । ঠিকনা এটা সুধিলে, ক'লোঁ । আগুৱাই দিম নেকি?? নালাগে । পাৰিম । ওচৰতে যেতিয়া ।
" বাৰু ঈশ্বৰে ভাল কৰক ।"
আলাসতে পোৱা আশীৰ্বাদ । অচিনাকী । সুৰ আন্তৰিক । মহঙা 

যি মন যায়

যা-তা, যি মন যায়
১) হোটেলত পৰঠা খোৱাতো আমাৰ চখ । যেতিয়াই সুবিধা পাওঁ । আগতে কেতিয়াও নোসোমোৱা হোটেল । পৰঠাৰ অৰ্ডাৰ দিলোঁ । আহিল । চব্জীৰ ৰং অতি মনোমোহা । দুচামুচ খাই চালোঁ - ৰূপৰ লগতে গুণো একাকাৰ । গতিকে আধাবাতি পিয়েই খালোঁ । প্ৰথম টুকুৰা পৰঠাৰ লগত অৱশিষ্টখিনি একে শোহাই খালোঁ । পিছত দিয়াখিনি লাহে লাহে খাম । বয় এটাক চব্জীৰ ফৰমাইচ দিবলৈ ঘুৰি চাওঁতেই পিছফালৰ দেৱালখনলৈ চকু গ'ল । কাট্ৰিনা কাইফৰ তলত ফুলাম ঘড়ী, ঘড়ীৰ তলত ৰঙা আখৰেৰে - "এখন পৰঠাত ডাবল চব্জী দিয়া নহ'ব ।"
কাষেৰে পাৰ হৈ যোৱা ল'ৰাটোক খালি বাতিটো দেখুৱাই অতি কৰুণ দৃষ্টি এটা দিলোঁ -- …দয়াময়…তুমিয়েই কৃপাৰ সাগৰ অনাথৰ নাথ…। ল'ৰাই দৃষ্টি বুজিলে । বাতিটো লৈ গৈ আধাবাতি চব্জী আনি দিলে - "আৰু নহ'ব কিন্তু" ।
অতি অসহায় ভাৱে ধন্যবাদ দি বাকী পৰঠাখন টুকুৰা কৰি টুকুৰাই প্ৰতি এচামুচকৈ শেষ কৰিলোঁ ।
২) দিল্লীত থাকোতে এদিন মাইক অট'ত উঠাই ফুৰাবলৈ ওলালোঁ । দিল্লীত অট'ৰ চফৰৰ মজা আছে । অট'ত দিল্লীৰ ৰাষ্টা-ঘাট চাবলৈ ভাল গাড়ীতকৈ । মোৰ চিনাকী অট'ৱালা । নাম আলোক (আ-ল'ক) । অট'ত উঠি মায়ে সুধিলে - যাম ক'লৈ ??
উত্তৰ গানেৰে দিলোঁ-
তোৰে মোৰে আলোকৰে যাত্ৰা…।

তিনিটা

তিনিটা
১) প্ৰায়বোৰ চিটীবাছৰ ৰং একেই । কিছুমান নতুন কিছুমান পুৰণা । মটৰ চাইকেলত গ'লে বাছৰ পিছফালে এবাৰ হ'লেও ৰ'ব' লগা হয় । প্ৰায়বোৰৰেই পিছফালে STOP আৰু ধন্যবাদ । ফুলৰ থোপা, হনুমান, পাহাৰৰ মাজেৰে সূৰ্য্য ।
তাৰ মাজৰে এখনৰ পিছফালে এই তিনিটা শব্দ -- "জীয়াই থকাৰ সপোন" ।
জালুকবাৰী-বেলতলা পথত চলা বাছ ।
প্ৰায়বোৰ চিটীবাছ ৰঙে ৰূপে একেই ।
মালিকৰ জীৱনবোধ বেলেগ বেলেগ ।
২) চকুতলগা দোকানতকৈ চাইকেলৰ পিছফালে বাকচ লগোৱা (ঠেলা) ৰাষ্টাৰ কাষত ৰৈ থকা দোকানৰ বেকাৰীৰ দুটা বস্তুৰ সোৱাদ মোৰ বাবে বেছি । ভেজিটেবল পেটিচ আৰু ক্ৰীম বান । দামো সস্তা । কিন্তু সোৱাদ আৰু সতেজতা দামী দোকানতকৈ মই বেছি পাইছোঁ । বাকী ব্ৰেড আৰু ব্লেক ফৰেষ্টৰ বাবে সুকীয়া দোকান আছে মোৰ ।
বাৰু । ক্ৰীম বান দুটা পকোৱা কাগজখন সৰু হোৱা বাবে আৰু এখন কাগজ ল'বলৈ মমৰ পোহৰে পোহৰাই থোৱা চাইকেলৰ পিছফালে লগোৱা বিস্কুত, পেটিচৰ বাকচটোত মমৰ কাষতে থকা তিনিখনমান কাগজৰ ফালে হাত মেলিলোঁ ।
"ৰ'ব' । সেইকেইখন ন'লব । বস্তু দিবলৈ অনা কাগজৰ পৰা "আলগাই" থৈছোঁ কিবা এটা পঢ়িবলৈ । কিবা ভাল কথা তিনিটামান আছে । ৰ'ব' বেলেগ এখন দিম ।"
বেকাৰীৰ দোকানীৰ কথা । বস্তু দুটাৰ সোৱাদ বাঢ়িল কালি ।

সৌভাগ্যৰ আশা

নাগদেৱতাই দৰ্শন দিলে আৰু তেখেতৰ নামত ত্ৰিশখন চিঠি লিখি বিলাবলৈ দিলে আৰু এনেকৈ বিলাওঁতে ক'ৰবাত কোনোবাই লটাৰীত টকা পালে আৰু কোনোবাই নিবিলোৱাৰ ফলত আমৰণে মৰিল- এনেকুৱা অতি অবান্তৰ কথা লিখা কাগজ হাইস্কুলত পঢ়ি থকা দিনত বহুত পাইছিলোঁ । তাতোকৈ ডাঙৰ কথা সেই কাগজবোৰ লিখি সৌভাগ্যৰ আশাত বিলাই ফুৰা মানুহো পাইছিলোঁ আমাৰ মাজতে । তেনেকুৱা কাগজ পাই মই আৰু আমাৰ ঘৰৰ হেড হালোৱাই সেই কাগজত গোৱালপৰীয়া ধঁপাতৰ সুখটান দিছিলোঁ এদিন, এহুপা । মইও নমৰিলোঁ, হেড হালোৱাও নমৰিল ।
যুগ সলনি হ'ল । কাগজৰ ঠাই ফেচবুক, ৱাটচএপ এ ল'লে । কিন্তু মানুহ একেই থাকিল । এক ছেকেণ্ডত ফটো শ্বেয়াৰ কৰি অহা শনিবাৰৰ ভিতৰত ভাল খবৰৰ বাবে কাগজৰ সলনি এতিয়া ৱাটচএপত বাৰ্তাৰ শিকলি আহে । শ্বেয়াৰ নকৰিলেই বিপদ হ'ব ।
পাৰ্থক্য মাথোঁ এটাই যে তেতিয়াৰ দিনত এনেকুৱা কাগজ পালে কাগজবোৰ যিমান অপাত্ৰত পেলাইছিলোঁ এতিয়া মেছেজবোৰ উলিয়াই পেলাই দিব নোৱাৰোঁ, ধঁপাত পকাই সুখটান দিব নোৱাৰোঁ ।

জীৱন

জীৱন
#
বহুতেই সোধে: এইবোৰ অকল ময়েই কিয় দেখোঁ বা লগ পাওঁ ??
কিছুমানে কৌতুহলেৰে সোধে, কিছুমানে অবিশ্বাসৰ ভাবেৰে আৰু কিছুমানে ইতিকিংৰ সুৰত !!
আকৌ কৈছোঁ - মই নেদেখোঁ । মই লক্ষ্য কৰোঁ, বিছাৰি ফুৰোঁ ! ইয়েই মোৰ নিচা । সাধাৰণ মানুহক পঢ়ি চোৱাটো মোৰ একপ্ৰকাৰৰ মানসিক কচৰৎ ।
#
দিগন্তৰ লগত পানবজাৰৰ কমিছনাৰ অফিচৰ কাষতে ব্ৰহ্মপুত্ৰৰ পাৰত চাহ একাপ খাবলৈ ৰ'লোঁ । চালি নোহোৱা চাহৰ দোকান । দেৱালৰ গ্ৰীলৰ জোং বোৰত পলিঠিনৰ ঠোঙাবোৰ ওলমি থাকে । কেক, বান, নাৰিকলৰ লাড়ু । দিগন্তই চাহ আৰু নাৰিকলৰ লাড়ু খালে । মই কাগজত দিয়া তেলত ভজা শকত লুচি আৰু লুচিৰ ওপৰতে দিয়া আলু, বুটৰ তৰকাৰী ।
চাহ দিয়া মানুহ গৰাকী কপালত উজ্বল, ডাঙৰ সেন্দুৰৰ ফোঁটেৰে মোৰ মা ৰ বয়সৰ মহিলা । সুন্দৰ ফুলৰ পৰিস্কাৰ চাদৰ মেখেলা পিন্ধা । মুখত হাঁহি । চাহ দিয়াৰ সেই দুই এটা শব্দতেই অনুমান কৰিব পাৰি তেখেত সাদৰি তিৰোতা । এইসকলক লৈ কৰা মোৰ অনুমান মিছা নহয় !
চাহ খোৱা হ'ল । পইচা দিলোঁ । দুখোজ আহোতেই পাছফালৰ পৰা : বাবা আৰু পাঁচটকা !!! নাৰিকলৰ লাড়ু খাইছিলা যে !!
বাবা !! পইচাই খুজিছে কিন্তু কি সাদৰৰ সহজ-সৰল মাত !!!
দিগন্তই দহটকা এটা দিলে । হ'ব- পাঁচটকা ঘুৰাব নালাগে দিয়ক ।
দিগন্তক ক'লোঁ -
চোৱাচোন !! তোমাৰ মোৰ মাৰ বয়সৰ মানুহ । সাদৰি । পিন্ধন-উৰণ বা মাতত যেন নিজৰহে মানুহ কোনোবা !! দিনতো এনেদৰে ৰাষ্টাৰ কাষত চাহ বেচি সন্ধিয়া বা ঘৰত গৈ কি পায়গৈ ?? পো-বোৱাৰী, নাতি-পুতি ??? মৰম যত্ন ??? এই বয়সত এই কষ্ট অন্তত: কেৱল নিজৰ পেটটোৰ বাবেটো নিশ্চয় নহয় । পুতেক-জীয়েক বা নাতি পুতিৰ বাবেইটো কিজানি !!
ৰাতি ঘৰলৈ ওভতি গৈ দিনটোৰ কষ্টৰ বিনিময়ত সেই মৰম শ্ৰদ্ধাখিনি পায়নে ??
নে …নাই পিছৰখিনি ভাবিব নোৱাৰোঁ । মানুহগৰাকিৰ মুখলৈ চাই পিছৰখিনি ভাবিব নোৱাৰিলোঁ । ভমকা সেন্দুৰৰ ফোঁটেৰে উজ্বল হাঁহি থকা মুখ !!
দিগন্তই ক'লে - এৰা …!!
আকৌ কৈছোঁ - মই নেদেখোঁ । মই লক্ষ্য কৰোঁ ইয়েই মোৰ নিচা । সাধাৰণ মানুহক পঢ়ি চোৱাটো মোৰ একপ্ৰকাৰৰ মানসিক কচৰৎ ।