Pages

Thursday 9 June 2016

ক'ত মৰিমগৈ মই

ক'ত মৰিমগৈ মই ?? হুৱেৰ ??
বস্তু লৈ হোৱাত পাঁচটকাৰ খুচুৰা মোক দোকানীয়ে মোৰ কাষতে থকা সিজন গ্ৰাহকৰ পৰা ল'বলৈ দিলে । সিজনে টকা পাঁচটা দিবলৈ লৈ মুখলৈ ভেবা লাগিল । তাৰ পিছৰ হুবহু কথোপকথন।
: ভাই ! কথা এটা খুধো বেয়া নাপাব ।
: সোধক ।
: আপনি বাৰু চাপকেল দেখাব যায় নিকি ?
: কি চাপকেল ?? ক'ত ?
: চাপকেল মানে এই যে হাপকেল ! হাপকেল…হাপৰ খেল ? আমাৰ ###### ত ?
: হাপকেল?? সাপখেল ? কি ??
:হয় । সাপকেল , চাপকেল ।
দোকানীৰ মূৰৰ পাছফালে উলমি থকা সৰু আইনাখনত মুখ খন চালোঁ । থিকেইতো আছোঁ, ডাড়ি খুৰোৱা, চকুত চানগ্লাচ ।
: কিয় সুধিলে ?? কোনে সাপ খেল দেখুৱাই ?? জেললৈ পঠিয়াই মাৰেনে মোক ?
: না আপনাৰ নিচনা একেই ল'ৰাই আমাৰ তাত দুবাৰ নে তিনিবাৰ চাপকেল দেখাব গৈছিল । যোৱা দু তিন বছৰ যোৱা নাই ! আজি আপনাক দেকি লাগিল চাপকেল এৰি এতিয়া বেলেগ কিবা …!
: দিয়ক মোৰ পাঁচটকা দিয়ক । মূৰটো নোচোবাব মোৰ । চাপকেলৰ মানুহহে পালেগৈ মোক ??? মুখত সেই পেঁপাটো লৈ থকাটো নে হাঁ ???
আহিয়েই লিখিছোঁ । প্ৰভূ ! ইমানেই বাকী আছিলগৈ ।

চিঠি

দুমাহমানৰ আগতে কাকতত মোৰ লেখা পঢ়া ভদ্ৰলোক এজনে ফোন কৰিছিল মাহেকে পষেকে কৰাৰ দৰে । নামৰূপৰ পৰা । তেখেতে "লিখা মেলা কৰা মানুহ, আপোনালোকে জানিব" বুলি সমস্যা এটাৰ বাবে পৰামৰ্শ বিছাৰিলে । সমস্যা হ'ল পুত্ৰক লৈ । পুত্ৰ বিপথে যোৱা বা অবাধ্যতাৰ বাবে নহয়, মাত্ৰ গুৱাহাটীত অধ্যয়নৰত পুত্ৰৰ লগত তেখেতৰ দূৰত্ব বাঢ়ি গৈছে । পুত্ৰ ঘৰলৈ গৈ ঘৰত থকাৰ সময়কণ মাক, ভনীয়েকৰ লগতেই কথা পাতি কটায় । পেচাত চিকিৎসক এখেতে ৰাতি ঘৰ পায়হি মানে কেতিয়া আহি পালা, পঢ়া-শুনা কেনে চলিছে, অসুবিধা কিবা হৈছেনেকি, আৰু স্বাস্থ্য- ইমানতেই কথা শেষ । অথচ তেখেতৰ আৰু বহু কথা পুতেকক ক'বলৈ থাকে, তেখেতৰ শৈশৱ সংগ্ৰাম, তেখেতৰ আদৰ্শ, পুতেকক লৈ দেখা সপোনৰ কথা । তাৰে কিছুমান কথা পুতেক স্কুলত পঢ়ি থকালৈকে, তেখেতৰ লগত ৰাতি শোৱালৈকে ক'ব পাৰিছিল । তেখেতৰ ইচ্ছা - এতিয়া পুতেক কথাবোৰ উপলব্ধি পৰাকৈ ডাঙৰ হৈছে গতিকে কথাবোৰ এতিয়া শুনক । ফোন কৰিলেও কি কৰিছা, ভাত খালানে বা দীঘলীয়া হ'লেও আন কথাতেই শেষ হয়, এই "আচল" কথাখিনি তেখেতৰ কোৱা নহয় । গতিকে তেখেতৰ সামান্য "চিন্তা" !
তেখেতৰ কথা শেষ নহওঁতেই মই ক'লো - আপুনি পুতেকলৈ চিঠি নিলিখে কিয় ?? ই-মেইল বা মোবাইলত নহয়, কাগজত কলমেৰে চিঠি লিখক তাৰ হোষ্টেলৰ ঠিকনাত । আগতিয়াকৈ ভাবি নল'ব যে সি নপঢ়িব । দিয়কচোন । কিজানি সিও আপোনাক কিবা ক'বলৈ ৰৈ থাকে আৰু কথাবোৰ সিও চিঠিতেইহে বেছি ভালকৈ ক'ব পাৰিব । চিঠি লিখক । আপোনাৰ কথাবোৰ যেতিয়া সি পঢ়িব তাৰ এফেক্টো হ'ব সূদুৰপ্ৰসাৰী কাৰণ সি চিঠিবোৰ মাজে মাজে মেজ চাফা কৰোতে হ'লেও পঢ়িব বুলি মোৰ বিশ্বাস । গতিকে লিখক আজিয়েই । তেখেতে পিছে পুতেকলৈ চিঠি লিখিলে নে নাই মই গম পোৱা নাই ।
হোষ্টেলৰ তিনি বছৰত মই দেউতাৰ পৰা সাতখন চিঠি পাইছিলোঁ । তাৰে এখন সিদিনা ঘৰত পুৰণা কাগজৰ মোনা খোলোতে পালোঁ । সেই চিঠিখনৰ দুটা লাইন ইয়াত নিলিখি নোৱাৰিলোঁ ।
"কটনৰ পৰা ওলাই আৰু ওপৰলৈ পঢ়া শুনা কৰি কিমান ডাঙৰ চাকৰি লৈ বা কিমান টকা পইচা ঘটি ঘৰলৈ ওভতি আহ বা নাহ সেইটো মই চিন্তা নকৰোঁ । নিজৰ প্ৰয়োজন নিজেই বুজিবি । মাত্ৰ তহঁত দুটাক লৈ দেখা সপোন মোৰ এটাই - তহঁতৰ নাম ক'লে যাতে মই মানুহৰ আগত মূৰ দাঙি কথা ক'ব পাৰোঁ আৰু তই বিশেষকৈ পঢ়া শেষ কৰি চাকৰিয়াল হোৱাৰ আগতে মানুহ হৱ' । "

টান

ভবেন্দ্ৰ নাথ শইকীয়া ছাৰে লিখিছে - সন্দিকৈ কলেজৰ অধ্যক্ষ গগন বৰুৱাই তেখেতলৈ ফোন কৰিলে । আগদিনা তেখেতে ছাৰক সপোনত দেখিছিল গতিকে মাতটো শুনিবলৈ ফোন কৰিলে !
সৰু কথা, কিন্তু মৰম-চেনেহ, শুভ চিন্তা, কাৰোবালৈ থকা টান আদিৰ বাবে ডাঙৰ ।
মোৰো হয় । বছৰ ধৰি কোনো যোগাযোগ নথকা দূৰ সম্বন্ধীয়া মানুহ এজনক সিদিনা হঠাতে ফোন কৰিলোঁ তেখেতক দোকমোকালিত সপোনত দেখি ! কিবা এটা শংকা লাগি !! পিছে তেখেত কুশলে থকাৰ বাৰ্তা পাই মনটো ভাল লাগিল । তেখেতৰ অভিমানো ভাগিল ফোন নকৰাৰ !
এসময়ৰ মোৰ জেষ্ঠ সহকৰ্মী নৃপেন দত্ত দা সিদিনা ওলালহি । মোক বোলে আগদিনা সপোনত দেখিছিল । সপোনৰ যহতেই মোৰ প্ৰিয় ব্যক্তিত্বৰ মানুহ নৃপেন দাক লগ পালোঁ আঠ বছৰমানৰ মূৰত ! তাৰ পিছত দুঘণ্টা জীৱনৰ কথা !
জেঠায়ে মোলৈ দুই-তিনিমাহত এবাৰ ফোন কৰে । মোৰ নিজা জেঠাই নহয় । কাকতত নিয়মীয়াকৈ মোৰ লেখা পঢ়ি মোলৈ ফোন কৰি অতি কম সময়তেই মোক আপোন কৰি লোৱা যোৰহটীয়া মৰমীয়াল জেঠাই । জেঠায়ে এদিন ঢলপুৱাতেই ফোন কৰিলে । বিচনা এৰাই নাই । দেৱাংগ - অকণমান আগতে তোমাক সপোনত দেখিলোঁ ! মোৰ ল'ৰাৰ লগত একেলগে আহি মোৰ ভৰি চুইছা বোলে । কিমান যে আনন্দ পালোঁ জানানে !সাৰ পায়েই চকুপানী মচি তোমাৰ মাতটো শুনিবলৈ ফোন কৰিলোঁ । ভালে থাকিবা বাবাটো !
মানুহৰ বুকুত কিমান কোমলতা থাকিলে আৰু কিমান মৰম দিব পৰাকৈ অন্তৰেৰে ধনী হ'লে এনেদৰে অচিনাকি ল'ৰা এজনক টোপনীৰ পৰা জগাই এইদৰে কৈ ল'ৰাজনক প্ৰাপ্তিৰ উপলব্ধি দিয়াব পাৰে ??

ভালবোৰ

ভালবোৰ মানুহক জনোৱা উচিত । ভাল মানুহৰ কথা মই সকলোকে জনাওঁ বিভিন্ন উপায়েৰে ।
বিশেষ এটা কামত নিয়োগ বিনিময়ৰ কাৰ্য্যালয়লৈ গৈছিলোঁ । মোৰ কামটোত জড়িত মধ্যবয়সীয়া কৰ্মচাৰীজনে কাগজৰ টুকুৰাটোত মোৰ নামটো লিখোতেই বিস্ময়ত কৈ উঠিলোঁ :
ক্ষমা কৰিব, কথা এটা সোধোঁ । আপুনি ইমান খৰকৈ সদায়েই এনেদৰেই হাতৰ আখৰ লিখেনে ?? মানে এই আখৰ স্পনটেনিয়াচ ?
তেখেতৰ হাতৰ আখৰ ইমানেই সুন্দৰ আছিল যে বুজাব পৰাকৈ মোৰ শব্দ নাই । মাত্ৰ ইমানেই কওঁ যে তেখেতে কলম ধৰা নেদেখিলে আপুনি ক'ব যে এইয়া ইটালীয় আৰ্হিত ছপা কৰা ! গতিকে তেখেতক নকৈ নোৱাৰিলোঁ । ভালবোৰ লগে লগে কৈ দিব লাগে ।
মানুহজনে খন্তেক কলমৰ গতি বন্ধ কৰিলে । তেখেতৰ চাৱনি আৰু মুখত বিৰিঙি উঠা সন্তুষ্টিৰ হাঁহিত মই অনুভৱ কৰিলোঁ ফাইলৰ হেঁচা আৰু দৈনিক কামৰ ব্যস্ততাৰ মাজত তেখেতক এই প্ৰশংসাই কিজানি সামান্য সাময়িক জুৰণি দিছে ।
: আপোনালৈ এটা অনুৰোধ , অৱসৰৰ পাছত আপুনি ল'ৰা-ছোৱালীক আখৰৰ কিটিপ শিকাওঁক । পাৰিলে সময় হ'লে এতিয়াও । এই কলাত আপুনি অতি ইৰ্ষণীয়ভাবে চহকী গতিকে অকণমান বেলেগকো দিয়কচোন !
মই লগতে ক'লো ।
মানুহজনে কিবা এটা সন্তুষ্টিত লিখা এৰি খন্তেকৰ বাবে গাটো চকীখনত আৰামত এৰি দিলে ।
হাতৰ আখৰৰ প্ৰতি মোৰ দূৰ্বলতা আছে । মোৰ দেউতাৰ হাতৰ আখৰ অতি সুন্দৰ আছিল । কনিষ্ঠা কন্যাক মোৰ হাতত গতাবলৈ মোৰ শহুৰ দেউতাইও নিজৰ হাতৰ আখৰ সম্বলিত চিঠি ছপা কৰিছিল । তেখেতৰ আখৰ মনোমোহা ! মই পেটে পেটে আনন্দিত হৈছিলোঁ শহুৰৰ কলা দেখি !
দিল্লীত এবাৰ বয়সীয়াল ডাক্টৰ এজনে মোৰ বাবে লিখা প্ৰেচকিপশ্যনৰ আখৰ দেখি কৈছিলোঁ যে তেখেতৰ চিকিৎসাত ভাল কিমান পাওঁ সেইটোৰ বাবে নহয়, মোৰ আকৌ কিবা অসুবিধা হ'লে তেখেতৰ হাতৰ আখৰেই মোক তেখেতৰ ওচৰলৈ আনিব ।
তাহানি প্ৰেমপত্ৰৰ ক্ষেত্ৰটো হাতৰ আখৰ সুন্দৰ হ'লে সম্ভাৱনা সামান্য বেছি আছিল যোগাত্মক উত্তৰৰ ক্ষেত্ৰত । আখৰ বেয়া হ'লে নিগেটিভ মাৰ্কিং !
বাৰু । উপৰোক্ত ভদ্ৰলোক গুৱাহাটীৰ নিয়োগ বিনিময় কেন্দ্ৰৰ ১১৩ নম্বৰ কোঠাৰ শেষৰ দুই নম্বৰৰ চকীত বহে । সেইফালে গ'লে মোৰ কথাৰ সত্যতা বিচাৰ কৰি চাব পাৰে ।

মাকহঁত


বিশেষকৈ গাঁও অঞ্চলত মাকহঁতে সন্ধিয়া ধূনা ফুৰায় । ধূনামলাটো ঘুৰাই ঘুৰাই মাকহঁতে পদূলিৰ পৰা চোতাল হৈ ল'ৰা-ছোৱালীৰ পঢ়া টেবুলৰ ওচৰলৈ আনে । চোতালৰ পৰা মাকৰ মুখৰ ঘোষাফাঁকি সিহঁতৰ ওচৰ পোৱালৈ স্পষ্ট হয় । মাকে ঘোষা গাই গাই সিহঁতৰ কাষে বাৰে অলপ সময় সৰহকৈ ধূনা ফুৰাই ! ধূনাৰ ধোঁৱাই সিহঁতৰ চকুত ধৰে । " হব লৈ যাঅ' " !
এদিন সিহঁত ডাঙৰ হয় । সংসাৰ কৰে । সময়ে সকলো সলনি কৰে । কিন্তু কোনোবা নিৰ্জন মূহুৰ্তত সিহঁতৰ কাণত বাজি থাকে মাকৰ কণ্ঠৰ সন্ধিয়াৰ সেই "মই দুৰাছাৰ কেৱলে তোমাৰ "
-------------------
মাকহঁতে ল'ৰাহঁতক দোষ নিদিয়ে কাহানিও । মাকহঁতৰ মৰম বাঢ়ে । নকমে । সেয়ে পুতেকে নিজেই আহি বৃদ্ধাশ্ৰমত এৰি যোৱা মাকে বৃদ্ধাশ্ৰমৰ নিজৰ নতুন কোঠাত বিচনাৰ কাষতে থকা টেবুলত গোঁসাইৰ ফটো, চশমাৰ বাকচৰ লগতে পুতেকৰ ফটোখন আটোমটোকাৰীকৈ ৰাখে মন গ'লেই চাব পৰাকে ! সঁচা কথা ।
-----------------------
বাপেকে জীয়েকক ক্ষমা নকৰে । মাকহঁতৰ বুকুৱে নসহে । আইতাকৰ পৰা পোৱা আৰু অতি মৰমেৰে সযতনে ৰখা থুৰিয়াযোৰ মাকে মনে মনে বাপেকে গম নোপোৱাকৈ জীয়েকৰ বাবে দি পঠিয়াই । "সেন্দুৰ দিয়াৰ সময়ত এইযোৰ তাইৰ হাতত দিবি ।"
--------------------------
সেই যে প্ৰৱল প্ৰতাপী কাকো কেয়াৰ নকৰা মুহিকান্ত !! অন্তৰীপ ৰ । মাকৰ শ্ৰাদ্ধৰ দিনা সি বাৰাণ্ডাৰ খুঁটাটোত ধৰি মাই মাই বুলি যে হাও হাও কৈ কান্দিছিল !!! 

Wednesday 8 June 2016

এই মানুহবোৰ ! নিলিখি নোৱাৰোঁ ।

এই মানুহবোৰ ! নিলিখি নোৱাৰোঁ ।
ইণ্টাৰনেটৰ সংযোগ দিবলৈ ল'ৰা দুজন আহিছিল । এজনে কামৰ মাজে মাজে মোৰ গীটাৰখনলৈ চাইছিল । গীটাৰত লিখি থোৱা কথা দুটা পঢ়িছিল । একেথৰে চাইছিল । মই চাই আছিলোঁ তেওঁক ।
: গীটাৰখন নতুন ?
:অ' ।
: আপুনি গান গায় নে বজায় ?
: প্ৰথমটো চেষ্টা, দ্বিতীয়টো আৰম্ভ কৰিছোঁ ।
এসময়ত কাৰেণ্ট গ'ল আৰু কাম আধাতে সামৰি তেওঁ খন্তেক বহিল । লোভ সামৰিব নোৱাৰি তেওঁ মোক ক'লে - গীটাৰখন অকণমান চুই চাওঁ দেই !
তাৰ পিছত ??
তাৰ পিছত ঘামি থকা কপালেৰেই দহ মিনিট তেওঁ অতি মিঠাকৈ গীটাৰখন বজালে একাত্ম হৈ । মই আচৰিত হোৱা নাছিলোঁ । তেওঁৰ দৃষ্টিত আগতেই উমান পাইছিলোঁ সংগীতৰ ওচৰে পাজৰে থকা মানুহেই হ'ব ।
: ভাল বজাইছে আপুনি । বজাই ন' ?
: নাই এনেই অকণমান টুং টুং ঘৰতে । গীটাৰত বৰ ৰাপ । পিছে জীৱন, চাকৰি, এই কাম… । কিন্তু ভাল পাওঁ ।
তাৰ পিছত ??
তাৰ পিছত ইণ্টাৰনেটৰ সংযোগ দিবলৈ অহা অচিনাকী ল'ৰাজনে মোক গান গোৱালে, শুনিলে, বজালে । আধাঘণ্টামান এনেকুৱা লাগিল তেওঁ মোৰ ঘৰলৈ ইণ্টাৰনেটৰ সংযোগ দিবলৈ অহা নাই, সংগীতৰ আদ্দা দিবলৈহে আহিছে !!
ইণ্টাৰনেটৰ সংযোগৰ কাম শেষ কৰি তেওঁ গুছি।গ'ল । গীটাৰখনত তেওঁৰ সুৰ এটা ৰৈ গ'ল !
চাওঁকচোন মানুহবোৰ, মানুহৰ জীৱনবোৰ !!

সৰু সৰু কথাবোৰ ।

সৰু সৰু কথাবোৰ ।
১) আজি জাগীভকত গাঁৱৰ জাতীয় বীৰ শ্বহীদ এজনৰ ঘৰলৈ গৈছিলোঁ । ভাৰতীয় সেনা জোৱান তেজাল ডেকাজনে কাশ্মীৰত উগ্ৰপন্থীৰ হাতত প্ৰাণ হেৰুৱাইছিল কেইমাহমান পূৰ্বে । পৰিয়ালৰ লগত কথা পাতি থাকোতে বাৰে বাৰে তেজাল ডেকাৰ ফটোখনলৈ চকু গৈছিল । বুকু পুৰিছিল । এনেতে দেখিলোঁ দুৱাৰৰ সিফালৰ পৰা আমন-জিমনকৈ আমাৰ কথা শুনি আছে কম বয়সীয়া মহিলা গৰাকিয়ে । অতিমাত্ৰা শেঁতা ওঁঠ আৰু উকা কপালেৰে তেখেতে আমন-জিমনকৈ আমাৰ কথা শুনি থকা দৃশ্যটো আছিল শ্বহীদ ডেকাজনৰ ফটোখনতকৈ বেছি দুখলগা ! জীৱন !!
২) কেতিয়াও নেদেখা কিছুমান মানুহৰ কথাবোৰতেই একো একোটা জীৱন । জীৱনৰ সঞ্জীৱনী ।
কালি নগাঁৱৰ বয়স্ক ভদ্ৰমহিলাই ফোন কৰিলে আমাৰ লেখা পঢ়ি ।
: তোমাৰ লেখাবোৰ পঢ়ি মোৰ তেখেতলৈ মনত পৰে । ইমান পজিটিভ আছিল । কোনোবা ল'ৰা-ছোৱালীৰ ক'ৰবাত অকণমান ভাল দেখিলেই সকলোতে কৈ ফুৰিছিল । শিক্ষক আছিল । তোমাৰ কথাবোৰত মই সেই সুৰটো পাওঁ । কেতিয়াবা আনন্দত চকুপানী ওলাই ।…
: আপোনাৰ কথাকেইটাই মোক জীৱনক আৰু বেছি ভালপাবলৈ শিকাব বাইদেউ !

ভয়ংকৰ প্ৰেমৰ কবিতা

১)
জীৱন পথৰ ঘোপমৰা অান্ধাৰ
দূৰত দেখিছোঁ এধানিমান পোহৰৰ শলিতা
কোন সেইয়া ?
খুড়ীদেও মইহে, হাতত চাকি লৈ যোগেন কলিতা !
২)
এইপাৰে মই
মাজত তৃষাৰ নৈ
সিপাৰৰ ৰিণিকি ৰিণিকি মাত
মোক কোনে ৰিঙিয়াই
গাইপতি দহটকাকৈ ল'ম দাদা
নাৱেৰে থৈ আহিম সিপাৰত
নিজেই লওকগৈ চাই ।
৩)
যদি ভালপোৱা মানে পাপ
তেনে প্ৰায়শ্চিত্ত কি এই পাপৰ ?
সাৱধান হ'বা ভনী - লিজ্জত বুলি দোকানীয়ে বেচি আছে লজ্জত পাপৰ ।

মই কৰা ভুল আপুনি নকৰিব

মই কৰা ভুল আপুনি নকৰিব ।
(কথাখিনি ডায়েৰীত আছিল । ইয়ালৈ আনিলোঁ বিশেষ এটা ফোনকলৰ আঁত ধৰি আৰু অনুৰোধত )
হস্পিটেলত মাৰ হাতত দেউতাক এৰি মই দিল্লীলৈ যাবলৈ ওলাইছিলোঁ । কামত যোগদান কৰিবগৈ লাগে । অহাবাৰ আহি দেউতাক দেখাতো মোৰ সৌভাগ্য হ'ব ।
দেউতা শুই আছিল । ইনজেকচন আৰু চেলাইনৰ বাবে লগাই থোৱা কেনুলাৰে দেউতাৰ শীৰ্ণ, শেঁতা হাতখন হস্পিটেলৰ শুধ বগা বিচনাৰ ওপৰত পৰি আছিল । মই দেউতাৰ হাতখন চুই চালোঁ । ইমান খহটা হাত অথচ কিমান কোমল ! সেই একেখনেই হাত শৈশৱৰ পৰা এতিয়ালৈ !
কাষতে থাকিব নোৱাৰাৰ দোষবোধ আৰু দুখবোধ সমান আছিল । তাতোকৈ বেছি আছিল মোৰ অনুশোচনা । দেউতাক মই পৰ্যাপ্ত সময় দিব নোৱাৰিলোঁ । পাতিম পাতিম বুলি অলেখ কথাই ৰৈ গ'ল । মই জানো কথাখিনি আৰু কোনোদিন দেউতাক কোৱা নহ'ব । শুনিবলৈ দেউতা নাথাকিব । দেউতাৰ পৰা কোনোদিন শুনিব নোৱাৰিম পুতেকৰ বাবে পুহি ৰখা কথাৰ সাগৰ ।
দেউতাক যে একেবাৰে সময় দিয়া নাছিলোঁ তেনে নহয় । দিছিলোঁ । শৈশৱত, কৈশোৰত । কিন্তু ঘৰ এৰাৰ পাছতে সেই প্ৰথমে মাহ পিছলৈ বছৰত দুবাৰ ঘৰলৈ যাওঁতে পঢ়া-শুনা, কেৰিয়াৰ এইবোৰৰ লগত থাকোঁতে দেউতাৰ লগত সেই শৈশৱ, কৈশোৰৰ দৰে এটা সন্ধিয়া সম্পূৰ্ণ বহিবলৈ সুবিধা নোপোৱা হ'লো । কথাবোৰ বুকুত বাঢ়ি গৈ থাকিল দেউতাৰো, মোৰো । ভাবি থাকিলোঁ এদিন বহিম । কথা পাতিম ওৰেটো দিন বা ৰাতি । নহ'লগৈ । কিমান কথা বা দেউতাৰ বুকুত ৰৈ গ'ল ! এসাগৰ ? কিমান কথা ৰৈ গ'ল মোৰ বুকুত ? এক জীৱন ?
সেইদিনা দেউতাৰ শীৰ্ণ হাতখন চুই মই কিমান দেৰি আছিলোঁ নাজানো । হয়তু আজিও চুই আছোঁ ! খহটা হাত মোৰ হাতত পৰি কোমল ।
সেয়ে কওঁ । মই কৰা সেই মাৰাত্মক ভুল যি মোক দহি থাকিব চিৰদিন, আনে নকৰক পিছত ভুগি থকাকৈ । ব্যস্ততাৰ মাজতো বিশেষকৈ দেউতাকৰ বাবে সময় উলিয়াওক, এখন্তেক বহক লগত, শুনক, কওঁক । সেই দিন নাহক যাতে যে বুকুত কথাবোৰ ওফন্দি উঠিছে অথচ ক'বলৈ পিতৃ নাই ! ক'ম ক'ম বুলি থাকোঁতেই মানুহজন গ'লগৈ, নিজৰ কথাবোৰো বুকুতে লৈ ! আৰু আপুনি সেই কথাবোৰ ক'বলৈ বিছাৰি ফুৰিছে এখন নৈ !!
মাকবোৰ মাকেই । ঘৰলৈ গ'লে বা ঘৰত থাকিলেও দেউতাকৰ লগত এখন্তেক বহক । সোধক । এতিয়া এখন্তেক বহক, মন খুলি কথা পাতক, তেখেতকো মন খুলি ক'বলৈ দিয়ক আৰু আজীৱন ৰৈ যোৱা বুকুৰ বিষৰ পৰা উপশম পাওঁক ।
মোৰ দৰে শেষ মূহুৰ্তত দেউতাকৰ হাতখন চুই নিজৰ বুকুখন চুবলগীয়া যাতে আপোনাৰ নহয় । দেউতাকবোৰ ভালে থাকক ।

বকুলৰ গোন্ধ

বকুলৰ গোন্ধ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সৌজন্যত কেইদিনমানৰ আগতে আমাৰ "বকুল" উপভোগ কৰাৰ সৌভাগ্য হ' "বকুল" পৰিচালিকা ৰীমা বৰাৰ নতুন ছবি যিখন ছবিৰ বাবে তেখেতে এই বছৰৰ প্রাগ চিনে এৱাৰ্ডৰ শ্রেষ্ঠ পৰিচালকৰ সন্মান বুটলিবলৈ সক্ষম হৈছে ।
সাধাৰণ দৰ্শক হিচাবে আমাৰ এক বেজাৰ আছিল যোৱা কেইবছৰত হলধৰ, হালধীয়া চৰায়ে বাওধান খায়, বা অগ্নিস্নানৰ দৰে ট্ৰিটমেন্টৰ চিনেমাৰ পৰা বঞ্চিত হৈ থাকি । সিদিনা “বকুল” উপভোগ কৰি অনুভৱ হ'ল বেলেগ ভাল দিন আহক বা নাহক, ছিৰিয়াছ অসমীয়া চিনেমাৰ ভাল দিন আহিছে । ৰীমা বৰাৰ দৰে নিৰ্মাতা, পৰিচালকে আমাৰ আশা সজীৱ কৰি তুলিছে । বকুলে অনুভৱ কৰোৱালে আমাৰ অসমীয়া যুৱ পৰিচালকেও হিন্দী বা বাঙালী পেৰেলেল চিনেমাৰ লগত মূৰ দাঙি থিয় হ'ব পৰা চিনেমা নিৰ্মান কৰিবলৈ সক্ষম ।
বকুল ছবিখনত পৰিচালকে আটাইতকৈ বেছি প্ৰশংসা ল'ব পৰা উপাদানটোৱেই হৈছে প্ৰতীকধৰ্মীতা ছবিখনৰ প্ৰথমৰ পৰা শেষলৈ পৰিচালকে ইমান সুন্দৰকৈ প্ৰতীকৰ ব্যৱহাৰ কৰিছে যে দৰ্শকক কাহিনীৰ মাজলৈ বেছিকৈ লৈ যোৱা আৰু কাহিনীৰ লগত একাত্ম হোৱাত এই প্ৰতীকধৰ্মীতাই হৈ উঠিছে মূল চালিকাশক্তি । কাহিনীৰ আৰম্ভনিতে নায়কে আহি বাছৰ পৰা নামিছেহি আন্ধাৰ পথ এটাত । সমুখত সকলো আন্ধাৰ, অস্পষ্ট , মনিব নোৱাৰি । অথচ কাহিনীৰ শেষত নায়কে খোজ লৈছে পোহৰৰ বাট এটাৰে । অতি নিৰাশাৰ মাজতো এটা বাট ছবিৰ শেষত পৰিচালকে দেখুৱাইছে । সেই পোহৰৰ বাটেৰে খোজ লৈছে নায়কে । খোজ লৈছোঁ আমিও ।

প্ৰতীকধৰ্মীতাৰ সুন্দৰ প্ৰতিফলন ঘটিছে আন কেবাটাও দৃশ্যত । অবিবাহিত হৈ থাকিয়েই মাক হোৱা বকুল নামৰ মহিলাগৰাকীয়ে মুখামুখি হৈছে কাৰোবাৰ বিয়াৰ বাবে পানী তুলিবলৈ যোৱা আয়তীসকলৰ লগত । সেই মূহুৰ্তত বকুলৰ দুচকুত পৰিস্কাৰ হৈছে বুকুৰ বিষাদ । বকুলৰ সেই দুচকু দেখি দৰ্শকৰো বুকু দহিছে নজনাকৈয়ে বকুলৰ বাবে । সেই একেই দুচকুৰ বিষাদ ধৰা দিছে বকুলে বিউতি পাৰ্লাৰত ৰঙা ফোঁটৰ পেকেটলৈ চাওঁতে । ৰঙা ফোঁট লোৱাৰ আনন্দ বকুলে নাপালে । আন এটা দৃশ্যত ৰেডিঅ'ত আহিছে মৃতদেহ উদ্ধাৰৰ খবৰ আৰু ৰেডিঅ'ৰ ওচৰতে পৰি ৰৈছে মাছুৱৈৰ জালত লগা মৰা মাছ । মাছ মৰাৰ দৰেই সাধাৰণ হৈছে মৃত্যু ?? পৰিচালিকাই প্ৰতীকেৰে এই প্ৰশ্ন দৰ্শকলৈ এৰিছে । এটা সময়ত সাধাৰণ দৃশ্য এটা দেখুওৱা হৈছে মাছ মৰা জালৰ মাজেৰে । ৰাজনৈতিক জালত বন্দী আমি সকলো । সকলো ঘটনা দেখি আছোঁ এই  জালৰ মাজেৰে ! এক কথাত ক'বলৈ গ'লে পৰিচালিকা ৰীমা বৰাই প্ৰতীকধৰ্মীতাৰে দৰ্শকৰ বুকুলৈ কাহিনীৰ বাট সুচল কৰিছে ।
বকুল ছবিখনৰ আনটো অতি প্ৰশংসা কৰিবলগীয়া দিশ হ'ল কাহিনীৰ সামঞ্জস্যতা আৰু দৃশ্যবোৰক জীৱন্ত কৰি তোলা কেমেৰাৰ কাম । তিনিটা কাহিনী ইমান সুন্দৰকৈ কলাসন্মতভাৱে এদাল মালাত গাঁঠা হৈছে যেন সঁচাকৈ এদাল সুগন্ধিত বকুলৰ মালা ! দৰ্শকে এটা কাহিনীৰ লগত আনটো কাহিনীৰ যোগসূত্ৰ বিচাৰি মগজুৰ কচৰৎ কৰিবলগীয়া হোৱা নাই । বৰ্তমানৰ অতি স্পৰ্শকাতৰ বিষয় তিনিটাৰ এখন জীৱন্ত পট্ৰেইট ! এটা কাহিনীৰ লগত আনটো কাহিনী ইমান সুন্দৰকৈ গঁথা হৈছে যে দৰ্শকৰ মনত উদয় হোৱা প্ৰশ্নবোৰ আৰু তাৰ সমাধানৰ উঁহ একেই ।
কেমেৰাৰ বাবে বিশেষভাৱে প্ৰশংসা কৰিব লাগিব ছবিখনক । সন্দীপ পাটিলৰ কেমেৰাই দৃশ্যবোৰ ইমান জীৱন্ত কৰি তুলিছে যে কোনো দৃশ্যতেই অনুভৱ নহয় ছবি চোৱাৰ । ইমান বাস্তৱ আৰু জীৱন্ত প্ৰতিটো দৃশ্য যে অনুভৱ কৰিছিলোঁ চিনেমা নহয় যেন মইও তাতেই আছোঁ ! ঘাটৰ দৃশ্য, দোক-মোকালিৰ ছবি, গাঁৱৰ বাটৰ ছবি, শৈশৱ, বজাৰ, সন্ধিয়া, আৰু অতি সৰু সৰু দৃশ্যবোৰত এনে লাগিছিল যেন মই চিনেমা চোৱা নাই, নিজেইহে উপস্থিত আছো তাত । ইমান জীৱন্ত ! লাজৱাব কেমেৰাৰ কাম । নেদেখিলে বিশ্বাস নহ'ব । মুঠতে চিনেমা নহয় যেন নিজে উপস্থিত থকা ঘটনা প্ৰৱাহ ! দৰ্শকক কাহিনীৰ লগত একাত্ম হ’বলৈ সুবিধা কৰি দিছে সন্দীপ পাটিলে ।
অভিনয়ৰ কথা নকলোৱেইবা । অতিথি শিল্পীৰ পৰা মূল শিল্পীলৈকে সমানে ইমান জীৱন্ত অভিনয় কৰা শেষবাৰ কোনখন ছবিত দেখিছিলোঁ মনত নাই ! কোনো নাটকীয়তা নাই ! শিল্পীসকলক পৰিচালকে আগুৱাই দিছে অতি বাস্তৱিক ৰূপে । তিলমানো নাটকীয়তা নাই কাৰো সংলাপ প্রক্ষেপন বা অভিব্যক্তিত ৰক্তিমৰ চৰিত্ৰত উদয়ন দুৱৰাৰ অভিনয় দেখি এনে লাগিল - ক'তা এয়াচোন অভিনয় নহয় !! সঁচাকৈয়ে হৈ আছে ঘটনাবোৰ ! বকুলৰ চৰিত্ৰটো উৰ্মিলা মহন্তই অতি সুন্দৰভাৱে ফুটাই তুলিছে । কেবাতাও দৃশ্যত তেখেতৰ অভিব্যক্তিয়েই দৰ্শকৰ চকু সেমেকাইছে । বাকী অভিনয়ৰ শিল্পী সকলো সফল ।
পৰিচালিকা ৰীমা বৰাই বকুল ছবিখনত কলাসন্মতভাবে ঠায়ে ঠায়ে দৰ্শকৰ বুকু গধুৰ কৰি তুলিছে, চকুৰ কোণ সেমেকি যাবলৈ বাধ্য কৰোৱাইছে । সময়ত কন্দুৱাইছেও । তেখেতে বেকগ্ৰাউণ্ডত দুখৰ চেহনাইৰ সহায় নোলোৱাকৈয়ে কেৱল কাহিনীৰ জীৱন্ত ৰূপ, চৰিত্ৰৰ অভিব্যক্তিৰে দৰ্শকৰ আৱেগক স্পৰ্শ কৰিবলৈ সক্ষম হৈছে । জীয়েকৰ বাবে নিচুকনী গীত গায় নিজেই শুই পৰা বকুলজনী, পুতেকৰ মৃত্যুৰ সপোন দেখা মাছুৱৈ বকুল, বুকুত সংগীত লৈ ফুৰা জয় দাৰ ল'ৰা বকুলৰ সংগ্ৰাম - এই দৃশ্যবোৰত দুখৰ আৱহ সংগীত নাই । নিস্তব্ধ !! অথচ  দৰ্শকৰ ওঁঠ কঁপিছে অজানিতে । জয় দাই শৈশৱৰ ৰক্তিমক গীত শিকোৱাৰ অস্পষ্ট দৃশ্যও অতিকৈ বুকু গধুৰ কৰা ! পৰিচালিকা সফল তাতেই
কাহিনী জীৱন্ত কৰিবলৈ ৰীমা বৰাই পৰাখিনি সকলো কৰিছে অতি কলাসন্মতভাৱে, সফলতাৰে । ৰক্তিম আৰু কুন্তলাৰ এক হৃদয়ৰ নিবিড়তাৰ দৃশ্যত পৰিচালিকাই ব্যৱহাৰ কৰিছে ৰূপকোঁৱৰৰ "আমাৰ সখীয়া" গীতটি । ছবিখনত গীতটি মঞ্চত পৰিবেশন কৰি থকা দেখুওৱা হৈছে । সিও এক অতি বাস্তৱ দৃশ্য । তবলা, হাৰমনিয়াম আৰু গীটাৰেৰে সঁচা সঁচি জ্যোতিসংগীত প্ৰতিযোগিতাহে যেন ! গীতটি পৰিবেশনো কৰা হৈছে অতি সুন্দৰকৈ দেৱাশীষ কৃষ্ণাত্ৰেয়ৰ দ্বাৰা ! এই গীতটিয়ে ছবিখনক প্রদাণ কৰিছে এক অনন্য মাত্রা, কলাপ্রেমী দৰ্শকক এক বুকু চুই যোৱা অনুভূতি । ছবিৰ শেষত হাৰমনিয়ামৰ সংগত “বহুদিন বকুলৰ গোন্ধ পোৱা নাই” য়ে দৰ্শকক বুকুত হাত থ’বলৈ বাধ্য কৰোৱাইছে ।
মুঠতে পৰিচালিকা ৰীমা বৰা সফল ।অসমীয়া ছিৰিয়াছ ছবিৰ মহঙা দিনত ৰীমা বৰাই বকুলৰ যোগেৰে এক আশা কঢ়িয়াই আনিছে, আমাৰ হতাশাক আশালৈ নিছে । ৰীমা বৰাক আন্তৰিক ধন্যবাদ । "বকুল" ত নায়কে ছবিৰ শেষত পোহৰৰ বাট এটাৰে খোজ লোৱাৰ দৰেই ৰীমা বৰাই আমাকো দেখুৱাইছে তেনে এটা বাটেই , 'ত বতাহত ভাঁহি আহিছে প্ৰিয় বকুলৰ গোন্ধ !

দেৱাংগ পল্লৱ শইকীয়া 

মনোযোগ

সৰু ছাতিটো লৈ সৰু ল'ৰাটোৱে সিফালে কিবা বস্তু চাই থকা মাকক সুধিছে - মা কেনেকুৱা লাগিছে ?? মাকৰ মনোযোগ নাই । কাষতে থকা বাপেকে (বোধহয়) কৈছে - মই কৈছোঁ নহয় ধুনীয়া লাগিছে । লোৱা । ল'ৰাই আকৌ ছাতিটো ঘূৰাই ঘূৰাই মাকক সুধিছে - চোৱাচোন কেনেকুৱা !! বাপেকে বিৰক্তিৰে কৈছে - ইচ মই কৈছোঁ দেখুন নাইচ বুলি । মাকে ক'লেহে মানিব । অ'ৰা কোৱাহে এইফালে চাই ! সি ছাতিটো লৈ তাত কিবা এটা এটা আঁকি দিছে । মাকে চাই ক'লে- বাআআআ নাইচ ! লোৱা লোৱা । ল'ৰাই সন্তোষ মনেৰে ছাতিটো ঘুৰাই থাকিল । মইও তেতিয়াহে চালোঁ নতুন ছাতিৰ কাপোৰত ল'ৰাই কিবা এটা আঁকি সেইটোহে দেখুৱাই আছিল মাকক । মাকে চোৱাত আনন্দ পালে ।
আমাৰ আইমাতৃ যোৱা তিনিদিন ধৰি আমাৰ ভাড়াঘৰত বাহৰ পাতি আছেহি । তেখেতে আমাৰ মুখৰ আগতে ভাত, চাহ, জলপানৰ যোগান ধৰি আৰু সময় গতিকে পিঠিত নখ লগাই আমাক ৰাজসুখ প্ৰদান কৰি আছে যোৱা তিনিদিন । আজৰি সময়ত তেখেতে আমাৰ লগত থকা চেপ্তেম্বৰ মাহৰ পৰা জমা হোৱা প্ৰকাশ, প্ৰান্তিককে ধৰি আলোচনী সমূহ একেবাৰে বেটুপাতৰ পৰা শেষলৈ এটা শব্দও বাদ নপৰাকে পঢ়িছে ।
বাৰু । আমাৰ প্ৰকাশিত লেখা মায়ে তেনেকৈ পঢ়িবলৈ নাপায় । কেতিয়াবা খবৰ দিলে কিনি আনে প্ৰকাশ হোৱা পেপাৰ বা আলোচনীখন । প্ৰতিবাৰেই নহয় ।
কালি দুপৰীয়া ভাত খাই থাকোতে তেখেতে ক'লে - তোৰ দুটা লেখা পালোঁ এই আলোচনীবোৰৰ দুখনত । বন্দুক গল্পটো বৰ ভাল হৈছে । ভাল পালোঁ পঢ়ি । এই "জীৱন" খনত পালোঁ ।
সাহিত্যৰ কথা বৰকৈ নজনা, জীৱনৰ আধা বয়স কেৱল ভাত ৰন্ধা, ধান জাৰা, চোতাল সৰা, ঘৰ চম্ভালাতেই সমৰ্পণ কৰা মাইৰ মুখত পুতেকৰ জীৱনৰ প্ৰথম গল্পৰ বাবে কৰা এই দুই বাক্যৰ প্ৰশংসা শুনি শ্ৰম সাৰ্থক হোৱাৰ কি আনন্দ মোৰ ভিতৰত জাগিছে, সেয়া প্ৰকাশ এই জনমত কোনোদিন কৰিব নোৱাৰিম ।

লিভাৰ


আচল কথাটো অকণমান বেলেগ । পিছে তাৰ আগতে দুআষাৰ । ছাগলীৰ লিভাৰৰ পুষ্টিতত্বৰ বিষয়ে মই বৰকৈ নাজানো কিন্তু সৰুৰে পৰাই এইবিধ বস্তুৰ প্ৰতি মানুহৰ হাবিয়াস আৰু দূৰ্বলতা দেখি আহিছোঁ । তাহানি মাংস আনিবলৈ দেউতা বজাৰলৈ যাবলৈ ওলালে মায়ে হাতত মোনাখন দি ক'ব - লিভাৰ অকণ চাই আনিব ।
পিছলৈ মই বা দাদা বজাৰলৈ যোৱা হ'লোঁ । কথা কিন্তু সলনি নহ'ল । লিভাৰ অকণ চাই আনিবি । মই কওঁ - নিদিবি মোক । তিঁতা । বেয়া পাওঁ । তথাপি ভাগত দিবই । খা চোন । ভাল খোৱা । কিয় ভাল ??? ভাল আৰু ।
লিভাৰৰ প্ৰতি মানুহৰ দূৰ্বলতা, মৰম, ক্ৰেজ ।
পিকনিক্ লৈ গৈছোঁ । প্ৰেমিক ডেকাই ৰান্ধনীৰ ওচৰলৈ গৈ কাণে কাণে কৈছেগৈ - তাইক লিভাৰ দুপিচমান দিব । ক'ব মই দিবলৈ দিয়া বুলি । "তাই" মানে ডেকাৰ একপক্ষীয় প্ৰেমৰ কুঁৱৰী । বাকী সকলো চেষ্টা বিফলে যোৱাত সেইদিনা ডেকাই ছাগলীৰ লিভাৰৰ আশ্ৰয় লৈছে । বিশ্বাস কৰিবনে আপুনি মই যদি কওঁ সেইদিনা ৰান্ধনীয়ে সেই বিশেষ তাইৰ পাতত সৰহকৈ লিভাৰ দি "দাদা" ই দিবলৈ কৈছে বুলি কোৱাত তাইৰ সামান্য হ'লেও মন কুমলিছিল ?? স্বীকাৰোক্তি দিছিল পিছত মোক ।
এদিন পথাৰত খানা খাবলৈ গৈ দুদলৰ মাজত মূৰ ফলা ফলি । ভূ লৈ গম পালোঁ কাজিয়াৰ কাৰণ আছিল লিভাৰ । ঘটনাটো পাহৰিছোঁ যদিও মনত আছে লিভাৰেই আছিল যত কূটৰ ঘাঁই !
বাৰু । সিদিনা মাজতে ছাগলীৰ মাংস খাবলৈ মন গ'ল । খোৱা মানুহ অকলে মই । গতিকে এপোৱা এনাফ । দোকানতো অলপহে আছিলগৈ । কোনোদিন মই কচাইক লিভাৰৰ ফৰমাইচ নিদিওঁ কিন্তু সেইদিনা কিনো মন গ'ল "এপোৱা" বুলি কৈ এনেই কৈ দিলোঁ - লিভাৰ অলপ দি দিব । য'ত লিভাৰ মই নাখাওঁৱেই । দিন বেয়া আছিল, এনেই কৈ দিলোঁ !
সেই যে ক'লো লিভাৰ বুলি - সেয়াই হ'ল অপৰাধ । কাষতে ৰৈ থকা ভদ্ৰলোক জাঙুৰ খাই উঠিল ।
: অই লিভাৰকন মোক দিবি আগতে কৈ থৈছোঁ । ই এপোৱাহে ল'ব । বাকীখিনি গোটেইখিনি মই লৈ আছোঁ ।
ভদ্ৰলোকৰ মূৰৰ পৰা ভৰিলৈ চালোঁ । পোছাকত ফিট বাবু । লাহেকৈ ক'লো-
: অকল লিভাৰ কিয় ?? কিডনী, হাৰ্ট, টেষ্টিচ চব আপুনি লওঁক । মোৰ এপোৱাহে । গতিকে মোক নেগুৰ, কাণ এইবোৰ দিলেও হ'ব । কিন্তু ৰাজহুৱা স্থানত অচিনাকী মানুহক কথা কোৱাৰ সৌজন্যতা জনা উচিত । কি দেখি বা ভাবি মোক আপুনি "ই" বুলি ক'লে ?? পোছাকে পাতিয়ে দেখোন অতিভদ্ৰলোক !! বেয়া কথা । লিভাৰ খালেই নহ'ব । সৌজন্যতা মিনিমাম খিনি জানিব লাগে । পোছাকতে সকলো শেষ নহয় ।
বহুতো ভাল পোছাক পিন্ধা মানুহৰ এই বেমাৰটো আছে । ৰাজহুৱা স্থানত বয়সত সৰুৱেই হওঁক বা ডাঙৰেই হওঁক অচিনাকী মানুহক সৌজন্যতাবোধেৰে কথা ক'ব নাজানে ।
মনে মনে শুনি গুছি নাহিব । কাজিয়া নকৰিব । কিন্তু প্ৰতিবাদ কৰি গাত লগাকৈ নিম্নস্বৰত তেনেলোকক সৌজন্যতাবোধৰ এক শিক্ষা দি আহক ।

ফটো ।


এতিয়াৰ কথা । বন্ধুৱে মোক ফটো এখন উঠালে ডিএচএলআৰ বা মোবাইলেৰে । ক্লিক হোৱাৰ লগে লগে পজিচনৰ পৰা একে দৌৰে গৈ তাৰ ওচৰ পালোঁ, লগে লগে ফটোখন চালোঁ, পছন্দ ন'হল । মুখখন গছজোপাৰ আৰু অলপ ওচৰত হব লাগিছিল, হাঁহিব নাপালোৱেই ভালকে, চকুটোও কিবা কেঁৰা হ'ল । মুখখনো ক'লা হ'ল । ধেই ! আকৌ মাৰ, আকৌ মাৰ । চাবি ভালকে । বন্ধুৱেও পকেটৰ পৰা কোমল কাপোৰ উলিয়ালে, সা দি লেন্স মচিলে, এপাৰটাচ, ফ'কাচ নে কি সেইবোৰ মিলালে আৰু কামাণ্ড দিলে -যাওঁক এইবাৰ । গৈ আকৌ বেঙাৰ দৰে গছৰ কাষত থিয় হ'লোঁ, হাঁহি মাৰিলোঁ…কিলিক । না নহ'ল…ভৰি কাটিলে, মানে নতুন জোতা কাটিলে । আকৌ মাৰ । অ' এইবাৰ ভাল হৈছে । মানুহো বগা, চকু পোন, গছো ঠিক ঠাইতে । জোতা চিকচিকাই আছে । ৰাইজলৈ উলিয়াই দিব পাৰি । আনন্দ ।
তেতিয়াৰ কথা । আমাৰ কেমেৰাৰ দৰকাৰ হৈছিল পিকনিকৰ সময়ত । ফটো আজি উঠিলোঁ -পাম এসপ্তাহৰ পাছত । তাকো এটাই তিনিকপি উঠিব কেনেকে?? ৰিলৰ সংখ্যা তাকৰ । অকল শিলতে তই দুকপি মাৰিলে কি হব?? পাহাৰতো উঠিবি ?? খাই থাকোতে চবকে উঠাব লাগিব। তোৰ কেমেৰা হ'ল বুলি …। দুটা ৰিলৰ পইচা চবেই সমানে দিছে । ছাৰহঁতেও দুকপি মান ৰাখিবলৈ কৈছে । গ্ৰুপ । গাড়ীৰ ভিতৰত যাওঁতে একপি দুকপি । গতিকে শিলত এক । হব যা ।
ফটো উঠিলোঁ । শিলত বহি এহাতে পানী চুলোঁ, গ্ৰুপত মূৰত ৰুমাল বান্ধি উঠিলোঁ আৰু শেষত কমপ্লিমেন্টেৰী দুকপি পাহাৰত গ'ল ।
পিকনিক গ'ল । কেমেৰা গৈ ষ্টুডিঅ' পালে, ৰিল ওলাল, লেবত গ'ল…। কেমেৰা উভতি আহি খালী হৈ আকৌ আলমাৰিত সোমাই থাকিল ।
কোনোবাই আকৌ ৰিল নোহোৱা কেমেৰাৰেই ছোৱালীবোৰক বিভিন্ন ভংগীমাত এশ এবাৰ ফটো উঠালে । ফটো আজি দিম, কাইলৈ দিম । শূণ্য ।
বাৰু । নিজৰ কেমেৰাৰ ফটোখিনিৰ বাবে স্কুল যাওঁতে এদিনৰ মূৰে মূৰে লে'জাৰত গৈ সুধি থাকিলোঁ - আহিলনে আমাৰখিনি?? লেবেল - অলপ দেৰি হ'ব । চিজন । মঙলবাৰে খবৰ কৰিবা । আৰু অৱশেষত হয়তু শুক্ৰবাৰে ফটো আহি পালে । কোনোমতে । চিজন ।
শিলত উঠাখনৰ মুখৰ এফাল নাই । চোলাটো চাই সেইটো মইয়েই বুলি ৰাইজ নিশ্চিত হ'ল । গ্ৰুপৰ দুখনত মোক কেনেবাকে হে ধৰিছে ক'ভাৰত । একেবাৰে কাষত আছিলোঁ । সেই ফটোত মোতকৈ ভাল পজিচনত উজ্বল হৈ আছিল ভাড়া কৰি নিয়া গাড়ীৰ ড্ৰাইভাৰ, হেন্দিমেন, ৰান্ধনি আদি । পাহাৰত উঠাখনত মানুহেই নে ভালুকেই ধৰিবৰ সাহ নাই । বেলি ডুবাৰ সময়ত উঠাইছিল । মুখত পোহৰ নপৰিল ।
তথাপি বেজাৰ সাময়িক । হোৱাটোতো হ'লেই । ন' এদিট অপশ্যন । নিজৰ ভাগৰ ফটো কেইখন ঘৰলৈ আনি কলমেৰে দিন বাৰ লিখিলোঁ বৰ্ডাৰত বা পাছফালে আৰু আটোমতোকাৰিকৈ এলবামত ভৰাই থ'লোঁ । মাজে মাজে চাম, মানুহ আহিলে দেখুৱাম "সময় সোঁৱৰণিৰ এখিলা পাত" ।

সপোন

১)
নৈ ক'ত ? ক'ত সেই নৈ ? মোক লৈ যোৱা সেই নৈৰ পাৰলৈ যি মোৰ গাঁথা শুনি থমকি ৰ'ব/ …মই বুৰ মাৰি তলি চাম/মোৰ শৈশৱৰ সমস্ত গান আছে য'ত শিল হৈ পৰি/ সেই শিল মই চুই চাম/বুকুত ল'ম/আৰু উঠি নাহিম পাৰলৈ/কোনোদিন…!!
২)
বগা কাপোৰেৰে নৈৰ পাৰত মোৰ মৃতদেহটো ঢাকি থাকোঁতে কোনোবাই কোৱাকুই কৰিছিল - মানুহটো ফুলিছে । ছালখন ফিচিকি দেখোন গানবোৰ ওলাই আহিছে !! মই শুনি আছিলোঁ । কাৰণ মই মৰা নাছিলোঁ । মোৰ জেদ তেতিয়াও আছিল মই নমৰোঁ ! কিয় মৰিম । পৃথিৱীয়ে মোক মাৰিলেও কথা আৰু গানে মোক জীয়াই ৰাখিব । বগা কাপোৰ আঁতৰাই দে হেৰ' জ্ঞানী মানুহবোৰ । মোক থিয় কৰাই দে । তহঁতে নক'লেও মই নিজকে শিল্পী বুলি চিয়ঁৰি আছিলোঁ !! শিল্পী নমৰে নাজান ??
৩)
মোক পুৰি থাকোঁতে মোৰ বাবে গান লিখা মোৰ বান্ধৱে জেপটো খুঁচৰি কাগজৰ টুকুৰা এটা উলিয়াই চিতাৰ কাষতে থকা কাৰোবাক দেখুৱাই কৈছিল - এই যে ইয়াক পুৰি থাকোঁতে আৱাজ এটা দি আছে, বাঁহ ফুটিছে, এই আৱাজো বোলে এটা স্কেলত পেলাব পাৰি । এদিন সি ইয়াকে মোক কৈ এই দুশাৰী লিখি দিছিল !
৪)
সপোনৰ পৰা সাৰ পাই নিজৰ গাটো চুই চালোঁ । আছোঁ মানে ।

নিৰুদ্দেশ ।

নিৰুদ্দেশ ।
আজি ৰত্না বাইদেৱে সুপ্ৰকাশৰ ৱালত কবিতা এটা দিলে । বিপুলজ্যোতি শইকীয়াৰ "এদিন হঠাৎ গুছি যাম" । সেই আলোচনাতে এই নিৰুদ্দেশৰ কথা ওলাল । মই বিচাৰি বিচাৰি উলিয়ালোঁ দিল্লীত থাকোঁতেই লিখা কিবা এটা । গল্প কৰিম বুলি ভাবিছিলোঁ । থাকি গ'ল । সেই আধাডুখৰীয়া কথাকেইটা মোৰ আজি ইয়াত দিবলৈ মন গ'ল । কোনেও নপঢ়িলেও বেজাৰ নাই । পিছত নিজে পঢ়িম ।
মানুহ এনেকৈনো নোহোৱা হয়নে ?
সন্ধিয়া গানৰ আড্ডাত সি প্ৰকাশক প্ৰায়েই কৈছিল- মোৰ নিৰুদ্দেশ হ'বলৈ মন যায় জাননে ! নোহোৱা হৈ যাম । নিজেও নাজানো ক'ত থাকিম । জীৱনৰ লগতেই থাকিম কিন্তু !!
প্ৰকাশে তালৈ পোন্দোৱাকৈ চায় । যেতিয়া নোহোৱা হ'বি তেতিয়া ক'বি । সদ্যহতে এ' মাইনৰটো ধৰচোন ।
ষ্টেজৰ পিছফালে তাইৰ নাম ঘোষণা কৰিবলৈ ৰৈ থাকোঁতেও সি কেতিয়াবা চুনুক কৈছিল - মোৰ কেতিয়াবা নোহোৱা হ'বলৈ মন যায় জাননে ।
: মোৰ যদি আজি নোট শ্লিপ হয় কেনেবাকে আপুনি মৰিল কিন্তু । এইটো সময়ত এইবোৰ কয়নে ??
অতিমাত্ৰা খেয়ালি ৰাজীৱ । পৃথিৱীয়ে নুবুজা এক সাঁথৰ । যদি কোনোবাই সামান্য বুজে সেইয়া হ'ল স্বৰ্গত থকা মাক, প্ৰকাশ, চুনু আৰু কলেজ চকৰ চাহদোকানী হামিদ ।
পঢ়ে । লিখে । বজায় । শুনে । তাৰ মতে সি আৰু কি কৰিব লাগে ! চুনুৱে কয় - চাকৰি । শিল্পই আত্মাকহে পৰিপূৰ্ণ কৰি ৰাখিছে । পেটটোৰ বাবে আপুনি চিন্তা কৰিবই লাগিব । কি খাব ন'হলে ?? গান, কবিতা, নে সেই কিতাপৰ দ'মটো ??
ৰাজীৱে নামাতে । প্ৰেকটিছৰ জিৰণীৰ সময়ত চুনুৱে এনেকুৱা কথা কৈ থাকিলে সি গীটাৰৰ তাঁৰ এডাল টুংটুঙাই থাকে । গৈ গৈ এটা সুৰ হয়গৈ ।
প্ৰকাশ , মানুহবোৰে কেতিয়া শিল্পৰে পেটো ভৰাব পাৰিব এটা নিৰ্দিষ্ট দিন তাৰিখ দিবিচোন । তহঁত ডাঙৰ ৰজাঘৰীয়া চাকৰিয়াল ।
ৰাজীৱে গান লিখিছিল ফুটপাথৰ ভিক্ষাৰীৰ আলাপক লৈ । বাপেকৰ শৱদেহ কান্ধত লোৱাক লৈ । চুনুৰ চাদৰখনৰ পৰা ওলমি থকা সূঁতাকেইডালক লৈ । মুঠতে তাৰ কাৰুকাৰ্য্য বেলেগ । নিমিলা । কোনোবা সময়ত পগলা ।
চুনুৱে প্ৰকাশক প্ৰায়েই কৈছিল - তেখেতলৈ কোনোবা সময়ত ভয় হয় । প্ৰকাশে কয় - ধেই! মই তাক সাত বছৰ বয়সৰ পৰা পোৱা অ' । এনেকুৱাই । অ'নলী ৱান পিচ । তাৰ ভাইভা ভাল হৈছে । চাকৰিটো খাটাং । খবৰ লৈ আহিছোঁ মই । চাকৰি হ'লেই এই পোকবোৰ সৰিব মূৰৰ পৰা । তই নাভাবিবি ।
প্ৰকাশ, মই নোহোৱা হৈ গ'লে তহঁতে বেলেগ গীটাৰিষ্ট ল'লেও মোৰ সেই ফিলাৰকেইটা নিশিকাবি । মোৰ কিবা এটা অভাৱ অনুভৱ হওঁচোন তেওঁ । অনুভৱ কৰক ।
জীৱনক লৈ মোৰ আক্ষেপ নাই চুনু ! আক্ষেপ সময়ক লৈহে । বাৰু, কনমান বৰশীৰে চিপ টো গাচোন । মই ইয়াতে শুই লওঁ অকণমান তবলা, হাৰমনিয়াম আহি পায় মানে । তইয়ো বৰ গালি পাৰ মোক কিবা !
আপোনাৰ চাকৰিটো হ'ব বোলে । অফিচাৰ হ'ব আপুনি । ভাইভাত হায়েষ্ট নম্বৰ । ৰিটেনটো টপ । আৰু ফাৰ্ষ্টক্লাছ দুটা বাবে এক্সট্ৰা নম্বৰ ।
চাকৰিটো হ'ব বুলি শুনি তই যিমান আনন্দ পাইছ, সিদিনা মোৰ "আই" গানটো শুনি যে বুঢ়ীজনীয়ে হুকহুকাই কান্দিছিল তেতিয়া মই সফল হৈছোঁ বুলি সিমান আনন্দ পাইছিলি নে ???
এনেকৈনো মানুহ নোহোৱা হয়নে !!
প্ৰকাশ, আজি মোৰ গীটাৰখন তই লৈ যা । মই হামিদৰ লগত আড্ডা মাৰি যাম । চুনুক ক'বি আজি পুৰস্কাৰ নাপালে বুলি যাতে মন নামাৰে । পুৰস্কাৰ নালাগে । বুকুৰে গাই যাওঁক এনেকৈয়ে ।
তাৰ পিছৰ পৰাই সি নাই । এদিন । দুদিন । এসপ্তাহ । এমাহ । হামিদৰ দোকানৰ পৰা সি ক'লৈ গ'ল কোনেও নাজানে । কোনেও দেখা নাই । মাত্ৰ হামিদক বোলে কৈ গ'ল - নমৰোঁ কোনোদিন ।
প্ৰকাশ, ককায়েক, চুনুৰ দেউতাক, হামিদ, ৰাজেশ ছাৰ -কোনেও একো বাদ নিদিলে । পুলিচ, সন্যাসী, আইক চোওৱা, নামসেৱা, পুৰস্কাৰ সকলো পথ অৱলম্বন কৰা হ'ল । সি নোলাল ।
তেখেতে মাজে মাজে ধেমালিতেহে কৈ আছিল কিবা নোহোৱা হ'ম বুলি - চুনুৱে ফেঁকুৰে প্ৰকাশৰ আগত । এতিয়া প্ৰকাশৰ শব্দ নাই !
নোহোৱা হোৱাৰ পিছদিনাই তাৰ এপইন্টমেন্ট লেটাৰ আহিছিল ।
এমাহ । এবছৰ । পাঁচবছৰ ।
চুনুক প্ৰকাশে কৈ দিলে - আৰু নালাগে ৰ'ব তই !
সময় গৈ থাকিল । সকলো সহজ হ'ল । মাত্ৰ চুনুৰ চাদৰৰ পৰা ওলমি থকা সুঁতা কেইডালৰ পৰা গান নোলোৱা হ'ল, সিহঁতে সমৱেত সংগীত গাওঁতে "জাগা শক্তিমান " আৰু "জাগা মাতৃপ্ৰাণ" ৰ মাজৰ ফিলাৰটো নোহোৱা হ'ল, প্ৰেকটিচত গালি-গালাজ নোহোৱা হ'ল, চুনুৱে ষ্টেজত গান গাই থাকোঁতে কাষলৈ চাওঁতে গীটাৰখনৰ স'তে হাঁহি থকা চকুযোৰ নোহোৱা হ'ল, "কথোপকথন" ৰ পংক্তিবোৰ নোহোৱা হ'ল, প্ৰকাশে কান্দিবলৈ কান্ধখন নোহোৱা হ'ল ।
সময় একেই থাকিল । মাথোঁ ৰাজীৱ নিৰুদ্দেশ হ'ল । খেয়ালি মানুহ এটা নোহোৱা হ'ল ।
ৰাজীৱ কিন্তু মৰা নাছিল । সি আছিল । 

গাত গৰম নলগা মানুহবোৰ

গাত গৰম নলগা মানুহবোৰ
১) টুপুকা কাই । টুপুকা কাইয়ে আমাৰ ঘৰত বাৰীৰ কাম কৰিবলৈ আহে । এতিয়া নাহে । বয়স । প্ৰখৰ ৰ'দত টুপুকা কাইয়ে জেওৰা দি থাকে বা কোৰ মাৰি থাকে । মই তেতিয়াৰ দিনত ঘৰলৈ গ'লে গৰমৰ প্ৰতাপত একো নকৰি গছৰ ছাঁ বিচাৰি বা এনেয়ে টুপুকা কাইয়ে কাম কৰি থকা ঠাইলৈ যাওঁ, তেখেতৰ ওচৰতে ৰওঁ ছাঁ বিচাৰি, তেখেতক গুৱাহাটী, দিল্লী বা উৰাজাহাজৰ কথা কওঁ । মুখৰ খজুৱতি মাৰোঁ । গৰমৰ কথা কৈ, গাঁৱত কাৰেণ্ট কিয় নাথাকে আদি ভোকেন্দ্ৰ বৰুৱাৰ মানসিকতাৰে মই অভিযোগ দি বা গুৱাল গালি পাৰি থাকোঁতে মোৰ পৰা অলপ আঁতৰত টুপুকা কাইয়ে হৰিত বিনে ভৰষা নাই জাতীয় নাম এফাঁকি জুৰি মোটা মোটি আনন্দ মনেৰেই প্ৰচণ্ড ৰ'দত কোৰ মাৰি থাকে । টুপুকা কাইৰ মুখত কোনোদিন অভিযোগ শুনা মনত নপৰে । টুপুকা কাই হঁতৰ গৰম নালাগে । পেটটোৱে আৰু সংসাৰে টুপুকা কাই হঁতৰ চালখন বাতানুকুল কৰি পেলাইছে । পেলাইছে নে নিজেই কৰি লৈছে সেইটো ৰহস্য !
২) আজি । দুপৰীয়া ওলাই গ'লো এখন্তেকৰ বাবে । খোজকাঢ়ি । আহোঁতে খৰকৈ আহিছোঁ । সোনকালে ৰুমত সোমাই, ফেন চলাই, অকণমান বহিবগৈ লাগিব । নহ'লে অৱস্থা কাহিল । এনেতে কাষেৰে হালধীয়া বাকচ কেৰিয়াৰত বান্ধি আদহীয়া বৰফৱালা পাৰ হৈ গ'ল । ৰখালোঁ । বৰফৱালাৰ মুখলৈ চাব নোৱাৰি ঘামৰ প্ৰকোপত । নিজে গৰমত আধামৰা হৈ শীতলতা যোগান ধৰি ফুৰিছে ! বৰফ ল'লো । বৰফৱালাৰ অভিব্যক্তিত সামান্যও বিৰক্তি নাই । মোক বৰফ দি "তাৰেই গঢ়াই সাতেসৰী দিবানে মোকে পিন্ধাই" গুনগুনাই স্ফূৰ্তিত চলোৱাৰ দৰে চাইকেলখন চলাই গুছি গ'ল । বৰফৱালাৰ গৰম নালাগে ।

চিগাৰেট

চিগাৰেট
-------------
: কেতিয়া এৰিলি ? এইবাৰ কিমান দিনলৈ ?
: পৰহি । কিমান দিনলৈ নাজানো । এই জনমত নহ'ব ছিয়ৰ ।
: লেকচাৰ বন্ধ কৰ প্লিজ ! গৰমো বেছি পৰিছে তাতে । হোষ্টেলৰ দিনৰ পৰা এইবাৰৰ স'তে এশৰ ওপৰ বাৰ এৰিলি কুত্তা ! দেখিম নহয় । চিগাৰেট এৰে !
: দেখিবি । মোক জানই ।
--------------
পিছদিনাও অলকে মোৰ পৰা চিগাৰেট নুহুপিলে । তাৰ পিছদিনাও । শনিবাৰে তাৰ ঘৰতে বিয়েৰ খালোঁ, শেহৰাতিলৈ চিনেমা চালোঁ, আড্ডা দিলোঁ । সি মোৰ পৰা এহুপাও নামাৰিলে । মই লাহে লাহে অকণমান আচৰিত হ'বলৈ আৰম্ভ কৰিছোঁ আৰু ।
অলক মোৰ বন্ধু । মোতকৈ এবছৰ ডাঙৰ । কলেজত মোতকৈ এবছৰ ছিনিয়ৰ আছিল । পিছত লগ খালেহি । তেতিয়াৰে পৰা মোৰ সুখ দুখৰ লগৰী এই বিশ বছৰ । সদায় সন্ধিয়া অফিচৰ পৰা আহি তাৰ লগত এখন্তেক বহোগৈ । আড্ডা দিওঁ । চিগাৰেট খাওঁ । ঘৈনিয়েক জীনাৰ হাতেৰ চাহ খাওঁ আৰু গালি খাওঁ । শনিবাৰে মদ খাওঁ একেলগে । মুঠতে আজি বিশ বছৰে তাক মই হাড়ে হিমজুৱে চিনি পাওঁ । যিকোনো কথাতে জীনাই মোক ফোনত বা সমুখত কয়হি - আপুনি কলেহে যদি । দেখিছে আপোনাৰ বন্ধু অমূক, আপোনাৰ বন্ধু তমূক ।
অলকে দিনে গড়ে পোন্ধৰটাকৈ চিগাৰেট হুপে । হোষ্টেলৰ দিনৰ পৰাই । আজিলৈকে বহুবাৰ এৰিছেও । জীনাই কেতিয়াবা দোষটো মোৰ ওপৰত জাপে । আপুনি সদায় নহা হ'লে মই কমাব পাৰিলোহেতেন কিজানি ! জীনাৰ এই কথাবোৰ মোৰ গাত নালাগে ।
অলকে লিখে । লিখে মানে দৈনিক সি আঠ ঘন্টামানকৈ লিখি আহিছে যোৱা সোতৰ বছৰে । আঠ ঘন্টা লিখে চাৰি ঘণ্টা টিউচন কৰে । জীনাৰ চাকৰি আছে । অলকৰ কেবাখনো কিতাপে বহুল সমাদৰ পাইছে । বাতৰি কাকতত কেবাতাও নিয়মীয়া স্তম্ভ আছে তাৰ মানৱীয় প্ৰমূল্যবোধৰ । কিন্তু মই জানো সমাদৰৰ বাবে, বঁটাৰ বাবে নহয়, অলকে নিজৰ বাবে লিখি থাকে ।
: বহুত বস্তু মই এনেয়েও লিখি থাকোঁ । নিজে পঢ়িবলে । এইবোৰ বঁটা বাহন, বেষ্ট ছেলাৰ মোৰ বাবে নহয় ।
কোনেও স্বীকৃতি নিদিলেও মই আৰু জীনাই তাৰ অলক্ষিতে কেতিয়াবা পাতোঁ - এই মানুহটোৱে বুকুৰে লিখে হে !
---------
জীনাক মই কথাটো ভয়তে সোধা নাই গালি খোৱাৰ ভয়ত । কি হ'ল তেখেতে চিগাৰেট এৰিলে বাবে দুখ পাইছে আপুনি ??
----------
দুমাহ হৈ গ'ল অলকে চিগাৰেট নোখোৱা । এতিয়া মোৰ এটা বেলেগ চিন্তা সোমাল । তাৰ ভিতৰি কিবা বেয়া বেমাৰ হোৱাৰ কথা সি গম পাইছে নেকি ??? মেলিগনেঞ্চি ?? অ' গড !! দুমাহ মানৰ আগতে মই বাহিৰলৈ যাওঁতে সি বুকুৰ বিষৰ বাবে ডাক্টৰৰ ওচৰলৈ গৈছিলতো !! মই আহি সোধোতে সি আৰু জীনাইও একো নাই বুলিয়েই কৈছিল । জীনাৰ পৰা লুকুৱাইছে, মোৰ পৰা লুকুৱাইছে সি ??? নহ'লে ৰাতি দুটা বজাত মোক জগাই চিগাৰেট অনা মানুহটোৱে এনেকৈ চিগাৰেট এৰিব পাৰে ?? মাই গড !!
------------
: হেল্ল' নীলু !
: অ' দিবাকৰ ক' ।
: চেম্বাৰত নে ?
: নাই । হ'ল আৰু যাম এতিয়া । ক খবৰ ।
: এই শুনচোন । চিক্ৰেট কথা এটা সোধো । প্লিজ মোৰ পৰা নুলুকুৱাবি ভাই !
: কচোন !
: এই দুমাহমানৰ আগেয়ে অলক যে গৈছিল বুকুৰ বিষৰ বাবে কি পাইছিলি তই ?? এনিথিং এলাৰ্মিং ?? স্মকিঙ ইনদিউচদ কিবা …?? সঁচা ক'বি দোষ্ট ।
: অ' আচ্ছা !! নাই অ' । একো নাই । মইও ডাউত কৰিছিলোঁ চিঅ'পিডি, প্লিউৰেল এফিউজন বা কাৰ্ডীয়াক কিবা । নাই চব অ"কে । চেষ্ট চিটি, ইক' চব কৰালোঁ । অ'কে অল । এংজাইতি ৰিলেটেড বুকুৰ বিষ ।
: তই চিগাৰেট এৰিবলৈ কৈছিলি তাক ??
: নাই কোৱা । জীনাক কৈছিলোঁ । জীনাই ক'লে কিবা কিবি ।
: হ'ব দে । থেংকচ ভাই ! আহিবি বিশ জুনৰ প্ৰগেমত ।
---------
তেনেহ'লে কি কাৰণ ?? কিয় অলকে চিগাৰেট এৰিলে ?? এতিয়া লাহে লাহে মোৰ অলপ ঈৰ্ষা হৈছে । সিও জানে তাক মই ঈৰ্ষা কৰোঁ কিছুমান কথাত । কৰো বুলিলেই সি কৰিব পাৰে নকৰোঁ বুলিলেই নকৰিব পাৰে । মোতকৈ তাৰ উইল পাৱাৰ বেছি ??? এৰো বুলিয়েই চিগাৰেট এৰি দিলে ???
-------------------
জীনাৰ জন্মদিনৰ দিনা তাই মোক ক'লে - মই আচৰিতেই হৈছোঁ । ছমাহ হ'ল । এটাও খোৱা নাই । মই আজিলৈকে ভয়তে কথাটো সোধাও নাই । জানোছা সুধিলেই আকৌ মনত পৰে ! লিখাৰ মাজে মাজে আজিকালিও উঠে কিন্তু আগৰ দৰে চিগাৰেট নজলায় । মোৰ ওচৰলৈ গৈ এনেই যুঁজি থাকিব সেই দহ মিনিট বা গীটাৰ ল'ব ।
-------------
অলকে চিগাৰেট নোখোৱা এবছৰ হ'ল । মোৰো কমিল আধালৈ । তাৰ ঘৰত থকাৰ সময়খিনিত নোখোৱা বাবে । সি নাখাই যেতিয়া তাৰ ঘৰত মই আজিকালি নজ্বলাওঁ । ছেকেণ্ড হেণ্ডৰ এফেক্ট বেছি ।
------------
: আজি তোক মই এটা ৰহস্য ফাদিল কৰিম দিবাকৰ ।
: কি বা ঈশ্বৰ ! এইডাল বিয়েৰ বৰ তিতা । আৰু নানিবি ।
: মোৰ চিগাৰেট নোখোৱা এবছৰৰ বেছি হ'ল ।
: য়েচ ! অলক দা উইল পাৱাৰ মাষ্টাৰ !
: তই জাননে যিটো বস্তু যোৱা পোন্ধৰ বছৰে এৰিব নোৱাৰিলোঁ হঠাতে যোৱাবছৰ কেনেকৈ পাৰিলোঁ ?? কেঞ্চাৰৰ ভয় বা তেনেকুৱা ভয় নহয় দোষ্ট !
: তেনেহলে ?
: আত্মাভিমান !!
: এক্সপ্লেইন প্লিজ !
: চিগাৰেট এৰাৰ দুদিনমান আগতে মই এখন যুৱ সাহিত্য সন্মিলনলৈ গৈছিলোঁ মনত আছেনে ?
: আছে ।
মই তাৰ কথা শুনিবলৈ উদগ্ৰীৱ হ'লোঁ । আজি মইও শান্তি পাম ৰহস্য ভেদ কৰি ।
: বিপাশাক লগ পাইছিলোঁ তাতেই । কলেজত থাকোঁতে মোৰ লিটাৰেৰি কম্পিটিটৰ আছিল যে । এতিয়া তাই বহুত ডাঙৰ ৰাইটাৰ হ'ল দেচোন । তাইৰ কিতাপ বোলে ৰূপা, কেমব্ৰীজে আগতিয়াকৈ কিনে !
: ইন্টাৰেষ্টিং !! বিপাশাই চিগাৰেট এৰিবলৈ ক'লে ?
: নাই । শুনি যা । তাই মোৰ ওচৰতে বহিছিল । এপাকত মই লিখি থকা কলমটো বিচাৰিলে । কলমটো লওঁতেই মোৰ আঙুলিৰ ফাঁকৰ এই দাগ দুটা দেখি ক'লে - ৱাহ ! কলেজৰ অভ্যাস নগ'লেই ! চিগাৰেট ধৰাৰ স্পট বহি গৈছে !!
অলকে মোক তাৰ তৰ্জনী আৰু মধ্যমা আঙুলিৰ মাজৰ প্ৰথম পাবতে দুয়োফালে থকা দাগদুটা চুই চাবলৈ দিলে । চুই চালোঁ । অনুভৱ কৰিব পাৰি । আগতেও চুইছোঁ কেবাবাৰো ।
: তই জান দেখুন মই বুঢ়া আঙুলি আৰু এইটো আঙুলিৰে ধৰি বিড়ি হুপাদি চিগাৰেট খাওঁ !
: জানো অলক ! পিছে তাই তেনেকৈ ক'লে বাবেই তই…
: তই এইটোও জান দিনটো লিখোতে লিখোতে মোৰ আঙুলিৰ মাজত হোৱা এই দাগদুটা দেখি দুবছৰ আগেয়ে দেউতা আহি তোক যে গৌৰৱেৰেই নে ধেমালিতে কৈছিল - আমাৰ এইজনৰ কলমে আঙুলীত দাগ বহুৱাই দিছে দেখিছা ?? দেউতাই আঙুলিৰ দাগটো চুই সন্তোষ পাইছিল । পুতেকে কষ্ট কৰি লিখে ।
: অলক !!
: দেউতাই ভালপোৱা এই দাগ । জীনাই চুই ভালপোৱা কলমে বহুওৱা এই দাগ দেখি কোনোবাই ক'ব এইয়া চিগাৰেটৰ দাগ ??? আঙুলিৰ এই দাগ দুটাই মোক আনন্দ দিয়ে । কলম ধৰাৰ দাগ এইয়া যোৱা সোতৰ বছৰে । কোনোবাই কব চিগাৰেটৰ দাগ ??? তাতকৈ নাখাওঁ চিগাৰেট । আৰু কেতিয়াবা যদি আকৌ বিপাশাক লগ পাওঁ ক'ম চোৱা চিগাৰেট এৰিলোঁ অথচ দাগটো গাঢ় হৈছে ! কলম ধৰাৰ দাগ এইয়া ! বঁটা, ৰিকগনিশ্যনে এই দাগ দিয়া নাই যদিও মই শান্তি পাওঁ এই দাগটো চুই চুই ! ই মোক অনুভৱ কৰোৱাই যে মই যোৱা বাৰ বছৰে দৈনিক আঠ ঘণ্টাকৈ নিষ্ঠাৰে কলম চলাই আছোঁ …! কোনোবাই কব চিগাৰেটৰ দাগ ??? নাখাওঁ তাতকৈ !
অলকে আৰু কিবা কিবি কৈছিল । মোৰ কাণত নোসোমাল । মাথোঁ অলকৰ দেউতাকৰ ছবিখন চকুৰ আগত ভাঁহি থাকিল !

ভালপোৱাৰ কথা ।

ভালপোৱাৰ কথা । সি হীৰু দা, পূৰ্ণেন্দু পত্ৰীৰ কবিতাতে হওঁক, চিনেমাত, গানত, গল্পত, বাস্তৱৰ বজাৰত, ঘৰত বা আড্ডাতেই হওঁক- জীৱনৰ দৰে এই ভালপোৱা বস্তুটো মোৰ বাবে অলপ ৰহস্যময় । মানুহে প্ৰেমাস্পদক ভালপায়, খেনোৱে আকাশক, নৈক, জীৱনক ! প্ৰেমাস্পদক বিয়া পাতিব নোৱাৰি ইপিনে দেৱদাসে ভাল পাইছিলগৈ মদক ! কোনোবাই ভাল পালেগৈ কলমক ! মই ভাবি থাকোঁ -- ক'ত, কিয়, কেনেকৈ !!
শ্যাম বেনেগালৰ অঙ্কুৰ চিনেমাখন যিয়ে চাইছে তেখেতসকলে বুজিব । শ্বাবানা আজমীৰ সন্তান নাই গিৰিয়েকৰ বাবে । এদিন গিৰিয়েক সাধু মেহেৰ নোহোৱা হ'ল । গিৰিয়েকৰ অনুপস্থিতিত জমিদাৰৰ পুতেকে শ্বাবানা আজমীক জালত পেলাই সন্তান সম্ভবা কৰিলে । এদিন গিৰিয়েক অাকৌ ওলালহি । শ্বাবানা আজমীয়ে গিৰিয়েকৰ মুখলৈ চাই অনুশোচনাত ভাগি পৰিল । কিন্তু গিৰিয়েক ?? মুখেৰে মাতিব নোৱাৰা সাধু মেহেৰে ঘৈনিয়েকৰ পেটটো চুই চালে আৰু মন্দিৰলৈ গৈ আকাৰে ইংগিতেৰে বুজাই দিলে যে সন্তানটো ভগবানৰেই দান বুলি সিহঁতে ৰাখিব আৰু ঘৈনিয়েকক সি মৰম সমানেই দিব এতিয়াও । চকু পানী ওলোৱা দৃশ্য !! ভালপোৱা এয়াই নেকি তেনেহ'লে !
বাপু কলীয়াই মানুহৰ ঘৰত কাম কৰে, কেতিয়াবা এনেও দুটকা খুজি নিয়ে । আমাৰ ঘৰত থাকোঁতেই এদিন ঘৈনিয়েক ওলালহি আৰু দুয়োজনৰ মাজত প্ৰচণ্ড যুদ্ধ । তেওঁ কাম আধাতে কাম সামৰি গ'লগৈ । দুপৰীয়া মই তেওঁৰ ঘৰলৈ গ'লোঁ পিছদিনাৰ বাবে মাতিবলৈ । চোতালতে বহি বাপু কলীয়াই বগা থাল এখনত শুদা ভাত নিমখেৰে পৰম তৃপ্তিৰে খাই আছে । ঘৈনিয়েকে পিৰা এখনত বহি জেং এটুকুৰাৰে গিৰিয়েকৰ পিঠি খজুৱাই দি আছে । গিৰিয়েকে আৰামত ভাতকেইটা খাওক ! ভালপোৱা সেইয়া ??
সিদিনা লিখিছিলোঁ । ধুমুহা অহাৰ লক্ষণ দেখি চব্জী বেপাৰীয়ে সোনকালে দোকান সামৰি যাবলৈ ওলাইছিল । মানুহজনীয়ে ধুমুহালৈ ভয় কৰে । নি:সন্তান । গতিকে মানুহটোৰ মানুহজনীক লৈ চিন্তা ক'ৰবাত ভয় খাব । ইয়াত থকা ভালপোৱাটো কিজানি অলপ ওপৰত !
মাই-দেউতাৰ এৰেঞ্জ মেৰেজ । টিপিকেল । দৰকাৰী কথা বতৰা, দায়িত্ব পালন আদিৰ বাদে আমাৰ চকুত কোনো প্ৰেমৰ উপাদান ধৰা পৰা নাছিল কোনোদিন । দেউতাই জীৱনৰ শেষ সময়ত হস্পিটেলত থাকোঁতে মাইক ছাঁটোৰ দৰে লগত ৰাখিছিল । এদিন দুপৰীয়া ৰোগীৰ বিচনাৰ কাষৰ বিচনাত মই শুই আছোঁ , কাষতে মাই । সেইদিনা তেখেতক আইচিইউৰ পৰা উলিয়াইছিল পাঁচদিনৰ মূৰত । আধাফূটা মাতেৰে দেউতাই মাইক মাতিছিল - হে'ৰা ! মাইয়ে ক'লে - কওঁকচোন !
"তুমি এইখিনিত বহি থাকাহি" বুলি কৈ দেউতাই নিজৰ বিচনাৰ কাষলৈ চকুৰে ইংগিত দিলে ।
ভালপোৱা কিজানি সেয়াই আছিল ! ওপৰৰ সকলোবোৰ ঘটনাৰ ওপৰত ।