Pages

Monday 31 August 2015

মাই

ডিঙিতে অকণমান ফঁটা ফ্রক এটা পিন্ধা বাৰ বছৰমান বয়সৰ ছোৱালী এজনী আহি মোৰ সম্বন্ধীয়া পেহীক ঢেঁকীত কিবা খুন্দাত সহায় কৰি থকা বিশ বছৰমান বয়সৰ ছোৱালীজনীক ক'লেহি ঃ মাই, তোক দাদাই মাতিছে সোনকালে, পথাৰৰ পৰা আহি পালে । জীয়েকৰ কথা শুনি মাক লগে লগেই পিঠাগুড়ীৰ হাত দুখন জোকাৰি জোকাৰি জীয়েকৰ পিছ ল'লে ।

ক্লাচ এইটত থাকোতে এনেকুৱা দিনতে মই পেহীহঁতৰ ঘৰলৈ ফুৰিবলৈ গৈছিলোঁ । সেইদিনা মই ঢেঁকীশালৰ কাষতে মুঢ়া এটাত বহি একান্তমনে পেহীয়ে ঢেঁকী দিয়া চাই আছিলোঁ । হঠাতে সেই দহবছৰ মান বয়সৰ ছোৱালীজনীয়ে তাইতকৈ কেইবছৰমানহে ডাঙৰ ছোৱালীজনীক "মাই" বুলি মতাত মই আচৰিত নহৈ নোৱাৰিলোঁ । । অৱশ্যে মোৰ খূদুৱনি দূৰ হ'বলৈ বেছি পৰ নালাগিল । মই পেহীক সুধিলোঁঃ মাক জীয়েক যেন লগা নাই পেহী । নে মাকজনী দেখাতহে সৰু বয়স হৈছে, নে বহুত সৰুতে বিয়া হ'ল, নে কি ?? কিবা এটাতো আছে ।

পেহীয়ে খন্তেক ঢেঁকী দিবলৈ এৰি মোৰফালে চাই যিখিনি ক'লে তাৰ সাৰমৰ্ম এনেকুৱাঃ
আগৰে পৰাই অভাবী মানুহ । বাপেকটোৱে আমাৰেই খেতি কৰিছিল । কিবা সামান্য অসুখতে ঢুকাল । তাৰ দুবছৰ পাছতে মাক ঢুকাল । তেতিয়া সৰুজনীৰ বয়স পাঁচ, বায়েকৰ দহ নে এঘাৰ আৰু আটাইতকৈ ডাঙৰ ল'ৰাটো । এতিয়া সৰুজনীক বায়েকে মাকৰ দৰে চাব লগা হ'ল । বৰ যত্নে্ৰে ইমান ডাঙৰ কৰিছেহি । একেবাৰে ভনীয়েকক টোপেই পৰিবলৈ নিদিয়ে । সেইকাৰণেই জনা হোৱাৰে পৰা তাই বায়েকক "মাই" বুলি মাতে । আচলতে সঁচাকে বায়েক মাকতকৈও "ওপৰ" । গতিকে সেই মাই বুলি মতাজনী এইৰ "ভইনীয়েকহে" ।  

--বায়েকে বেয়া নাপায় এনেকে "মাই" বুলি মাতিলে । তাইক কোনোৱে একো নকয় ??
-- ইস !! কিয় বেয়া পাব ভালহে পায় । আমিও জানো দুখীয়া মানুহ হ'লেও ককায়েক বায়েকে কি মৰমেৰে তাইক
ডাঙৰ কৰিছে । বায়েক সঁচাকে "মাই" বুলি মতাৰেই যোগ্য ।

+++++++++
সেয়া আছিল পেহীহঁতৰ ঘৰৰ ওচৰৰ এটা অভাবী পৰিয়ালৰ কথা য'ত ভনীয়েকে বায়েকক মা বুলি মতাৰ বাবে বায়েকৰ বুকু শাঁত পৰিছে ।

আৰু এইফালে চহকী মানুহৰ জীয়েকে নিজৰ মাকক মা বুলি মতাৰ পৰিণাম ভোগ কৰিছে মৃত্যু !!

কিমান পাৰ্থক্য মানুহৰ !!!

(ঘটনাটো মনত পৰিল ইন্দ্রানীয়ে নিজৰ জীয়েকক হত্যা কৰাৰ কথাবোৰ দেখি, পঢ়ি । "মা" বুলি মাতিবলৈ দিয়া নাছিল বোলে। ) 

Thursday 13 August 2015

প্ৰশংসা


আলুৰ চপ কোনে বনাইছে? ফুৱাই ফুৱাই গৰম আলুৰ চপটোৰ এটুকুৰা মুখত ভৰাই দোকানীক সুধিলোঁ । সংকোচেৰে দোকানীয়ে ওলোটাই সুধিলে - কিয় সুধিলে ? উত্তৰ দিলোঁ -বৰ ভাল হৈছে । দোকানীয়ে সন্তোষ পালে । মিচিকিয়াই উত্তৰ দিলে -ফেমিলিয়ে বনাইছে । ফেমিলি?? হয় । মানে মোৰ মাইকী মানুহে । অ' আচ্ছা ।
কৈ থোৱা ভাল যে সন্ধিয়া ঘূগুনি বা আলুৰ চপ হ'ল মোৰ অতি প্ৰিয় । দিল্লীত থকা অৱস্থাত এই দুবিধ বস্তু আমাৰ দৰে সোৱাদৰ নাপাই মই বৰ মনোকষ্টই পাইছিলোঁ । তেনেদৰে আজিলৈকে বাহিৰৰ তিনিখন ডাঙৰ চহৰত থাকি আহিলোঁ যদিও আমাৰ মূলুকৰ সোৱাদৰ গজা আৰু চিঙৰা ক'তো বিছাৰি নাপালোঁ । ইয়াত অফিচত জইন কৰাৰ দিনৰে পৰা মই অফিচৰ ল'ৰাটোৰ হতুৱাই গজা আৰু চিঙৰা আনি তাৰে সতে অফিচত আবেলিৰ চাহকাপ খাই কিমান তৃপ্ত হৈছোঁ কথাৰে বুজাব নোৱাৰিম । গজা আৰু চিঙৰাৰ প্ৰতিটো কামোৰতে উপলব্ধি কৰিছোঁ যে ওভতি আহি মই বৰ ভাল কামেই কৰিলোঁ । আনকি সদায় গজা চিঙৰা আনিবলৈ দিয়া দেখি অফিচৰ পেজবয় ইছলামে সুধিছেই - আপুনি বহুত দিন এইবোৰ খাবলৈ নাই পোৱা নেকি!! হয় বোপাই ! নাই পোৱা । হৰেক ৰকমৰ উত্তৰ ভাৰতীয় খাদ্য খালোঁ যদিও আবেলিৰ এই চাহকাপ আৰু এই দুটাৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰিছিলোঁ ।
তাৰ মাজতে আজি বাছৰ পৰা নামি এই ঘূগুনি আৰু আলুচপৰ দোকানখন আৱিস্কাৰ কৰি মই কিমান আনন্দ পাইছোঁ আপুনি নুবুজিব ।
কিবা এটা ক'বলৈ গৈছিলোঁ কথা গৈ ক'ৰবাত ওলালগৈ । এইবোৰ কাৰণতেই জীৱনত লিখিব নোৱাৰিম ।
বাৰু । আলুৰ চপ ভাল হোৱা বুলি শুনি দোকানী আনন্দিত হ'ল । ক'লে তেখেতৰ ফেমিলি মানে মাইকী মানুহে বনাইছে । হেঁতাখনেৰে ঘূগুনিৰ থালখন লৰাই লৰাই তাৰপৰা ধোঁৱাৰে সৈতে ঘূগুনি অলপ মোৰ আলুৰ চপৰ ওপৰত দিলে মোৰ প্ৰশংসাৰ বাবে কমপ্লিমেন্টেৰি হিচাবে । তাৰ পিছত তেখেতৰ মুখৰ কথাখিনি অসম্পাদিতভাবে এনেধৰণৰ -মানুবোৰ ভাল নহয় দিয়ক । কোনোবা দিনা অকণমান নিমখ বেছি হ'লে একদম হাল্লা লগাই দিব । কিছুমানে পইচাই নিদিয়ে । কিন্তু ভাল হ'লে এটা শব্দ নকয় ভাল হোৱা বুলি । ভাল হ'লে ভাল বুলি শুনি ভাল লাগে । মইও গৈ ফেমিলিক ক'ব পাৰোঁ যে কাষ্টমাৰে ভাল পাইছে । তাইও ভাল পাব বনাবলৈ । অকল পইচা পালেই নহয় দিয়কচোন ।
অতি তৃপ্তিৰে আলুৰ চপ দুটা ঘূগুনিৰে স'তে বেঞ্চিখনত বহি খাই খাই কথাখিনি শুনিলোঁ । আলু চপৰ দোকানীৰ জিভা হ'লেও কথাখিনি সঁচা । অকণমান বেয়া হ'লেই হাল্লাত ধৰণি কঁপে । কিন্তু ভাল হ'লে প্ৰশংসা কৰিবলৈ কৃপনালী ।
ভাল কামৰ প্ৰশংসা সকলোৱে আশা কৰে। ৰিডাৰচ ডাইজেষ্টত পঢ়িছিলোঁ - খুউব সুন্দৰকৈ প্লেন এখন মাটিত নমোৱাৰ পাছত পাইলটেও আশা কৰে কোনোবা যাত্ৰীয়ে এয়াৰ হোষ্টেচৰ যোগেদি হ'লেও তেওঁক কওঁক - ধন্যবাদ এই সুন্দৰ লেণ্ডিংৰ বাবে । কিন্তু সেই সৌজন্য অতি দূৰ্লভ । এহেজাৰত এক ।

Saturday 1 August 2015

গৰু

মই তেতিয়া কলকাতাত । অৰকূটৰ যোগেৰে এগৰাকী অতি সুন্দৰী যুৱতীৰ লগত চিনাকি হৈ কথা পাতা দুদিন হৈছিলহে মাথোঁ । সুন্দৰীয়ে নিজৰ মৰমলগা কুকুৰটোৰ লগত পাঁচখনমান ফটো অৰকূটত দিলে । অনলাইন ভাষাবিদ সকলে তেতিয়ালৈকে ছেলফাই শব্দটো আৱিস্কাৰ কৰা নাছিল । বাৰু যা হওঁক, সুন্দৰীয়ে মোক ফটোকেইখন কেনেকুৱা হৈছিল সুধিলে । মইও সঁচাটো ক’লোঁ, বৰ ধুনীয়া । তুমিও কুকুৰটোও । সুন্দৰী সন্তোষিত হ’ল আৰু মোক সুধিলে – তোমাৰ ফেভ এনিমেল কি ? আকৌ মই সঁচাটো ক’লোঁ – গৰু। হুৱাট ?? গৰু?? মই বুলো ইয়েচ গৰু, মোৰ প্রিয় জন্তু গৰু । ভবিষ্যতে ফটো দিলে মই গৰুৰ লগত দিম । চাবা । কলকাতাত থকা, ইংৰাজী গান শুনা, ইংৰাজী কিতাপ পঢ়া, বিপিঅ’ত চাকৰি কৰা ডেকাৰ পৰা সুন্দৰীয়ে এনেকুৱা উত্তৰ আশা কৰা নাছিল । সেইদিনাৰে পৰা আজিকোপতি সেই সুন্দৰীৰ ছাঁটোও নেদেখিলোঁ । ফেভ এনিমেল গৰু হোৱা ল’ৰাৰ লগত তেওঁ আৰু কথা আগনবঢ়ালে ।     

আচলতে কথাটো সঁচা আছিল । গৰুতকৈ প্রিয় জন্তু বেলেগ মোৰ নাই । কথাটো এনেকুৱাও নহয় যে শৈশৱত মই পথাৰে পথাৰে গৰু ছৰাই জীৱন নিৰ্বাহ কৰিছিলোঁ । কিন্তু হয়, আমাৰ এগোহালি গৰু আছিল আৰু স্কুলৰ পৰা আহি ভাত খাই মই বহুত সময় গৰুৰ লগত পাৰ কৰিছিলোঁ । বিশেষকৈ গৰু পোৱালিক কঁঠাল পাত খুৱাই, সিহঁতৰ গাটো কিবা খড়িৰ সৰু টুকুৰা এটাৰে খজুৱাই দি সিহঁতে আৰামত চকু মুদি দিয়া দৃশ্য দেখি বৰ সুখ পাইছিলোঁ । কেতিয়াবা গৰু পোৱালীৰ পেটতে মূৰটো দি মই শোৱাৰ দৰে করোঁ, সিহঁতেও আৰাম পায় । মায়ে গাখীৰ খীৰালে মই গঁড়ালৰ ভিতৰত খপজপাই থকা পোৱালীটো ধৰি থাকি বৰ ৰং পাইছিলোঁ । গৰুৰ দৰে শান্ত আৰু মৰমীয়াল জন্তু আৰু ক’ৰবাত আছে বুলি মই মানিবলৈ টান পাওঁ । দেউতাৰো জীৱনত প্রধান কাম আছিল তিনিটাই – স্কুলত গৈ ল’ৰা ছোৱালীক পঢ়ুওৱা, ৰেডিও আৰু কিতাপ আৰু গৰু কেইটাক আৰামত ৰাখা । আমাৰ ঘৰত সাধাৰণতে গৰু বেচা নহৈছিল । গৰু বুঢ়া হৈ মৰিছিল । দেউতা আছিল গৰুবোৰৰ প্রভু । স্কুলৰ পৰা তেখেত আহি দানা নিদিয়ালৈকে বেলেগে দিয়া দানাত গৰুৱে মুখ নিদিছিল । তেখেত ঢুকোৱা পিছত দুদিনলৈ গৰু কেইটাই মুখলৈ ঘাঁহ নিয়া নাছিল । কেৱল চোতালখনলৈ চাই ৰৈছিল ।
গৰুৰ বিষয়ে এই দুশ লাইন লিখিলোঁ যেতিয়া এটা অতি ব্যক্তিগত ঘটনা উল্লেখ নকৰিলে মনটোৱে শান্তি নাপাব ।

মোৰ অতি মৰমৰ গৰু পোৱালী আছিল বগী । হোষ্টেলৰ পৰা গৈ ঘৰত থাকোতেই বগীৰ জন্ম । কাজলীৰ তৃতীয় তথা অন্তিম সন্তান আছিল বগী । আৰু বগী আছিল মোৰ অতি মৰমৰ । বগীয়ে মাকৰ গাখীৰ, কুমলীয়া ঘাঁহৰ উপৰি মোৰ হাতৰ পৰা ৰুটি আৰু লালচাহো খাইছিল । মই ৰ’দত বহি পঢ়ি থাকিলে বগীয়ে আহি কাষতে বহি থাকেহি, মাজে মাজে ভৰীখন চেলেকি থাকে । বৰ আৰাম পাওঁ । পিছৰ বাৰ ঘৰলৈ গৈয়েই প্রথম মই বগীক মাত লগাওঁ, তাৰ পাছতহে ঘৰ প্রৱেশ । মুঠৰ ওপৰত আজিৰ তাৰিখত বগী থকা হ’লে অতি ক’মেও তিনিখনমান বগীৰ লগত মোৰ ছেলফাই দেখিলেহেঁতেন ।
এবাৰ পৰীক্ষাৰ ফৰ্ম ফিলাপ আৰু মেচ দিউচৰ বাবে সময়মতে পইচা আহি পোৱা নাছিল । শেষত অন্তিম তাৰিখ পাৰ হৈ যোৱাৰ উপক্রম হোৱাত এদিন ঘৰ ওলালোগৈ । ঘৰৰ চৌহদত সোমায়েই ইফালে সিফালে বাৰীখনত চাই দেখো বগী নাই । এনেতে দেউতাই পিছফালৰ পৰা মাত লগালে – বগী নাই আহ । বগী নাই ?? ক’লৈ গ’ল । বেচিলোঁ আজি । কি ?? কিয় বেচিলি গৰু ?? কিয় বেচিবি মোক নোকোৱাকে । মই খং আৰু দুখত কঁপি উঠিলোঁ । দেউতাই কৈ গ’ল – কালিৰ পৰা আন্দোলন হৈছেহে । দৰমহা অহা মাহলৈকে আশা নাই । তোৰ ফৰ্ম ফিলাপটো ৰৈ নাথাকে । কি ?? মোৰ ফৰ্ম ফিলাপৰ বাবে বগীক বেচিলি ?? নলওঁ সেই পইচা মই । কাক বেচিলি ?? দুখত মোৰ চকুপানী ওলাওঁ ওলাওঁ ।

একো এটা নোখোৱাকৈয়ে, কাপোৰ নসলোৱাকৈয়ে মই চাইকেলখন লৈ তিনিমাইল দূৰৰ হাচেন মাছবেপাৰীৰ ঘৰ পালোগৈ পইচাখিনি হাতত লৈ  । নাই লাভ নহ’ল। হাচেনে সেইদিনা আগবেলাই ফুলগুৰিৰ বজাৰত বগীক বেচি থৈ আহিছে ।
মোৰ ফৰ্ম ফিলাপৰ বাবে বগীক বেচিব লগা হোৱা কথাটোত মই কিমান মনোকষ্ট পাইছিলোঁ এতিয়া লিখিবলৈ মোৰ আৱেগৰ অভাৱ । বগীক বেচি পোৱা টকা মই নানিলোঁ । বেলেগ উপায়েৰে যোগাৰ কৰিলোঁ ।

ডাকে এনেই কৈ যোৱা নাই – যাৰ নাই গৰু, সি সবাটোকৈ সৰু ।

দেৱাংগ পল্লৱ শইকীয়া
এক আগষ্ট, ২০১৫
নতুন দিল্লীৰ কোঠাত শেষ লেখা