মই তেতিয়া কলকাতাত । অৰকূটৰ যোগেৰে এগৰাকী অতি
সুন্দৰী যুৱতীৰ লগত চিনাকি হৈ কথা পাতা দুদিন হৈছিলহে মাথোঁ । সুন্দৰীয়ে নিজৰ মৰমলগা
কুকুৰটোৰ লগত পাঁচখনমান ফটো অৰকূটত দিলে । অনলাইন ভাষাবিদ সকলে তেতিয়ালৈকে ছেলফাই
শব্দটো আৱিস্কাৰ কৰা নাছিল । বাৰু যা হওঁক, সুন্দৰীয়ে মোক ফটোকেইখন কেনেকুৱা হৈছিল
সুধিলে । মইও সঁচাটো ক’লোঁ, বৰ ধুনীয়া । তুমিও কুকুৰটোও । সুন্দৰী সন্তোষিত হ’ল আৰু
মোক সুধিলে – তোমাৰ ফেভ এনিমেল কি ? আকৌ মই সঁচাটো ক’লোঁ – গৰু। হুৱাট ?? গৰু?? মই
বুলো ইয়েচ গৰু, মোৰ প্রিয় জন্তু গৰু । ভবিষ্যতে ফটো দিলে মই গৰুৰ লগত দিম । চাবা ।
কলকাতাত থকা, ইংৰাজী গান শুনা, ইংৰাজী কিতাপ পঢ়া, বিপিঅ’ত চাকৰি কৰা ডেকাৰ পৰা সুন্দৰীয়ে
এনেকুৱা উত্তৰ আশা কৰা নাছিল । সেইদিনাৰে পৰা আজিকোপতি সেই সুন্দৰীৰ ছাঁটোও
নেদেখিলোঁ । ফেভ এনিমেল গৰু হোৱা ল’ৰাৰ লগত তেওঁ আৰু কথা আগনবঢ়ালে ।
আচলতে কথাটো সঁচা আছিল । গৰুতকৈ প্রিয় জন্তু
বেলেগ মোৰ নাই । কথাটো এনেকুৱাও নহয় যে শৈশৱত মই পথাৰে পথাৰে গৰু ছৰাই জীৱন
নিৰ্বাহ কৰিছিলোঁ । কিন্তু হয়, আমাৰ এগোহালি গৰু আছিল আৰু স্কুলৰ পৰা আহি ভাত খাই
মই বহুত সময় গৰুৰ লগত পাৰ কৰিছিলোঁ । বিশেষকৈ গৰু পোৱালিক কঁঠাল পাত খুৱাই, সিহঁতৰ
গাটো কিবা খড়িৰ সৰু টুকুৰা এটাৰে খজুৱাই দি সিহঁতে আৰামত চকু মুদি দিয়া দৃশ্য দেখি
বৰ সুখ পাইছিলোঁ । কেতিয়াবা গৰু পোৱালীৰ পেটতে মূৰটো দি মই শোৱাৰ দৰে করোঁ,
সিহঁতেও আৰাম পায় । মায়ে গাখীৰ খীৰালে মই গঁড়ালৰ ভিতৰত খপজপাই থকা পোৱালীটো ধৰি
থাকি বৰ ৰং পাইছিলোঁ । গৰুৰ দৰে শান্ত আৰু মৰমীয়াল জন্তু আৰু ক’ৰবাত আছে বুলি মই
মানিবলৈ টান পাওঁ । দেউতাৰো জীৱনত প্রধান কাম আছিল তিনিটাই – স্কুলত গৈ ল’ৰা
ছোৱালীক পঢ়ুওৱা, ৰেডিও আৰু কিতাপ আৰু গৰু কেইটাক আৰামত ৰাখা । আমাৰ ঘৰত সাধাৰণতে গৰু
বেচা নহৈছিল । গৰু বুঢ়া হৈ মৰিছিল । দেউতা আছিল গৰুবোৰৰ প্রভু । স্কুলৰ পৰা তেখেত
আহি দানা নিদিয়ালৈকে বেলেগে দিয়া দানাত গৰুৱে মুখ নিদিছিল । তেখেত ঢুকোৱা পিছত
দুদিনলৈ গৰু কেইটাই মুখলৈ ঘাঁহ নিয়া নাছিল । কেৱল চোতালখনলৈ চাই ৰৈছিল ।
গৰুৰ বিষয়ে এই দুশ লাইন লিখিলোঁ যেতিয়া এটা অতি
ব্যক্তিগত ঘটনা উল্লেখ নকৰিলে মনটোৱে শান্তি নাপাব ।
মোৰ অতি মৰমৰ গৰু পোৱালী আছিল বগী । হোষ্টেলৰ পৰা
গৈ ঘৰত থাকোতেই বগীৰ জন্ম । কাজলীৰ তৃতীয় তথা অন্তিম সন্তান আছিল বগী । আৰু বগী
আছিল মোৰ অতি মৰমৰ । বগীয়ে মাকৰ গাখীৰ, কুমলীয়া ঘাঁহৰ উপৰি মোৰ হাতৰ পৰা ৰুটি আৰু
লালচাহো খাইছিল । মই ৰ’দত বহি পঢ়ি থাকিলে বগীয়ে আহি কাষতে বহি থাকেহি, মাজে মাজে ভৰীখন
চেলেকি থাকে । বৰ আৰাম পাওঁ । পিছৰ বাৰ ঘৰলৈ গৈয়েই প্রথম মই বগীক মাত লগাওঁ, তাৰ
পাছতহে ঘৰ প্রৱেশ । মুঠৰ ওপৰত আজিৰ তাৰিখত বগী থকা হ’লে অতি ক’মেও তিনিখনমান বগীৰ
লগত মোৰ ছেলফাই দেখিলেহেঁতেন ।
এবাৰ পৰীক্ষাৰ ফৰ্ম ফিলাপ আৰু মেচ দিউচৰ বাবে সময়মতে
পইচা আহি পোৱা নাছিল । শেষত অন্তিম তাৰিখ পাৰ হৈ যোৱাৰ উপক্রম হোৱাত এদিন ঘৰ ওলালোগৈ
। ঘৰৰ চৌহদত সোমায়েই ইফালে সিফালে বাৰীখনত চাই দেখো বগী নাই । এনেতে দেউতাই পিছফালৰ
পৰা মাত লগালে – বগী নাই আহ । বগী নাই ?? ক’লৈ গ’ল । বেচিলোঁ আজি । কি ?? কিয়
বেচিলি গৰু ?? কিয় বেচিবি মোক নোকোৱাকে । মই খং আৰু দুখত কঁপি উঠিলোঁ । দেউতাই কৈ
গ’ল – কালিৰ পৰা আন্দোলন হৈছেহে । দৰমহা অহা মাহলৈকে আশা নাই । তোৰ ফৰ্ম ফিলাপটো ৰৈ
নাথাকে । কি ?? মোৰ ফৰ্ম ফিলাপৰ বাবে বগীক বেচিলি ?? নলওঁ সেই পইচা মই । কাক
বেচিলি ?? দুখত মোৰ চকুপানী ওলাওঁ ওলাওঁ ।
একো এটা নোখোৱাকৈয়ে, কাপোৰ নসলোৱাকৈয়ে মই
চাইকেলখন লৈ তিনিমাইল দূৰৰ হাচেন মাছবেপাৰীৰ ঘৰ পালোগৈ পইচাখিনি হাতত লৈ । নাই লাভ নহ’ল। হাচেনে সেইদিনা আগবেলাই ফুলগুৰিৰ
বজাৰত বগীক বেচি থৈ আহিছে ।
মোৰ ফৰ্ম ফিলাপৰ বাবে বগীক বেচিব লগা হোৱা
কথাটোত মই কিমান মনোকষ্ট পাইছিলোঁ এতিয়া লিখিবলৈ মোৰ আৱেগৰ অভাৱ । বগীক বেচি পোৱা
টকা মই নানিলোঁ । বেলেগ উপায়েৰে যোগাৰ কৰিলোঁ ।
ডাকে এনেই কৈ যোৱা নাই – যাৰ নাই গৰু, সি
সবাটোকৈ সৰু ।
দেৱাংগ পল্লৱ শইকীয়া
এক আগষ্ট, ২০১৫
নতুন দিল্লীৰ কোঠাত শেষ লেখা
পুৱাই চকুপানী এসোতা উলিয়ালে আপোনাৰ বগীয়ে৷ গৰুৰ লগত সৰুৰে পৰা লেনদেন নাই যদিও গৰু মোৰো প্ৰিয়৷
ReplyDelete