Pages

Sunday 21 February 2016

বাপেক

দিশপুৰ হস্পিটেল । আই চি ইউ আৰু ডায়েলাইছিছ ৰুম লগালগি । মই ডায়েলাইছিছৰ বাহিৰত । কাষতে আই চি ইউ ত থকা ৰোগীৰ আত্মীয় ।
তামোলৰে ওঁঠ ৰঙা হৈ থকা মানুহগৰাকীয়ে তৰ্জনী আঙুলীটো কাণৰ তলতে লাহে লাহে টুকুৰিয়াই কাষতে ফোন খুঁচৰি থকা সম্ভবত: পুতেকক কৈছে:
কাম কাজ কৰিব নোৱাৰা বাৰু হওঁক । বিচনাতেই পৰি থাকক কিন্তু বাপেৰ বুলি ক'বলৈকে মানুহটো জীয়াই থাকক দেচোন অন্তত: কেইবছৰমান ।
কি সাংঘাতিক সঁচা কথা !!
একেই কথা মই শুনিছিলোঁ তিনিবছৰ আগতে ।
কাম কৰিব নালাগে । খোৱাব পিন্ধাব নালাগে । কিন্তু বাপেক বুলি এই সত্বাটো থাওঁক । সোনকালে নাযাওঁক।

এই মৰম লগাব জনা নতুন ল'ৰাবোৰ

এই মৰম লগাব জনা নতুন ল'ৰাবোৰ ।
১) কালি নলবাৰীত । ফেচবুকৰ চিনাকী সুন্দৰ লেখা-মেলা কৰা মৰমলগা ল'ৰাজনে আহি অনুষ্ঠানৰ আগে আগে মোক মাত লগালেহি ।
:আপোনাৰ অনুষ্ঠান চাম বুলিয়েই কলেজৰ পৰা বাহিৰে বাহিৰে আহিছোঁ ।
: ঘৰ কিমান দূৰত ?
: ছয় কিলোমিটাৰ । চাইকেল লৈ আহোঁ কলেজলৈ ।
: চাইকেল ?
: অ' দিনে বিশ কিলোমিটাৰ মান চাইকেল মাৰোঁ ।
: তুমি আমাৰ গড় আয়ুসতকৈ অন্তত: দহ বছৰ বেছি থাকিবা ।
অমায়িক ল'ৰাজনে হাঁহিলে । চাইকেল চলোৱাটো কিমান স্বাস্থ্যৰ বাবে ভাল বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি । চাইকেল চলোৱা ল'ৰাজনৰ কথা-বতৰা, দৃষ্টিভংগী কিন্তু আধুনিক । কলেজলৈ চাইকেল লৈ অহাৰ বাবে তেওঁৰ কোনো "আধুনিক" নোহোৱাৰ লক্ষন নেদেখিলোঁ ।
ল'ৰাজনলৈ মোৰ মৰম বাঢ়িল ।
২) অলপ আগতে ফোন পালোঁ । মাজে মাজে ফোন কৰে । অমায়িক ল'ৰা তেওঁ । সদায় কওঁ - কষ্ট কৰি যোৱাচোন । এদিন মোক কবা ।
আজি তেওঁ ফোন কৰি ক'লে ,
: দেৱাংগ দা , চাকৰি এটা পালোঁ । পৰীক্ষা ভালকে দিছিলোঁ । আপোনাক জনাবলৈ ভাল পালোঁ । ঘৰ পোৱাগৈয়ে নাই ।
এই ল'ৰাজনক মই আজিলৈকে লগ পোৱা নাই । তেওঁৰ কিন্তু বিশ্বাস আছে তেওঁৰ সফলতাত মই পৰিয়ালৰ মানুহৰ সমানেই সুখী হ'ম ।
হৈছোৱেই ।
এই ল'ৰাবোৰ ভালে থাকক । আমাৰ বাবে ।

#######
টিভিত দেখিলোঁ । যৌৱনত ভৰি থৈছেহে মাত্ৰ । ওঠৰ-বিশ বছৰীয়া ল'ৰা এজাক । "প্ৰেমৰ দিন" বুলি সিহঁতে পকেট মানিৰে কমলা, আপেল, বিস্কুতেৰে ধুনীয়াকৈ পেকেট বনাই ফুটপাথৰ দৰিদ্ৰ সকলক বিলাইছে ! তাৰে ল'ৰা দুজনমানতো সঁচাকে একেবাৰেই সৰু !! কেমেৰাৰ আগত ওলাবলৈ লাজ ! মৰম নালাগি পাৰেনে ??
এই মৰমলগা ল'ৰাহঁতৰ কথা কিয় লিখোঁ ?? সাধাৰণতে "যুৱচাম অমূক" "যুৱচাম তমূক" ৰ বিপৰীতে ইহঁতে কৰি থকা মৰমলগা কামবোৰ ৰাইজে জনা উচিত । মৰম দিয়ক । উৎসাহ পাব ।

ধেৎ !!

ধেৎ !! মনত পৰি অকলে হাঁহি আছোঁ !
হাইস্কুলত পঢ়ি থাকোতে সৰস্বতী পূজাৰ দিনা স্কুলৰ ওচৰতে থকা ফটো ষ্টুডিঅ'ত ফটো উঠিছিলোঁ । চাৰি-পাঁচজনৰ গ্ৰুপ ফটো । সেইদিনা ফটো উঠিবলৈ ষ্টুডিঅ'ত লাইন পাতিব লাগে । বেঞ্চত তিনিজন বহোঁ আৰু পিছফালে দুজন থিয় । নাইবা তিনিজন থিয় হৈ আৰু দুজনে তলত বহি আঁঠুত কিলাকূতি দি বিশেষ ফিল্মী ভংগীমাত । আমাৰ পিছফালে প্ৰাকৃতিক দৃশ্য । জলপ্ৰপাত নাইবা খটখটি । খটখটিৰ কাষত আমি । ষ্টুডিঅ'ত মজুত থকা ক'লা চশমা পিন্ধোঁ নাইবা নিজৰ "বৰচাত ববী দেউল" ছানগ্লাছ । মুঠতে জবৰদস্ত্ কাৰবাৰ । হিট ।
ছোৱালীবোৰেও ফটো উঠে । কিছুমানে হাতত প্লাস্তিকৰ ফুল লয় । তিনিজনীয়া ফটো বেছি । হাতদুখন আগফালে ইখনৰ ওপৰত সিখন ।
ফটো এসপ্তাহৰ পাছতহে পাওঁ । ছিজন কাৰণে দেৰি হয় । ফটো হাতত পৰাৰ পাছতহে গম পাওঁ কেনেকুৱানো হৈছিল চেহেৰাটো । বিশ টকাত তিনি কপি ।
তেনেকুৱা এখন গ্ৰুপ ফটোটে ষ্টুডিঅ'ৰ প্ৰাকৃতিক দৃশ্যৰ লগত বেছি একাত্ম হ'বলৈ গৈ লগতে কেমেৰামেনে বাৰম্বাৰ দিয়া নিৰ্দেশ পালন নকৰাৰ বাবে ফটোত মোৰ মূৰটো নাছিল । ক'লা চশমাৰ পৰাহে তলৰখিনি আছিল ।
মূৰ কটাৰ বাবে মোৰ তিনিকপিত পোন্ধৰ টকা ৰাখিছিল । পাঁচ টকা ৰেহাই কটা মূৰৰ বাবদ ।

সাধাৰণ মানুহৰ কথাবোৰ

সাধাৰণ মানুহৰ কথাবোৰ ।

ৰাস্তাৰ কাষৰ পকৰীৰ দোকানী এজনৰ বিষয়ে লিখিছিলোঁ দুমাহমান আগতে । সেইটো পঢ়াসকলে যোগসূত্ৰটো পাব ।

দোকানখনত এতিয়া পকৰী-চপৰ তিনিওকাষে তিনিখন গ্লাছ লাগিল । কাঠৰ টেবুল এখনৰ পৰা এটা তিনিখলপীয়া ৰেক হ'ল । ৰেকৰ এটা চুকত নকুলদানা ভৰিৰ ওচৰত লৈ লক্ষ্মীৰ ফটো লাগিল । কণী, চাহ নতুনকৈ আহিল । দুমাহত উন্নতি যথেষ্ট । মোৰ চকুৰ আগত । মই ভাল পাওঁ কাৰণ মানুহজনৰ জিভাখন ভাল, খাদ্যৰ সোৱাদো যথেষ্ট ভাল ।

দোকান ডাঙৰ হ'ল আৰু মানুহজনে থিয় হৈ ঘুগুনীৰ হেতা লৰোৱা স্থানত এতিয়া পুতেক । ওঠৰ-বিশ । নতুন ডেকা ।

ল'ৰা স্মাৰ্ট । উত্তৰাধিকাৰীসূত্ৰে বাপেকৰ পৰা সৰল ব্যৱহাৰ পাইছে । সপ্ৰতিভ । তাৰোপৰি ৰাস্তাৰ কাষত দোকান দিও বহুত ডাঙৰ দোকানতো বহুসংখ্যক মালিকে নোকোৱা "থেংক ইউ" সি প্ৰতিজন গ্ৰাহকক কয় । অসমীয়া, বাঙলা আৰু হিন্দী সি সলসলীয়াকৈ কয় । হাতত ক'লা মণিৰ খাৰু ।

দোকানত নাথাকি বাহিৰত থাকিলে তাৰ কথা-বাৰ্তাত ৰাস্তাৰ কাষৰ পকৰী দোকানী বুলি ক'বলৈ আপোনাৰ সাহ নহ'ব ।

আজি সি পকৰীৰ পাচিটোৰ কাষতে মোবাইলৰ পৰা নি এটা এম্পলিফায়াৰত গান শুনাৰ ব্যৱস্থা কৰি লৈছে । লক্ষ্মী গোঁসানীৰ ঠিক কাষতে ।

মই তাৰ ৰেহ-ৰূপ চাওঁ । ভাল লাগে । কিবা এটা আছে তাৰ তাত ।

"তুনে মেৰে জানা…এম্পটিনেচ" বাজি আছে । সি লগে লগে গুনগুনাই পকৰীত মচলা মাৰিছে । ইংৰাজীখিনিও প্ৰায় সমানে হামিং দিছে । মুঠতে কাৰুকাৰ্য্য তাৰ চাবলগীয়া ।

বাৰু আচল কথা তলৰকেইটাহে । পইচা দিয়াৰ সময়ত ।
: পঢ়া শেষ নে তোমাৰ কৰি আছা ?
: অহ' চৰি দাদা । ড্ৰপ দিলোঁ দুবছৰ । আকৌ এডমিশ্যন ল'ম এই মে'ত । বেলতলা কলেজত ।
: কিয় ড্ৰপ ?
: বহুত কথা দাদা । ঘৰৰ "প্ৰব্লেমচ" ।
: আচ্ছা …!
: তাৰোপৰি মই নিজে বেয়া হৈছিলোঁ । পাৰ্টনাৰৰ লগত পৰি …চব শেষ ।
: এতিয়া পিছে ??
: এতিয়া দেৰিকৈ গ'ম পালোঁ দাদা । গ্ৰেজুৱেশ্যনটো মোক কেনেবাকে লাগিবই । নহ'লে লাইফত ভাল ইন্টাৰভিউ এটাও নোৱাৰিম দিব । দেউতাৰ গা বেয়া । গতিকে যোৱা মাহৰ পৰা বিজনেছ মই লৈছোঁ । চেঞ্জ কৰিছো নিজকে । মে' ৰ পৰা আগবেলা কলেজ, আবেলি দোকান, ৰাতি পঢ়া ।
: কথামতে কাম হ'বনে ?
: আপুনিটো থাকিবই এই এৰিয়াত । চাব দাদা । ৰিয়েলাইজেচন নোহোৱা হ'লে মই এনেকে আদ্দা এৰি পকৰী ভাজি নাথাকোঁ । পকৰী, চপৰ পইচাৰেই পঢ়িব লাগিব ।

ডেকালৈ মৰম লাগিল !!