Pages

Sunday 21 February 2016

ধেৎ !!

ধেৎ !! মনত পৰি অকলে হাঁহি আছোঁ !
হাইস্কুলত পঢ়ি থাকোতে সৰস্বতী পূজাৰ দিনা স্কুলৰ ওচৰতে থকা ফটো ষ্টুডিঅ'ত ফটো উঠিছিলোঁ । চাৰি-পাঁচজনৰ গ্ৰুপ ফটো । সেইদিনা ফটো উঠিবলৈ ষ্টুডিঅ'ত লাইন পাতিব লাগে । বেঞ্চত তিনিজন বহোঁ আৰু পিছফালে দুজন থিয় । নাইবা তিনিজন থিয় হৈ আৰু দুজনে তলত বহি আঁঠুত কিলাকূতি দি বিশেষ ফিল্মী ভংগীমাত । আমাৰ পিছফালে প্ৰাকৃতিক দৃশ্য । জলপ্ৰপাত নাইবা খটখটি । খটখটিৰ কাষত আমি । ষ্টুডিঅ'ত মজুত থকা ক'লা চশমা পিন্ধোঁ নাইবা নিজৰ "বৰচাত ববী দেউল" ছানগ্লাছ । মুঠতে জবৰদস্ত্ কাৰবাৰ । হিট ।
ছোৱালীবোৰেও ফটো উঠে । কিছুমানে হাতত প্লাস্তিকৰ ফুল লয় । তিনিজনীয়া ফটো বেছি । হাতদুখন আগফালে ইখনৰ ওপৰত সিখন ।
ফটো এসপ্তাহৰ পাছতহে পাওঁ । ছিজন কাৰণে দেৰি হয় । ফটো হাতত পৰাৰ পাছতহে গম পাওঁ কেনেকুৱানো হৈছিল চেহেৰাটো । বিশ টকাত তিনি কপি ।
তেনেকুৱা এখন গ্ৰুপ ফটোটে ষ্টুডিঅ'ৰ প্ৰাকৃতিক দৃশ্যৰ লগত বেছি একাত্ম হ'বলৈ গৈ লগতে কেমেৰামেনে বাৰম্বাৰ দিয়া নিৰ্দেশ পালন নকৰাৰ বাবে ফটোত মোৰ মূৰটো নাছিল । ক'লা চশমাৰ পৰাহে তলৰখিনি আছিল ।
মূৰ কটাৰ বাবে মোৰ তিনিকপিত পোন্ধৰ টকা ৰাখিছিল । পাঁচ টকা ৰেহাই কটা মূৰৰ বাবদ ।

No comments:

Post a Comment