Pages

Sunday 21 February 2016

সাধাৰণ মানুহৰ কথাবোৰ

সাধাৰণ মানুহৰ কথাবোৰ ।

ৰাস্তাৰ কাষৰ পকৰীৰ দোকানী এজনৰ বিষয়ে লিখিছিলোঁ দুমাহমান আগতে । সেইটো পঢ়াসকলে যোগসূত্ৰটো পাব ।

দোকানখনত এতিয়া পকৰী-চপৰ তিনিওকাষে তিনিখন গ্লাছ লাগিল । কাঠৰ টেবুল এখনৰ পৰা এটা তিনিখলপীয়া ৰেক হ'ল । ৰেকৰ এটা চুকত নকুলদানা ভৰিৰ ওচৰত লৈ লক্ষ্মীৰ ফটো লাগিল । কণী, চাহ নতুনকৈ আহিল । দুমাহত উন্নতি যথেষ্ট । মোৰ চকুৰ আগত । মই ভাল পাওঁ কাৰণ মানুহজনৰ জিভাখন ভাল, খাদ্যৰ সোৱাদো যথেষ্ট ভাল ।

দোকান ডাঙৰ হ'ল আৰু মানুহজনে থিয় হৈ ঘুগুনীৰ হেতা লৰোৱা স্থানত এতিয়া পুতেক । ওঠৰ-বিশ । নতুন ডেকা ।

ল'ৰা স্মাৰ্ট । উত্তৰাধিকাৰীসূত্ৰে বাপেকৰ পৰা সৰল ব্যৱহাৰ পাইছে । সপ্ৰতিভ । তাৰোপৰি ৰাস্তাৰ কাষত দোকান দিও বহুত ডাঙৰ দোকানতো বহুসংখ্যক মালিকে নোকোৱা "থেংক ইউ" সি প্ৰতিজন গ্ৰাহকক কয় । অসমীয়া, বাঙলা আৰু হিন্দী সি সলসলীয়াকৈ কয় । হাতত ক'লা মণিৰ খাৰু ।

দোকানত নাথাকি বাহিৰত থাকিলে তাৰ কথা-বাৰ্তাত ৰাস্তাৰ কাষৰ পকৰী দোকানী বুলি ক'বলৈ আপোনাৰ সাহ নহ'ব ।

আজি সি পকৰীৰ পাচিটোৰ কাষতে মোবাইলৰ পৰা নি এটা এম্পলিফায়াৰত গান শুনাৰ ব্যৱস্থা কৰি লৈছে । লক্ষ্মী গোঁসানীৰ ঠিক কাষতে ।

মই তাৰ ৰেহ-ৰূপ চাওঁ । ভাল লাগে । কিবা এটা আছে তাৰ তাত ।

"তুনে মেৰে জানা…এম্পটিনেচ" বাজি আছে । সি লগে লগে গুনগুনাই পকৰীত মচলা মাৰিছে । ইংৰাজীখিনিও প্ৰায় সমানে হামিং দিছে । মুঠতে কাৰুকাৰ্য্য তাৰ চাবলগীয়া ।

বাৰু আচল কথা তলৰকেইটাহে । পইচা দিয়াৰ সময়ত ।
: পঢ়া শেষ নে তোমাৰ কৰি আছা ?
: অহ' চৰি দাদা । ড্ৰপ দিলোঁ দুবছৰ । আকৌ এডমিশ্যন ল'ম এই মে'ত । বেলতলা কলেজত ।
: কিয় ড্ৰপ ?
: বহুত কথা দাদা । ঘৰৰ "প্ৰব্লেমচ" ।
: আচ্ছা …!
: তাৰোপৰি মই নিজে বেয়া হৈছিলোঁ । পাৰ্টনাৰৰ লগত পৰি …চব শেষ ।
: এতিয়া পিছে ??
: এতিয়া দেৰিকৈ গ'ম পালোঁ দাদা । গ্ৰেজুৱেশ্যনটো মোক কেনেবাকে লাগিবই । নহ'লে লাইফত ভাল ইন্টাৰভিউ এটাও নোৱাৰিম দিব । দেউতাৰ গা বেয়া । গতিকে যোৱা মাহৰ পৰা বিজনেছ মই লৈছোঁ । চেঞ্জ কৰিছো নিজকে । মে' ৰ পৰা আগবেলা কলেজ, আবেলি দোকান, ৰাতি পঢ়া ।
: কথামতে কাম হ'বনে ?
: আপুনিটো থাকিবই এই এৰিয়াত । চাব দাদা । ৰিয়েলাইজেচন নোহোৱা হ'লে মই এনেকে আদ্দা এৰি পকৰী ভাজি নাথাকোঁ । পকৰী, চপৰ পইচাৰেই পঢ়িব লাগিব ।

ডেকালৈ মৰম লাগিল !!

No comments:

Post a Comment