বাটে-ঘাটে (২)
১)
লক্ষীমন্দিৰ বাছ ষ্টপ । শীতৰ এক ৰাতিপুৱা ।
"নামক নামক -- সোনকালে নামক" বুলি একপ্ৰকাৰ জোৰ কৰিয়েই
মাফলাৰেৰে মূৰ ঢকা বৃদ্ধক চিটিবাছৰ পৰা হেণ্ডিমেনে নমালে । বৃদ্ধ কোনোমতে নামিল । অকলে
।
ঠাণ্ডাত সামান্য কঁপি কঁপিয়েই বৃদ্ধ নামিল । ইফালে সিফালে চালে ।
জোতা এপাত খুলি ভৰি খজুৱালে । আকৌ পিন্ধি ল'লে । ৰুমালেৰে নাক মচিলে ।
মাফলাৰেৰে মুখখন অকণমান বেচিকৈ ঢাকি ললে ।
অলপ দূৰত ৰৈ থকা ৰিক্সাৱালা আগবাঢ়ি আহিল । অতি সাৱধানেৰে বৃদ্ধক
ধৰি ধৰি ৰিক্সালৈ আনিলে , ৰিক্সাত
বহালে, মাফলাৰদালো
ঠিক কৰি দিলে । ক'লৈ
যাব বুলি তাৰ পিছতহে সুধিলে ।
"বতাহত ঠাণ্ডা লাগিলে ক'ব । মই লাহে লাহে চলাম
।"—ৰিক্সাৱালাৰ এই কথাকেইটা মোৰ কাণত পৰিল ।
চিটিবাছখনতো মানুহ আছিল, বাছৰ হেণ্ডিমেনো মানুহ, ৰিক্সাৱালাও মানুহ ।
মই আছিলোঁ সামান্য দূৰত । মানুহ মইও ।
২)
ৰাতিপুৱা ওলাই যাওঁতে দেখিলোঁ পিঠিত প্ৰকাণ্ড মোনা এটা লৈ ক্ষীণকায়
ল'ৰাটোৱে
"বোৱা কাপোৰ লওঁক" বুলি চিঁয়ৰি চিঁয়ৰি ৰাষ্টাৰে গৈ আছে । দুঘণ্টাৰ পিছত
ঘুৰি আহি দেখোঁ বেচেৰাই অলসভাৱে মোৰ ভাড়াঘৰৰ কাষে বাৰে ঘুৰি ফুৰিছে ।
"কি আছে বেগত ?"
"বোৱা কাপোৰ দাদা ।"
"বৰ ল'ৰালৰি নেকি তোমাৰ?"
"নহয় দাদা"
"আহা তেনেহ'লে মোৰ ঘৰলৈ । পানী এগিলাছ খাবা । দুআষাৰ পাতিবা । কাপোৰ চাম । মাইকী মানুহ নাই কিন্তু ঘৰত ।"
ডেকাই আনন্দেৰে আহি অতি আৰামত চকীত গা পেলাই দিলে । ভাগৰুৱা । পিঠিত কমেও দহকেজি ।

যোৰহটীয়া ডেকা । পেটৰ তাড়নাত কষ্ট কৰিছে । হায়াৰ ছেকেণ্ডাৰী পাছ ।
মিঠা মাত । নম্ৰ ।
টেবুলত থকা আলোচনী, কিতাপবোৰ লিৰিকি বিদাৰি চালে ।
:আপুনি খুউব পঢ়ে নেকি?
:নপঢ়োঁ … । কিয় ?
:সুধিলোঁ আৰু । স্কুলত থাকোঁতে কিতাপ পঢ়াৰ চখ আছিল ।
:কিয়?? এতিয়াও পঢ়িব পাৰা …।
:এই বেগটো পিঠিত লৈ দহমিনিট খোজ কাঢ়ক তাৰ পিছত গম পাব দিনটো এইটো পিঠিত কঢ়িয়াই ৰাতি ঘৰ সোমাই কিতাপ পঢ়াৰ ধৈৰ্য ক'ত ।
: ভালহে কষ্ট কৰি উপাৰ্জন কৰি ঘৰ চলাইছা । তোমাৰ বয়সত মই উপাৰ্জন কি বস্তু গমেই পোৱা নাছিলোঁ ।

তাৰ কথাই তাক পানীৰ পৰা চাহলৈ প্ৰমোচন দিয়ালে । ঘৰৰ মালিকো আহি
কথাত বহিল । কথাৰ মাজে মাজে কাপোৰ । কথা আৰু কাপোৰৰ মাজত জীৱন কাহিনী ।
: এনেকে চাহ একাপ খাবলৈ পোৱাতো সপোনেই নে বেলেগ স্বাৰ্থই আছে নাজানো । চিধাকে ক'লো বেয়া নাপাব । প্ৰায়বোৰ ঘৰত মোক বাৰাণ্ডালৈকো উঠিবলৈ নিদিয়ে । ষ্টেপতে বহি কাপোৰ দেখুৱাও । তাৰোপৰি "বেপাৰী ল'ৰাটো" বুলি সম্বোধনতো আছেই । বাৰু আপোনালোকে কাপোৰ ন'ললেও কথা নাই । মানুহ দুজন চিনাকি হ'লো । নম্বৰটো দিয়ক আপোনাৰ ।

মই আৰু ভাড়াঘৰৰ মালিকে পাৰ্য্যমানে তাক উৎসাহ দিলোঁ । আমাৰেই ল'ৰা । আমাৰ মানুহে বোৱা কাপোৰ
বেচিছে । দুপইচা পাওক । আৰু কষ্ট কৰক ।
চাদৰ মেখেলা কাপোৰ কিনিব নাজানোঁ যদিও উৎসাহ দিবলৈ কাপোৰ এযোৰ
ৰাখিলোঁ ।
ল'ৰাটো
যিমান ভাগৰত বিমৰ্ষ মনেৰে আহিছিল, তাতোকৈ দুগুণ আনন্দ আৰু উৎসাহেৰে
সজীৱ হৈ ওলাই গ'ল
। পিছদিনা সি ঘৰলৈ যাব । বিহু । তাৰ যোৱা দৃশ্যটি দেখি আমি আনন্দিত হ'লোঁ ।
আমাৰেই নিজৰ ল'ৰা এওঁলোকে ঘৰলৈ ঘৰতে প্রস্তুত কৰা বস্তু বিকিবলৈ
আহিলে উৎসাহ দিয়ক । নিকিনিলেও । আমাৰ মানুহ । চুৰটাৰি নকৰাকে কষ্টেৰে কিবা এটা
কৰিছে । কাকো ডকাহকা দি, অন্যায়
কৰি আলাসত ধন ঘটা নাই । এওঁলোকে কষ্ট কৰে । মানুহক নঠগিবলৈ কৌশলেৰে, মৰমেৰে বুজাওক
। আমাৰ মাতষাৰেই সিহতৰ বাবে গ্লুকন ডি বা ৰেডবুল ড্ৰিংক ।