Pages

Saturday 25 July 2015

ৰসগোল্লা

মূল কথাটো অকণমান বেলেগ । পিছে ৰসগোল্লাৰ বিষয়ে দুআষাৰ কৈ লোৱা ভাল হ’ব । এতিয়াৰে পৰা ৰচগোলা বুলি লিখিম । তেতিয়াহে আচল ৰূপ আৰু সোৱাদটো চকুৰ আগলৈ আহে ।

ৰচগোলাৰ প্রতি মোহটো সৰুৰে পৰা এতিয়ালৈকে একেই আছে । ঘৰলৈ যিসকল আলহীয়ে ৰচগোলা আনিছিল তেওঁলোকক মই অলপ বেছিকৈ ভাল পাইছিলোঁ । সৰু থাকোঁতে বিয়া খাবলৈ গৈছিলোঁ কেৱল ৰচগোলাৰ আশাত । পাতত দিয়া লুচি-ভাজি আৰু ৰচগোলাৰে যিসকলে বিয়া খাই পাইছে তেখেতসকলে মোৰ কথাৰ সত্যাসত্য উপলব্ধি কৰিব পাৰিব । কাৰোবাৰ ঘৰলৈ ফুৰিবলৈ গ’লেও যিসকলৰ ঘৰত ৰচগোলাৰে চাহ দিছিল, সেইসকল মানুহ দয়ালু বা ভাল মানুহ বুলিয়েই মই ভাবি লৈছিলোঁ । আলহীয়ে বা দেউতাই অনা ৰচগোলা মানুহক দি শেষ হোৱাৰ পাছত ৰচগোলা অনা পলিথিনটোৰ তলত দাঁতেৰে সৰু ফুটা এটা কৰি ৰসখিনি হুপি খাই মই যি স্বৰ্গসুখ পাইছিলোঁ বা এতিয়াও পাওঁ সেইয়া বৰ্ণনা কৰাতো মোৰ বাবে অসাধ্য । নতুন কোনোবা ঠাইলৈ গ’লেও বাটত চাহ খাব লগা হ’লে মই প্রথমেই হোটেলৰ   আলমিৰাত থকা ৰচগোলা কেইটাৰ আকাৰ আৰু ৰঙ চাই লওঁ । ভাল ৰচগোলা পালে হোটেলৰ মালিকজন সৎ মানুহ বুলি পতিয়ন যাওঁ । ৰচগোলা ভেজালৰ দৰে এই সহজ, লাভজনক, অসৎ কামটো কৰা নাই যেতিয়া তেখেত প্রকৃততেই সৎ মানুহ । কোনোবা মানুহে ৰচগোলা বেয়া পাওঁ বুলি ক’লে মোৰ সন্দেহ হয় মানুহজনৰ প্রতি । এনেকুৱা এটা বস্তু বেয়া পোৱা মানুহো আছে !!!

শহুৰ-শাহুৱে হ’বলগা জোঁৱায়েকৰ ঘৰলৈ প্রথম দিনা আহোঁতেও মজবুত আকাৰৰ বিশটা ৰচগোলাৰ টোপোলাটো মোৰ হাততেই তুলি দিছিলহি । সেইদিনাই উমান পাইছিলোঁ তেখেতসকল বৰ মৰমিয়াল, দয়ালু মানুহেই হ’ব । ধাৰণা শুদ্ধ আছিল । কৈ থওঁ যে মোৰ প্রিয় ৰচগোলা হ’ল বৰপেটা আৰু মোৰ জন্মস্থান জাজৰীৰ ৰচগোলা ।  
ৰচগোলাৰ বিষয়ে এই দুআষাৰ কৈ ল’লো ৰচগোলাৰ লগত জড়িত দুটা ঘটনা ক’বলৈ যি দুটা ক’বলৈ নাপালে মই শান্তি নাপাম ।

২০১১ চনৰ এপ্রিল মাহৰ কোনোবা এদিনা দিচপুৰ হস্পিটেলৰ ডাঃ ভবদেৱ গোস্বামীৰ হাতৰ পৰা দেউতাৰ হ’ল এবড’মেনৰ চিটি স্কেনৰ ৰিপৰ্টতো লৈ ওলাই আহিলোঁ । ৰিপৰ্টমতে ক’ল’ন কেন্সাৰে ইতিমধ্যে গৈ লিভাৰ আগুৰি ধৰিছে । গোস্বামীৰদেৱৰ মুখৰ পৰা মই অতি কঠিন সত্যটো শুনি আহিলোঁ- শেষ পৰ্য্যায়, এতিয়া কেৱল পেলিয়েটিভ, আৰোগ্যৰ বাবে নহয়, উপশমৰ বাবেহে হ’ব যি হয় । সেই সময়ত মই কিমান ধৈৰ্য্যৰে আৰু বুকুত কিমান ডাঙৰ শিল এটা বান্ধি  এহাতে ৰিপৰ্টতো লৈ মুখমণ্ডলত একো নাই হোৱা ভাব এটা লৈ বাহিৰত বহি থকা মাই দেউতাৰ মুখামুখি হৈছিলোঁ আপুনি অনুভৱ কৰিব পাৰিছে যদি ধন্যবাদ ।

মাই দেউতাই তেতিয়ালৈকে এই ভয়াবহতাৰ বিষয়ে গম পোৱা নাছিল । দেউতাই বাৰু শেষলৈকে গম নাপালে । মই দুয়োজনকে উদ্দেশ্যি ক’লো- ল’জতে ক’মগৈ ব’ল । হস্পিটেলৰ পৰা ওলাই মই আগে আগে আৰু তেখেত দুয়োজন মোৰ পিছে পিছে আগবাঢ়িল । মই আগবাঢ়িছিলোঁ কঁপি কঁপি ।
গনেশগুৰিৰ চুকটোতে থকা লখিমী হোটেলৰ সমুখতে ৰৈ দেউতালৈ চাই ক’লো – আহ চাহ একাপ খাই লওঁ । দেউতাই সন্মতি দিলে ।

২০০০ চন মানতে দেউতাৰ ডায়েবেটিচ মেলিটাচ ধৰা পৰিছিল । তেতিয়াৰে পৰাই দেউতাৰ বাবে মিঠাই নিষিদ্ধ । কেতিয়াবা অতি আকুলতাৰে মাইক কয়- দিয়াহে অকণমান , নমৰোঁ । আৰু মায়েও কেতিয়াবা নখেৰে এচিকূট দিয়ে । সেইয়াই দেউতাৰ মিঠাইৰ বিলাস ।

লখিমী হোটেলত তিনিওজন বহিলোঁ । মই চিন্তা কৰিছিলোঁ – মোৰ সমুখত যে এই অতি সহজ-সৰল দেউতা নামৰ মানুহটো বহি আছে দেহৰ তিনি ঠাইত শেষ পৰ্য্যায়ৰ কেন্সাৰ লৈ, তেখেতে নাজানে তেওঁ কোন পথৰ যাত্রী । যি হয় হ’ব, মানুহটোক মনে বিছৰা ধৰণেৰে থাকিবলৈ দিওঁ যিমান দিন থাকে । কিমান বছৰ যে মানুহটোৱে এটা মিঠাইৰ বাবে হাবিয়াস কৰি আছে !!

কি ক’লে অ’ ৰিপৰ্টত—মায়ে সুধি আছিল । উত্তৰ নিদি মই হোটেলৰ আলমিৰাৰ ওচৰলৈ গৈ তিনিটা ডাঙৰ ৰচগোলাৰ অৰ্ডাৰ দিলোঁ । ৰচগোলাৰ প্লেট এখন দেউতালৈ আগবঢ়াই দিলোঁ । মায়ে আচৰিত হৈ কি কৰ কি কৰ বুলি সোধোঁতেই মই চকুৰে মাইক ইংগিত দিলোঁ –খাবলৈ দে । মায়ে সেই ইংগিততেই গোটেই ঘটনাৰ উমান পালে ।
প্রথমে আচৰিত হৈ পাছত মিচিকিয়া হাঁহি এটা মাৰি ৰচগোলাৰ প্লেটখন নিজৰ ফাললৈ টানি নি দেউতাই এটাই শব্দ উচ্চাৰণ কৰিলে – “আঃ”।

তাৰ পাছত দেউতাই কিমান তৃপ্তিৰে ৰচগোলাটো চামুচেৰে চিঙি চিঙি খাইছিল সেই দৃশ্য মই কেনেকৈ বৰ্ণনা কৰোঁ ?? সেই দৃশ্য চাই চাই মই ভিতৰি অতিপাত সুখ বা অতিপাত দুখত স্তব্ধ হৈ আছিলোঁ – কিমান সুখ পাইছে এই মানুহটোৱে, কিমান বছৰৰ মূৰত নিজাববীয়াকৈ এটা ৰচগোলা খাবলৈ পাইছে !! মৃত্যুৰ আগে আগে কি এনেকুৱা সুখেই আহে মানুহৰ জীৱনলে’ ?? মানুহটোৱেটো একোৱেই নাজানে কি     ৰিপৰ্টত কি লিখা আছে !! এই মুহুৰ্তত এটা কথাই জানে সৰু পুতেকে মৰমতে তেওঁক ৰচগোলা এটা দিছে আৰু তেখেতৰ চকুৱে মুখে সেই সুখৰ ৰং বিয়পি পৰিছে ।
পিছদিনা দেউতাৰ চুগাৰ বাঢ়িছিল । মই সামান্যতমো দোষী অনুভব কৰা নাছিলোঁ । ৰচগোলা খোৱা সেই দহমিনিটৰ সুখানুভূতিয়ে মানুহটোক যিমান উপকাৰ কৰিলে তাৰ তুলনাত এই বাঢ়ি থকা চুগাৰে কৰা অপকাৰ তেনেই নগন্য । উপকাৰ অপকাৰৰ অনুপাত মোৰবাবে ন সিমানেই ।

ৰচগোলাৰ দ্বিতীয় ঘটনাটো ৰাষ্টাত কাম কৰা মানুহ এজনীৰ । এস !! থাকক আজিলৈ ।

দেৱাংগ পল্লৱ শইকীয়া
২৫ জুলাই ২০১৫
নতুন দিল্লী ।


Wednesday 22 July 2015

সময় (২)


ঘৰলৈ যাওঁতে এদিন সন্ধিয়া বাল্য বন্ধুক লগ পাইছিলোঁ । বহুত বছৰৰ মূৰত । সি বহুত সলনি হৈছে । মইও । সময়ৰ তাগিদাত । 
" আহ ক'ৰবাত অকণমান বহোঁ ।"
" কিবা এটা খুৱাবি নে ??"
যিমানেই যি নহওঁক কিয় বন্ধুক এই ডিমাণ্ডটো দিয়াৰ এক আমেজ আছে । যিমানেই পেট ভৰি নাথাকক কিয় । 
তই স্কুলীয়া কথাবোৰ পাহৰা নাই মোৰ বিশ্বাস । অলপ নষ্টালজিয়া ফালো আহ ।
"এটকাৰ মিছল বুট (কেঁচা চানাৰ লোকেল নাম) লৈ আহ । লে'জাৰত খোৱা ।"
"এতিয়া পাঁচ টকাৰ লব লাগিব ভাই । এটকাত নিদিব নেকি ।"
হাতত কেঁচা চানাৰ টোপোলা লৈ দুয়োটা বহিলোগৈ ৰাষ্টাৰ কাষত । পথাৰৰ সমুখত । টোপোলাটোৰ পৰা এটা এটাকৈ বুট চোবাই আছোঁ । কাৰো মুখত মাত নাই । আচলতে বুকুত হয়তো ইমান বেছি
কথা থুপ খাই আছিল যে ক'ৰপৰা আৰম্ভ কৰোঁ ।
"তইটো কেতিয়াবা লে'জাৰত খাবলে' টকা এটা বা আঠ অনা এটা আনিছিলিয়েই । মোৰ তাকো নাছিল ।" - সি নিৰৱতা ভাগিলে ।
"কেতিয়াবাহে । ন'হলেতো মইও....!"
"তই মোক সদায় দিছিলি । সেই কাৰণে আজি একেলগে পাঁচ টকাৰ বুট তোক খুৱাই ধাৰ মাৰিছোঁ বুলি ধৰি ল ।"
"হয় অ' । এতিয়া কেতিয়াবা মনত পৰে । কেতিয়াবা অফিচত কাম কৰি থাকোতে, কেতিয়াবা শোৱাৰ সময়ত ।"
"মোৰ চুৱেটাৰ নাছিল যে । দুটা চোলা টেঁটুলেকে বুটাম মাৰি ...কি উম আছিল ভাই !! এইটো চা **** ইমান
দামৰ চুৱেটাৰ । সেই উমটো নাই । তই সাহিত্যিক টাইপৰ জীৱ । কি কৈছোঁ বুজিছ চাগে' ।"
"মইও বহুত দিনলৈকে দাদাৰ চুৱেটাৰ হে ..."
"তেতিয়া এদিনো তোক খুৱাব নোৱাৰি মাজে মাজে বৰ খং উঠিছিল । সদায় তইয়েই দিয় । এতিয়াৰ পৰা
লগ পালে বুট মইয়েই খুৱাম দে । ধাৰ মাৰিম । "
বুট শেষ হৈছিল ।
"ব'ল উঠোঁ ।"
আধা ঘণ্টাত এবাৰলেও নোলাল আমাৰ বৰ্তমান কিমান দৰমহা, সম্পত্তি...একোৱেই নোলাল ।
সময় যিমানেই সলনি নহওঁক-শিপাডাল সি পাহৰা নাই । হয়তু মইও ।

ইশ্বৰে মংগল…

প্ৰেমপত্ৰৰ টুকুৰা বুলি সন্দেহ কৰি কাগজৰ টুকুৰাটো বন্ধুৰ পৰা কাঢ়ি লৈ মই দৌৰিছিলোঁ কৰিড'ৰেৰে । ক্লাচ টুৱেলভ্ । লে'জাৰ শেষ হোৱাৰ বে'ল বাজিছিলহে । পিছফালে চাই চাই দৌৰি আহি খুন্দা মাৰিলোহি আটাইতকৈ ভয় কৰা ইংৰাজী ছাৰৰ গাত । ছাৰৰ হাতৰ পৰা ৰেজিষ্টাৰ, দাষ্টাৰ, চক, চব সিঁচৰতি হৈ মাটিত পৰিল । মই হাৰ্টফেইল কৰাৰ আগতেই ছাৰে অতি প্ৰত্যাশিতভাবে মোক এটা মনত ৰখি যোৱা কাণতলিয়া চৰ শোধাই মোক হাৰ্টফেইলৰ পৰা বচালে । (এই বাক্যটো এতিয়া লিখোতে মই কাণখনত হাত দি লৈছোঁ ।) কঁপি কঁপি মই বস্তু কেইপদ মাটিৰ পৰা বুটলি ছাৰৰ হাতত দিছিলোঁ । মোতকৈ বেছি কঁপিছিল ছাৰ । মোৰ চকু তিতিছিল । ক্লাচৰ পৰা সকলোৱে জুমিছিল, দেখিছিল ।

তাৰ সাত মাহৰ পাছত ফাইনেল পৰীক্ষাত যেতিয়া ইংৰাজীত গোটেই চেণ্টাৰৰ ভিতৰত সৰ্বাধিক নম্বৰ লাভ কৰিলোঁ, ফলাফলৰ দিনা ছাৰে মোক একাষৰিয়াকৈ মাতি নি কান্ধত হাত থৈ ক'লে "সিদিনা চৰটো…" তেখেতৰ মাতটো সিদিনাতকৈ বেছি কঁপিছিল । কিবা ক'বলৈ খুজিছিল, নোৱাৰিলে । মই ভৰিৰ ফালে দোঁ খাইছিলোঁ, তেখেতে নিদিলে । কঁপা কঁপা মাথোঁ দুটা শব্দ সেই কাণতলিয়া খোৱা কাণখনেৰেই সোমাল "ইশ্বৰে মংগল…"।

নাম


বাবু নামৰ ল'ৰাটো আহিছিল মোক লগ পাবলৈ । চোতালতে বহি দুয়োটাই কথা পাতি আছিলোঁ । এনেতে মায়ে ভিতৰৰ পৰা চিঁয়ৰিলে - বাবু …তোক চোতালতে গৈ ঢকা দিবগে' লাগেনে ? মাইৰ ভলিউমত বেচেৰা বাবু এ মোলৈ সেমেনা-সেমেনিকৈ চালে । মই বুজাই দিলোঁ তেওঁক যে মায়ে তেওঁক ঢকা দিম বুলি কোৱা নাই । সিখন চোতালত কুকুৰটোক জোকাই থকা আমাৰ ঘৰতে থাকি পঢ়া-শুনা কৰা বাবু নামৰ ল'ৰাটোকহে কৈছে ।
এই বাবু, পাপু, ধন, দেহা, মইনা আদি নামৰ কিমান ল'ৰা আছে চাৰিওফালে মন কৰকচোন !! অসমীয়াত এইকেইটাই আটাইতকৈ মৰমৰ নাম কিজানি । এই লেখাটো অন্ততঃ এজন বাবু, পাপু বা ধনে পঢ়িব বুলি মোৰ বিশ্বাস । ছোৱালী হলে আইমনী, আইজনী, মাজনী, মাইনা-এই চাৰিটা কিজানি শীৰ্ষত । আমাৰ পৰিয়ালতে (পিতৃ-মাতৃ দুয়ো ফালৰ মিলি) আইমনী-৫, আইজনী-৬ আৰু মাজনী-৪। কোনোবা আইমনী, আইজনী, বা মাজনীয়ে এইখিনি পঢ়ি হাঁহিও আছে ছাগে' ।
কিছুমানৰ ঘৰত মতা নামটো চুটি আৰু আচল নামটো মানে স্কুলৰ নাম দীঘল । কিছুমানৰ মানে পাঁচ শতাংশ মানৰ ওলোটা । বীমাৰ কামত ল'ৰা এজন আহিছিল মোৰ ওচৰলৈ । গুৱাহাটীত থাকোতে । প্রত্যুষ । কথা বতৰা পতাৰ পাছত তেওঁৰ বেগটোত দেখা পালোঁ তেওঁৰ কোম্পানীৰ নামৰ লগত লিখা আছে - পাপু *** । মই বোলো পাপু কোন? ক'লে- মোৰেই আচল নাম পাপু --ঘৰত মতা নামহে প্রত্যুষ ।
কিছুমানৰ আকৌ দুয়োটা নামেই ইটোতকৈ সিটো চৰা-কোনটো আচল নাম কোনটো ঘৰত মতা নাম ধৰিবলে' সাহ নাই । সখা প্রাঞ্জলৰ ঘৰত মতা নামটো হ'ল বিপুল । দুয়োটা নামেই আচল নাম নহয়নে !!
আমাৰ বংশৰ ঠাল এটা আছে বিহালীত । এবাৰ তালৈ ফুৰিবলৈ গৈছিলোঁ । গাঁৱৰে এঘৰলৈ অতি সাদৰেৰে ভাত খাবলৈ মাতিলে । অতি আদৰ-সাদৰ, মৰমেৰে কথা পতাৰ পিছত পেহা, মানে গৃহস্থই ক'লে-ভাত খাবানে অকণমান ৰ'বা… বান্দৰ আহি পোৱালে'?? মই আচৰিত হ'লো- বান্দৰৰ লগত ভাত খাব লাগিব ?? মৰমৰ পোহনীয়া ছাগে' ।পিছে পেহীয়ে মোৰ ভুল ভাঙিলে । - বান্দৰ মানে আমাৰ সৰুটো, তুমি দেখাই নাই এতিয়ালৈকে । এখেতে মানে সি সৰু থাকোতে বৰ জঁপিয়াই ফুৰিছিল যে সেই কাৰণে বান্দৰ বুলি মাতিছিল । এতিয়াও ঘৰত মাতে । মই কওঁ-ল'ৰা
ডাঙৰ হ'ল এতিয়া আৰু সেই নামেৰে নামাতিব । যথা সময়ত বান্দৰ আহিল । সুন্দৰ-সুঠাম এটা ডেকা । অতি অমায়িক, মৰমলগা ল'ৰা । মই দেউতাকক অহাৰ সময়ত অনুৰুধ কৰি আহিলোঁ- বান্দৰ বুলি নামাতিব পুতেকক । ঘৰত হ'লেও ।
আমাৰ ঘৰৰ প্রাক্তন হেড্ হালোৱা জয়ধন দাদা এদিন ওলালহি । প্রথমা পত্নীৰ বিয়োগত দ্বিতীয় বিবাহ কৰিবলৈ আগবাঢ়িছে । ভাবী পত্নীৰ ফটো মাইক দেখুৱালে । ছোৱালীৰ ঘৰৰ খা-খৱৰ লৈ মায়ে সুধিলে-দেউতাকৰ নাম কি?? উত্তৰ আহিল-কোকলেং । কোকলেং ??? মই কাষতে আছিলোঁ-কোনোমতে হাঁহি ৰখালোঁ । মায়ে আকৌ সুধিলে-আচল নাম কি ?? উত্তৰ আহিল-ভেকুলী । সঁচা কথা ।
মোৰ নামটো লৈ কিমান পয়মাল হৈছে এতিয়ালৈকে বহুবাৰ কৈছোঁ । দেৱাংগ পল্লৱ শইকীয়া মেট্ৰিকৰ পৰা এতিয়ালৈকে বিভিন্ন প্রমাণপত্রত হৈছে বেবাংগ, দেবেন্দ্র, আদি । সেইবোৰ শুদ্ধ কৰাওঁতে মোৰ জীৱনৰ এটা অংশ পাৰ হৈছিল । বাবা দাস , ৰাজু বৰা হঁতৰ এই সমস্যা কোনোদিন হোৱা নাই, নহবও ।মোৰ লাইচেঞ্চ খনত Pallav Saikia ৰ মাজত স্পেচ নাই, হৈ আছে Pallavsaikia ।
গতিকে ভডাফোন বা বেংকৰ পৰা ফোন কৰিলে মিঠা মাতেৰে কয়- হেল্ল' ইচ দিচ মিঃ পল্লভাচিকা ??
মই কওঁ-হয় । পল্লভাচিকা । ফোনটো থৈ মোৰ নামটোৰ কাৰণে নিজেই এক মিনিট মৌন প্রাৰ্থনা কৰোঁ ।
(উল্লেখ কৰা নামবোৰে কাৰোবাৰ মনত দুখ দিলে ক্ষমা

ভাল মানুহ


বাছত উঠাৰ চখ মোৰ সৰুৰে পৰাই । এতিয়া গুৱাহাটীৰ পৰা ঘৰলৈ যাওঁতে উঠাৰ বাহিৰে বেলেগকৈ বাছত উঠাৰ সুবিধা নোপোৱা হ'লো । সেয়েহে শহুৰৰ ঘৰলৈ গ'লে গাড়ী এৰি বাছত যাবলৈ পালেই ভাল পাওঁ । চখ দুটা-খিড়িকীৰ কাষত বহি গছ, মানুহ, গৰু, ছাগলী, ঘৰ, এইবোৰ চাই যোৱা আৰু বাছখন বাটত ৰখালে চিংৰা-ৰসগোল্লাৰে চাহ একাপ খোৱা, পেট যিমানেই ফুল হৈ নাথাকক কিয় ।
সিদিনাও উইথ পৰিবাৰ বাছেৰে শহুৰৰ ঘৰলৈ ৰাওনা হ'লো । বাছখন তেজপুৰত কিছুসময় ৰখোৱাত আমি ভাল চাহ- চিংৰা-ৰসগোল্লাৰ সন্ধান কৰিবলৈ ধৰিলোঁ আশে পাশে আৰু এখন হোটেলত দুয়োবিধক একেলগে সমিলমিলে আলমাৰিত দেখি সোমাই গ'লো । অসমৰ গৰম চিংৰাৰ লগত ৰসগোল্লাৰ কম্বটো কেনেকুৱা খোৱাজনেহ জানে । চিংৰা-ৰসগোল্লাৰ লগত কিছু অতি সুখৰ মূহুৰ্ত পাৰ কৰি গুৱামুৰি মুখত লৈ বাহিৰলৈ ওলাই আহি দেখিলো…কি দেখিলোঁ??? বাছ নাই । নাই মানে ছাঁটোও নাই । বাছ গ'ল । চিংৰা-ৰসগোল্লাৰ লগত আমাক এৰি আমাৰ বেগ পত্ৰ লৈ বাছ গ'লগৈ । আমি উমঘামেই নাপালোঁ !!!
ফাকুৱাৰ দিন । ৰাতিৰ সময় । মানুহ সেৰেঙা । কি কৰোঁ? বেগ কেইটা পাম বাৰু পিছে টেক্সী এখন পাওঁ ক'ত এই ৰাতি!!! এনেতে কাষতে ৰৈ থকা পুলিচ দুজনক বাছখনৰ বিষয়ে সুধিলোঁ ।আশা নাছিল । কিন্তু তাৰে এজনে অতি আগ্ৰহেৰে আমাক অভয় দিলে । তেওঁ সেই বাছখনৰ প্ৰাক্তন ড্ৰাইভাৰৰ ফোন নম্বৰ উলিয়াই তেওঁলৈ ফোন কৰি তেওঁৰ পৰা বৰ্তমানৰ ড্ৰাইভাৰৰ নম্বৰ লৈ তেওঁলৈ ফোন কৰি বাছখন পৰৱৰ্তী ষ্টপত ৰখাবলৈ নিৰ্দেশ দিলে । অকল সিমানেই নহয় আমাক পৰৱৰ্তী ষ্টপ মিছন চাৰিআলিলৈ যোৱাৰ ব্যৱস্থা কৰি দিলে । তেখেতে আমাক দঢ়াই দঢ়াই ক'লে কোনো চিন্তা নকৰিবলৈ আৰু বাটত কিবা প্ৰয়োজন হ'লেই তেখেতক জনাব পৰাকে তেখেতৰ ফোন নম্বৰটোও দিলে । তেখেতৰ কৃপাতে আমি বাছখন ঠিকে ঠাকে পালোগৈ ।
পুলিচৰ বদনাম মই ইয়াতে গাইছোঁ আগতে । তেতিয়াও কৈছিলোঁ সকলো একে নহয় । আজি সেই কথাটোকে প্ৰমান কৰিবলৈ আৰু ভাল মানুহৰ অভাৱ যে এতিয়াও হোৱা নাই সেইটোকে প্ৰতিপন্ন কৰিবলৈ, সৰু ঘটনা হলেও তেজপুৰৰ দিলীপ বৰা নামৰ পুলিচজনৰ কথাখিনি এনেদৰে জনোৱাতো কৰ্তব্য বুলিয়েই ভাবিলোঁ । হতাশ ন'হব-ভাল মানুহ আছে ।

চন্দ্ৰবিন্দু

নতুনকৈ চিনাকি হোৱা কোনোবাই যেতিয়া সোধে ঘৰত কোন কোন আছে, আগৰ দৰেই কওঁ: মাই, দেউতা…
পিছমূহুৰ্ততে ভুলটো শুধৰাওঁ-নাই, দেউতা নাই । ঢুকাল ।
সিদিনা কিবা এখন ফৰ্ম ফিল আপ্ কৰোঁতেও একেটাই ভুল । 
পিতা:-শ্ৰী…
পিছমূহুৰ্ততে শ্ৰী টো কাটিলোঁ…মানুহটোতো নাই!!! চন্দ্ৰবিন্দু ।
তিনি বছৰ হৈ গ'ল তথাপি প্ৰায়েই এনেকুৱা লাগে-মানুহটো একেবাৰে নোহোৱা হৈ যোৱা নাই । ক'ৰবাত যেন আছে এতিয়াও !!
বাপেকবোৰ কি একো একোখন আকাশ যাৰ শেষ নাই ! এক সত্বা!!
এই বাপেকবোৰ যেন নমৰিবই কোনোদিন !!!

ৰং নাম্বাৰ


যোৱা বছৰৰ জানুৱাৰী । ক'ৰবালে ফোন কৰোতে লাগিলগৈ গোলাঘাট জিলাৰ মানুহ এজনৰ তাত । পেছাত খেতিয়ক । বেয়া নাপাব ৰং নাম্বাৰ লাগিল বুলি কৈ ফোনটো কাটিবলৈ ওলালোঁ । ৰ'বচোন "ৰংনম্ব " হ'লেও কথা দুআষাৰ পাতোঁ, ক'ৰ পৰা কৈছে, কি কথা- তেওঁ ক'লে । তেখেতৰ সহজ সৰল অথচ ৰসেৰে ভৰা কথাত ইমানেই কিবা এটা আছিল যে কোনোপধ্যেই ফোনটো থওঁ থওঁ বুলিও থব নোৱাৰা হ'লো । দিল্লীৰ কথা, খেতিৰ কথা, অখিল গগৈৰ কথা...বিশ মিনিট । অচিনাকি মানুহ, অচিনাকি মাত- অথচ তেখেতৰ কথা শুনকচোন - " ভালে কুশলে থাকিব-ঘৰৰ পৰা দূৰত আছে...আমাৰ আশীৰ্বাদ থাকিল...ভালে থাকক সদায় " । এইয়া ৰং নাম্বাৰৰ অচিনাকি মানুহৰ কথা !!
এনেকুৱা সহজ সৰল, অচিনাকি আপোন মানুহ বহুত লাগে । বহুত । সিদিনা ফোনটো গোলমাল হৈ কণ্টেক্টবোৰ নোহোৱা হওঁতে মই দুখ পাইছিলোঁ । তাতে এই নম্বৰটোও আছিল । মাজে মাজে খৱৰ লৈছিলোঁ । এতিয়া তেখেতৰ ফোন নহালৈকে অপেক্ষা কৰাৰ বাহিৰে মোৰ উপায় নাই !
যোৱা শুকুৰবাৰ । ৰাতিলৈ অফিচ নাই বাবে আবেলি দেৰিলৈক বিচনাত এনেয়ে পৰি আছোঁ । এনেতে অচিনাকি নম্বৰৰ পৰা ফোন আহিল । মই হেল্ল' বুলি কোৱাৰ আগতেই সিফালৰ পৰা অহা শব্দই কাণেৰে গৈ বুকু পালেগৈ । "বোপাইটো" ।
বোপাইটো !!! মায়ে এতিয়াও কেতিয়াবা বোপাইটো বুলি কয় । দহ ছেকেণ্ডমান গ'ল কিন্তু মই সিফালৰ মহিলাই বিচৰা "বোপাইটো"যে নহয় সেইটো কব নোৱাৰা হ'লো । কোন সতেনো কওঁ !!! "বোপাইটো" ৰ সুৰ আৰু আকুলতা কেনেকুৱা আছিল মই সঠিক বুজাব নোৱাৰিম, ভাবি লওঁক স্কুলৰ পৰা গৰমত ঘামি অহা ল'ৰাটোক মাকে বিচনিৰে বিচি ভাত খুৱাইছে আৰু কৈছে এই শব্দটো বা জ্বৰ হৈ বিচনাত পৰি থকা সৰু পুতেকক মাকে বিচনাতে নি নেমুভাত দুটামান খুৱাইছে আৰু আনটো হাতেৰে মূৰটো পিটিকি পিটিকি কৈছে - বোপাইটো !! সুৰ আৰু টান সিমানেই । কেনেকে কওঁ ৰং নাম্বাৰ বুলি ?! দহ ছেকেণ্ডমান গ'ল, আকৌ ক'লে -বোপাইটো হয়নে?? - নহয় কওঁকচোন। কোনোমতে ক'লো । - অ' বেয়া নাপাবা । ল'ৰাৰ সিটো ফোন অফ । আৰু এটা নম্বৰ লিখি দি গৈছিল,টিপোতে ভুল হ'ল "হপায়" ।
মই আকৌ ক'লো - কওকচোন বাৰু মইও বোপাইটোৱেই । মহিলাই হাঁহিলে-…নাই । ডাঙৰ ল'ৰাটো আহিছিল । বাপেকৰ লগত কিবা কথাত ঠেঁহ লাগি ভাত নোখোৱাকৈয়ে গ'লগে । বাৰু থৈছোঁ দিয়া । এখেতে অচিনাকি মানুহক এনেকে কোৱা শুনা পালে মোৰ ফালে হ'ল আৰু ।
তেখেতে ফোন কাটি দিলে ।
তেনেই সাধাৰণ কথা । কিন্তু অসাধাৰণ হ'ল মোৰ কাণেৰে সোমোৱা সেই "বোপাইটো" যাৰকাৰনে অতি অদৰকাৰি যেন হ'লেও এইকেইটা কথা লিখিলোঁ ।
সেই "বোপাইটো" ত এনেকুৱা কিবা এটা আছিল যে অতি কাঠচিতীয়া মানুহকো গলাব !!
মাকবোৰৰ এই "বোপাইটো" মগজু ঠাণ্ডা কৰাৰ মহৌষধ । মাকবোৰে জানিব ।

সৰু সৰু কথাবোৰ.(২)

উপাৰ্জন কৰিব পৰা হোৱাৰ পাছত এবাৰ গুৱাহাটীৰ পৰা ঘৰলৈ যাওঁতে দেউতালৈ কিতাপ এখন কিনি নি তেখেতৰ হাতত তুলি দিছিলোগৈ - ল , মোৰ নিজৰ পইচাৰে কিনি আনিছোঁ - মহাৰথী ।
দেউতা ঢুকোৱাৰ পাছত এদিন এখন নোটবুক পাইছিলোঁ দেউতাৰ বস্তুবোৰ চিজিল লগাওঁতে । নোটবুকখন আছিল দেউতাৰ ডায়েৰীৰ দৰে । তাৰে এটা পৃষ্ঠাত লিখা আছিল :
"সৰু ল'ৰাই আজি মোলৈ কিতাপ এখন কিনি আনিছে নিজৰ পইচাৰে । মোৰ বিশ্বাস আছিল, পইচা ঘটিব পৰা হ'লে সি মোক কিতাপ দিব । সেয়ে মনটো ভাল লাগিছে ।"
এজন অতি অখ্যাত সাধাৰণ বাপেকৰ এই তিনিটা বাক্যই এই অখ্যাত পুতেকক জীৱনৰ বাবে চহকী কৰি থৈ গৈছে ।
--------------------
সিদিনা ফেচবুকত দিয়া এটা আপডেট দেখি কালি দুপৰীয়া ল'ৰা এজনে ফোন কৰিছিল (একেবাৰেই সৰু আৰু কথাত অকণমান আপোনত্বৰ বাবে এতিয়াৰে পৰা " সি" বুলি লিখিম) । নাম, ঠিকনা ন'কলে । জোৰ নকৰিলোঁ । উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ। সাতাইশ মিনিট কথা পাতি তাৰ মনটো বুজিলোঁ । আচলতে তাক কিবা উপদেশ দিব পৰাকে মোৰ অৰ্হতা বা অভিজ্ঞতা কোনোটোৱেই নাছিল । তথাপি সি অকল ফেচবুকত আপডেট দেখি "আমাৰ অসম" ৰ লেখাৰ পৰা মোৰ নম্বৰ ওলিয়াই আগ্ৰহেৰে মোলৈ ফোন কৰাৰ বাবে টোপনি আধাতে এৰি তাৰ কথা আগ্ৰহেৰে শুনিলোঁ, মোৰখিনি ক'লো । সি কিমান সন্তুষ্ট হ'ল মই গম নাপালোঁ তথাপি সি "আকৌ কৰিম" বুলি আগ্ৰহেৰে কোৱাত অনুমান কৰিছোঁ সি মোৰ কথাখিনি দলিয়াই পেলোৱা নাই ।
ফোনৰ প্ৰথম দহ মিনিটতে আকৌ এবাৰ সেই অপ্ৰিয় সত্য- একাংশ ল'ৰা-ছোৱালী হতাশগ্ৰষ্ট হোৱাৰ মূলতে হ'ল কেৱল ষ্টেটাচৰ বাবে সন্তানৰ ইচ্ছা, আকাংক্ষাক ভৰিৰে মোহাৰি মাক দেউতাকৰ সন্তানক লৈ অতি উচ্চাকাংক্ষা আৰু সন্তানৰ বুকুত আঘাট হানি বাৰে বাৰে বেলেগৰ লগত তুলনা । এই ফোন কৰা ল'ৰাটোক মাক বাপেকে তাক মেডিকেল কোচ্চিং দিয়াৰ মূলতে হ'ল তাৰ বৰদেউতাকৰ ল'ৰা-ছোৱালী হালেই ডাক্তৰ !! এতিয়া মাকে তাক কয়: তোমাৰ নামৰ আগত ডাক্তৰ লিখাতো ডাঙৰ নহয় । ডাঙৰ পাপাৰাৰ নাকটো । তোমাৰ ছিকিউৰড ফিউচাৰ ।
"দাদা, মোৰ মন আছিল বিশ্ব ভাৰতীলৈ যোৱা । আৰু এইটো মই এবাৰ পাপাক কওঁতে যি পৰিস্থিতি হ'ল সেইয়া যদি আপোনাক কওঁ আপুনিও মোক কব যে তুমি ডাক্তৰেই হোৱা । পাপাহতঁৰ যুক্তিবোৰ ষ্ট্ৰং …।"
বিশ্ব ভাৰতীত কি ফিউচাৰ ছিকিউৰড নহয়??
মই তাক ক'লো পাপাৰ নম্বৰটো দিয়া । নাম নোকোৱাকৈয়ে কথা পাতিম । নিদিলে ।
সি আকৌ ফোন কৰিব । তাৰ অনুমতি লৈ সৱিশেষ লিখিম । লেখা বা গল্প ।
এনেকৈয়ে কিছুমান কম বয়সীয়া ল'ৰা ছোৱালী হতাশাৰ কৰাল গ্ৰাসত পৰিছে দিনে দিনে । বাতৰিৰ শিৰোণামা হৈছে । কিছুমান মাক দেউতাকে ষ্টেটাচৰ এটা ফটা ছাতি লৈ ৰৈ আছে - পুতেক জীয়েকে নিজৰ ইচ্ছা আকাংক্ষাক সৎকাৰ কৰি তেওঁলোকৰ "নাক" বচাওকহি । কিবা প্ৰকাৰে হলেও । বেলেগৰ ল'ৰা ছোৱালী হৈছে- আমাৰ কিয় ন'হব ??
মাক-দেউতাকে সন্তানৰ বেয়া হোৱাতো নিবিছাৰে । সকলোৱে সন্তানৰ মংগল কামনাই কৰে । কিন্তু সিহঁতক এবাৰ সুধি চোৱাতো ?? সিহঁতৰ ভিতৰত কি লুকাই আছে?? মাক দেউতাকক গৰ্বিত কৰাৰ কিমান ৰাষ্টা আছে !!
শিক্ষকতা, নাটক, সংগীত, চিত্ৰ -আৰু কিমান কি !! যিবোৰ জন্মতে ল'ৰা ছোৱালীৰ তেজত শিপাই আহিছে আৰু মনে মনে ভাবি আছে-…মই এদিন হমগৈ ।
কোনে বুজাব কোনে শুনিব !!

ডাক্তৰ


মনত আছে । আমাৰ ওচৰে পাজৰে থকা তিনিখনমান গাঁও মিলি ডাক্তৰ আছিল এজনেই । ৰাজদূত লৈ আহে । লগতে মূগা ৰংৰ চাম্ৰাৰ বেগ এটা । গৃহস্থক গৰম পানী আনিবলৈ দি সেই পানীত ফিৰিছ ফিৰিছকে ছিৰিঞ্জ ষ্টেৰিলাইজ কৰে । নিডলটো পানীৰ বাতিটোত থওঁতে সামান্য কিটিংকে শব্দ এটা হয় । ফিৰিছ ফিৰিছ শব্দৰ লগত গৰম পানীৰ বাতিত ঢৌ উঠা ফেনখিনি চাবলৈ আৰু এই কিটিংকে উঠা শব্দটো শুনিবলৈ মোৰ ভাল লাগে । তাৰ পিছত তেখেতে বেজী দিয়ে । বেজী দিয়াৰ পাছত চোলাৰ হাতদুখন কোচাই ষ্টিলৰ ফিটাৰ ঘড়ীটো সামান্য ঝুনঝুননি উঠাকে পিছলৈ নি লৈ চাবোনেৰে হাত ধোৱে । লাক্স । লাক্সৰ গোন্ধে মলমলাই থকা হাতদুখন মচি বহী এখনৰ পিছফালৰ পাতত দৰৱ লিখে । সুন্দৰ আখৰ । সেইখন লিখি উঠি চাহ খায় ঘিলাপিঠা, লুচি আদিৰে । পিঠা হ'লেও এটা এৰিব, লুচি হ'লেও এখন । কেচ থাকিলে যায়গৈ, ন'হলে দে'তাৰ লগত কথা পাতে ।
মই ছিক্সত নেকি ! পৰিয়ালৰে তেতিয়াৰ দিনত আৰ্থিকভাৱে দূৰ্বল মানুহ এঘৰলৈ দে'তাই ডাক্তৰক মাতি আনিলে । ৰাতি এঘাৰটা মানত । তেখেত আহিল । ৰুগী চালে । বেজী দিলে তিনিটামান । তাৰ পিছত ওপৰত বৰ্ণনা কৰাখিনি কৰিলে । মাথোঁ ইয়াত চাহৰ সলনি কেঁঞা তামোল ।
গৃহস্থৰ হাতত পইচা নাছিল । তেওঁ অতি দোষী দোষী ভাৱেৰে "বেয়া চেয়া নাপাব" জাতীয় কিবা এটা কৈ টকা দহটা তামোলৰ বঁটাটোত থলে । দে'তাই ক'লে- ৰ'ব মই চাওঁ । ডাক্তৰে হাত এখনেৰে নালাগে বুলি ইংগিত দি সেই একেখন হাতেৰেই নিজৰ জেপ খুচৰি পঞ্চাশ টকাৰ নোট দুখন ওলিয়ালে আৰু বঁটাত থকা দহ টকাৰ লগত মিলাই এশ দহ টকা কৰি একেটা বঁটাতে ওলোটাই গৃহস্থলৈ আগুৱাই দিলে - এইটো ৰাখক । ৰাতিপুৱাই দৰৱ কেইটা আনিব । মই পাৰিলে পাক এটা মাৰিম ।
গৃহস্থই চকুপানী টুকিলে । ৰাতি বাৰমান বাজিছিল তেতিয়া ।
সাধু নহয় । মই নিজ চকুৰে দেখা । আৰু তেতিয়াৰ দিনত তেখেতৰ এইটো এটা সামান্য উদাহৰণ ।
ভগৱানে ৰাজদূত এখন লৈ ৰুগীয়া মানুহৰ ঘৰে ঘৰে ঘূৰি ফুৰিছিল ।

মাছবেপাৰী


আচল নাম কিজানি হাচান আছিল । আমাৰ মানুহৰ মুখত পৰি হ'লগৈ হাচেন । হাচেন মাছবেপাৰী । ৰাতিপুৱাই কান্ধত ওলোমাই অনা পাচিত এপাচি মাছ লৈ কমেও আঠ কিলোমিটাৰ খোজকাঢ়ি হাচেনে তিনিখনমান গাঁও কভাৰ কৰিছিল । মুখত ভোবোকা পকা দাড়ি, দাড়িৰ মাজত বিড়ি, ভৰিত খটপ খটপ শব্দ কৰি অহা প্লাষ্টিকৰ ৰঙা জোতা আৰু ওচৰকৈ গ'লে মাছ মাছ গোন্ধ এটা - হাচেনৰ আইডেন্টিফিকেশ্যন ফিচাৰচ এইখিনিয়েই ।
হাচেনে আমাৰ ঘৰত মাছ দিছিল মাহেকীয়া বাকীৰ হিচাবত । মাহেকৰ মূৰত পইচা নিয়ে । ভাল মাছ আনিলে তেওঁ মাছ লাগিবনে বুলি নোসোধে । চিধাই পিছফালৰ চোতাললৈ আহি মাছ ওজন কৰি মাই ক মাতে - বৌ একটা বাচন আনক । দে'তাই কেতিয়াবা তেওঁক টানকৈ কয় - নোসোধাকে ইমান ডাঙৰ মাছ কিয় দিলি ?? হাচেনে দাঁতেৰে বিড়িদাল কামূৰি ধৰি ক'ব : ভাল মাছ মাষ্টৰ বাবু । কাইপেলাই (খাই) ক'ব আমাক পিছত ।
কেতিয়াবা হাচেনে মাছ বেচি ওভতি যাওঁতে সিয়েই দি যোৱা মাছেৰে চোতালতে বহি কলাপাতত ভাতকেইটামান খাই যায় । মাছৰ সোৱাদ নহলে মনে মনে লাজ পায় । ভাল হ'লে " মই কৈছিলোনে মই কৈছিলোনে " বুলি আত্মগুণ বখনাত মত্ত হয় ।
হাচেনৰ পুতেক কেতিয়াবা লগত আহে । সি মেট্ৰিক পাছ । সিহঁতৰ গাঁৱৰ প্ৰথম মেট্ৰিক পাছ । দে'তাহঁতে তাক কিতাপৰ খৰচৰ বাবে দুই এটকা দিয়ে । সি নমস্কাৰ কৰি পইচা লয় ।
সি তেনেকৈয়ে অতি কষ্টেৰে সঁচা অৰ্থত এসাঁজ খাই তিনিসাঁজ নাখাই হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ লগে লগে হাচেনৰ মন মগজুত এটা অতি ভয়ংকৰ ভুল ধাৰণাৰ পোকে বাঁহ ল'লে যে বিএ পাছ কৰাৰ লগে লগেই পুতেকৰ চাকৰি হ'ব আৰু তাৰ ইমান দূৰ খোজকাঢ়ি আহি মাছ বেচাৰ দুখৰ দিনৰ অন্ত পৰিব । চাকৰিও মানে একেবাৰে "ভাল চাকৰি" ।
: মাষ্টৰ বাবু…ল'ৰাই এইবাৰ পাছ কৰিলেই চাকৰি পাব বুলি মনে হয় । তাৰ পিছতে এই কাম এৰিম । তাৰ আম্মাইও কৈ আছে বয়চটা আমাৰ বেছি হৈয়া গেছে । দেহাই নাটানা হৈছে ।
দে'তাই হাচেনক নিৰাশ নকৰে ।মই পঢ়া টেবুলৰ পৰা হাচেনে দে'তাক জুহালত কোৱা এইবোৰ কথা শুনি থাকোঁ । মই তেতিয়া মেট্ৰিক দিম ।
যথাসময়ত হাচেনৰ পুতেকে একেবাৰতে বিএ পাছ কৰি সিহঁতৰ সংখ্যালঘূ গাঁৱৰ প্ৰথম গ্ৰেজুৱেট হ'ল । তেতিয়ালৈ হাচেনৰ শৰীৰৰ ওজন আৰু কমিল । মাছ বেচিবলৈ প্ৰতিদিনৰ সলনি সপ্তাহত দুদিন অহা হ'ল । মই হায়াৰ ছেকেণ্ডাৰী পাছ কৰি পঢ়িবলৈ ওলাই আহিলোঁ ।
পঢ়ি থাকোতেই এবাৰ ঘৰলৈ যাওঁতে বহুত দিনৰ মূৰত হাচেন আহিল । মাছৰ আগৰ কোৱালিটি নাই । হাচেনৰ চেহেৰাও একেবাৰে নাই । অতি ভয়ে ভয়ে সুধিলোঁ : হাচেন কাই, ল'ৰাৰ কিবা ??
হাচেনে দুখেৰে বিড়ি হুপি ক'লে - একো নাই । চবকিটা মানুহেই কৈছিল বিএ পাছ কৰিলে চাকৰি হয় । ন'হল । এতিয়া এইবোৰ কাৰবাৰতে ধৰিব আৰু !! আৰু…
আৰু??
হাচেনে বিড়িটো পেলাই ক'লে - আৰু আমাৰ গাঁৱৰ "মিয়াঁ" ল'ৰাবোৰ গোটাই সি সিহঁতক ইংৰাজী কিতাপ এইবোৰ পঢ়াই । সিয়েই বহুতকিটা বেপাৰীৰ ল'ছালিক স্কুল পথাইছে ।
-পইচা কিমান দিয়ে ।
- নাহ !! পইচা কোনে ক'ৰপৰা দিব । চবকিটা দুখীয়া বেপাৰীৰ ল'ছালি ।
মাছবেপাৰী হাচেনৰ পুতেকলৈ কিবা এটা শ্ৰদ্ধা ওপজিল । আচল শিক্ষাৰে শিক্ষিত মানুহ যেন সিহে !! মনে প্ৰাণে কামনা কৰিলোঁ সি যেন চাকৰি এটা পাওঁক ।
হাচেন ঢুকাল কেইবছৰমান আগতে । পুতেকে চাকৰি পালেনে নাই নাজানোঁ । কিন্তু মই নিশ্চিত যে যদি সি বাপেকৰ বৃত্তি লৈছে তেন্তে সি মেট্ৰিক ফেইল গ্ৰাহকৰ পৰাও ধমকি শুনিছে । মনে মনে সি ভাগ্যক ধিয়াইছে । সি হয়তু কোনোদিন কাকো মুখ খুলি কব নোৱাৰিব - সিও যে এটা বিএ পাছ মাছবেপাৰীহে ।

অভিভাৱক (১)


এইবাৰ বটদ্রৱাৰ দৌলোৎসৱৰ মেলালৈ গৈছিলোঁ । পৰঠা, জেলেপী খাই, মানুহৰ সোঁত চাই চাই আহি আহি আলিবাট প্রকাশনৰ গ্রন্থ বিপনীত এখন্তেক ৰলোঁহি । কিতাপ লিৰিকি বিদাৰি চাই বিপনীৰ স্বত্বাধিকাৰীৰ লগত দুই এষাৰ কথা পাতিলোঁ । পৰাগ দাসৰ কিতাপ এখন ললোঁ । আলিবাটৰ ওচৰতে আছিল আন এখন বিপনী । সেইখনত শিশু সাহিত্যৰ কিতাপো দুই এখন ওলমাই থোৱা হৈছিল সমুখেৰে যোৱা মানুহে দেখাকৈ । এনেকৈ থাকোতেই দেখিলোঁ দহ বাৰ বছৰীয়া ল’ৰা এটাই মাকৰ হাতত ধৰি দোকানখনৰ ফালে টানিছে – মাই... কিতাপ...কিতাপ...আহছোন । ৰঙ-বিৰঙৰ মেলা এখনত, জেলেপী, খেলাবস্তু, মণিহাৰীৰ মাজত ল’ৰাটোৰ দৃশ্যটো দেখি ভাল পালোঁ । পিছে ভাল পালে হ’ব কি ?? ল’ৰাটোৰ মাতৃদেৱীৰ বক্তব্য শুনক – ঢেই মূৰ্খদাল !! মেলালে আহিনো কিতাপৰ দোকান চাইনে ?? ব’ল...ব’ল...এইয়া দিছো নহয় (হাতত লৈ থকা হৰেক কিচিমৰ বস্তুলৈ দেখুৱাই) । পিছে ল’ৰা আকোৰগোঁজ –ব’লাচোন...চামহে... নলওঁ নহয় । এইবাৰ মাকে সমস্যাটো তেওঁলোকৰ পিছে পিছে আহি থকা ল’ৰাৰ বাপেকলৈ ঠেলিলে । হে’ৰা চোৱাচোন ইয়াক । ক’ৰ কিতাপৰ দোকান চাবলৈ যায় । এটা হাতত এটা কেৰাহী আৰু এটা কাঠৰ সজোৱা বস্তুৰে ভৰা মোনা আৰু আনখন হাতত প্লাষ্টিকৰ ফুল, ঝাৰু, আৰু নানান ৰঙীন বস্তুৰে ফোঁপাই জোঁপাই অহা বাপেকৰ খঙটো কিজানি চুলিৰ আগত লাগি আহিছিলেই । পত্নীৰ অভিযোগ পাই তেখেতৰ খঙৰ বহিঃপ্রকাশ ঘটিল – গলত ধৰি লৈ আনাচোন তাক । অত বস্তু দিছো আকৌ কিতাপ চাবলৈ লাগে !!!
হয়েইতো—মেলাহেন ঠাইত কিতাপৰ দোকান থকাটোও মহাপাপ !!
মুঠতে কিতাপৰ দোকানলৈ যাওঁ বুলি সেই অবোধ বালকে এনে এটা মাৰাত্মক ভুল কৰিলে যে মাক বাপেকৰ ধৈৰ্য্যৰ বান্ধ ছিগিল আৰু সঁচাকৈয়ে মাকে ল’ৰাক গলত মানে চোলাৰ কলাৰত ধৰি টানি টানি সেই নিষিদ্ধ ঠাইৰ পৰা আঁতৰাই লৈ গ’ল ।
দৃশ্যটো চালোঁ । পাঁচ মিনিটমানৰ দৃশ্য । আলিবাটৰ পৰা কিতাপ লৈ আমিও একে বাটেৰেই বাহিৰ ওলাই আহিলোঁ । এশ মিটাৰমান আহিয়েই দেখিলোঁ সেই কিতাপৰ দোকান চাবলৈ বিছৰা অপৰাধী বালকে হাতত পলিথিনৰ ছোটা ভীম এটা লৈ আছে আৰু মাকে মুখেৰে ফুৱাই ফুৱাই তাক ঘূগুনী জাতীয় কিবা এটা খুৱাইছে, নিজেও খাইছে আৰু বাপেকে হাতৰ মীনাবজাৰখন মাটিত নমাই থৈ খন্তেক জিৰাইছে ।
সাজে পোছাকে মাক-দেউতাক ভদ্রলোক-ভদ্রমহিলাই আছিল ।
আৰু আমি কালিলৈ এই ল’ৰাক কিমান দোষ দিম ঐ !! আজিকালি ল’ছালিয়ে কিতাপ নপঢ়ে... ।

Tuesday 21 July 2015

ডিপ্রেশ্যন


##
মাহত মই তিনি চাৰিটা মোৰ লেখা পঢ়া মানুহৰ বা লগ নোপোৱা ভাৰ্চুৱেল চিনাকি মানুহৰ ফোন পাওঁ । এই ফোনবোৰত মই বৰ আগ্রহেৰে কথা পাতোঁ । ভাল পাওঁ কথা পাতি বিশেষকৈ কথা বতৰাত প্রৱল সম্ভাবনা দেখুওৱা কম বয়সীয়া, নতুনকৈ ডেকা হোৱা ল'ৰাহঁতৰ লগত। সিহঁতৰ দুনীয়াখন অলপ বেলেগ কিন্তু খুবেই সুন্দৰ ।
মোৰ পৰামৰ্শ দিয়াৰ যোগ্যতা নাই বুলি জানিও যেতিয়া বিশেষকৈ কম বয়সীয়া ল'ৰাই ফোন কৰি কিবা কথাত পৰামৰ্শ বিচাৰে তেতিয়া সেই বিষয়ত মোৰ জ্ঞান নাথাকিলেও মই পঢ়ি বা বেলেগ বিজ্ঞজনক সুধি কিবা এটা সহায় কৰিবলৈ চেষ্টা কৰোঁ আৰু এই কথাই মোক আনন্দ দিয়ে । অসীম ।
শৰতৰ কোনো এটা দিনতে এদিন অতি মৰমলগা মাতৰ ল'ৰাজনে ফোন কৰি চিনাকি হৈ ইটো সিটো কথা পতাৰ পিছত ক'লে - দাদা মোৰ মনটো বেয়া লাগি থাকে
দুমাহ মানৰ পৰা । কাৰণ সোধোতে যি কেইটা কাৰণ ক'লে গোটেইকেইটাই একেবাৰে সাধাৰণ । সি লাহে লাহে পঢ়াশুনা, আগ্রহ সকলো হেৰুৱাইছে । মই গুগলতেই হওঁক বা বেলেগ কিতাপতেই হওঁক বা মোৰ বৃত্তিগত কাৰণতেই হওঁক, হতাশা বা ডিপ্রেশ্যনৰ বিষয়ে অধ্যয়ন কৰিছোঁ আৰু মেডিকেল এচপেক্টখিনি বাদ দি লক্ষন বা প্রতিকাৰ বা প্রতিৰোধৰ বিষয়ে অলপ অচৰপ বুজি পোৱা বা বুজাব পৰা হৈছোঁ । মোৰ প্রশ্নকেইটাত মই ল'ৰাজনৰ পৰা যিকেইটা উত্তৰ পালোঁ সেইকেইটাৰ পৰা অনুমান কৰিব পাৰিলোঁ যে ল'ৰাজনে ইতিমধ্যে ডিপ্রেশ্যনৰ চিকাৰ হৈ লাহে লাগে মেজৰ ডিপ্রেচিভ ডিচঅৰ্দাৰলৈ গৈ আছে । লাহে লাহে তাৰ আত্মহত্যাৰ প্রৱনতা বা ছুইচাইডেল আইডিয়েশ্যন জাগি উঠিছে ।
মোৰ ভাষাৰে তাৰ মনত সোমোৱাকে ক'লো- চোৱা ডেকা ! তোমাৰ এইটো এটা সাধাৰণ ৰোগ, ইয়াত তোমাৰ একো দোষ নাই । কিবা কাৰণৰ সুযোগ পালেই এই ৰোগে আক্রমন কৰিব পাৰে যিকোনো মানুহক, বয়সক । সাধাৰণ ৰোগ কিন্তু অৱহেলা কৰিলে বিপদ । আচৰিত ন'হবা যে ভাৰতত বৰ্তমান প্রতি দহজন মানুহৰ এজন এইৰোগত আক্রান্ত কিছুমান সামাজিক কাৰণত, কিছুমান ব্যক্তিগত কাৰণত আৰু কিছুমান নিজৰ পেছাগত কাৰণতো । এইটো বৰ্তমান সময়ৰ তেনেই সাধাৰণ কথা কিন্তু মনোৰোগ বিশেষজ্ঞৰ ওচৰলৈ যাবলৈ কৰা সংকোচৰ বাবে ই দিনে দিনে ভয়াবহ ৰূপ লৈছে । আৰু মানসিক চিকিৎসকৰ ওচৰলৈ যোৱাৰ এই সংকোচৰ বাবেই কথাবোৰ ভিতৰি ভিতৰি বাঢ়ি গৈ এসময়ত ছুইচাইডেল আইডিয়েশ্যন বা হ'মিচাইডেল আইডিয়েশ্যনে মাৰাত্মক ৰূপ লয় । পশ্চিমীয়া দেশত এই মনোৰোগ বিশেষজ্ঞ বা মানসিক চিকিৎসকৰ ওচৰলৈ যোৱাটো তেনেই সাধাৰণ কথা । তাত এই সামাজিক সংকোচ নাই । সেয়েহে সেইবোৰ দেশত ডিপ্রেশ্যন, এংজাইটি, বাইপ'লাৰ ডিচঅৰ্দাৰ আদি আগতকৈ যথেষ্ট নিয়ন্ত্রনলৈ আহিছে । কিন্তু আমাৰ দেশত এই বিশেষজ্ঞৰ ওচৰলৈ যাবলৈ ক'ৰা সংকোচৰ বাবে বৰ্তমান ই শিপাইছে বৰ বেয়াকৈ । সমাজে কি ক'ব মানসিক চিকিৎসকৰ ওচৰলৈ গ'লে -এই ধাৰণাই সাধাৰণ ৰোগটো জটিল কৰি তুলিছে দিনে দিনে ।
আৰু তুমি শুনি আচৰিত হ'বা যে মই পঢ়ি যিখিনি বুজি উঠিছোঁ প্রাৰম্ভিক অৱস্থাত কোনো ঔষধৰ ব্যবহাৰ নকৰাকৈ কেৱল কথা পাতি মানে কাউন্সেলিং আৰু সাধাৰন জীৱন শৈলীৰ পৰিৱৰ্তন মানে লাইফষ্টাইল মডিফিকেশ্যনৰ দ্বাৰা দুই তিনি সপ্তাহৰ ভিতৰতে তুমি ইয়াৰ পৰা মুক্ত হ'ব পাৰিবা । তোমাৰ দৰে ইন্ত্রভাৰ্ট মানুহৰ বাবে কাউন্সেলিং বিশেষ জৰুৰী । দুই এটা অতি সহজ অনুশীলন যেনে প্ৰাৰ্থনা, প্ৰাণায়াম বা যোগ-আৰু দেখিবা আৰু তোমাৰ মন ফৰকাল । গতিকে বাকী সংকোচবোৰক পিছঠেং মাৰি তুমি এবাৰ যোৱাচোন । জীৱনটো তোমাৰহে । এইবোৰ তেনেই সাধাৰণ কথা । যোৱা এবাৰ । কোনে কি কয় কেয়াৰ নকৰিবা । চিকিৎসকৰ ঠিকনা পাতি ময়েই যোগাৰ কৰি দিম । আৰু যেতিয়াই ইচ্ছা মোৰ লগত কথা পাতিবা, মই শুনিম, পাতল লাগিব তোমাৰ ।
মোৰ বাবে অতি ভাগ্য আৰু আনন্দৰ কথা যে ডেকাই মোৰ কথাখিনি বুকুত ল'লে ।
এসপ্তাহৰ পাছত সি মানসিক চিকিৎসকৰ ওচৰলৈ গ'ল । কাউন্সেলিং কৰালে । তিনিসপ্তাহত সি আগৰ ল'ৰাটো হ'ল । এতিয়া আগৰ দৰেই পঢ়া শুনা, গান, কিতাপ, চিনেমা-সকলো আগৰ দৰেই । মোলৈ মাহেকে পষেকে ফোন কৰে । সপ্ৰতিভ ।
যোৱা সপ্তাহতো সি ফোন কৰিছিল ।
"এসময়ত যে মই কিয় ইমান হতাশ হৈ আছিলোঁ এতিয়া হাঁহিহে উঠে " ।

দিল্লীৰ কথা (৫)

হাডচন লেনত ফুটপাথতে বেচি থকা ডাব নাৰিকল এটা খাবলৈ ৰ'লো । বৰ মৰমলগা কলেজীয়া ল'ৰা-ছোৱালী এহালে নাৰিকল খাই আছিল । পিন্ধন-উৰণ আৰু চাল চলনত ধৰিব পাৰি ল'ৰা-ছোৱালীহাল মাৰ্জিত আৰু সংস্কাৰ থকা ঘৰৰ । দুয়োটাই একেডাল পাইপেৰেই নাৰিকলৰ পানী খাইছিল । সৰু সৰুকৈ ছোৱালীজনীয়ে কৈছিল: পাপাকৰ বাবেই ভয়-বাকীখিনি দেখা যাব । সময়ো আছে হাতত তিনি বছৰমান । কিন্তু সি শাস্ত্ৰীয় সংগীত কমপ্লিট কৰিহে যাতে বেলেগ চিন্তা কৰে । 
সিহঁতৰ কথাবোৰ শুনিবলৈকে দুই মিনিটৰ ডাবে ল'লে পোন্ধৰ মিনিট । এনেকুৱা প্ৰেমালাপ শুনাও সৌভাগ্য দিয়কচোন স্মাইলীৰ পৃথিৱীত । 

এনেকে ভালপোৱা ল'ৰা-ছোৱালীবোৰ দেখি কম ভাল লাগেনে !! অকণমান গোপনীয়তা, ভবিষ্যতৰ সপোন ! এইটোৱেইটো বয়স!! 

ভালপোৱা মানুহবোৰ ভালে থাকক । পৃথিৱীখন তেওঁলোকৰে ।

----------------------------------------------------
এটিএম বিচাৰি খোজকাঢ়ি আউট্ৰাম লেনত গৰমত সিজি সিজি ক'ল্ড ড্ৰিংক খাবলৈ ফুটপাথৰ দোকান এখনত ৰ'লো । অস্থায়ী চালি কিন্তু প্ৰায় স্থায়ী । লম্বা চুলিয়া ডেকাই মোক ক'ল্ড ড্ৰিংক আৰু চিগাৰেট দিলে, বেঞ্চত মোৰ কাষতে বহা অট'ৱালাক চাহ আৰু নিমকি দিলে, চেঙেলীয়া এটাক খুচুৰা নাই বাবে শিখৰৰ পেকেট দিও ওভতাই ল'লে আৰু ইয়াৰ পাছতে চুলিখিনি ঠিক কৰি মোৰ কাষতে বহি চেলফ্ ৰ পৰা উলিয়াই চামুচ এখনেৰে বুকমাৰ্ক দি থোৱা আধা পঢ়া ইংৰাজী কিতাপখন পঢ়িবলৈ লাগি গ'ল । মাজতে এখন পকেট ইংৰাজী-হিন্দী অভিধানো উলিয়াই ল'লে । মোৰ ক'ল্ড ড্ৰিংক শেষ হয় মানে সি এক পৃষ্ঠা পঢ়ি অতাইছিল ।

----------------------------------------------
বেকাৰী দোকানখনৰ কাষতে অতি ক্ষীণকায় কুকুৰৰ পোৱালীটো কাকো একো আমনি নিদিয়াকৈ শুই আছিল । পাঁচ বছৰমান বয়সৰ ল'ৰাটোৱে আহি কুকুৰৰ পোৱালীটোক ভৰিৰে গোৰ এটা শোধালে । কুকুৰটোৱে কেংকেঙাই উঠিল । বেকাৰীৰ দোকানৰ ভিতৰৰ পৰা বাপেক ওলাই আহি পুতেকৰ বীৰত্ব দেখি ভাল পালে । কুকুৰৰ পোৱালীটোক যাব নোৱাৰাকৈ বাট ভেটি ধৰি পুতেকক হাঁহি হাঁহি ক'লে " লাগাও…অউৰ এক লাগাও!" ।
অলপ আগতে এই দৃশ্যটো দেখি গংগাজল চিনেমাৰ সাধু যাদৱ আৰু পুতেকলৈ মনত পৰিল ।
ল'ৰা ডাঙৰ হৈ যাতে ওলোটাই গোৰ শোধাই নকওক" আপনে হি চিখায়া থা…"
মানুহ এজনে বিস্কুত এটা দি কুকুৰটো মাতি নিছিল । দূৰলৈ । বাপেক পুতেকৰ পৰা বচাবলৈ ।

বিশ্বকৰ্মাইও মোক সুদাই এৰা নাই !


২০০০ চনত আমাৰ এখন স্কুটাৰ আছিল । এন ভি । আমাৰ বাবে ঢেৰ । হোষ্টেলৰ পৰা ঘৰলৈ গ'লে সেইখনত উঠি পাক দিওঁ । ৰং-বৰণ, কণ্ঠ চব থিকেই আছিল মাত্ৰ কেতিয়াবা মন গ'লে ষ্টাৰ্ট বন্ধ হয় । তাৰ পিছত সাধ্য নাই । মন গ'লে এবাৰতে হ'ল, মন নগ'লে নাই ।
গৰমৰ বন্ধত ঘৰলৈ যাওঁতে এদিন সেইখন লৈ টাউনৰ ফালে টহল দি আছিলোঁ । কোনো সমস্যা নিদিয়াকে চলি আছিল ।
ৰিক্সাৰে আহি আছিল কটনত একেলগে পঢ়া বান্ধৱী । ডিপাৰ্টমেন্ট বেলেগ, বন্ধত তেওঁও আহিছে । মই আছিলোঁ ষ্টাৰ্ট বন্ধ কৰি বন্ধুৰ লগত কথা পাতি । বান্ধৱীয়ে মাত লগালে ।
:দেৱাংগ……
:অ'… ভাল…আহিলোঁ…চলিছে থিকেই…। কলৈ গৈ আছা? মিছন মাৰ্কেট ?? ৰিক্সা এৰি দিয়া । মইও সেইফালেই গৈ আছোঁ…মোৰ লগতে যাব পাৰিবা ।
বান্ধৱীয়ে মোৰ কথাত পতিয়ন গৈ ৰিক্সা এৰি দিলে । বন্ধুৰ লগত স্কুটাৰত যাব ।
মই বন্ধুক বিদায় দি স্কুটাৰ ষ্টাৰ্ট দিলোঁ। এবাৰ, দুবাৰ, দহবাৰ- নাই ন'হল । বেঁকা কৰি, পোণ কৰি, জোকাৰি, শুৱাই ষ্টাৰ্ট কৰিছোঁ , স্কুটাৰৰ কেৰেপ নাই । সি নিজৰ মতত অটল হৈ আছে- আজি নহওঁ …মন বেয়া ।
ঘাম ওলাইছে, ফোঁপাইছো । লাজ-মান খণ্ডবাক্যৰ অৰ্থ কেনেকুৱা বুজিছোঁ প্ৰতিটো কিক্ ৰ লগে লগে । অৱশেষত সূহৃদয় বান্ধৱীয়ে উপায়হীন হৈ শেল মাৰিলে- মই ৰিক্সা এখনকে লৈ যাওঁ দিয়া, তুমি লাগি থাকা ।
"তুমি লাগি থাকা" কথাকেইটা কাণত প্ৰতিধ্বনিত হৈ থাকিল । তাইও জানিছে ??
ৰিক্সাৰ পৰা স্কুটাৰত উঠিবলৈ নমা বান্ধৱী আকৌ ৰিক্সাত উঠি গুছি গ'ল ।
"তুমি লাগি থাকা"
বান্ধৱী গ'ল । কাষৰে ফুটপাথৰ দোকানত চাহ একাপ আৰু কে'ক এটাৰে শক্তি লৈ মই আকৌ কামত ধৰিলোঁ । না: । আজি মই নহওঁ।
আধা ঘন্টাৰ পাছত বান্ধৱী উভতি আহিল একেই ৰাষ্টাৰে । ৰিক্সাৰে । লুকাবলৈ সুবিধা নাপালোঁ । চলন্ত ৰিক্সাৰ পৰাই তেওঁ বাক্যবাণ এৰি গ'ল:
"তুমি ষ্টাৰ্ট দিয়েই আছা ???? "
তাৰ দুইমিনিটমান পাছতে ষ্টাৰ্ট হৈছিল ।
এটা কাম নোহোৱা ষ্টাৰ্ট । সকলো মষিমূৰ হোৱাৰ পাছত হোৱা ষ্টাৰ্ট । এক নিষ্ঠুৰ ষ্টাৰ্ট ।

জিভা



১) নগাঁৱৰ আটাইতকৈ পুৰণি আৰু প্ৰতিষ্ঠিত চাইকেলৰ ব্যৱসায়ী হ'ল চৰ্দাৰ সিং আৰু কাৰ্টাৰ সিং । জিলাখনৰ নব্বৈ শতাংশ চাইকেল বিক্ৰী হয় এই দোকানখনৰ পৰা । দোকানখন আজি কেবা দশক ধৰি গৌৰৱেৰে ঠিয় হৈ আছে । জীৱনৰ প্ৰথম চাইকেলৰ বাবে বহুতৰে স্মৃতি, আৱেগৰো সমল এই দোকান !! পিছে তাতে কি হ'ল ??? আমাৰ ঘৰৰেই তিনিখন চাইকেল কিনা হৈছিল "কাটাচিং" ৰ দোকানৰ পৰা । সিদিনা ভতিজীৰ চাইকেলো কিনিলোঁ এই কাটাচিংৰ পৰাই । দাদাইও ক'লে মাংস কাটাচিংৰ দোকানৰ ফালে গ'লেই পাম । কাটাচিং । আজি কেবাদশক জুৰি কাৰ্টাৰ সিং গৈ কাটাচিং হৈ আছে । নগাঁৱৰ কোনোবাই বুকুত হাত দি ক'ব পাৰিবনে তেওঁ কাৰ্টাৰ সিংৰ দোকান দেখিছে?? এবাৰলৈও কৈছে কাৰ্টাৰ সিং বুলি?? নাই !!?? তেওঁ দেখিছে কাটাচিংৰ দোকান, চাইকেল কিনিছে কাটাচিংৰ পৰা । আপুনি যদি নতুন আৰু কাৰোবাক গৈ সোধে কাৰ্টাৰ সিংৰ দোকান ক'ত, মানুহে ভাবিব ফূৰ্তি পানী খাই আপোনাৰ জিভা লুটি খালে । অকল চাইনবৰ্ডখন আৰু পৰিয়ালে জানে যে সেইজন কাটাচিং নহয় কাৰ্টাৰ সিংহে । মোৰ জেঠু এজনে আকৌ মোক এবাৰ কৈছিল অকল কাটাচিং এ ইমানখিনি কৰিব নোৱাৰিলেহেঁতেন লগত যদি লগত ককায়েক "চদাচিং" নাথাকিলহেঁতেন । চদাচিং কোন ওপৰত চাওক ।
২) ক'ত লগ পাম ? এটা কাম কৰিবি নগাঁৱত নামি পুৰণা দলংৰ ওচৰতে ৰ'বি । আলুকলী নামৰ হোটেল এখন আছে তাৰ সমুখতে । মই তাতে থাকিম । আলুকলী?? এইটো কি নাম?? বন্ধুৱে হাঁহিলে । ক'লো- অ' আমি আলুকলী বুলি কওঁ - আচলতে আলোক-অলি । বায়েক ভায়েকৰ নাম কিজানি । এতিয়া হোটেলখন আছেনে নাই নাজানো ।
৩) এইটো ঘটনা সখা প্ৰাঞ্জলে জানে ।
: তহঁতৰ তাত কালিলৈ যে হ'ব নাটকখনৰ নাম কি অ' ?
: "শুনি কোন"
: "শুনি কোন"??? এইটো কি নাটকৰ নাম ??" মই সঁচাকে বুজি পোৱা নাছিলোঁ ।
"অ' শুনি কোন । বুজি পোৱা নাই?? শুনি কোন মানে সত্যাকাৰী কোন " । ল'ৰাটোৱে মোক বুজাই দি গুছি গ'ল ।
নাটক আছিল "খুনী কোন" ।

অভিযোগ, অভিমান, সুখ

ছয়হাজাৰ টকাৰ টিকট কিনি বহিবলৈ পালোঁ দুজনৰ মাজত । সোঁফালে এজন ভীমৰ বংশধৰ আৰু বাওঁফালে মালা জপি থকা মহিলা । ছুৱাইন ফ্লুৰ জয়ময় ময়ময়ৰ দিনতে মহিলাই মোৰ মুখলৈ চাই মুখতে এটা গপচ হাঁচি মাৰিছে । জোৰকৈ লগা স্বত্তেও মই টয়লেটলৈ যোৱা নাই কাৰণ এই ভীমৰ ভায়েকক টোপনিৰ পৰা জগাই তেওঁৰ কলগছ হেন ভৰি ৰাষ্টাৰ পৰা আঁতৰাই পাৰ হৈ যাবলৈ এলাহ । তথাপি একো আক্ষেপ নাই । তেনেকৈয়ে আহি গুৱাহাটী পালোঁ মনে মনে । কমপ্লেইণ্ট নকৰাকে ।

কিন্তু গুৱাহাটীত নামি খানাপাৰাৰ পৰা নগাঁৱলৈ যাবলৈ এশ বিশ টকা ভাড়াত মোক খিড়িকীৰ কাষৰ ছিট লাগিবই লাগিব । আহক দাদা ছিট আছে । চাইদৰ ছিট?? উঠকচোন দাদা দিম বুলিছো নহয়। তাৰ পিছত যেতিয়া হেন্দিমেনে খিড়িকীৰ আইনাত মূৰ থৈ ফোনত প্ৰেমালাপ (বোধহয়) কৰি থকা জাগীৰোডলৈ যাব লগা ডেকাক পিছলৈ পঠিয়াই মোক খিড়িকীৰ কাষৰ ছিটটো দিলে, আস! কি এক প্ৰাপ্তিৰ আনন্দ!! সফল!! খুচ!! উৰাজাহাজত কিন্তু আহিছিলোঁ মেকুৰিৰ দৰে!
ভোকত ৰব নোৱাৰি ডেৰশ টকাৰে উৰাজাহাজত খালোঁ চেণ্ডউইচ এটা । পেটত পৰিলগৈ নে ডিঙিতে ৰ'ল ধৰিব নোৱাৰিলোঁ । ন' কমপ্লেইণ্ট । কিন্তু নামি গুৱাহাটীত দহটকাৰে বৰ্মন দাৰ দোকানত খোৱা পৰঠাখনক লৈ কিমান অভিযোগ । কি হে বৰ্মন দা, সাতৰ পৰা দহ কৰিলে কিন্তু চবজী ইমান পনীয়া?? ইমান দিনৰ মূৰত খাবলৈ আহিছো । তাৰপিছত বৰ্মন দাই নিজেই
চবজীৰ সৰু চচপেনটো হাতত লৈ চিলভাৰৰ হেঁতাখনেৰে আলুৰ টুকুৰা, মটৰমাহ জোলৰ পৰা বাছি বাছি মোৰ বাতিত দিছে- খা দেছোন বাচা , আটাহ নাপাৰিবি । বস্তুৰ যি দাম । এথেন কোক যাবি?? ঘৰক নে?? আৰু কথা শুনি শুনি মই সেই জোলকে ভোকত তৃপ্তিৰে খাইছোঁ । এই অভিযোগত আৰু তাৰ বিনিময়ত পোৱা এই ট্ৰিটমেন্টখিনিত এক বুজাব নোৱাৰা আনন্দ আছে । আনন্দ মানে আচলতে শান্তি ।
নামজ্বলা, উচ্চ পদত থকা মানুহ এজনে কোনো কাৰণ নোহোৱাকে ভাৰ্চুৱেলতেই হওঁক বা ৰিয়েলিটিতে হওঁক মোক নামাতা হ'ল । দেখিলেও মুখ ঘুৰাই দিয়ে । তথাপি আক্ষেপ নাই । পদৱীটো নথকাহলে আপুনি মোৰ দৰেই এজন সাধাৰণ মানুহ । গতিকে হু কেয়াৰচ । গতিকে সোধাও নাই। কিন্তু মোৰ চিন্তা হৈছে আজি তিনিদিন ধৰি মোক বিমলে মাত দিয়া নাই । বিমল চাহদোকানী । সদায় দেখিলেই নমস্তে দিয়া বিমলে মোক দেখিও মাতা নাই যোৱা তিনিদিন । কিয়?? আজি মোৰ অফিচ নাই গতিকে সন্ধিয়া তাৰ তাত বহি সুধিমগৈ কি হ'ল । কিয় নামাতিব সি মোক।
আচলতে আমাৰ এই অভিযোগ, অভিমান, সুখ এইবোৰৰ উৎস এই সাধাৰণ মানুহবোৰ, এই সাধাৰণ বস্তুবোৰতহে বেছিকৈ আছে নেকি?? নিজেও অতি সাধাৰণ বাবেই এইবোৰৰ প্ৰতিয়েই তৎক্ষনাত অভিযোগ, তৎক্ষনাত অভিমান আৰু এক তাৎক্ষনিক সুখ যিটো ডাঙৰ বস্তু বা মানুহৰ পৰা কোনোদিন নাপাম !!! কোনোদিনেই !!!!

হিন্দী


পাঁচবছৰ হ'ল দিল্লীত থকা, অতি কমেও বিশ-বাইশ বছৰ হ'ল হিন্দী চিনেমা চোৱা । তথাপি আজিলৈকে মোৰ জিভাত হিন্দী গপচ হোৱা নাই । কওঁ সলসলিয়াকে তথাপি কেতিয়াবা এনেকুৱা ঠাইত জিভা ৰৈ যায় যে সেইসময়ত অসমীয়া মিহলি কিবা এটা কৈ পৰিত্ৰান পোৱাৰ বাহিৰে উপায় নাথাকে । লাজ পাওঁ । লাজতকৈও বেছি নিজৰ ওপৰত হাঁহি উঠে । ধেই !! কি কৈ পেলালোঁ পতকে !!
সিদিনা ৰুদ্ৰ বৰুৱাৰ গীতৰ কৰ্মশালাত গ্ৰুপ ফটো উঠিবলৈ মঞ্চত থিয় হ'লো । একেবাৰে কাষত থিয় হোৱাৰ বাবে ফটোৰ পৰা বাদ পৰোঁ বুলি হিন্দীভাষী কেমেৰামেনক ক'লো : ভাইয়া দেখনা । জেইচে তেইচে মুঝে উঠানা । কৈয়েই মুখ টিপি ধৰিলোঁ - ধেই কি ওলাল এই খাৰখোৱা জিভাৰ পৰা !!! মঞ্চত থকা সকলোৱে হাঁহিলে । কেমেৰামেনে ৰসত ৰস দিলে : হাঁ জী …উঠাকে আপকো বাহাৰ লে জাউংগা ।
ইয়ালৈ প্ৰথম আহোতে বহুত পাচলি, ফলৰ হিন্দী নাম নাজানিছিলোঁ । আঙুলীয়াই দিওঁ : ৱ' দেনা… নেহি ওচকে বগল মেঁ । এদিন পাৰ হৈ যাওঁতে চবজিৱালাৰ তাত দেখিলোঁ ৰঙালাও এটা উলিয়াই থৈছে । ভাল পালোঁ দেখি । নাম নাজানো বাবে ৰঙালাওৰ কথা সুধিব পৰা নাছিলোঁ । চয়াবিনৰ লগত শুকান জলকীয়াৰে শীতকালত খাবলৈ ভাল । বাৰু, পাঁচ মিনিট পিছত ওভতি আহি দেখো দোকানিয়ে ৰঙালাওটো ভিতৰত সুমুৱাই থ'লে । লাগিল সমস্যা !! কি কওঁ ?? তেনেতে আপদিয়া জিভাই দিলেই নহয় : ভায়া আভি আভি জ' বাহাৰ ৰখা থা এক ৰঙা কৰকে গোল …। দোকানিয়ে বুজিলে । ৰঙালাও পালোঁ । আহোতে জিভাখন কামুৰি আহিলোঁ ।
লোহাৰ খুন্দনা এটা কিনিবলৈ গৈ বাচনৰ দোকানিক হাতৰে খুন্দি দেখুৱাই দিলোঁ : এইচে এইচে জ' খুন্দন দেতা হেঁ মচালা । বুঢ়া পেতুৱা দোকানিয়ে হাঁহি হাঁহি পৰিবলৈ বাকী । খুন্দনা পালোঁ । নিজৰ জিভাখনেই প্ৰথমে খুন্দিবলৈ মন গৈছিল ।
মেট্ৰ'ৰ ভিতৰত কোনোবাই এনেকুৱাকে বায়ু এৰিলে যে সেই কোচৰ যাত্ৰীৰ মাজত হাঁহাকাৰ লাগিল । তাতে খিড়িকী নাই । বায়ুৰ গোন্ধ ইমানেই শক্তিশালী আছিল যে কেবাজনো যাত্ৰীয়ে ওকালিলে, টোপনিত থকা কেবাজনো সাৰ পালে, হেডফোন লৈ থকা কেবাজনেও গান বন্ধ কৰি নাকত হাত দিলে , চেতন ভগত পঢ়ি থকা সুন্দৰীয়ে ভগতকেই নাকত লৈ ওকালিলে । মোৰ কাষৰজনৰ অৱস্থা গুৰুতৰ । তেওঁ বোলে আগৰ মেট্ৰ'খনতো একেই বিভীষিকাৰ নাকমুখী (মুখামুখী?) হৈ আহিছে । ভদ্ৰলোকে ৰুমালেৰে নাকত ধৰি মোলৈ চাই ক'লে : ### ইতনা গাণ্ডা দিয়া হেঁ …ক্যা ক্যা খাকে আতা হেঁ সুবহ সুবহ …।
মই তেখেতক উত্তৰ দিলোঁ : হাঁ বহত গেলা মাৰা হেঁ ।
সঁচা কথা ।

ভাত এসাঁজ


জীৱনৰ কিছুমান সৰু সৰু কথা মোৰ এনেকুৱা সূক্ষ্মভাৱে মনত আছে যে ভৱিষ্যতে যদি মই এলজাইমাৰ বা চিনাইল ডিমেনচিয়া জাতীয় ৰোগৰ চিকাৰ নহওঁ তেনেহ'লে মৰাৰ আগতো এই কথাবোৰ বৰ্ণনা কৰি যাব পাৰিম হয়তু । কথাবোৰ তেনেই সৰু পৃথিৱীৰ বাবে । মোৰ বাবে ডাঙৰ । মনলৈ আনি টোপনি যাব পৰাকে সাঁচ বহুওৱা ।
আমাৰ পৰিয়ালৰ ঠাল এটা আছে বিহালীত । মোবাইল, মানুহবোৰৰ নিজা গাড়ী নোহোৱালৈকে যোগাযোগ আছিল তেনেই সেৰেঙা । পাঁচ বছৰত এবাৰ । এতিয়া হৈছে যেনিবা ।
মই ক্লাচ চেভেনত থাকোতে বিহালীৰ ককা (মোৰ দেউতাৰ খুড়া) ৰ পুতেক আহিছিল পৰিয়ালটোৰ খৱৰ লবলৈ । মোৰ গৰমৰ বন্ধ চলি আছিল । ক'লো- খুড়া মোকো লৈ যাওঁক । তেজৰ সম্পৰ্কবোৰ চাবলৈ মন গৈছে । ঠিক আছে ব'ল ।
বিহালীত গৈ মই পোৱা আদৰ আৰু অভিজ্ঞতাৰ কথা ইয়াত লিখি শেষ কৰা অসম্ভৱ । বিয়লি বেলাত লিখিমগৈ কেতিয়াবা । কিন্তু ভাত এসাঁজৰ কথা এতিয়াই ন'কলে মোৰ শান্তি ন'হব । যোৱা ৰাতি অফিচত থাকোতে মনত পৰাৰে পৰা ভাবি আছো কাক কওঁ !
মোক ভাত খাবলৈ মাতিছিল কাষৰে খুড়া এজনৰ ঘৰত । দুয়োজন খুড়াৰ চোতাল এখনেই । বানপানীৰ দিন আছিল । সেই খুড়াজন আছিল খেতিয়ক । খুড়াহঁতে ঘৰৰ সমুখেৰে বাঢ়নি পানীৰে ফেনে ফুটুকাৰে বৈ যোৱা জানত টঙী জালেৰে মাছ ধৰিছিল । মই মূঢ়া এটাত বহি চাই চাই অনুভৱ কৰিছিলোঁ - জীৱনটো ইমানেই সুন্দৰনে !!
সেইদিনা ৰাতিপুৱা দহটামান বজাতেই খুড়ী আহি মোক- তুমি ভাত খাবলৈ যাবা বুলি খুড়াই ৰাতিপুৱাৰে পৰা এইকেইটা ধৰিলেই - বুলি হাতত থকা খৰাহিটো দেখুৱাই দিলে । তাত আছিল দেখিলেই জিভাৰ পানী পৰা জঁপিয়াই থকা মজলীয়া কুঁহি মাছ তিনিটামান, শকত এবেগেতিয়া কেবাটাও ভাঙোন, আৰু গৰৈ পোৱালিৰ সৰুসুৰা এটা সন্থা । কোনোমতে সেপ গিলি ক'লো-সোনকালে বনাব । টেঙা ।
খৰাহিটোৱে মোক শান্তিত থাকিবলৈ নিদিলে । সময়ৰ আগতেই গৈ মই খুড়াহঁতৰ ঘৰত উপস্থিত হ'লো । মাটিৰ পাকঘৰটোৰ দুৱাৰমুখতে পিৰা এখনত বহি খুড়া খুড়ীৰ যাদু চাই থাকিলোঁ । খুড়ীয়ে মোৰ চকুৰ আগেৰেই কলপাতেৰে মেৰিওৱা মধূসোলেং চোতালৰ চৌকাৰ পৰা উলিয়াই নিলে, খুড়াই ঢাপৰ পৰা তিতাফুল চিঙি আনি খুড়ীৰ হাতত দিলে, চাঙৰ পৰা ভাইটিয়ে কুমলীয়া জিকা চিঙিলে কেবাটাও । আৰু এইবোৰ যাদুবিদ্যাৰ অন্তত এঘন্টামানৰ মূৰত খুড়ীয়ে মাতিলে - আহা ভিতৰলৈ !! মোক যেন স্বৰ্গ চাবলৈহে মাতিছে ।
মাটিৰ মজিয়াত কঠত বহিলোঁ খুড়াৰ কাষত । সেপ গিলি গিলি লিখি আছো হেৰি !!!
কাঁহীত ঘৰৰ মিহি জহা চাউলৰ ভাত । কাষতে তিতাফুলৰ মৰমৰিয়া ভাজি । বগা সামান্য ভগা দাগ থকা প্লেট এখনত পোৰা মধূসোলেংৰ পিটিকা, কঠালগুটিৰ পিটিকা । অকণমান বাটি এটাত গৰৈ মাছৰ পোৰা, ফিৰিঙি জলকীয়াৰে খুড়ীয়ে পিটিকি দিলে । কাঁহৰ বাটিত জিকাৰে ৰন্ধা কুঁহিৰ টেঙা । খাবলৈ বহাৰ পিছত চৌকাৰ কেৰাহিৰ পৰা ভজা ভাঙোন এটা দিলেহি তিতাফুলৰ কাষত । অঙঠাৰ পৰা ফুৱাই ফুৱাই ছাঁই এৰুৱাই এটা জিকাৰ পোৱালি । নিমখৰ বাহিৰে গোটেইবোৰ ঘৰৰ ।
ভাত খাবলৈ আৰম্ভ কৰিলোঁ । খুড়ীয়ে কাষতে বহি বিচি থাকিল । আদৰে সোৱাদ কেতিয়াও পাহৰিব নোৱাৰা কৰিছিল ।
এনে সৌভাগ্য কেইজনৰ হৈছে মই নাজানো । মইও কৰ্মসূত্ৰে অফিচৰ যহতে ফাইভ ষ্টাৰটো খাইছো । নাই সেইসাঁজ নহয় !!
খুড়ীক কৈ আহিলোঁ -…খুড়ী ! চকু নুমুদালৈকে মনত থাকিব । ধৰুৱা হৈ থাকিম ।
যেতিয়াই ক'ৰবাত অতি তৃপ্তি লগাকৈ এসাঁজ খাইছোঁ ভাবিছোঁ আজিয়েই ইমান তৃপ্তি পালোঁ । অলপ পিছতে মনত পৰিছে নাই সেইসাঁজৰ নিচিনা নহয় ।
নহয় মানে নহয় ।

দিল্লীৰ কথা (৪)


#
ৰাতিপুৱা অফিচৰ পৰা আহোতে ফ্লেটৰ ওচৰতে থকা খাণ্ডেলৱাল ষ্টৰত কিছু সময় ৰওঁ । খাণ্ডেলৱালৰ কথা আগতেও কৈছো । কেতিয়াবা বস্তু লব লগা নাথাকিলেও ৰওঁ পাঁচ মিনিট । প্ৰয়াত দেউতাৰ বয়সৰ ৰসিক মানুহ । মোকো কিজানি ভাল পায়, নোসোমালে ৰিঙিয়াই - চেকিয়া (শইকীয়া) আৰে চুৰত ত' দিখাকে যাও ভগতজী । মানুহজনৰ কথা ভাল পাওঁ । কথাত ভাগৰ কমে । পাঁচ-দহ মিনিটৰ আদ্দা হয় । আৰু দুজনমান আদহীয়া মানুহ গোট খায় প্ৰাত:ভ্ৰমনৰ পৰা অহা । যিকোনো বিষয়ৰে আদ্দা হয় যদিও যোৱা দুবছৰে মূল বিষয় মোডী আৰু কেজৰিৱাল । খাণ্ডেলৱালে মোডীক বেয়া পোৱা মানুহক বেয়া পায়, বাকী নিদিয়ে, খোলা চিগাৰেট নেবেচে; ধোঁৱা উলিয়াই মোডীৰ বদনাম দিঘলীয়াকে গাব বুলি । দিয়াশলাই উলিয়াই নিদিয়ে । কথা কাণ্ড আমোদজনক বাবেই মানুহজন মোৰ প্ৰিয় । ভাগৰত আহিলেও ৰওঁ ।
আজিও আহি সোমালোঁ । মই অহাৰ আগৰে পৰা চলি থকা আদ্দাৰ বিষয়বস্তু এফ দি আইৰ বিপক্ষে কথা দুটা ক'লোঁ । কাষতে থকা মোৰ আন এজন চিনাকি আদহীয়াই মোৰ কথা সমৰ্থন কৰি খাণ্ডেলৱালক ক'লে - য়ে থিক কাহা হেঁ বেহে# ## (দিল্লীৰ ডেকা বুঢ়া, ভদ্ৰ -অভদ্ৰ সকলোৱে কোৱা এটা কমন অশ্লীল ) ।
মানুহটো অকণমান ধেমেলীয়া বাবে ধেমালিৰ সুৰতে কলোঁ -মোক সমৰ্থন কৰিলে এইটো শব্দ নকব ।
মোলৈ ঘুৰি হাঁহিয়েই ক'লে - আৰে ভাই ! কি বেয়া কথা ক'লো ??
মই বোলো ঠিকেই কৈছে । ইয়াত এইটো একো বেয়া কথা নহয় । কথাত জোৰ দিবৰ বাবে ব্যৱহাৰ কৰা বিশেষণ । আপোনালোকে এইটো বাপেকে পুতেকক কয়, পুতেকে বাপেকক । মোৰ ফ্লেটৰ মালিক বাপেক পুতেক উভয়েই উভয়ৰ প্ৰতি এইটো শব্দ ব্যৱহাৰ কৰাত পাকৈত । শিক্ষিত অশিক্ষিত সকলো মুনিহৰে জিভাৰ আগত । কিন্তু আমি অসমীয়া মানুহে এইটো এইটো সহ্য কৰিব নোৱাৰোঁ , আমি নুশুনো ।
: তাত এইটো নকয় নেকি ??
কয় দুই এজনে । কিন্তু ভদ্ৰসকলে নকয় । আৰু ইমান খোলা মেলাকে এই শব্দ নচলে । বেলেগ শব্দ আছে ।
: আচ্ছা …। তেওঁ গহীন হ'ল ।
হাঁহি হাঁহি মনৰ ক্ষোভ উজাৰিবলৈ ভাল ।
:আপুনি যিটো নাম লৈ এই এলেকাত আছে তেনেকুৱা মানুহেতো ইমান অপেনলি এই শব্দ কোৱা সপোনৰো অগোচৰ । আৰু আপুনি কোনোবা খঙাল ককায়েকক ক'লেতো আপোনাক ঠাইতে একেঘাপে দুচেও কৰাও সম্ভাৱনা আছে ।
বেহেনৰ নামত ৰাখী বন্ধন পাতিব, অফিচ বন্ধ -হ'লিডে হ'ব, বেহেনে হাতত থালত চাকি লৈ আপোনাৰ মুখৰ আগত ফুৰাব আৰু আপোনাৰ সেইখন মুখেৰেই ওলাব "বেহেন ##" !! আমাৰ ঠাইত ৰাখী বন্ধনো নাই বেহেন ## ও নাই । বিশ্বাস নকৰিলে আপোনাৰ অফিচতে এজন হ'লেও অসমীয়া ওলাব, সুধি চাব । খাণ্ডেলৱালক সোধক মই এদিন এঘন্টা গাই গৈছোঁ । তেখেতে মোক আজিকালি নকয় ।
কথাৰ মিচাইল এৰি থাকোতেই ভদ্ৰলোকৰ ফোন আহিল, তেখেত ফোনত ব্যস্ত হ'ল । মইও এৰিলোঁ । দহৰ সলনি আজি কথা বিশ মিনিটমান হ'ল ।

কোম্পানীৰ চাকৰি


মানুহজনক বহু বছৰৰ মূৰত লগ পালোঁ । গাঁৱৰ পৰা আঁতৰত থাকে । সুধিলে - আচ্ছা পঢ়া শুনা কিমানলৈকে কৰিলা?? ইংৰাজী সাহিত্যত এম এ । আৰু এতিয়া ?? এতিয়া দিল্লীত আমেৰিকাৰ বহুজাতিক কোম্পানী এটাত কোৱালিটি এনালিষ্ট, গুণগত মানদণ্ড বিশ্লেষক । মানুহজন মোৰ উত্তৰত হতাশ হ'ল । চৰকাৰী চেষ্টা কৰি আছা নে নাই ? মই সুধিলোঁ - কিয় খুড়া?? নহয় মানে ভাল কলেজত পঢ়িলা, এম এ কৰিলা এতিয়া চিকিউৰড ভাল চৰকাৰী চাকৰি হ'লে ভাল হয় দিয়াচোন । কোম্পানী আজি আছে কালি নাই ।
খুড়া , প্ৰথম কথা হ'ল মই মোৰ চাকৰিটো লৈ সুখী । কোনোদিন নিৰাপত্তাহীনতাত ভোগা নাই । চৰকাৰী চাকৰি পোৱা হ'লে ভাল আছিল ।মই বৰকে চেষ্টাও নকৰিলোঁ। তদুপৰি মই কোম্পানীত মানে এই কৰ্পৰেটত এনেকুৱা কিছুমান কথা শিকিলোঁ যিবোৰ মোৰ অফিচৰ বাহিৰেও ব্যক্তিগত ব্যৱহাৰিক জীৱনত বহু সহায়ক হৈছে । ডিচিপ্লিন, টাইম কনচাৰ্ণ, দলৰ নেতৃত্ব, মতিভেশ্যন, বক্তৃতা, পৰিপাটি এইবোৰ ইয়াতেই বেচি ভালকে শিকিছোঁ । ন বজাত অফিচ মানে ন বজাতেই । দহ মিনিট দেৰি হলেও আপোনাৰ হাফ ডে' লাগিল । ইয়াত এটাই মন্ত্ৰ- যিমানেই কাম কৰিবা, সিমানেই ওপৰলৈ যাবা । কিন্তু চাওক আপোনাৰ ভায়েক ## খুড়াকেই আমি সৰু থাকোতে অত বছৰ দেখিলোঁ ঘৰৰ পৰা ওলাইহে চাৰে দহ বজাত ।…কিন্তু ইয়াত এটা এটা মিনিটৰ হিচাব ।
তেখেত আশ্বস্ত ন'হল । তথাপিও দিয়াচোন চৰকাৰী চৰকাৰীয়েই ।
হয় তথাপি মই সুখী খুড়া । মাহৰ ৩১ তাৰিখে পইচা পাইছোঁ । কাকো তৈলমৰ্দন নকৰাকে প্ৰমোশ্যন । আপোনাৰ কাম চাই আছে কোনোবাই আপুনি গম নোপোৱাকে আৰু কামৰ পুৰস্কাৰো পাই আছে । দহজনৰ আগত আপোনাৰ কষ্টৰ ইনাম দিছে, প্ৰশংসা কৰিছে । কামত ফাঁকি দিয়াৰ কোনো ৰাষ্টা নাই । অফিচত কেৱল চহী কৰি পইচা পোৱাৰ কোনো ৰাষ্টা নাই । ফোন কৰি উপস্থিতি দি দৰমহা লোৱাৰ ৰাষ্টা নাই । অৱশ্য মোৰ ব্যক্তিগত কিছুমান ভালপোৱা কামৰ বাবে সময় দিব নোৱাৰাৰ বাবে মই সোনকালেই কৰ্পৰেট এৰিম কিজানি । কিন্তু যিবোৰ শিকিলোঁ সেইবোৰ মোৰ ভৱিষ্যত দিনবোৰত যে অতি কামত আহিব সেইয়া মই নিশ্চিত ।
কথাৰ কোবত জিভা শুকাই পানীও গিলিলো, তথাপি তেখেত সন্তুষ্ট ন'হল - হ'লেও দিয়াচোন …।
মই লাহেকে ফালৰি কাটি প্ৰসাদ বিতৰণৰ ওচৰলৈ গ'লো ।
অকল তেখেতেই নহয় । ভিতৰত এতিয়াও বহুতো এনে লোক আছে যিসকলে কোম্পানী বুলিলে এনেকুৱা এটা ধাৰণা পুহি ৰাখিছে যেন কোম্পানী মানেই নিৰাপত্তাহীনতা, চৰকাৰী চাকৰি নোপোৱা সকলেহে যেন শেষ আশ্ৰয় কোম্পানীত লয়গৈ । তেখেতসকলক আনি কোম্পানীৰ ভিতৰখন দেখুৱাবলৈ মন যায় আচলতে কৰ্ম সংস্কৃতি, নিয়মানুৱৰ্তিতা কি । কেনেকৈ আমি কাম কৰোঁ আৰু সেয়েহে মাহৰ শেষত পইচা কেইটা লৈ কিমান গৌৰৱ কৰোঁ - ইয়াৰ প্ৰতিটো টকাই মই কষ্টৰ বিনিময়ত পোৱা ।

জোতাৰো থাকে স্মৃতি

একেবাৰে নিজাববীয়াকৈ প্রথম জোতাযোৰ পাইছিলোঁ ক্লাচ চেভেনত (এতিয়া ক্লাচ চেভেনৰ কোনোবাই শুনিলে ভাবিব মই স্বাধীনতাৰ আগৰ মানুহ) । তাৰ আগলৈকে পিছফালে ফিটাদিয়া চেন্দেলৰ লগত মোজা আৰু দাদাৰ ভৰিত চুটি হোৱাৰ বাবে এলাগি হোৱা জোতাবোৰেই আছিল মোৰ ভৰিৰ সংগী ।  তেতিয়াৰ দিনত আমাৰ গাঁৱৰ অসমীয়া মাধ্যমৰ স্কুলত সাধাৰণতে স্কুললৈ কোনেও জোতা পিন্ধি নাযায় । গতিকে সমস্যাটো স্কুলত হোৱা নাছিল । কিন্তু কেতিয়াবা ফুৰিবলৈ গ’লে বেলেগৰ ভৰিত ৰং বিৰংৰ জোতা দেখি নিজাববিয়াকৈ জোতা এযোৰৰ হেঁপাহ আছিল বহুদিনিয়া । কিন্তু সময়তে দৰমহা নোপোৱা প্রাথমিক স্কুলৰ শিক্ষকৰ ঘৰত জন্ম হোৱা বাবে বহুত হেঁপাহ বুকুৰ ভিতৰতে গাপ দি থবলৈ বাধ্য হৈছিলোঁ । অৱশেষত কেবাদিনযোৰা অনশন আৰু পিতৃৰ অনুপস্থিতিত মাতৃক কৰা আৱেগিক অত্যাচাৰৰ ফলস্বৰূপে দেউতাই পূজাৰ আগে আগে মোক আনি দিছিলহি এযোৰ জোতা । মোৰ প্রথম নতুন জোতা । জোতা লৈ সন্ধিয়া দেউতা আহি নোপোৱালৈকে কিমান যে উৎকণ্ঠাত কটাইছিলোঁ ওৰে দিন !! সেই আনন্দভৰা উৎকণ্ঠা তাৰ পিছত জীৱনত কেতিয়া পাইছিলোঁ মনলৈ নাহে এতিয়া ।
সন্ধিয়া মোৰ হাতত পৰা জোতাযোৰ লেমৰ পোহৰত খুলি চাওঁতে মোৰ মনটো কেনেকুৱা লাগিছিল বুজাবলৈ এতিয়া মই নোৱাৰোঁ । জোতাযোৰ মই শুঙি চাইছিলোঁ । কি এটা গোন্ধ লাগি আছিল তাত ! (এই কথাখিনি লিখি থাকোতে গোন্ধটো মোৰ নাকত লাগি আছেহি )মোৰো এযোৰ জোতা হ'ল !! লগৰ জোতা থকা কেইটাৰ লগত মইও এতিয়া সমানে খোজ কাঢ়িব পাৰিম !!মোক চেন্দেলৰ লগত মোজা পিন্ধা বুলি কোনেও নাহাঁহে আৰু !! বুকুত আনন্দ আৰু গৰ্বৰ এখন সাগৰ । জোতা দুপাতত দুটা বাঘ অঁকা আছিল । মোৰ লগৰ কাৰো বাঘ থকা জোতা নাই ! ভৰিত বাঘ লৈ মই এতিয়া গৰ্বেৰে খোজ কাঢ়িব পাৰিম ফুৰিবলৈ গ’লে । দেউতাই মোৰ আনন্দ পাইছিল মই অনুভৱ কৰিব পাৰিছিলোঁ । দেউতাই মোক আলেঙে আলেঙে চাই থাকি এবাৰত কাষলৈ আহি সুধিছিল-ভাল পাইছনে?
অভাৱী দেউতাকবোৰৰো কিমান হেঁপাহ সন্তানৰ নূন্যতম অভাৱবোৰ  পুৰণ কৰি সিহঁতৰ মনৰ এই আনন্দ নিজ চকুৰে চাবলে’ ।
ৰাতিটো মোৰ টোপনি নহ'ল ভালকে । জোতাৰ বাকচটো মই বিচনাতে লৈ শুইছিলোঁ । মনত অলেখ চিন্তা-জোতাযোৰ পিন্ধি গ'লে বাটৰ মানুহে জোতাত থকা বাঘকেইটা দেখিবনে??
মনত পেলালোঁ-নাই বাঘ থকা জোতা কাৰো নাই । মইয়েই প্রথম । আস!!
 হাফ পেণ্টৰ লগতেই জোতাযোৰ পিন্ধিব লাগিব । লংপেণ্টৰ লগত পিন্ধিলে বনৰজা ঢাক খাই থাকিব । বোকা বালিৰ পৰা কেনেকৈ বচাম মোৰ এই আদৰৰ সম্পদ !! দেউতাই কিমান হেঁপাহত দিয়া এই সম্পদ !!
অলেখ চিন্তাত মোৰ টোপনি নহ'ল। বাকচটো গাৰুৰ কাষতে লৈ নিম্ন মধ্যবিত্তই পোৱা এক অজান আনন্দত পোহৰ হোৱালৈ তেনেদৰেই পৰি থাকিলোঁ । মোৰো এযোৰ জোতা হ'
ৰাতিপুৱাই উঠি জোতাযোৰ বাকচৰ পৰা উলিয়াই আকৌ শুঙি চালোঁ ! আস ! গোন্ধটো আছেই । কেনেকৈনো পিন্ধো মৰমৰ জোতাযোৰ । কেনেকৈনো বনৰজাক বচাম বোকা মাটিৰ পৰা ! জোতাযোৰ যিদিনা প্রথম পিন্ধি গৈছিলোঁ, মোৰ খোজ-কাটল আছিল ৰজাৰ দৰে । গোন্ধটো বহুদিনলৈ আছিল ।
এতিয়া মোৰ কেবাযোৰো জোতা । দামী ব্রেণ্ডেদ জোতাও আছেনতুনকৈ কিনি আনিলেই শুঙি চাওঁ । নাই, সেই গোন্ধটো নাই । জোতাত বাঘ থকাৰ আনন্দও নাই ।

খোজত সেই ৰাজকীয় লয়  নাই ।
নিম্ন মধ্যবিত্ত পৰিয়ালত জন্ম নোহোৱাহলে কিমান যে এনে সৰু সৰু সুখৰ পৰা বঞ্চিত হ'লোহেতেন ! তেতিয়াৰ দিনত কেতিয়াবা সাজ পোছাকত বেলেগৰ লগত ফেৰ মাৰিব নোৱাৰাৰ বাবে দুখ লাগিছিল । কিন্তু আজি ভাৱ হয়-বহুত ক্ষেত্রত নিম্ন মধ্যবিত্ত পৰিয়ালত জন্ম লোৱাতো আছিল সৌভাগ্য অন্ততঃ এই স্মৃতিবোৰৰ বাবে, আনে নেদেখা কিছুমান জীৱনৰ ৰঙ দেখাৰ  সৌভাগ্য হোৱাৰ বাবে । ৰাতি অফিচ কৰি ৰাতিপুৱা আহি থাকোতে এই কথাবোৰ বৰকৈ মনলে আহি আছিল ।

দিল্লীৰ কথা (৩)

যোৱা বছৰ চুয়েটাৰ অবিহনেই ঠাণ্ডাত কঁপি কঁপি ৰিক্সা চলোৱা দেখি মই ৰিক্সাৱালাটোক মোৰ অলপ পুৰণা চুয়েটাৰ দুটা, চাৰ্ট দুটামান আৰু দুটামান লংপেন্ট দিছিলোঁ সি মোৰ বয়সৰেই কালি বহুত দিনৰ মূৰত তাক দেখিলোঁ গাত চুয়েটাৰ নাই ঠাণ্ডাত যে ঠেঁটুৱা লাগি আছ, যোৱাবাৰ মই যে চুয়েটাৰ দিছিলোঁ, কি কৰিলি ? নাই লগত এটা নিজৰ ভাইক দিলোঁ, এটা বন্ধুৰ ভাইক হেৰৌ, ভায়েৰক দিলি মানিলোঁ, বন্ধুৰ ভাইক কিয় দিলি নিজে এনেকে মৰিবলে ধৰি ? কি লাভ ' মোৰ তোক দি ?? ধাৰ আছে ছাৰ বন্ধুৱে মোক দিল্লী আহিবৰ সময়ত বহুত সহায় কৰিছিল থাকিবলৈ দিছিল এতিয়া কিবা বেমাৰত ৰিক্সা টানিব নোৱাৰা ' ভায়েক আহিছে ৰিক্সা টানিবলে' তাৰ তেনেকে গৰম কাপোৰ নাই মোৰোতো ফৰ্জ আছে লংপেন্টো এটা দিছোঁ তাক আপুনি দিয়া  

উপকাৰীক পিছ ঠেং মৰা এই পৃথিৱীত এই মানুহবোৰৰ পৰা শিকিবলগীয়া ঢেৰ আছে

___________________________________________________________________
অফিচৰ গাড়ীয়ে মোক নমাই দিয়ে পুৱা ৬:৩০/৬:৪০ মানত । নামিয়েই মই চৰ্দাৰজীক মাত এষাৰ লগাওঁ । চৰ্দাৰজী ৰাষ্টাৰ চুকতে থকা ধাৱাখনৰ মালিক । জানুৱাৰী মাহৰ শীতেই হওঁক বা এতিয়াৰ গৰম, সদায় এইটো সময়ত চৰ্দাৰজীক দেখিব ধাবাৰ প্ৰকাণ্ড প্ৰকাণ্ড প্ৰেচাৰ কুকাৰ কেইটা ধুই আছে ঘাম পেলাই পেলাই নাইবা বিয়াগোম ওখ চৌকা দুটাৰ পৰা কয়লা উলিয়াই আছে নাইবা মস্ত পাচি এটাত চব্জি ধুই আছে । চৰ্দাৰজীয়ে আৰম্ভনিৰ এই কামখিনি কৰি থাকে মানে তেখেতে দৰমহা দি ৰখা কৰ্মচাৰী কেইজন উঠি মুখহাত ধুই থাকে । ৰাতিপুৱা পাঁচ বজাৰ পৰা আৰম্ভনিৰ এই কষ্টৰ কামখিনি চৰ্দাৰজীয়ে নিজেই কৰে । কৰ্মচাৰীলৈ ৰৈ নাথাকে । এইটো এক সদায় দেখা দৃশ্য ।
এইখন ধাৱাত কাম কৰি হোৱাৰ পাছত চৰ্দাৰজী যাব তেখেতৰ ইটো ফেজত থকা সিখন ধাৱালৈ , একেখিনি কাম কৰিবলৈ । দিনতো ধাৱা চলি থকাৰ সময়তো মালিক বুলি চৰ্দাৰজীয়ে মোচত তাও দি, পইচাৰ বাকচৰ আগত বহি ঐ পোৱালি… ঐ পোৱালি বুলি টেঁটুফালি অৰ্ডাৰ দি নাথাকে । কাম কৰে কৰ্মচাৰীৰ লগত সমানে -ৰন্ধাৰ পৰা প্লেট ধোৱালৈকে ।
প্ৰায়েই ৰাতিপুৱা কেবৰ পৰা নামি তেখেতৰ লগত মই এক ডেৰ মিনিট কথা পাতোঁ । ভাল পাওঁ ।
দুখন ধাৱাৰ মালিক চৰ্দাৰজীৰ আছে দুখনকৈ অতি বিলাসী গাড়ী, নিজৰ তিনিটাকৈ ফ্লেট । কষ্ট কৰিলে যে ওপৰৱালাই চকু মেলি চায়, মোৰ বাবে তাৰ উৎকৃষ্ট উদাহৰণ এই চৰ্দাৰজী । মালিক বুলি চৰ্দাৰজীৰ ভেম, মালিকি গপ শূণ্য । সেইকাৰণে ঢলপুৱাতে নি:সংকোচে মানুহে দেখাকৈয়ে বাচন ধুইছে, দিনত প্লেট ধুইছে । আবেলি ফিয়েট ইম'শ্যন বা পাজেৰ'খন লৈ ফুৰিবলৈ গৈছে । ভগৱানে দিছে ।
এনেকুৱা মালিক আপুনিও দেখিছে যদি জনাব । ভাল পাম ।
আমাৰ গুৱাহাটীৰ "ৰেৱতি" ৰ মালিকজন ??