একেবাৰে নিজাববীয়াকৈ প্রথম জোতাযোৰ পাইছিলোঁ ক্লাচ চেভেনত
(এতিয়া ক্লাচ চেভেনৰ কোনোবাই শুনিলে ভাবিব মই স্বাধীনতাৰ আগৰ মানুহ) । তাৰ আগলৈকে পিছফালে
ফিটাদিয়া চেন্দেলৰ লগত মোজা আৰু দাদাৰ ভৰিত চুটি হোৱাৰ বাবে এলাগি হোৱা জোতাবোৰেই আছিল মোৰ ভৰিৰ সংগী । তেতিয়াৰ দিনত আমাৰ গাঁৱৰ অসমীয়া মাধ্যমৰ স্কুলত
সাধাৰণতে স্কুললৈ কোনেও জোতা পিন্ধি নাযায় । গতিকে সমস্যাটো স্কুলত হোৱা নাছিল ।
কিন্তু কেতিয়াবা ফুৰিবলৈ গ’লে বেলেগৰ ভৰিত ৰং বিৰংৰ জোতা দেখি নিজাববিয়াকৈ জোতা
এযোৰৰ হেঁপাহ আছিল বহুদিনিয়া । কিন্তু সময়তে দৰমহা নোপোৱা প্রাথমিক স্কুলৰ শিক্ষকৰ
ঘৰত জন্ম হোৱা বাবে বহুত হেঁপাহ বুকুৰ ভিতৰতে গাপ দি থবলৈ বাধ্য হৈছিলোঁ । অৱশেষত
কেবাদিনযোৰা অনশন আৰু পিতৃৰ অনুপস্থিতিত মাতৃক কৰা আৱেগিক অত্যাচাৰৰ ফলস্বৰূপে
দেউতাই পূজাৰ আগে আগে মোক আনি দিছিলহি এযোৰ জোতা । মোৰ প্রথম
নতুন জোতা । জোতা লৈ সন্ধিয়া দেউতা আহি নোপোৱালৈকে কিমান যে উৎকণ্ঠাত কটাইছিলোঁ
ওৰে দিন !! সেই আনন্দভৰা উৎকণ্ঠা তাৰ পিছত জীৱনত কেতিয়া পাইছিলোঁ মনলৈ নাহে এতিয়া
।
সন্ধিয়া মোৰ হাতত পৰা জোতাযোৰ লেমৰ পোহৰত খুলি চাওঁতে মোৰ
মনটো কেনেকুৱা লাগিছিল বুজাবলৈ এতিয়া মই নোৱাৰোঁ । জোতাযোৰ মই শুঙি চাইছিলোঁ । কি
এটা গোন্ধ লাগি আছিল তাত ! (এই কথাখিনি লিখি থাকোতে গোন্ধটো মোৰ নাকত লাগি আছেহি ) । মোৰো এযোৰ জোতা হ'ল
!! লগৰ জোতা থকা কেইটাৰ লগত মইও এতিয়া সমানে খোজ কাঢ়িব পাৰিম !!মোক চেন্দেলৰ লগত
মোজা পিন্ধা বুলি কোনেও নাহাঁহে আৰু !! বুকুত আনন্দ আৰু গৰ্বৰ এখন সাগৰ । জোতা
দুপাতত দুটা বাঘ অঁকা আছিল । মোৰ লগৰ কাৰো বাঘ থকা জোতা নাই ! ভৰিত বাঘ লৈ মই
এতিয়া গৰ্বেৰে খোজ কাঢ়িব পাৰিম ফুৰিবলৈ গ’লে । দেউতাই মোৰ আনন্দ পাইছিল মই অনুভৱ কৰিব
পাৰিছিলোঁ । দেউতাই মোক আলেঙে আলেঙে চাই থাকি এবাৰত কাষলৈ আহি সুধিছিল-ভাল পাইছনে?
অভাৱী দেউতাকবোৰৰো কিমান হেঁপাহ সন্তানৰ নূন্যতম অভাৱবোৰ পুৰণ কৰি সিহঁতৰ মনৰ এই আনন্দ নিজ চকুৰে চাবলে’
।
ৰাতিটো মোৰ টোপনি নহ'ল ভালকে । জোতাৰ বাকচটো মই বিচনাতে লৈ
শুইছিলোঁ । মনত অলেখ চিন্তা-জোতাযোৰ পিন্ধি গ'লে
বাটৰ মানুহে জোতাত থকা বাঘকেইটা দেখিবনে??
মনত পেলালোঁ-নাই বাঘ থকা জোতা কাৰো নাই । মইয়েই প্রথম । আস!!
হাফ পেণ্টৰ লগতেই জোতাযোৰ পিন্ধিব লাগিব । লংপেণ্টৰ লগত পিন্ধিলে বনৰজা ঢাক খাই থাকিব । বোকা বালিৰ পৰা কেনেকৈ বচাম
মোৰ এই আদৰৰ সম্পদ !! দেউতাই কিমান হেঁপাহত দিয়া এই সম্পদ !!
অলেখ চিন্তাত মোৰ টোপনি নহ'ল।
বাকচটো গাৰুৰ কাষতে লৈ নিম্ন মধ্যবিত্তই পোৱা এক অজান আনন্দত পোহৰ হোৱালৈ তেনেদৰেই
পৰি থাকিলোঁ । মোৰো এযোৰ জোতা হ'ল ।
ৰাতিপুৱাই উঠি জোতাযোৰ বাকচৰ পৰা উলিয়াই আকৌ শুঙি চালোঁ !
আস ! গোন্ধটো আছেই । কেনেকৈনো পিন্ধো মৰমৰ জোতাযোৰ । কেনেকৈনো বনৰজাক বচাম বোকা
মাটিৰ পৰা ! জোতাযোৰ যিদিনা প্রথম পিন্ধি গৈছিলোঁ, মোৰ খোজ-কাটল আছিল ৰজাৰ দৰে । গোন্ধটো
বহুদিনলৈ আছিল ।
এতিয়া মোৰ কেবাযোৰো জোতা । দামী ব্রেণ্ডেদ জোতাও আছে । নতুনকৈ কিনি আনিলেই শুঙি চাওঁ । নাই,
সেই গোন্ধটো নাই । জোতাত বাঘ
থকাৰ আনন্দও নাই ।
খোজত সেই ৰাজকীয় লয়
নাই ।
নিম্ন মধ্যবিত্ত পৰিয়ালত জন্ম নোহোৱাহলে কিমান যে এনে
সৰু সৰু সুখৰ পৰা বঞ্চিত হ'লোহেতেন ! তেতিয়াৰ দিনত কেতিয়াবা সাজ পোছাকত বেলেগৰ লগত ফেৰ মাৰিব নোৱাৰাৰ
বাবে দুখ লাগিছিল । কিন্তু আজি ভাৱ হয়-বহুত ক্ষেত্রত নিম্ন মধ্যবিত্ত পৰিয়ালত জন্ম
লোৱাতো আছিল সৌভাগ্য অন্ততঃ এই স্মৃতিবোৰৰ বাবে, আনে নেদেখা কিছুমান জীৱনৰ ৰঙ দেখাৰ
সৌভাগ্য হোৱাৰ বাবে । ৰাতি অফিচ কৰি
ৰাতিপুৱা আহি থাকোতে এই কথাবোৰ বৰকৈ মনলে আহি আছিল ।
No comments:
Post a Comment