Pages

Wednesday 22 July 2015

ডাক্তৰ


মনত আছে । আমাৰ ওচৰে পাজৰে থকা তিনিখনমান গাঁও মিলি ডাক্তৰ আছিল এজনেই । ৰাজদূত লৈ আহে । লগতে মূগা ৰংৰ চাম্ৰাৰ বেগ এটা । গৃহস্থক গৰম পানী আনিবলৈ দি সেই পানীত ফিৰিছ ফিৰিছকে ছিৰিঞ্জ ষ্টেৰিলাইজ কৰে । নিডলটো পানীৰ বাতিটোত থওঁতে সামান্য কিটিংকে শব্দ এটা হয় । ফিৰিছ ফিৰিছ শব্দৰ লগত গৰম পানীৰ বাতিত ঢৌ উঠা ফেনখিনি চাবলৈ আৰু এই কিটিংকে উঠা শব্দটো শুনিবলৈ মোৰ ভাল লাগে । তাৰ পিছত তেখেতে বেজী দিয়ে । বেজী দিয়াৰ পাছত চোলাৰ হাতদুখন কোচাই ষ্টিলৰ ফিটাৰ ঘড়ীটো সামান্য ঝুনঝুননি উঠাকে পিছলৈ নি লৈ চাবোনেৰে হাত ধোৱে । লাক্স । লাক্সৰ গোন্ধে মলমলাই থকা হাতদুখন মচি বহী এখনৰ পিছফালৰ পাতত দৰৱ লিখে । সুন্দৰ আখৰ । সেইখন লিখি উঠি চাহ খায় ঘিলাপিঠা, লুচি আদিৰে । পিঠা হ'লেও এটা এৰিব, লুচি হ'লেও এখন । কেচ থাকিলে যায়গৈ, ন'হলে দে'তাৰ লগত কথা পাতে ।
মই ছিক্সত নেকি ! পৰিয়ালৰে তেতিয়াৰ দিনত আৰ্থিকভাৱে দূৰ্বল মানুহ এঘৰলৈ দে'তাই ডাক্তৰক মাতি আনিলে । ৰাতি এঘাৰটা মানত । তেখেত আহিল । ৰুগী চালে । বেজী দিলে তিনিটামান । তাৰ পিছত ওপৰত বৰ্ণনা কৰাখিনি কৰিলে । মাথোঁ ইয়াত চাহৰ সলনি কেঁঞা তামোল ।
গৃহস্থৰ হাতত পইচা নাছিল । তেওঁ অতি দোষী দোষী ভাৱেৰে "বেয়া চেয়া নাপাব" জাতীয় কিবা এটা কৈ টকা দহটা তামোলৰ বঁটাটোত থলে । দে'তাই ক'লে- ৰ'ব মই চাওঁ । ডাক্তৰে হাত এখনেৰে নালাগে বুলি ইংগিত দি সেই একেখন হাতেৰেই নিজৰ জেপ খুচৰি পঞ্চাশ টকাৰ নোট দুখন ওলিয়ালে আৰু বঁটাত থকা দহ টকাৰ লগত মিলাই এশ দহ টকা কৰি একেটা বঁটাতে ওলোটাই গৃহস্থলৈ আগুৱাই দিলে - এইটো ৰাখক । ৰাতিপুৱাই দৰৱ কেইটা আনিব । মই পাৰিলে পাক এটা মাৰিম ।
গৃহস্থই চকুপানী টুকিলে । ৰাতি বাৰমান বাজিছিল তেতিয়া ।
সাধু নহয় । মই নিজ চকুৰে দেখা । আৰু তেতিয়াৰ দিনত তেখেতৰ এইটো এটা সামান্য উদাহৰণ ।
ভগৱানে ৰাজদূত এখন লৈ ৰুগীয়া মানুহৰ ঘৰে ঘৰে ঘূৰি ফুৰিছিল ।

No comments:

Post a Comment