Pages

Tuesday 21 July 2015

পিতৃস্নেহ, পিতৃঋণ ইত্যাদি

অকণমান ব্যক্তিগতঃ 
দেউতাৰ শেষ পৰ্যায়ৰ কেঞ্চাৰৰ অপাৰেশ্যন হৈ যোৱাৰ পাছত মোৰ কৰ্মস্থলীলৈ উভতি যোৱাৰ সময় আহি পৰিছিল "যাওঁ" বুলি দেউতাক মাত লগোৱাৰ সময়ত দেউতাই কৈছিল "আৰু এদিনমান..."- নাই নোৱাৰিলোঁ কম্পেনীৰ "দায়িত্ব" "পাৰ্চনেল ৰেকৰ্ড" এইবোৰৰ বাবেই দেউতাক তেনেকৈয়ে এৰি আহিব লগা হৈছিল, মা, দাদা, বৌ হাতত তেখেতক এি আৰু মানষিকভাবে প্রস্তুত হৈয়ো আহিছিলোঁ-পিছৰবাৰ আহি দেউতাক দেখাতো মোৰ বাবে হব সৌভাগ্য  

দেউতা মৃত্যুৰ দিনা মই গৈ পোৱাৰ কেইঘন্টামান পাছতেই দেউতাই চকু মুদিছিল কাকতালীয়-কিন্তু দেউতাই হয়তু মোৰ বাবেই ৰৈ আছিল !!

"আৰু এদিনমান"- এই কথাষাৰে মোক এতিয়াও মাজে মাজে বিন্ধি থাকে এটা অসহায় অসহায় ভাব

বহুতোৰে এনেকুৱা হয়, হৈছেও কেৰিয়াৰ, প্রমোচন, এইবোৰৰ পাছত দৌৰি থাকোতে যিটো সময়ত পিতৃ-মাতৃক আটাইতকৈ বেছি সান্নিধ্যৰ,স্পৰ্শৰ প্রয়োজন হয়, সেইসময়তেই আমি কেতিয়াবা অপাৰগ সেইবাবেই মই সেইসকলক সৌভাগ্যবান বুলি বিবেচনা কৰোঁ-যিসকলে পিতৃ-মাতৃয়ে বিচাৰিলেই তেওঁলোকক স্পৰ্শ কৰিব পাৰে, এখন্তেক কাষত বহিব পাৰে, কাকো নকৈ তেওঁলোকে কেৱল সন্তানৰ বাবে সাঁচি থোৱা কথাকেইটা নিৰৱে শুনিব পাৰে হাতত হাত থৈ কব পাৰে--মই আছোঁ নহয় ওচৰতে!! তেওঁলোকতকৈ সৌভাগ্যবান মানুহ আছে বুলি মো মনে নধৰেঅন্ততঃ যিসকল বাবে বস্তুবাদী সুখেই সৰ্বশ্ব নহয় ।  তেওঁলোকলৈ মোৰ স্বভাৱজাত ঈৰ্ষা সদায়েই থাকিব

যিহেতু আটাইতকৈ কঠিন মানুহৰো ভিতৰত এজন আবেগিক মানুহ লুকাই থাকে, মোৰ বিশ্বাস এটা সময়ত কেতিয়াবা নিঃসংগ মুহূৰ্তত আপোনাৰ মনলৈও প্রায়েই আহে এই ভাব- এই যে অৰ্থ, সম্পত্তি, এই নাম যিবোৰ সেই সৰু সৰু সুখবোৰৰ পৰা বঞ্চিত হৈ গোটাইছে, সেইবোৰে প্রকৃততেই আত্মাক প্রশান্তি দিব পাৰিবনে সেইসময়ত যিসময়ত আপুনিও সন্তানৰ সেই স্পৰ্শৰ বাবে আতুৰ হৈ থাকিব ?? যিসময়ত আপোনাক প্রয়োজন হব এই বিস্তৃত সম্পত্তিয়ে দিব নোৱাৰা এক স্পৰ্শৰ শান্তি?? নিচেই কাষৰ পৰা এষাৰ মাত?? কিন্তু উপায় নাই উভতি চাবলৈ সাহ নাই, আগলৈ চাবলৈকো সাহ নাই । অসহায়কৰ্মৰ তাগিদাত, “সুৰক্ষিত” ভবিষ্যতৰ তাগিদাত । এনেকৈয়ে গৈ আছে সময়ে আমাক ভেঙুচালি কৰি এনেকৈয়ে আমি আত্মসমৰ্পন কৰি আছোঁ সময়ৰ ওচৰত, কেতিয়াবা নিজানত নিঃসংতাত এটা অসহায় অসহায় ভাব !!

হঠাতে মাজৰাতি দেউতাকৰ ফোন অহাত ল'ৰাজনে ভয়ে ভয়ে ফোন ধৰিলে কাৰণ দেউতাক দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছে নাই-একো হোৱা নাই-চব ঠিকে আছে, তই পঠোৱা টকা পাইছোঁ-ভালৰো ভাল ডাক্তৰে মোক চাই আছে, ৰেগুলাৰ চেকআপ, মাৰে-ভায়েৰে মোক প্রতিপালনত ত্ৰুটী কৰা নাই, দামী প্রটিন পাউদাৰ, ফিজিকেল থোপি, ভিজিটিং নাৰ্চ -চব ঠিকে আছে। মাত্র মাজে মাজে তোৰ লগত ঢেৰ সময় কথা পাতিবলে' মন যায়- আজি বেছিকে মন গ' দিনত তই সদায়েই ব্যস্ত সেইকাৰণে এই ৰাতিখনেই কৰিলোঁ...বেয়া নাপাবি সঁচা ঘটনা এইটো অনুমান ককচোন সকলো সুবিধাৰে পৰিবেষ্টিত হৈ থকাৰ পাছতো কিহ বাবে এই পিতৃয়ে হাঁহাকা কৰি আছিল । কিমান মৰ্মান্তিক দেউতাক এই আতুতা!! তাতোকৈ মৰ্মান্তিক আছিল পুতেকে মোক কথাখিনি কোৱা সময়ত তেওঁ দুচকু অসহায়তা । সময়ে ং চোৱা এটা সামান্য উদাহৰণ ।

আশা-   


ঢলপুৱাতে অফিচৰ পৰা খোজকাঢ়ি আহি থাকোতে পাৰ্কখনত প্রায় সদায়েই লগ পাওঁ-য়' ' টাইপ্ অতি আধুনিক 'ৰা এজনে অসুস্থ দেউতাকক দুয়োখন হাতেৰে ধৰি ধৰি খোজকঢ়াই থাকে প্রথমে ককাক বুলি ভাবিছিলোঁ, সিদিনা ওচৰৰে পাৰ হওঁতে শুনিলো কিবা এটা কোৱা " পাপা..."পুতেক গাত ভ দি খোজকঢ়াৰ সময়ত বাপেকৰ দুচকু উজ্জল হৈ থাকে, চকুত এক চৰম সুখৰ ছবি বিৰাজমান হৈ থাকে, তেওঁেই যেন আটাইতকৈ সুখী দেউতাক !! দিনত ল'ৰাজনৰ চাল-চলন, বেশ-ভূষা দেখিলে কোৱা টান এইজনে যে সদায় ঢলপুৱাতে উঠি পিতৃঋণ পৰিশোধ কৰে পাৰ্কখনত মুখামুখি হলে চকুৰেই হাঁহি তেওঁক বুজাই দিওঁ-পিতা-পুত্রৰ এই দৃশ্যটি দেখি আমি বৰ ভাল পাওঁ

2 comments: