Pages

Tuesday 21 July 2015

ভাত এসাঁজ


জীৱনৰ কিছুমান সৰু সৰু কথা মোৰ এনেকুৱা সূক্ষ্মভাৱে মনত আছে যে ভৱিষ্যতে যদি মই এলজাইমাৰ বা চিনাইল ডিমেনচিয়া জাতীয় ৰোগৰ চিকাৰ নহওঁ তেনেহ'লে মৰাৰ আগতো এই কথাবোৰ বৰ্ণনা কৰি যাব পাৰিম হয়তু । কথাবোৰ তেনেই সৰু পৃথিৱীৰ বাবে । মোৰ বাবে ডাঙৰ । মনলৈ আনি টোপনি যাব পৰাকে সাঁচ বহুওৱা ।
আমাৰ পৰিয়ালৰ ঠাল এটা আছে বিহালীত । মোবাইল, মানুহবোৰৰ নিজা গাড়ী নোহোৱালৈকে যোগাযোগ আছিল তেনেই সেৰেঙা । পাঁচ বছৰত এবাৰ । এতিয়া হৈছে যেনিবা ।
মই ক্লাচ চেভেনত থাকোতে বিহালীৰ ককা (মোৰ দেউতাৰ খুড়া) ৰ পুতেক আহিছিল পৰিয়ালটোৰ খৱৰ লবলৈ । মোৰ গৰমৰ বন্ধ চলি আছিল । ক'লো- খুড়া মোকো লৈ যাওঁক । তেজৰ সম্পৰ্কবোৰ চাবলৈ মন গৈছে । ঠিক আছে ব'ল ।
বিহালীত গৈ মই পোৱা আদৰ আৰু অভিজ্ঞতাৰ কথা ইয়াত লিখি শেষ কৰা অসম্ভৱ । বিয়লি বেলাত লিখিমগৈ কেতিয়াবা । কিন্তু ভাত এসাঁজৰ কথা এতিয়াই ন'কলে মোৰ শান্তি ন'হব । যোৱা ৰাতি অফিচত থাকোতে মনত পৰাৰে পৰা ভাবি আছো কাক কওঁ !
মোক ভাত খাবলৈ মাতিছিল কাষৰে খুড়া এজনৰ ঘৰত । দুয়োজন খুড়াৰ চোতাল এখনেই । বানপানীৰ দিন আছিল । সেই খুড়াজন আছিল খেতিয়ক । খুড়াহঁতে ঘৰৰ সমুখেৰে বাঢ়নি পানীৰে ফেনে ফুটুকাৰে বৈ যোৱা জানত টঙী জালেৰে মাছ ধৰিছিল । মই মূঢ়া এটাত বহি চাই চাই অনুভৱ কৰিছিলোঁ - জীৱনটো ইমানেই সুন্দৰনে !!
সেইদিনা ৰাতিপুৱা দহটামান বজাতেই খুড়ী আহি মোক- তুমি ভাত খাবলৈ যাবা বুলি খুড়াই ৰাতিপুৱাৰে পৰা এইকেইটা ধৰিলেই - বুলি হাতত থকা খৰাহিটো দেখুৱাই দিলে । তাত আছিল দেখিলেই জিভাৰ পানী পৰা জঁপিয়াই থকা মজলীয়া কুঁহি মাছ তিনিটামান, শকত এবেগেতিয়া কেবাটাও ভাঙোন, আৰু গৰৈ পোৱালিৰ সৰুসুৰা এটা সন্থা । কোনোমতে সেপ গিলি ক'লো-সোনকালে বনাব । টেঙা ।
খৰাহিটোৱে মোক শান্তিত থাকিবলৈ নিদিলে । সময়ৰ আগতেই গৈ মই খুড়াহঁতৰ ঘৰত উপস্থিত হ'লো । মাটিৰ পাকঘৰটোৰ দুৱাৰমুখতে পিৰা এখনত বহি খুড়া খুড়ীৰ যাদু চাই থাকিলোঁ । খুড়ীয়ে মোৰ চকুৰ আগেৰেই কলপাতেৰে মেৰিওৱা মধূসোলেং চোতালৰ চৌকাৰ পৰা উলিয়াই নিলে, খুড়াই ঢাপৰ পৰা তিতাফুল চিঙি আনি খুড়ীৰ হাতত দিলে, চাঙৰ পৰা ভাইটিয়ে কুমলীয়া জিকা চিঙিলে কেবাটাও । আৰু এইবোৰ যাদুবিদ্যাৰ অন্তত এঘন্টামানৰ মূৰত খুড়ীয়ে মাতিলে - আহা ভিতৰলৈ !! মোক যেন স্বৰ্গ চাবলৈহে মাতিছে ।
মাটিৰ মজিয়াত কঠত বহিলোঁ খুড়াৰ কাষত । সেপ গিলি গিলি লিখি আছো হেৰি !!!
কাঁহীত ঘৰৰ মিহি জহা চাউলৰ ভাত । কাষতে তিতাফুলৰ মৰমৰিয়া ভাজি । বগা সামান্য ভগা দাগ থকা প্লেট এখনত পোৰা মধূসোলেংৰ পিটিকা, কঠালগুটিৰ পিটিকা । অকণমান বাটি এটাত গৰৈ মাছৰ পোৰা, ফিৰিঙি জলকীয়াৰে খুড়ীয়ে পিটিকি দিলে । কাঁহৰ বাটিত জিকাৰে ৰন্ধা কুঁহিৰ টেঙা । খাবলৈ বহাৰ পিছত চৌকাৰ কেৰাহিৰ পৰা ভজা ভাঙোন এটা দিলেহি তিতাফুলৰ কাষত । অঙঠাৰ পৰা ফুৱাই ফুৱাই ছাঁই এৰুৱাই এটা জিকাৰ পোৱালি । নিমখৰ বাহিৰে গোটেইবোৰ ঘৰৰ ।
ভাত খাবলৈ আৰম্ভ কৰিলোঁ । খুড়ীয়ে কাষতে বহি বিচি থাকিল । আদৰে সোৱাদ কেতিয়াও পাহৰিব নোৱাৰা কৰিছিল ।
এনে সৌভাগ্য কেইজনৰ হৈছে মই নাজানো । মইও কৰ্মসূত্ৰে অফিচৰ যহতে ফাইভ ষ্টাৰটো খাইছো । নাই সেইসাঁজ নহয় !!
খুড়ীক কৈ আহিলোঁ -…খুড়ী ! চকু নুমুদালৈকে মনত থাকিব । ধৰুৱা হৈ থাকিম ।
যেতিয়াই ক'ৰবাত অতি তৃপ্তি লগাকৈ এসাঁজ খাইছোঁ ভাবিছোঁ আজিয়েই ইমান তৃপ্তি পালোঁ । অলপ পিছতে মনত পৰিছে নাই সেইসাঁজৰ নিচিনা নহয় ।
নহয় মানে নহয় ।

No comments:

Post a Comment