Pages

Tuesday 21 July 2015

দিল্লীৰ কথা (২)

প্রায় সদায়েই বস্তু কিনিবলৈ গৈ অলপ সময় এনেই মই কথাপাতি ভালপোৱা দোকানীজনে ( মি: খন্দেলৱাল) আজি ঢলপুৱাতে তেখেতৰ লগত কথা পাতি থাকোতে সুধিলে
"  অচমীয়া লোগোকি খাচিয়ত ক্যা হেঁ?"
"চাওঁক যোৱা দুবছৰে আপোনাৰ পৰা সদায় নগদ ধন দি কিনা গ্রাহক হোৱাৰ ওপৰিও প্রায় সদায়েই আপুনি বুজি পোৱা ভাষাৰে আপোনাৰ লগত আপোনাৰ মন ভাল লগাকে দুই মিনিট কথা পাতি আহিছোঁ, দোকানী হোৱাৰ ওপৰিও আপুনি এজন ৰাজনৈতিক, সামাজিক ভাবে সচেতন লোক বুলি আপোনাৰ কথা কমকৈ হলেও মন দি শুনি আহিছোঁ, শুনি আপোনাক শলাগিছোঁ, পোনাৰ বয়ষলৈ চাই আপোনাক উপযুক্ত সন্মান দিছোঁ যিটো ইয়াৰ 'ৰাছোৱালীয়ে সাধাৰণতে দোকানীক দিয়া দেখা নাযায়,দুবছৰ আপোনাৰ নিয়মীয়া গ্রাহক হিচাবে আপোনাৰ ঘৰৰ নিচেই ওচৰতে থকা স্বত্তেও আপুনি এদিনো আপোনাৰ ঘৰত মোক একাপ চাহ খাবলৈ মাতা নাই, অথচ আপোনাক সপৰিয়ালে মই ইতিমধ্যে কেবাবাৰো অসমত ফুৰিবলৈ আমন্ত্রন দিছোঁ, ইয়াৰ ঘৰলৈকো মাতিছোঁ বন্ধৰ দিনত চাহ একাপ খাবলৈ কেবাদিনো এতিয়া আপুনি কওঁক খাচিয়ত ক্যা হেঁ ?"
 ########################################################
যোৱাকালি সন্ধিয়া  অফিচৰ পৰা আহি গা-পা ধুই এনেই চট্ (বানান ?) খনত গৈ বতাহ লৈ আছিলো আবতৰ হলেওঁ বিহু গীত এটা গুন-গুন ওঁঠত এনেতে কাষত ঘৰৰ মালিক চৰ্দাৰজী হাজিৰ সুধিলে এইটো কি গান-"আচামিজ মডাৰ্ণ চং ??" 'লো-নহয় এইবোৰ আমাৰ বৰ মৰমৰ বিহু গীত চৰ্দাৰজীয়ে কলে-আৰু অকনমান ভালকে শুনোৱাচোন তেখেতৰ আগ্রহ দেখি সানন্দেৰে শুনালোঁ তেওঁ আঙুলিৰে লগে লগে টিকিলি বজাওঁতেই গম পালোঁ বিহুৱে তেওঁৰ মন চুইছে শুধিলে-মোৰ লেপটপত বিহু আছেনে নাই আছে বুলি 'বলেহে পালো, পেন ড্রাইভ ' হাজিৰ বাছি বাছি বিহু কেইটামান তেখেতক পেন ড্রাইভত দিলোঁ, আনন্দেৰে আৰু আজি অফিচৰ পৰা ওভতি আহি ঘৰৰ খটখটি বগাওঁতেই শুনিলো-মালিকৰ কম্পিউটাৰত বাজি আছে- "কিনো চাৱনিৰে চালা মোক ...দেহা পিৰপিৰাই ' মইনাজান ... "...চৰ্দাৰজীৰ ঘৰত বিহু গান!!!


মনটো ভাল নালাগি পাৰেনে????

No comments:

Post a Comment