Pages

Tuesday 21 July 2015

সৰু সৰু কথাবোৰ

সৰু সৰু কথাবোৰ
১)
পঢ়িবলৈ বুলি ঘৰৰ পৰা হোষ্টেললৈ ওলাই অহাৰ আগদিনা আমাৰ ঘৰত সদায় গাখীৰ খীৰাবলৈ অহা মানুহগৰাকীয়ে ( আমি পেহী বুলি মাতিছিলোঁ) আবেলি আহি পিন্ধি থকা চাদৰৰ চুক এটাৰ পৰা খুলি মোক দুখন জাপি থোৱা লেতেৰা দুটকীয়া নোট আৰু এটা গোটা টকা দি কৈছিল-দুখীয়া পেহীয়েৰ । এই টকা পাঁচটা ল । কিবা এটা খাবি । ভালকে পঢ়ি চাকৰি লৈ আহিবি ।
পেহীয়ে ক'লা, হাড় ওলোৱা, টান হাত খনেৰে গালে মূৰে হাত ফুৰাই দিছিল মোৰ । ৰুক্ষ হাতখনত কিমান কোমলতা আছিল মই সেইদিনা অনুভৱ কৰিছিলোঁ । পেহীয়ে আনৰ ঘৰত সহায় কৰি পেট পুহিছিল । কেনেবাকে সাঁচতিয়া টকা পাঁচটা মোৰ হাতত তুলি দিছিলহি । চাওঁকচোন কিমান মৰম থাকে তেজৰ সম্বন্ধ নোহোৱা এই  মানুহবোৰৰ বুকুত !!
টকা পাঁচটা লৈ মই বাটত পেহীৰ কথা ভাবি আহিছিলোঁ । হনু ওলোৱা পেহীৰ মুখ, 'লা গাৰ ছাল, টান হাড় ওলোৱা হাত, গাত অভাৱৰ পোছাক, অথচ বুকুখন মহাজন মানুহতকৈও বহুগুনে ধনী ।
পেহীৰ টকা পাঁচটাৰ ধাৰ মই পৰিশোধ কৰিব নোৱাৰিলোঁ । মই হোষ্টেলত থাকোতেই পেহী ঢুকাল । সঁচা কথা কবলৈ গ'লে সেই পাঁচটা টকাৰ ধাৰ মাৰিব পৰাকে মই কোনোদিন ইমান চহকী হৈ নুঠিমগৈ । কোনোকালেই ।
সৰু সৰু কথাবোৰ কেতিয়াবা একো একোটা জীৱনৰ সমান ।
২)
দিল্লীৰ গৰম । চল্লিশ/পঞ্চল্লিশ ডিগ্রী গৰমকো নেওঁচি বৃদ্ধাই ধাতুৰ কাঁহী এখনত কয়লা জ্বলাই লৈ বিচনীৰে বা দি দি গোমধান বেচে । বৃদ্ধা মানে চুলি পকি গাৰ ছাল একেবাৰে সোঁতোৰা সোঁতোৰ । বয়স নাজানো । গৰমত এনেই থকা টান, তাতে এনে অসহ্য গৰমত আগত কয়লা জ্বলাই বহি থকাটো এবাৰ অনুভৱ কৰিলেই যথেষ্টমাজে মাজে অফিচৰ পৰা আহোতে গোমধান এটা কিনো কেতিয়াবা । কেতিয়াবা বৃদ্ধাক সুধিবলৈ মন যায়, বৃদ্ধাৰ ঘৰত কোনো নাই নেকি !! কিন্তু ভয়তে নুশুধো । কি উত্তৰ আহে ঠিকতো নাই !!! এদিন মৰসাহ কৰি সুধিলোঁ । ল'ৰা এটা আছে । এটা মানে সিয়েই,আৰু কোনো নাই আগলে', পাছলে । কাম নকৰে নেকি সি ?? এস !! ইমান ডাঙৰ হোৱা নাই কাম কৰি ৰুটি যোগাৰ কৰিব পৰাকে । বাপেক নোহোৱা ল'ৰা । সৰুতে এনেও বহুত কষ্ট পালে । এতিয়াই কামত লগাই আৰু কষ্ট নিদিওঁ । মই কৰিব পৰা হৈয়েই আছো দেখুন !!! বাপেক নোহোৱা "বাচ্ছা" ।
আস !!! কি পুত্রস্নেহ !!!
কিবা এটা ভাবি ভয় লাগিলএই "বাচ্ছা"টোৱে ৰুটি যোগাৰ কৰিব পৰা হ'লেই বিয়া পাতিব । তাৰ পাছতে সি মাকক কামৰ পৰা ৰেহাই দি বাকী জীৱন সুখত থাকিবলৈ দিব নে, নে ঘৰৰ পৰা উলিয়াই দিব ?? আৰু কোনোবা এটা সন্ধিয়াত 
পুতেকৰ কথা ভাবি ভাবি মাকে আকৌ ধাতুৰ কাঁহী এখনত কয়লা জ্বলাই লৈ বিচনীৰে বা দি দি গোমধান বেচিয়েই থাকিব নমৰালৈকে !!!
৩)
মই থকা ফ্লেটটোৰ চাদৰ পৰা দৃশ্যটো দেখোঁ । প্রায়েই । দুটামান ফ্লেটৰ সিফালে যোৱা ৰাষ্টাটোৰ মেৰামতি হৈ আছে । মজদুৰ জনীয়ে এমা-দিমা, কলকলাই থকা কেঁচুৱাটো কামৰ পৰা দুশ মিটাৰ মান আঁতৰত থকা পাৰ্কখনৰ কাষতে শুৱাই ৰাখে । কেঁচুৱাটো ওমলাই ৰাখে পাঁচবছৰীয়া মানৰ বায়েকজনীয়ে । কেঁচুৱাটোৱে ঘাঁহৰ ওপৰতে
পাৰি দিয়া কাপোৰ খনত হাত-ভৰি মাৰি কলকলাই থাকে আৰু বায়েকে নানান ভাব ভংগীমাৰে তাক/তাইক ৰখি থাকে । বেলেগে পেলাই দিয়া বটল বজাই, চিলাৰ টুকুৰা দেখুৱাই, মুখেৰে নানান শব্দ কৰি ..মুঠতে তাইয়েই বেবি চিটাৰ । আৰু এটা সময়ত মাক আহে কামৰ পৰা বিৰতি লৈ । মাটিতে লেপেটা খায় বঢ়ি শাৰীখনেৰে ঢাকি লৈ কেঁচুৱাটোক গাখীৰ দিয়ে ।
তেনে সময়তে এটা মন শাঁত পেলোৱা দৃশ্য । বাপেকটো লাহে লাহে (মানুহটো সিঁহতৰ লগত কেঁচুৱাটো লৈ একেলগে অহা যোৱা কৰা দেখিছোঁ, সেয়েহে কৈছো "বাপেক") কাষলে' আহে মূৰৰ পৰা কাপোৰৰ পাকটো খুলি খুলি । মাকৰ কোলাত গাখীৰ খাই
থকা কেঁচুৱাটোৰ ভৰিদুটা লেতেৰা হাত দুখনেৰে লৰাই লৰাই মৰম কৰে । মুখেৰে ধেমেলিয়া শব্দ কৰি কৰি । কেঁচুৱাটোৰ ভৰিদুটাত তেওঁৰ লেতেৰা মুখখন লগাই দিয়ে । মাকে পৰম সন্তোষেৰে মানুহটোৰ মুখলৈ চাই, পানীৰ বটলটো আগবঢ়াই দিয়ে । কেঁচুৱাৰ বাপেকে এঢোক খাই এঢোক কেঁচুৱাৰৰ মাককো খুৱাই দিয়ে । সেই সময়তে ডাঙৰ ছোৱালীজনীয়ে বাপেকৰ পিঠিত ওলমি ৰয় । বাপেকে তাইৰ গালে মুখেও আলফুলে মৰম সানি দিয়ে-তইয়েইটো কেঁচুৱাটো চোৱা-চিতা কৰি আছ আই মোৰ !!
কেঁচুৱাটো, তাক গাখীৰ দি থকা মজদুৰ মাক, কাষতে মৰম কৰি থকা মজদুৰ বাপেক, বাপেক মাকৰ সেই পাঁচ মিনিটৰ প্রেম , বাপেকৰ ডিঙিত ওলমি থকা পাঁচবছৰীয়া মানৰ ছোৱালীজনী- মই নিজ চকুৰে প্রতক্ষ্য কৰি ৰওঁ এই সৰু সুখী পৰিয়ালটো !! আপোনমনে চাই ৰওঁ সিহঁতৰ হাড় ভগা পৰিশ্রমৰ মাজৰ এই আনন্দৰ সময়খিনি । সিহঁতে ৰাতি পেট ভৰাই ৰুটি খাবলে' পাই নে নাপাই মই নাজানো,
কিন্তু জানো সিহঁত মই দেখা এটা অন্যতম সুখী পৰিয়াল ।
মাকৰ গাখীৰ খুৱাই হয় । কেঁচুৱাটোক দুবাৰমান নাকে মুখে চুমা খাই আকৌ ঘাঁহনিৰ ওপৰত পাৰি থোৱা কাপোৰখনত শুৱাই দিয়ে । বাপেকে মুখেৰে ধেমেলীয়া শব্দকেইটামান কৈ কৈ মূৰত আকৌ কাপোৰখনেৰে পাকটো মাৰি লয় । 
আঁঠুকাঢ়ি শুই থকা কেঁচুৱাটোৰ মুখত আকৌ এবাৰ লেতেৰা নাকটো লগাই দিয়ে । ছোৱালীজনীয়ে বাপেকৰ পিঠিৰ পৰা নামি আকৌ খেলাবস্তু কেইটা গোটাই লয় কেঁচুৱাটো ওমলাবলে' মাক-বাপেকে একেলগে আকৌ শিল ভাঙি থকা মেচিনটোৰ ফালে খোজ লয় । মাকে এবাৰ ঘূৰি চায় । কেঁচুৱাটোৱে মাক যোৱাৰ ফালে চাই থাকে, কলকলাই, ভৰি দুখন মাৰি মাৰি । বায়েকে বটলটোৰে বাজনা এটা বজাই তাৰ মন ঘুৰাবলৈ চেষ্টা কৰে ।

মই মাথোঁ চাই ৰওঁ । মই নাজানো এই সৰু দৃশ্য দেখি মোৰ মোৰ বুকুৰ ভিতৰত আনন্দ নে এক অজান বিষাদ !!! পৰিয়ালটো ভালে থাকক ।

No comments:

Post a Comment