Pages

Tuesday 21 July 2015

সিদিনা মেট্র' ৰে'লত

(আপুনিও কেতিয়াবা জনসমুদ্রৰ মাজত হঠাতে দেখা পাইছেনে আপোনাৰ প্রয়াত পিতৃৰ দৰেই সাইলাখ একেই কোনোবা এজন ??)

মেট্র'খনত উঠিয়েই মানুহজনলৈ চকু গ'ল । মানুহজনে ছিটটোৰ একেবাৰে কাষত থকা ষ্টীলৰ খীন খুটাটোত মূৰটো আঁউজাই গৈছিল । চকু দুটা মুদি আছে । এক মূহুৰ্তৰ বাবে মোৰ বুকুখন চিৰিংকে মাৰিল । ইমান সাইলাখ একে মানুহ কেনেকৈ থাকিব পাৰে !! এইজন দেখুন মোৰ দেউতা !! সৌ সিদিনা মই নিজ হাতেৰে পুৰি অহা দেউতা মোৰ !!  ৰ লাগি চাই ৰ'লো মানুহজনলৈ ।মানুহজনে চকু মেলিলে । মই একেথৰে চাই থকা দেখি মোলৈ চালে । আস !! সেই একেই চাৱনি !! একেই এক কৰুণতা আৰু সৰলতাৰে ভৰা এক দৃষ্টি । আপুনি !! মোৰ এষাৰ মাত দিবলৈ মন গ'ল কিন্তু কি বুলি মাতো আপোনাক !!  মই বিশ্বাস কৰিব পৰা নাছিলো, ইমান একে মুখায়বৰ মানুহ থাকিব পাৰেনে?? মই দুজনমান মানুহ ঠেলি আগুৱাই গ'লো । অকণমান ওচৰত থাকোঁ এখন্তেক আপোনাৰ !! দেউতাৰ দৰেই আপুনি এটা হাফ চাৰ্ট পিন্ধিছে । হাতৰ সিৰবোৰো আপোনাৰ দেউতাৰ দৰেই জিলিকি উঠিছে । ইমান মিল কেনেকৈ থাকিব পাৰে !! মই লাহে লাহে বেছিকৈয়ে উৎকণ্ঠিত হ'লো । চাওঁ আৰু অকণমান ওচৰৰ পৰা আপোনাক এবাৰ চাই ৰওঁ । দেউতাৰ দৰেই সোঁতোৰা সোঁতোৰা হৈছে আপোনাৰ গাল দুখন । এবাৰ আপোনাক চুই চাব পৰা হলে, চুই চাব পৰা হলে দেউতাৰ সিৰ ওলোৱা হাত !! কিমান কোমলতা আছিল সেই খহতা হাত দুখনত !! দেউতাৰ দৰেই ঘড়ীটোও আপুনি ওলোটাকে পিন্ধিছে !! চুলিবোৰ সেই একেই আধা পকা, আধা কেঁচা । এষাৰ মাত দিব পৰা হ'লে আপোনাক !! ইমান অলসভাৱে আমন-জিমনকে বহি আহিছে আপুনি, এবাৰ সুধিব পৰা হ'লে আপোনাক-আপুনিও কি দেউতাৰ দৰেই অভাৱৰ এটা নতুন কাহিনী কঢ়িয়াই ঘৰমুৱা হৈছে?? আপুনিও কি সময়মতে বেতন নোপোৱা শিক্ষক ?? এবাৰ সুধিব পৰা হলে আপোনাক কিমান অভাৱ-অনাটনৰ মাজতো আপুনি নিজৰ আদৰ্শত অটল আছে  !!  কিন্তু সম্বোধন কৰোঁ কি বুলি, কেনেকৈ আপোনাক মাত এষাৰ দিওঁ -কেনেকৈ আপোনাক বুজাই কওঁ কিয় আপোনালৈ এনেদৰে একেথৰে চাই আহিছোঁ !! কেনেকৈ আপোনাক বুজাওঁ জীয়াই থকা কালত দেউতাৰ কাষত হেপাহ পলুৱাই বহিব নোৱাৰাৰ দুখে মোক এতিয়াও কেনেকে বিন্ধে । কেনেকৈ আপোনাক বুজাওঁ পিতৃঋণ পৰিশোধ কৰিব নোৱাৰাৰ যন্ত্রনা কিমান । কাকোৱেইটো কব পৰা নাই !! হে’ৰি শুনিছেনে আপুনি মোৰ বুকুৰ কথাবোৰ ?? কিয় কেতিয়াবাই মই মোৰ গন্তব্য ষ্টেশ্যন পাৰ হৈ আহিছোঁ যদিও নামি যোৱাৰ কথা এবাৰলেও ভবা নাই । কেৱল আপোনাক চাই আহিছো পাগলৰ দৰে- দেউতা মোৰ!! আপুনি আকৌ চকু কেইটা মুদি দিছে ?? ভাগৰুৱা আপুনি জীৱনৰ ভৰত ?? এবাৰ আকৌ চাওঁক মোলৈ সেই একেদৰেই অলসভাৱে !! এবাৰ মই দেউতাৰ চকুযোৰ চুই চাইছিলোঁ দেউতা শুই থাকোতে । দেউতাৰ চকুত উলমি ৰোৱা সপোনবোৰ চুই চাবলৈ বিছাৰিছিলো । এবাৰ আপোনাৰ মুদখাই থকা চকুযোৰ চুই চাবলে' মোৰ যে কিমান হেঁপাহ জাগিছে কেনেদৰে কাক কওঁ মই !!! আচৰিত !! আপোনাৰো চাৰ্টৰ পকেটতো এখন সৰু নোটবুক !! তাত কি আপুনিও লিখি ৰাখিছে- ৰবাৰ্ট ফৰ্ষ্টৰ পংক্তি নাইবা "পবিত্র হৃদয় যাৰ, ইশ্বৰ সহায় তাৰ"?   ত্রিফলাৰ ঔষধি গুন ?? 'ৰাহালৰ জন্মৰ তিথি - আঘোন মাহৰ শুক্লপক্ষ...??
আপুনি উঠিছে কিয় ?? নামিবৰ হ'?? হেৰি মানুহজন, কাবৌ কৰিছোঁ অকণমান বহকচোন । কিবা এটা সুৰুঙা উলিয়াই এবাৰ আপোনাৰ মাতটো শুনো , পাৰিলে এবাৰ আপোনাৰ হাত দুখন চুই চাওঁ । বহকচোন, নুঠিব । সময়, ভবিষ্যত এইবোৰৰ অজুহাতত দেউতাৰ কাষত হেঁপাহ পলুৱাই বহিব নোৱাৰিলো, দেউতাৰ খহতা হাত দুখন হেঁপাহ পলুৱাই চুই চাব নোৱাৰিলো । আৰু অকণমান বহকচোন !! আপোনাৰ কাৰণেই কেতিয়াবাই মই নিজৰ ষ্টেশ্যন পাৰ হৈ আহিছোঁ । ভিৰৰ মাজত আপুনি হেৰাই গ'লেতো আৰু নেদেখিম আপোনাক !! নিজ হাতেৰে পুৰি অহাৰ পিছত দেউতাক এনেকৈটো এদিনো দিঠকত দেখা নাই !! হেৰি মানুহজন !! ৰ'বচোন !! আস!!! আপুনি চালে মোলৈ নমাৰ সময়ত আকৌ এবাৰ !! দুবাৰ!! হব আৰু । বহুত । এই সময়কন বুকুতে বান্ধি নামিম মইও সিটো ষ্টেশ্যনত ।


No comments:

Post a Comment