Pages

Saturday 25 July 2015

ৰসগোল্লা

মূল কথাটো অকণমান বেলেগ । পিছে ৰসগোল্লাৰ বিষয়ে দুআষাৰ কৈ লোৱা ভাল হ’ব । এতিয়াৰে পৰা ৰচগোলা বুলি লিখিম । তেতিয়াহে আচল ৰূপ আৰু সোৱাদটো চকুৰ আগলৈ আহে ।

ৰচগোলাৰ প্রতি মোহটো সৰুৰে পৰা এতিয়ালৈকে একেই আছে । ঘৰলৈ যিসকল আলহীয়ে ৰচগোলা আনিছিল তেওঁলোকক মই অলপ বেছিকৈ ভাল পাইছিলোঁ । সৰু থাকোঁতে বিয়া খাবলৈ গৈছিলোঁ কেৱল ৰচগোলাৰ আশাত । পাতত দিয়া লুচি-ভাজি আৰু ৰচগোলাৰে যিসকলে বিয়া খাই পাইছে তেখেতসকলে মোৰ কথাৰ সত্যাসত্য উপলব্ধি কৰিব পাৰিব । কাৰোবাৰ ঘৰলৈ ফুৰিবলৈ গ’লেও যিসকলৰ ঘৰত ৰচগোলাৰে চাহ দিছিল, সেইসকল মানুহ দয়ালু বা ভাল মানুহ বুলিয়েই মই ভাবি লৈছিলোঁ । আলহীয়ে বা দেউতাই অনা ৰচগোলা মানুহক দি শেষ হোৱাৰ পাছত ৰচগোলা অনা পলিথিনটোৰ তলত দাঁতেৰে সৰু ফুটা এটা কৰি ৰসখিনি হুপি খাই মই যি স্বৰ্গসুখ পাইছিলোঁ বা এতিয়াও পাওঁ সেইয়া বৰ্ণনা কৰাতো মোৰ বাবে অসাধ্য । নতুন কোনোবা ঠাইলৈ গ’লেও বাটত চাহ খাব লগা হ’লে মই প্রথমেই হোটেলৰ   আলমিৰাত থকা ৰচগোলা কেইটাৰ আকাৰ আৰু ৰঙ চাই লওঁ । ভাল ৰচগোলা পালে হোটেলৰ মালিকজন সৎ মানুহ বুলি পতিয়ন যাওঁ । ৰচগোলা ভেজালৰ দৰে এই সহজ, লাভজনক, অসৎ কামটো কৰা নাই যেতিয়া তেখেত প্রকৃততেই সৎ মানুহ । কোনোবা মানুহে ৰচগোলা বেয়া পাওঁ বুলি ক’লে মোৰ সন্দেহ হয় মানুহজনৰ প্রতি । এনেকুৱা এটা বস্তু বেয়া পোৱা মানুহো আছে !!!

শহুৰ-শাহুৱে হ’বলগা জোঁৱায়েকৰ ঘৰলৈ প্রথম দিনা আহোঁতেও মজবুত আকাৰৰ বিশটা ৰচগোলাৰ টোপোলাটো মোৰ হাততেই তুলি দিছিলহি । সেইদিনাই উমান পাইছিলোঁ তেখেতসকল বৰ মৰমিয়াল, দয়ালু মানুহেই হ’ব । ধাৰণা শুদ্ধ আছিল । কৈ থওঁ যে মোৰ প্রিয় ৰচগোলা হ’ল বৰপেটা আৰু মোৰ জন্মস্থান জাজৰীৰ ৰচগোলা ।  
ৰচগোলাৰ বিষয়ে এই দুআষাৰ কৈ ল’লো ৰচগোলাৰ লগত জড়িত দুটা ঘটনা ক’বলৈ যি দুটা ক’বলৈ নাপালে মই শান্তি নাপাম ।

২০১১ চনৰ এপ্রিল মাহৰ কোনোবা এদিনা দিচপুৰ হস্পিটেলৰ ডাঃ ভবদেৱ গোস্বামীৰ হাতৰ পৰা দেউতাৰ হ’ল এবড’মেনৰ চিটি স্কেনৰ ৰিপৰ্টতো লৈ ওলাই আহিলোঁ । ৰিপৰ্টমতে ক’ল’ন কেন্সাৰে ইতিমধ্যে গৈ লিভাৰ আগুৰি ধৰিছে । গোস্বামীৰদেৱৰ মুখৰ পৰা মই অতি কঠিন সত্যটো শুনি আহিলোঁ- শেষ পৰ্য্যায়, এতিয়া কেৱল পেলিয়েটিভ, আৰোগ্যৰ বাবে নহয়, উপশমৰ বাবেহে হ’ব যি হয় । সেই সময়ত মই কিমান ধৈৰ্য্যৰে আৰু বুকুত কিমান ডাঙৰ শিল এটা বান্ধি  এহাতে ৰিপৰ্টতো লৈ মুখমণ্ডলত একো নাই হোৱা ভাব এটা লৈ বাহিৰত বহি থকা মাই দেউতাৰ মুখামুখি হৈছিলোঁ আপুনি অনুভৱ কৰিব পাৰিছে যদি ধন্যবাদ ।

মাই দেউতাই তেতিয়ালৈকে এই ভয়াবহতাৰ বিষয়ে গম পোৱা নাছিল । দেউতাই বাৰু শেষলৈকে গম নাপালে । মই দুয়োজনকে উদ্দেশ্যি ক’লো- ল’জতে ক’মগৈ ব’ল । হস্পিটেলৰ পৰা ওলাই মই আগে আগে আৰু তেখেত দুয়োজন মোৰ পিছে পিছে আগবাঢ়িল । মই আগবাঢ়িছিলোঁ কঁপি কঁপি ।
গনেশগুৰিৰ চুকটোতে থকা লখিমী হোটেলৰ সমুখতে ৰৈ দেউতালৈ চাই ক’লো – আহ চাহ একাপ খাই লওঁ । দেউতাই সন্মতি দিলে ।

২০০০ চন মানতে দেউতাৰ ডায়েবেটিচ মেলিটাচ ধৰা পৰিছিল । তেতিয়াৰে পৰাই দেউতাৰ বাবে মিঠাই নিষিদ্ধ । কেতিয়াবা অতি আকুলতাৰে মাইক কয়- দিয়াহে অকণমান , নমৰোঁ । আৰু মায়েও কেতিয়াবা নখেৰে এচিকূট দিয়ে । সেইয়াই দেউতাৰ মিঠাইৰ বিলাস ।

লখিমী হোটেলত তিনিওজন বহিলোঁ । মই চিন্তা কৰিছিলোঁ – মোৰ সমুখত যে এই অতি সহজ-সৰল দেউতা নামৰ মানুহটো বহি আছে দেহৰ তিনি ঠাইত শেষ পৰ্য্যায়ৰ কেন্সাৰ লৈ, তেখেতে নাজানে তেওঁ কোন পথৰ যাত্রী । যি হয় হ’ব, মানুহটোক মনে বিছৰা ধৰণেৰে থাকিবলৈ দিওঁ যিমান দিন থাকে । কিমান বছৰ যে মানুহটোৱে এটা মিঠাইৰ বাবে হাবিয়াস কৰি আছে !!

কি ক’লে অ’ ৰিপৰ্টত—মায়ে সুধি আছিল । উত্তৰ নিদি মই হোটেলৰ আলমিৰাৰ ওচৰলৈ গৈ তিনিটা ডাঙৰ ৰচগোলাৰ অৰ্ডাৰ দিলোঁ । ৰচগোলাৰ প্লেট এখন দেউতালৈ আগবঢ়াই দিলোঁ । মায়ে আচৰিত হৈ কি কৰ কি কৰ বুলি সোধোঁতেই মই চকুৰে মাইক ইংগিত দিলোঁ –খাবলৈ দে । মায়ে সেই ইংগিততেই গোটেই ঘটনাৰ উমান পালে ।
প্রথমে আচৰিত হৈ পাছত মিচিকিয়া হাঁহি এটা মাৰি ৰচগোলাৰ প্লেটখন নিজৰ ফাললৈ টানি নি দেউতাই এটাই শব্দ উচ্চাৰণ কৰিলে – “আঃ”।

তাৰ পাছত দেউতাই কিমান তৃপ্তিৰে ৰচগোলাটো চামুচেৰে চিঙি চিঙি খাইছিল সেই দৃশ্য মই কেনেকৈ বৰ্ণনা কৰোঁ ?? সেই দৃশ্য চাই চাই মই ভিতৰি অতিপাত সুখ বা অতিপাত দুখত স্তব্ধ হৈ আছিলোঁ – কিমান সুখ পাইছে এই মানুহটোৱে, কিমান বছৰৰ মূৰত নিজাববীয়াকৈ এটা ৰচগোলা খাবলৈ পাইছে !! মৃত্যুৰ আগে আগে কি এনেকুৱা সুখেই আহে মানুহৰ জীৱনলে’ ?? মানুহটোৱেটো একোৱেই নাজানে কি     ৰিপৰ্টত কি লিখা আছে !! এই মুহুৰ্তত এটা কথাই জানে সৰু পুতেকে মৰমতে তেওঁক ৰচগোলা এটা দিছে আৰু তেখেতৰ চকুৱে মুখে সেই সুখৰ ৰং বিয়পি পৰিছে ।
পিছদিনা দেউতাৰ চুগাৰ বাঢ়িছিল । মই সামান্যতমো দোষী অনুভব কৰা নাছিলোঁ । ৰচগোলা খোৱা সেই দহমিনিটৰ সুখানুভূতিয়ে মানুহটোক যিমান উপকাৰ কৰিলে তাৰ তুলনাত এই বাঢ়ি থকা চুগাৰে কৰা অপকাৰ তেনেই নগন্য । উপকাৰ অপকাৰৰ অনুপাত মোৰবাবে ন সিমানেই ।

ৰচগোলাৰ দ্বিতীয় ঘটনাটো ৰাষ্টাত কাম কৰা মানুহ এজনীৰ । এস !! থাকক আজিলৈ ।

দেৱাংগ পল্লৱ শইকীয়া
২৫ জুলাই ২০১৫
নতুন দিল্লী ।


1 comment:

  1. এইবাৰ লগ পালেই ৰসগোলা খাম দুয়ো...

    ReplyDelete