Pages

Sunday 1 May 2016

বাটে-ঘাটে (৫)

মানুহজনে সন্ধিয়া দোকান সোনকালে সামৰা হৈছে । মানুহৰ ভীৰ হয় সেই সময়তে । তেওঁ এই ভীৰকো নেওচা দিয়ে । পানীকাপোৰ খনেৰে কাঠৰ তক্তাখন ঢ়াকি আঁতি আঁতি বান্ধে । সৰু প্লাস্তিকৰ টেমাটোৰ পৰা নোটখিনি উলিয়াই পেণ্টৰ পকেটত লয় আৰু খুচুৰা পইচাৰে জুনুকা বাজি থকা টেমাটো চাইকেলৰ আগৰ মোনাখনত ভৰাই লয় । চোলাৰ আগ পকেটৰ পৰা বিড়িৰ মুঠাটো উলিয়াই দাঁতৰ মাজত বিড়ি এটা লৈ কাষৰ দোকানীৰ লগত কথা পাতে ।
: বিক্ৰী বাৰ্তা চালে নহ'ব নে কি !! অকল পইচা চালে নহ'ব । ঘৰত মাইকী মানুহে এই ধুমুহাক ভয় কৰে । যাব লাগিব । এনেই আমি ল'ছালী নোহোৱা মানুহ । অকলে এৰিব নোৱাৰি । দে লাগ তই ! মই যাওঁ ।
বিড়িটো মুখত লৈ কায়দাৰে ধোঁৱা উলিয়াই মানুহজনে চাইকেলত জাঁপ মাৰি উঠে ।
'ছালী নোহোৱা মানুহ । ঘৰত অকলে থকা মানুহজনীয়ে ধুমুহালৈ ভয় কৰে !! তেওঁ সাহ দিবগৈ !!
অপ্ৰেমৰ দুনিয়াত কিমান যে প্ৰেমৰ কাহিনী চৌপাশেচকুৰ আগতে 

####
নিজৰ মূৰত পলিথিনৰ মোনা আৰু হাতৰ কলপাতৰ ছৱি থকা গোটেই ছাতিটো দি দিছে পৰিবাৰৰ মূৰৰ ওপৰত । দুয়ো ৰৈ আছে । মই চাই আছোঁ ।
"মোকেই যে দিছে, আপুনিও লওঁক " !
" মোৰ পলিথিনটো আছে নহয় ! নিজে হাঁচিয়ায়েই আছা দেখুন।"

কাণৰ কাষৰ চুলি পকিছে আৰু দুয়োৰে । আদবয়সীয়া । এটা প্ৰেমৰ গল্প বা এখন প্ৰেমৰ চুটি ছৱি ।
###
মাংসৰ দোকানৰ আগত ভীৰ বেছি । "পোৱালী"য়ে আনন্দেৰে হাতত পলিথিন লৈ দোকানৰ কাষতে আঁঠুকাঢ়ি ৰৈছে । মাংসৰ দোকানৰ পেলনীয়া ছাল-বাকলিৰে সিঁহতৰো বৰষুণৰ বতৰত মঙহেৰে এসাঁজ হ'ব । সিহঁত মানে কাষতে তাৰ ভনীয়েকো (কিজানি) ।
###
ৰাষ্টাৰ মাজতে অকণমান পানী জমা হৈছে । নতুনকৈ চাইকেল শিকা ল'ৰাটোৱে চকাটো পানীত নামি যোৱাকে বাৰে বাৰে পানীখিনিৰ ওপৰেৰে অহাযোৱা কৰিছে । চকাটো পানীত পৰি পানীখিনি সিঁচৰিত হৈ গ'লে সি ফূৰ্তি পায় ।
দেউতাৰ বুঢ়া চাইকেলখন তলত হাফ পেডেল মাৰি ৰাষ্টাত জমা হোৱা বৰষুণৰ পানীৰ ওপৰেৰে চলোৱাটো মোৰ অতি প্ৰিয় আছিল !
ল'ৰাটোক চালোঁ । ময়েই নহয়তো !!!