Pages

Sunday 21 February 2016

এই মৰম লগাব জনা নতুন ল'ৰাবোৰ

এই মৰম লগাব জনা নতুন ল'ৰাবোৰ ।
১) কালি নলবাৰীত । ফেচবুকৰ চিনাকী সুন্দৰ লেখা-মেলা কৰা মৰমলগা ল'ৰাজনে আহি অনুষ্ঠানৰ আগে আগে মোক মাত লগালেহি ।
:আপোনাৰ অনুষ্ঠান চাম বুলিয়েই কলেজৰ পৰা বাহিৰে বাহিৰে আহিছোঁ ।
: ঘৰ কিমান দূৰত ?
: ছয় কিলোমিটাৰ । চাইকেল লৈ আহোঁ কলেজলৈ ।
: চাইকেল ?
: অ' দিনে বিশ কিলোমিটাৰ মান চাইকেল মাৰোঁ ।
: তুমি আমাৰ গড় আয়ুসতকৈ অন্তত: দহ বছৰ বেছি থাকিবা ।
অমায়িক ল'ৰাজনে হাঁহিলে । চাইকেল চলোৱাটো কিমান স্বাস্থ্যৰ বাবে ভাল বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি । চাইকেল চলোৱা ল'ৰাজনৰ কথা-বতৰা, দৃষ্টিভংগী কিন্তু আধুনিক । কলেজলৈ চাইকেল লৈ অহাৰ বাবে তেওঁৰ কোনো "আধুনিক" নোহোৱাৰ লক্ষন নেদেখিলোঁ ।
ল'ৰাজনলৈ মোৰ মৰম বাঢ়িল ।
২) অলপ আগতে ফোন পালোঁ । মাজে মাজে ফোন কৰে । অমায়িক ল'ৰা তেওঁ । সদায় কওঁ - কষ্ট কৰি যোৱাচোন । এদিন মোক কবা ।
আজি তেওঁ ফোন কৰি ক'লে ,
: দেৱাংগ দা , চাকৰি এটা পালোঁ । পৰীক্ষা ভালকে দিছিলোঁ । আপোনাক জনাবলৈ ভাল পালোঁ । ঘৰ পোৱাগৈয়ে নাই ।
এই ল'ৰাজনক মই আজিলৈকে লগ পোৱা নাই । তেওঁৰ কিন্তু বিশ্বাস আছে তেওঁৰ সফলতাত মই পৰিয়ালৰ মানুহৰ সমানেই সুখী হ'ম ।
হৈছোৱেই ।
এই ল'ৰাবোৰ ভালে থাকক । আমাৰ বাবে ।

#######
টিভিত দেখিলোঁ । যৌৱনত ভৰি থৈছেহে মাত্ৰ । ওঠৰ-বিশ বছৰীয়া ল'ৰা এজাক । "প্ৰেমৰ দিন" বুলি সিহঁতে পকেট মানিৰে কমলা, আপেল, বিস্কুতেৰে ধুনীয়াকৈ পেকেট বনাই ফুটপাথৰ দৰিদ্ৰ সকলক বিলাইছে ! তাৰে ল'ৰা দুজনমানতো সঁচাকে একেবাৰেই সৰু !! কেমেৰাৰ আগত ওলাবলৈ লাজ ! মৰম নালাগি পাৰেনে ??
এই মৰমলগা ল'ৰাহঁতৰ কথা কিয় লিখোঁ ?? সাধাৰণতে "যুৱচাম অমূক" "যুৱচাম তমূক" ৰ বিপৰীতে ইহঁতে কৰি থকা মৰমলগা কামবোৰ ৰাইজে জনা উচিত । মৰম দিয়ক । উৎসাহ পাব ।

No comments:

Post a Comment