Pages

Thursday 9 June 2016

চিঠি

দুমাহমানৰ আগতে কাকতত মোৰ লেখা পঢ়া ভদ্ৰলোক এজনে ফোন কৰিছিল মাহেকে পষেকে কৰাৰ দৰে । নামৰূপৰ পৰা । তেখেতে "লিখা মেলা কৰা মানুহ, আপোনালোকে জানিব" বুলি সমস্যা এটাৰ বাবে পৰামৰ্শ বিছাৰিলে । সমস্যা হ'ল পুত্ৰক লৈ । পুত্ৰ বিপথে যোৱা বা অবাধ্যতাৰ বাবে নহয়, মাত্ৰ গুৱাহাটীত অধ্যয়নৰত পুত্ৰৰ লগত তেখেতৰ দূৰত্ব বাঢ়ি গৈছে । পুত্ৰ ঘৰলৈ গৈ ঘৰত থকাৰ সময়কণ মাক, ভনীয়েকৰ লগতেই কথা পাতি কটায় । পেচাত চিকিৎসক এখেতে ৰাতি ঘৰ পায়হি মানে কেতিয়া আহি পালা, পঢ়া-শুনা কেনে চলিছে, অসুবিধা কিবা হৈছেনেকি, আৰু স্বাস্থ্য- ইমানতেই কথা শেষ । অথচ তেখেতৰ আৰু বহু কথা পুতেকক ক'বলৈ থাকে, তেখেতৰ শৈশৱ সংগ্ৰাম, তেখেতৰ আদৰ্শ, পুতেকক লৈ দেখা সপোনৰ কথা । তাৰে কিছুমান কথা পুতেক স্কুলত পঢ়ি থকালৈকে, তেখেতৰ লগত ৰাতি শোৱালৈকে ক'ব পাৰিছিল । তেখেতৰ ইচ্ছা - এতিয়া পুতেক কথাবোৰ উপলব্ধি পৰাকৈ ডাঙৰ হৈছে গতিকে কথাবোৰ এতিয়া শুনক । ফোন কৰিলেও কি কৰিছা, ভাত খালানে বা দীঘলীয়া হ'লেও আন কথাতেই শেষ হয়, এই "আচল" কথাখিনি তেখেতৰ কোৱা নহয় । গতিকে তেখেতৰ সামান্য "চিন্তা" !
তেখেতৰ কথা শেষ নহওঁতেই মই ক'লো - আপুনি পুতেকলৈ চিঠি নিলিখে কিয় ?? ই-মেইল বা মোবাইলত নহয়, কাগজত কলমেৰে চিঠি লিখক তাৰ হোষ্টেলৰ ঠিকনাত । আগতিয়াকৈ ভাবি নল'ব যে সি নপঢ়িব । দিয়কচোন । কিজানি সিও আপোনাক কিবা ক'বলৈ ৰৈ থাকে আৰু কথাবোৰ সিও চিঠিতেইহে বেছি ভালকৈ ক'ব পাৰিব । চিঠি লিখক । আপোনাৰ কথাবোৰ যেতিয়া সি পঢ়িব তাৰ এফেক্টো হ'ব সূদুৰপ্ৰসাৰী কাৰণ সি চিঠিবোৰ মাজে মাজে মেজ চাফা কৰোতে হ'লেও পঢ়িব বুলি মোৰ বিশ্বাস । গতিকে লিখক আজিয়েই । তেখেতে পিছে পুতেকলৈ চিঠি লিখিলে নে নাই মই গম পোৱা নাই ।
হোষ্টেলৰ তিনি বছৰত মই দেউতাৰ পৰা সাতখন চিঠি পাইছিলোঁ । তাৰে এখন সিদিনা ঘৰত পুৰণা কাগজৰ মোনা খোলোতে পালোঁ । সেই চিঠিখনৰ দুটা লাইন ইয়াত নিলিখি নোৱাৰিলোঁ ।
"কটনৰ পৰা ওলাই আৰু ওপৰলৈ পঢ়া শুনা কৰি কিমান ডাঙৰ চাকৰি লৈ বা কিমান টকা পইচা ঘটি ঘৰলৈ ওভতি আহ বা নাহ সেইটো মই চিন্তা নকৰোঁ । নিজৰ প্ৰয়োজন নিজেই বুজিবি । মাত্ৰ তহঁত দুটাক লৈ দেখা সপোন মোৰ এটাই - তহঁতৰ নাম ক'লে যাতে মই মানুহৰ আগত মূৰ দাঙি কথা ক'ব পাৰোঁ আৰু তই বিশেষকৈ পঢ়া শেষ কৰি চাকৰিয়াল হোৱাৰ আগতে মানুহ হৱ' । "

No comments:

Post a Comment