বকুলৰ
গোন্ধ
গুৱাহাটী
বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সৌজন্যত কেইদিনমানৰ আগতে আমাৰ "বকুল"
উপভোগ কৰাৰ সৌভাগ্য হ'ল । "বকুল" পৰিচালিকা ৰীমা বৰাৰ নতুন ছবি যিখন ছবিৰ বাবে তেখেতে
এই বছৰৰ প্রাগ চিনে এৱাৰ্ডৰ শ্রেষ্ঠ পৰিচালকৰ সন্মান বুটলিবলৈ সক্ষম হৈছে ।
সাধাৰণ
দৰ্শক হিচাবে আমাৰ এক বেজাৰ আছিল যোৱা কেইবছৰত হলধৰ, হালধীয়া চৰায়ে বাওধান খায়, বা অগ্নিস্নানৰ দৰে ট্ৰিটমেন্টৰ
চিনেমাৰ পৰা বঞ্চিত হৈ থাকি । সিদিনা “বকুল” উপভোগ কৰি অনুভৱ হ'ল বেলেগ ভাল দিন আহক বা নাহক, ছিৰিয়াছ অসমীয়া চিনেমাৰ ভাল দিন আহিছে
। ৰীমা বৰাৰ দৰে নিৰ্মাতা, পৰিচালকে
আমাৰ আশা সজীৱ কৰি তুলিছে । বকুলে অনুভৱ কৰোৱালে আমাৰ অসমীয়া যুৱ পৰিচালকেও হিন্দী
বা বাঙালী পেৰেলেল চিনেমাৰ লগত মূৰ দাঙি থিয় হ'ব পৰা চিনেমা নিৰ্মান কৰিবলৈ সক্ষম ।
বকুল
ছবিখনত পৰিচালকে আটাইতকৈ বেছি প্ৰশংসা ল'ব পৰা উপাদানটোৱেই হৈছে প্ৰতীকধৰ্মীতা
। ছবিখনৰ প্ৰথমৰ পৰা শেষলৈ পৰিচালকে ইমান
সুন্দৰকৈ প্ৰতীকৰ
ব্যৱহাৰ কৰিছে যে দৰ্শকক কাহিনীৰ মাজলৈ বেছিকৈ লৈ যোৱা আৰু কাহিনীৰ লগত একাত্ম
হোৱাত এই প্ৰতীকধৰ্মীতাই হৈ উঠিছে মূল চালিকাশক্তি । কাহিনীৰ আৰম্ভনিতে নায়কে আহি
বাছৰ পৰা নামিছেহি আন্ধাৰ পথ এটাত । সমুখত সকলো আন্ধাৰ, অস্পষ্ট , মনিব নোৱাৰি । অথচ কাহিনীৰ শেষত নায়কে
খোজ লৈছে পোহৰৰ বাট এটাৰে । অতি নিৰাশাৰ মাজতো এটা বাট ছবিৰ শেষত পৰিচালকে
দেখুৱাইছে । সেই পোহৰৰ বাটেৰে খোজ লৈছে নায়কে । খোজ লৈছোঁ আমিও ।
প্ৰতীকধৰ্মীতাৰ
সুন্দৰ প্ৰতিফলন ঘটিছে আন কেবাটাও দৃশ্যত । অবিবাহিত হৈ থাকিয়েই মাক হোৱা বকুল
নামৰ মহিলাগৰাকীয়ে মুখামুখি হৈছে কাৰোবাৰ বিয়াৰ বাবে পানী তুলিবলৈ যোৱা আয়তীসকলৰ
লগত । সেই মূহুৰ্তত বকুলৰ দুচকুত পৰিস্কাৰ হৈছে বুকুৰ বিষাদ । বকুলৰ সেই দুচকু
দেখি দৰ্শকৰো বুকু দহিছে নজনাকৈয়ে বকুলৰ বাবে । সেই একেই দুচকুৰ বিষাদ ধৰা দিছে
বকুলে বিউতি পাৰ্লাৰত ৰঙা ফোঁটৰ পেকেটলৈ চাওঁতে । ৰঙা ফোঁট লোৱাৰ আনন্দ বকুলে
নাপালে । আন এটা দৃশ্যত ৰেডিঅ'ত আহিছে মৃতদেহ উদ্ধাৰৰ খবৰ আৰু ৰেডিঅ'ৰ ওচৰতে পৰি ৰৈছে মাছুৱৈৰ জালত লগা মৰা
মাছ । মাছ মৰাৰ দৰেই সাধাৰণ হৈছে মৃত্যু ?? পৰিচালিকাই প্ৰতীকেৰে এই প্ৰশ্ন
দৰ্শকলৈ এৰিছে । এটা সময়ত সাধাৰণ দৃশ্য এটা দেখুওৱা হৈছে মাছ মৰা জালৰ মাজেৰে ।
ৰাজনৈতিক জালত বন্দী আমি সকলো । সকলো ঘটনা দেখি আছোঁ এই জালৰ মাজেৰে ! এক কথাত ক'বলৈ গ'লে পৰিচালিকা ৰীমা বৰাই প্ৰতীকধৰ্মীতাৰে
দৰ্শকৰ বুকুলৈ কাহিনীৰ বাট সুচল কৰিছে ।
বকুল
ছবিখনৰ আনটো অতি প্ৰশংসা কৰিবলগীয়া দিশ হ'ল কাহিনীৰ সামঞ্জস্যতা আৰু দৃশ্যবোৰক
জীৱন্ত কৰি তোলা কেমেৰাৰ কাম । তিনিটা কাহিনী ইমান সুন্দৰকৈ কলাসন্মতভাৱে এদাল
মালাত গাঁঠা হৈছে যেন সঁচাকৈ এদাল সুগন্ধিত বকুলৰ মালা ! দৰ্শকে এটা কাহিনীৰ লগত
আনটো কাহিনীৰ যোগসূত্ৰ বিচাৰি মগজুৰ কচৰৎ কৰিবলগীয়া হোৱা নাই । বৰ্তমানৰ অতি
স্পৰ্শকাতৰ বিষয় তিনিটাৰ এখন জীৱন্ত পট্ৰেইট ! এটা কাহিনীৰ লগত আনটো কাহিনী ইমান সুন্দৰকৈ
গঁথা হৈছে যে দৰ্শকৰ মনত উদয় হোৱা প্ৰশ্নবোৰ আৰু তাৰ সমাধানৰ উঁহ একেই ।
কেমেৰাৰ
বাবে বিশেষভাৱে প্ৰশংসা কৰিব লাগিব ছবিখনক । সন্দীপ পাটিলৰ কেমেৰাই দৃশ্যবোৰ ইমান
জীৱন্ত কৰি তুলিছে যে কোনো দৃশ্যতেই অনুভৱ নহয় ছবি চোৱাৰ । ইমান বাস্তৱ আৰু জীৱন্ত
প্ৰতিটো দৃশ্য যে অনুভৱ কৰিছিলোঁ চিনেমা নহয় যেন মইও তাতেই আছোঁ ! ঘাটৰ দৃশ্য, দোক-মোকালিৰ ছবি, গাঁৱৰ বাটৰ ছবি, শৈশৱ, বজাৰ, সন্ধিয়া, আৰু অতি সৰু সৰু দৃশ্যবোৰত এনে
লাগিছিল যেন মই চিনেমা চোৱা নাই, নিজেইহে উপস্থিত আছো তাত । ইমান জীৱন্ত ! লাজৱাব
কেমেৰাৰ কাম । নেদেখিলে বিশ্বাস নহ'ব । মুঠতে চিনেমা নহয় যেন নিজে
উপস্থিত থকা ঘটনা প্ৰৱাহ ! দৰ্শকক কাহিনীৰ লগত একাত্ম হ’বলৈ সুবিধা কৰি দিছে সন্দীপ
পাটিলে ।
অভিনয়ৰ
কথা নকলোৱেইবা । অতিথি শিল্পীৰ পৰা মূল শিল্পীলৈকে সমানে ইমান জীৱন্ত অভিনয় কৰা
শেষবাৰ কোনখন ছবিত দেখিছিলোঁ মনত নাই ! কোনো নাটকীয়তা নাই ! শিল্পীসকলক পৰিচালকে
আগুৱাই দিছে অতি বাস্তৱিক ৰূপে । তিলমানো নাটকীয়তা নাই কাৰো সংলাপ প্রক্ষেপন বা
অভিব্যক্তিত । ৰক্তিমৰ চৰিত্ৰত উদয়ন দুৱৰাৰ অভিনয় দেখি এনে
লাগিল - ক'তা এয়াচোন অভিনয় নহয় !! সঁচাকৈয়ে হৈ
আছে ঘটনাবোৰ ! বকুলৰ চৰিত্ৰটো উৰ্মিলা মহন্তই অতি সুন্দৰভাৱে ফুটাই তুলিছে ।
কেবাতাও দৃশ্যত তেখেতৰ অভিব্যক্তিয়েই দৰ্শকৰ চকু সেমেকাইছে । বাকী অভিনয়ৰ শিল্পী
সকলো সফল ।
পৰিচালিকা
ৰীমা বৰাই বকুল ছবিখনত কলাসন্মতভাবে ঠায়ে ঠায়ে দৰ্শকৰ বুকু গধুৰ কৰি তুলিছে, চকুৰ
কোণ সেমেকি যাবলৈ বাধ্য কৰোৱাইছে । সময়ত কন্দুৱাইছেও । তেখেতে বেকগ্ৰাউণ্ডত দুখৰ
চেহনাইৰ সহায় নোলোৱাকৈয়ে কেৱল কাহিনীৰ জীৱন্ত ৰূপ, চৰিত্ৰৰ অভিব্যক্তিৰে দৰ্শকৰ
আৱেগক স্পৰ্শ কৰিবলৈ সক্ষম হৈছে । জীয়েকৰ বাবে নিচুকনী গীত গায় নিজেই শুই পৰা
বকুলজনী, পুতেকৰ
মৃত্যুৰ সপোন দেখা মাছুৱৈ বকুল, বুকুত সংগীত লৈ ফুৰা জয় দাৰ ল'ৰা বকুলৰ সংগ্ৰাম - এই দৃশ্যবোৰত দুখৰ
আৱহ সংগীত নাই । নিস্তব্ধ !! অথচ দৰ্শকৰ ওঁঠ কঁপিছে অজানিতে । জয় দাই শৈশৱৰ ৰক্তিমক গীত শিকোৱাৰ
অস্পষ্ট দৃশ্যও অতিকৈ বুকু গধুৰ কৰা ! পৰিচালিকা সফল তাতেই ।
কাহিনী
জীৱন্ত কৰিবলৈ ৰীমা বৰাই পৰাখিনি সকলো কৰিছে অতি কলাসন্মতভাৱে, সফলতাৰে । ৰক্তিম আৰু কুন্তলাৰ এক
হৃদয়ৰ নিবিড়তাৰ দৃশ্যত পৰিচালিকাই ব্যৱহাৰ কৰিছে ৰূপকোঁৱৰৰ "আমাৰ সখীয়া"
গীতটি । ছবিখনত গীতটি মঞ্চত পৰিবেশন কৰি থকা দেখুওৱা হৈছে । সিও এক অতি বাস্তৱ
দৃশ্য । তবলা, হাৰমনিয়াম
আৰু গীটাৰেৰে সঁচা সঁচি জ্যোতিসংগীত প্ৰতিযোগিতাহে যেন ! গীতটি পৰিবেশনো কৰা হৈছে
অতি সুন্দৰকৈ দেৱাশীষ কৃষ্ণাত্ৰেয়ৰ দ্বাৰা ! এই গীতটিয়ে ছবিখনক প্রদাণ কৰিছে এক
অনন্য মাত্রা, কলাপ্রেমী দৰ্শকক এক বুকু চুই যোৱা অনুভূতি । ছবিৰ শেষত হাৰমনিয়ামৰ
সংগত “বহুদিন বকুলৰ গোন্ধ পোৱা নাই” য়ে দৰ্শকক বুকুত হাত থ’বলৈ বাধ্য কৰোৱাইছে ।
মুঠতে
পৰিচালিকা ৰীমা বৰা সফল ।অসমীয়া ছিৰিয়াছ ছবিৰ মহঙা দিনত ৰীমা বৰাই বকুলৰ যোগেৰে এক
আশা কঢ়িয়াই আনিছে, আমাৰ হতাশাক
আশালৈ নিছে । ৰীমা বৰাক আন্তৰিক ধন্যবাদ । "বকুল" ত নায়কে ছবিৰ শেষত পোহৰৰ
বাট এটাৰে খোজ লোৱাৰ দৰেই ৰীমা বৰাই আমাকো দেখুৱাইছে তেনে এটা বাটেই , য'ত বতাহত ভাঁহি আহিছে প্ৰিয় বকুলৰ
গোন্ধ !
দেৱাংগ
পল্লৱ শইকীয়া
No comments:
Post a Comment