Pages

Monday 28 March 2016

মনৰ প্ৰশান্তি

ভাৰত আৰু বাংলাদেশৰ টি-টুৱেন্টী খেলৰ দিনাখনেই ডিস্ক'ভাৰী চেনেলত এখন ডকুমেন্টেৰী চাইছিলোঁ । কলকাতাৰ পৰা ঢাকালৈ চলা ভাৰতীয় ৰে'লৰ ওপৰত । ৰে'লৰ ড্ৰাইভাৰজনে কাম শেষ কৰি দুই-তিনিদিনৰ মূৰত অতিপাত ভাগৰুৱা হৈ লোকেল ট্ৰেইনেৰে তেখেতৰ নিজা ঘৰলৈ যায় । ঘৰলৈ গৈ তেখেতে কি কৰে ?? বিশ্ৰাম ?? লোৱাত বিশ্ৰামেই লয় কিন্তু সুকীয়াকৈ । দেহ-মনৰ অৱসাদ দূৰ কৰিবলৈ তেখেতে তবলা বজায় । তেখেতৰ লগত কণ্ঠ আৰু হাৰমনিয়াম সংগত কৰে তেখেতৰ পত্নীয়ে । তেখেতৰ মতে এনেদৰে তবলা চৰ্চা কৰাৰ ফলত তেওঁৰ মানসিক অৱসাদ দূৰ হোৱাৰ লগতে তেখেতে পৰৱৰ্তী দিনৰ বাবে এক নতুন উদ্যম লাভ কৰে ।
: অৱসৰ গ্ৰহনৰ পাছত হয়তু মই সংগীত চৰ্চাটোকে দৈনিক কৰ্তব্য হিচাবে ল'ম । কাৰণ ই মোক ইমানদিনে শক্তি আৰু শান্তি দি আহিছে ।
এই দুটা বাক্য তেখেতে নিজ মুখেৰে কোৱাৰ পাছত আমাৰ একো ক'বলৈ সাধ্য নাই !
##
কলকাতাত থাকোতে এদিন যাদৱপুৰত মই থকা ফ্লেটটোৰ কাষতে থকা গছৰ তলত অকলশৰে ৰৈ থকা অট'ৰ ড্ৰাইভাৰক সুধিলোঁ গৰিয়াহাট যাবনে নাযায় । সময় আছিল দুপৰীয়া ।
: যাবনে ?
: বেয়া নাপাব নাযাওঁ ।
অতি অমায়িক উত্তৰ ।
: অলপ ভাড়া লাগিলে বেছিকৈয়ে দিম …?
বয়সীয়া অট'ৱালাই তেখেতৰ ছিটৰ তলত মৃদু স্বৰত বাজি থকা সৰু ডেকটোৰ শব্দ কমাই মোক ক'লে দুপৰীয়া আহাৰ খোৱাৰ পাছত এই আধাঘন্টা তেখেতৰ ৰৱীন্দ্ৰ সংগীত শুনাৰ সময় । এই অলপ নিজান ঠাইবোৰত । নহ'লে ৰাতি এপৰলৈ তেখেতে অট' টানিব নোৱাৰিব । মই যেন তেখেতক বেয়া নাপাওঁ আৰু বুজি পাওঁ যে অট' চলোৱাৰ দৰেই এইটোও তেখেতৰ অতি জৰুৰী নিত্য-নৈমিত্তিক কাম । হুবহু তেখেতৰ ভাষাত কৈছোঁ ।
কথা শেষ কৰি হাতটো তললৈ নি ডেকৰ শব্দ সামান্য বঢ়াই দি তেখেতে আকৌ মূৰটো ছিটৰ পাছফালে আঁউজাই দিলে ।
তেখেতে পোৱা শান্তি তেখেতৰ মুখমণ্ডলত ধৰিব পৰা বিধৰ আছিল ।

No comments:

Post a Comment