Pages

Wednesday 16 March 2016

প্রিয় খাদ্য

প্রিয় খাদ্য
তাহানি কাকতে পত্রই শিল্পী সাহিত্যিকৰ সাক্ষাতকাৰ পঢ়িলে তেখেতসকলৰ প্রিয় খাদ্য কি এইটো পঢ়িবলৈ মই ভাল পাইছিলোঁ । স্কুলীয়া কেঁচা মন-মগজুত ভাব আছিল – তেখেতসকলে আমাৰ দৰেই খায় নে ?? নহ'লে কি খায় ? অৱশ্যে সেই সাক্ষাতকাৰ সমূহত সেইসকল লোকৰ বহুত প্রিয় খাদ্য মই তেতিয়াৰ দিনত চিনি নাপাইছিলোঁ । গাঁৱত জন্ম লৈ গাঁৱতে পঢ়া-শুনা কৰা মোৰ বাবে চিকেন দো প্যাজা কি বস্তু ভাবিবলৈ মগজুত উপাদান নাছিল । মোবাইল, ইণ্টাৰনেট নাছিল, গুগল চলাবলে তেতিয়াও বহু বছৰ বাকী । ডিডি ৱানত এইবোৰ প্রায় নাহেই । গতিকে দুটা পিয়াঁজেৰে ৰন্ধা কুকুৰাৰ আঞ্জা বুলি বুজাৰ বাহিৰে মোৰ মগজুৱে আৰু বেছি ভাবিব নোৱাৰিছিল ।
বাৰু । সময় পাৰ হৈ যোৱাৰ লগে লগে এই প্রিয় খাদ্যৰ বিষয়টোৱে মোৰ মনত বাৰুকৈয়ে শিপাবলৈ ধৰিলে । অকল ডাঙৰ মানুহৰে নহয়, মোৰ দৰে ক্ষুদ্র জীৱৰোতো প্রিয় খাদ্য আছে !! সাধাৰণতে তেতিয়া কলেজ পঢ়াৰ দিনত ঘৰত গৈ খোৱা মাৰযুক্ত আলু সিদ্ধৰে ভাত কেইটাও অমৃত । কিন্তু ডায়েৰী খনত লিখি থবলৈকেতো অন্ততঃ প্রিয় খাদ্য দুবিধমান লাগে !! কি এই খাদ্য ?
তাৰ পিছত তেতিয়াৰে পৰাই মই ভাবি আহিছোঁ কি এই খাদ্য । প্রিয় খাদ্য হ'বলৈ কি কি গুণ লাগিব ?? বহুত খাদ্যইতো প্রিয় মোৰ !! তেনেহ'লে ?? আৰু শৈশৱৰ পৰা তেতিয়ালৈকে ঘুৰি চাই মোৰ উপলব্ধি হৈছিল যে ঘৰতেই হওঁক বা পৰতেই হওঁক যি খাদ্যৰ নাম শুনিলেই মোৰ জিভাৰ পানী সৰে, যি খাদ্যৰ বাবে মই ভোক নাথাকিলেও সঁচা অৰ্থত ৰৈ থাকোঁ, যি খাদ্যই মোক উদৰৰ লগতে বুকুতো শান্তি দিয়ে, যি খাদ্যই মোক শৈশৱৰ মাটিৰ পাকঘৰৰ মাটিৰ মজিয়াখন, কঠখনলৈ মনত পেলাব পাৰে, সেয়াই মোৰ প্রিয়তম খাদ্য । বাকী প্রিয় খাদ্য বহুত ।
প্রিয়তম খাদ্যৰ প্রথম স্থানত মাটিমাহৰ টেঙা কাঠআলু বা ঔটেঙা দিয়া, লগত শুকান ভজা জলকীয়া আৰু লগত এক কলপাত ভাত । এই বাক্যকেইটা লিখি আছো মানে জিভালৈ পানী আহিছে । মাটিমাহৰ টেঙাৰে ভাত এসাঁজৰ সোৱাদ নোপোৱা অসমীয়া মানুহ সৌৰজগতত আছে বুলি মোৰ মনে নধৰে । গাঁৱৰ ভোজৰ মাটিমাহৰ আঞ্জাখন বৰ্ণনা কৰিব পৰাকে মোৰ প্রতিভা নাই ।
শাকেৰে ৰন্ধা সৰু মাছৰ টেঙা । এইবিধ দ্রব্য মোৰ কিমান মৰমৰ মোক ভালকৈ জনাসকলে জানে । সোৱাদলগাকৈ শাকেৰে সৰু মাছ ৰান্ধিব জনা সকললৈ মোৰ মৰম বা শ্রদ্ধা বেছি । এই দ্রব্যবিধৰ প্রতি মোৰ টান কিমান সেয়া এটা উদাহৰণ দিলে বুজিব । ২০০৮ । জালুকবাৰীত থাকোতে এদিন খুউব গা বেয়া বাবে শুই আছিলোঁ । উৎপলৰ মাতৃয়ে ফোন কৰি ক'লে – সৰু মাছ আৰু কণ বিলাহী দিয়া শাকৰ আঞ্জা । আহিবানে নাহা ?? মই পেৰাচিটামল এটা গিলি হাজিৰ হলোগৈ ।
আৰু শেষ প্রিয়তম খাদ্যত আগদিনাই ৰান্ধি থোৱা খাঁহি মাংসৰ লগত ৰাতিপুৱা খোৱা লুচিকেইখন । বাতিটোত আঞ্জাৰ ওপৰত পৰি থকা চামনিটো, আলু দুচকল....আৰু নকওঁ ।

No comments:

Post a Comment