Pages

Wednesday 16 March 2016

জীৱন

জীৱন
#
বহুতেই সোধে: এইবোৰ অকল ময়েই কিয় দেখোঁ বা লগ পাওঁ ??
কিছুমানে কৌতুহলেৰে সোধে, কিছুমানে অবিশ্বাসৰ ভাবেৰে আৰু কিছুমানে ইতিকিংৰ সুৰত !!
আকৌ কৈছোঁ - মই নেদেখোঁ । মই লক্ষ্য কৰোঁ, বিছাৰি ফুৰোঁ ! ইয়েই মোৰ নিচা । সাধাৰণ মানুহক পঢ়ি চোৱাটো মোৰ একপ্ৰকাৰৰ মানসিক কচৰৎ ।
#
দিগন্তৰ লগত পানবজাৰৰ কমিছনাৰ অফিচৰ কাষতে ব্ৰহ্মপুত্ৰৰ পাৰত চাহ একাপ খাবলৈ ৰ'লোঁ । চালি নোহোৱা চাহৰ দোকান । দেৱালৰ গ্ৰীলৰ জোং বোৰত পলিঠিনৰ ঠোঙাবোৰ ওলমি থাকে । কেক, বান, নাৰিকলৰ লাড়ু । দিগন্তই চাহ আৰু নাৰিকলৰ লাড়ু খালে । মই কাগজত দিয়া তেলত ভজা শকত লুচি আৰু লুচিৰ ওপৰতে দিয়া আলু, বুটৰ তৰকাৰী ।
চাহ দিয়া মানুহ গৰাকী কপালত উজ্বল, ডাঙৰ সেন্দুৰৰ ফোঁটেৰে মোৰ মা ৰ বয়সৰ মহিলা । সুন্দৰ ফুলৰ পৰিস্কাৰ চাদৰ মেখেলা পিন্ধা । মুখত হাঁহি । চাহ দিয়াৰ সেই দুই এটা শব্দতেই অনুমান কৰিব পাৰি তেখেত সাদৰি তিৰোতা । এইসকলক লৈ কৰা মোৰ অনুমান মিছা নহয় !
চাহ খোৱা হ'ল । পইচা দিলোঁ । দুখোজ আহোতেই পাছফালৰ পৰা : বাবা আৰু পাঁচটকা !!! নাৰিকলৰ লাড়ু খাইছিলা যে !!
বাবা !! পইচাই খুজিছে কিন্তু কি সাদৰৰ সহজ-সৰল মাত !!!
দিগন্তই দহটকা এটা দিলে । হ'ব- পাঁচটকা ঘুৰাব নালাগে দিয়ক ।
দিগন্তক ক'লোঁ -
চোৱাচোন !! তোমাৰ মোৰ মাৰ বয়সৰ মানুহ । সাদৰি । পিন্ধন-উৰণ বা মাতত যেন নিজৰহে মানুহ কোনোবা !! দিনতো এনেদৰে ৰাষ্টাৰ কাষত চাহ বেচি সন্ধিয়া বা ঘৰত গৈ কি পায়গৈ ?? পো-বোৱাৰী, নাতি-পুতি ??? মৰম যত্ন ??? এই বয়সত এই কষ্ট অন্তত: কেৱল নিজৰ পেটটোৰ বাবেটো নিশ্চয় নহয় । পুতেক-জীয়েক বা নাতি পুতিৰ বাবেইটো কিজানি !!
ৰাতি ঘৰলৈ ওভতি গৈ দিনটোৰ কষ্টৰ বিনিময়ত সেই মৰম শ্ৰদ্ধাখিনি পায়নে ??
নে …নাই পিছৰখিনি ভাবিব নোৱাৰোঁ । মানুহগৰাকিৰ মুখলৈ চাই পিছৰখিনি ভাবিব নোৱাৰিলোঁ । ভমকা সেন্দুৰৰ ফোঁটেৰে উজ্বল হাঁহি থকা মুখ !!
দিগন্তই ক'লে - এৰা …!!
আকৌ কৈছোঁ - মই নেদেখোঁ । মই লক্ষ্য কৰোঁ ইয়েই মোৰ নিচা । সাধাৰণ মানুহক পঢ়ি চোৱাটো মোৰ একপ্ৰকাৰৰ মানসিক কচৰৎ ।

No comments:

Post a Comment