Pages

Monday 28 March 2016

এপ্রিল ফুল

এপ্রিল ফুল
এক এপ্রিলৰ দিনা প্রিঞ্চ মঞ্জে (ঘৰত মতা নাম মনাই, স্কুলীয়া নাম মনোহৰ, ফেচবুকীয়া নাম প্রিঞ্চ মঞ্জ) কাণত হেডফোন লগাই গান শুনি শুনি পথাৰত গৰু চৰাই আছিল । সি গৰখীয়া নহয় কিন্তু চহৰৰ হোষ্টেলৰ পৰা দুদিনমানৰ বাবে ঘৰলৈ আহি সি মনৰ চখ পুৰাবলৈ ঘৰৰ গৰুকেইটা চৰাবলৈ আহিছে । গৰুৰ লগত পথাৰৰ গছৰ তলত সি ইতিমধ্যে দুখনমান ছেলফি উঠিলেই ।
হঠাতে তাৰ মনত এটা বুদ্ধি খেলালে । সি গাঁৱৰ মানুহক ভয় খুৱাবলৈ "বাঘে খালে ঔ বাঘে খালে ঔ বুলি" চিয়ঁৰিবলৈ ধৰিলে ।
গাঁৱৰ মানুহে হাতে হাতে লাঠি, টাঙোন, চেঙেলীয়াবোৰে বাঘৰ ফটো ল'বলৈ মোবাইলৰ কেমেৰা অন কৰি যি যেনেকৈয়ে আছে তেনেকৈয়ে পথাৰলৈ দৌৰি আহিল । তাকে দেখি আমাৰ প্রিঞ্চ মঞ্জে "এপ্রিল ফুল এপ্রিল ফুল" বুলি কৈ কৈ টিকা চপৰিয়াই চপৰিয়াই নাচিবলৈ ধৰিলে । গাঁৱৰ মানুহে তাক গালি শপনি পাৰি গুছি গ'ল ।
পিছদিনা সঁচাকৈয়ে বাঘ ওলাল । প্রিঞ্চ মঞ্জৰ সমুখতে । কাণত হেডফোন থকা বাবে সি আগতিয়া উমান নাপালে ।
সি চিয়ঁৰ মৰাৰ আগতেই বাঘে হাঁহি এটা মাৰি তাক ক'লে ।
-- আজি চিয়ঁৰিলেও মানুহ নাহে । কালি তই মানুহক উল্লু বনাই থৈছ । আৰু সাধুটোও মানুহৰ মনত আছে । হা হা হা...গৰৰৰৰৰৰ...
ভয়ত কঁপি কঁপি বেঙে মূতা গৰু হৈ প্রিঞ্চ মঞ্জে ক'লেঃ-
-- দেউতা ঈশ্বৰ, মানে বাঘেশ্বৰ—কথা কৈছেই যেতিয়া মোৰ কথাও শুনক । মোক নাখাব হে অনাথৰ বাঘ !! মোৰ ডিগ্রীয়েই কমপ্লিত হোৱা নাই প্রভু । ছাত্র হৈ থাকোতেই আন্দোলন কৰি দুপইচা সাঁচি, বিয়া পাতি ঢেৰ কাম আছে । প্রভু বাঘেশ্বৰ !!!
প্রিঞ্চ মঞ্জে ফেঁকুৰিবলৈ ধৰিলে ।
-- ৰ ৰ । নমুনাখন নকৰ । এনেও মই তোক আজি নাখাওঁ । আমাকহে এতিয়া তহঁতে ঠায়ে ঠায়ে খোৱা কৰিছ অধমহঁত !! ছিঃ ... নৰমনিচৰ নামত তহঁত...।
প্রিঞ্চ মঞ্জে সামান্য সাহ পাই বাঘৰ সমুখতে হাতযোৰ কৰি আঠুঁ লৈ বহিল ।
-- দে, চুৰত এডাল দে । সিদিনা খাৰঘুলিত নৰমনিচৰ ঘৰৰ বাৰান্দাত চকী এখনত বহোতে কাষতে এটা আধাপোৰা টুকুৰা পাই হুপিছিলোঁ । বৰ আমেজ । দে আছে যদি দে ।
প্রিঞ্চ মঞ্জে তাৰ হাফপেন্টৰ পকেটৰ পৰা গল্ডফ্লেক এটা উলিয়াই, জ্বলাই বাঘক দিলে । বাঘে হাতোৰাৰে সেইটো লৈ সুখটান দি ক'বলৈ ধৰিলে ।
-- নৰমনিচৰ ঘাটিলৈ মিতিৰ ফুৰিবলৈ নাহোঁ দেচোন । খানা নাই ওপৰত ভাইজান !! নহ'লে আমাৰে জাতিভাই কুকুৰক নাটানো দেচোন !! আৰু তোকতো আজি এনেও নাখাওঁ । তোক খোৱা মানে কালিলৈ তোৰ ফ্রেণ্ডচাৰ্কল আৰু গাঁৱৰ মানুহে মিলি মোক ধৰি খাই পেলাব । লাওখোৱালৈ বিয়া দিয়া জী জনী আজি জগো কালি জগো । এক্সপেক্টেড ডেইট দুই এদিনতে । নাতিৰ মুখ নোচোৱাকে নৰমনিচৰ পেটলৈ গ'লে আত্মাই শান্তি নাপাব । নহ'লে তোকো টানিলোঁ হয় । চাওঁ, চুৰট আৰু এডাল দে । দে জ্বলা । বাবা আছে যদি এচিকূট মিলাই ভৰাই দে । আজি তোক মনৰ কথাকে কওঁ ।
প্রিঞ্চ মঞ্জে তেতিয়ালৈ নৰ্মেল হৈছিল । সি বাঘৰ আহবান শুনি ভালেই পালে ।এই ছিটুৱেশ্যনত বাবাৰ বিশেষ দৰকাৰ । সি বিশেষ কাইদাৰে চুৰটডাল বনাই নিজেও দুহুপা মাৰি বাঘলৈ আগবঢ়ালে ।
-- তহঁতৰ ওপৰত বেছি আক্ষেপ নাই । কিন্তু আছে । আছে মানে তহঁতে যে আমাৰ মানে বনৰ ৰখীয়া পাতিছিলি মানুহটো ?? তাৰ ওপৰত আছে । আমাৰ জ্ঞাতি এশিঙীয়াৰ পুলিয়ে পোখাই শেষ হ'ব এতিয়া অথচ তেখেতৰ কাণসাৰ নাই !! তোক মৰমতে এৰিছো, তেখেতক হ'লে সমুখত পালে দুচেলেক মাৰিম কৈ থ'লোঁ মানে গুজৰি থ'লোঁ !! ক'বিগৈ ।
-- ক'ম ক'ম দেউতা ঈশ্বৰ, মানে বাঘেশ্বৰ । আৰু কিবা ??
-- আৰু ..!!! হাতীৰ দুখো বহুত । মোক কেবাবারো দৰ্খাস্ত দিছে । ইমান গহীন গম্ভীৰ বেড ৰেকৰ্দ নথকা জিনিছটোক কাৰোবাৰ ভোটৰ চিন বনাই ভোট নাপালেই "হাতী অমুকহে হাতী তমুকহে" বুলি উপলুঙা কৰি মনোকষ্ট দি আছহঁত !! নৰমনিচ যে নৰমনিচেই !!কোনোদিন তহঁতৰ সুমতি নহ'ব ।
-- বাৰু মই উঠোঁ । কথা ঢেৰ কিন্তু সময় তাকৰ । আকৌ কোনোবাই দেখিলেও জীৱন যাব ।
প্রিঞ্চ মঞ্জে হাতযোৰ কৰিয়েই কৈ থাকিল ।
-- আজি আপুনি মোক লাইফ দিলে প্রভু । কি বুলি থেংকচ দিওঁ । মাত্র আৰু এটা জীৱনদানৰ দৰেই কৃপা কৰি যাওঁক প্রভু ।
-- আৰু কি আক' ??
-- প্রভু , ছেলফি এখন উঠোঁ আপোনাৰ লগত...অকণমাণ প'জ এটা দিয়ক মোৰ লগত , পাৰিলে নেগুৰডাল মোৰ ডিঙিত পকাই দিয়ক প্লিজ !! জীৱনদানৰ দৰেই এইটো মূল্যবান !!

No comments:

Post a Comment