Pages

Monday 28 March 2016

পাকঘৰ


এই কথাকেইটা অকল ফেচবুকৰ বাবেই নহয়, নতুন চামে বিশেষকৈ চহৰতে জন্ম হৈ ডাঙৰ হোৱা সকলক তাহাানিৰ আমাৰ পাকঘৰৰ লগত সমাজ-সংস্কৃতিৰ সম্বন্ধৰ বিষয়ে এক সম্যক ধাৰণা দিয়াৰ বাবে লিখা হৈছে ।
নতুনকৈ সজা ঘৰটোৰ কোঠা কেইটা মোক দেখুৱাই থাকোতে সম্বন্ধীয়া খুড়াক সুধিলোঁ পাকঘৰ কোনটো ? খুড়াৰ কোলাত থকা বাবুৱে মোলৈ চাই সুধিলে : কি পাকঘঅ ?? কিচ্চেন অ' । স্বাভাৱিক ।
ঠাইৰ অভাৱৰ বাবেই হওঁক বা আন সুবিধাৰ বাবেই হওঁক আমি সৰুতে দেখা আছুতীয়া পাকঘৰবোৰ এতিয়া নাই । এতিয়া সকলোৰে সুবিধা হোৱাকৈ মূল ঘৰৰ ভিতৰতে কিচ্চেন । অৱশ্যে এই কিচ্চেনবোৰ চহৰত আগৰে পৰাই আছিল । কেৱল আমাৰ গাঁও অঞ্চলবোৰতহে পাকঘৰ আছিল মূল ঘৰৰ পৰা আছুতীয়া ।
গাঁৱত আমাৰ ঘৰৰ দৰেই প্ৰায়বোৰ ঘৰতেই মূল ঘৰৰ গাতে লাগি আছিল মাটিৰ পাকঘৰ । মাটিৰ মজিয়া । গেছ অহাৰ আগলৈকে দুটা মাটিৰ চৌকা । আমি তেতিয়া একেবাৰেই সৰু । নাকৰ শেঙুন চেলেকা । এটা চৌকা চাহৰ, এটা ভাতৰ ।
পাকঘৰৰ ভাতখোৱা মজিয়াখন আছিল আমাৰ সংস্কাৰৰ এটা নমুনা । পূব ফালে ককাদেউতা বহিব মূল কঠত । ডাঙৰ কাঁহৰ কাঁহী আৰু হাতীখোজীয়া বাতি । দেউতা বহিব বিপৰীত দিশে সৰু কঠত, ককাতকৈ সৰু কাঁহী-বাতি । আমিবোৰ দীঘল কঠত । ককাহঁতে খোৱাৰ মজিয়াত কৰা গুৰু-গম্ভীৰ কথাৰ মাজত আমাৰ মাত মতা নিষেধ । মহিলাসকলৰ খাদ্যগ্ৰহন আমি খাই অতোৱাৰ পাছত । ককা ঢুকোৱাৰ পাছত বহুদিনলৈ এই পৰম্পৰা চলি থাকিল ডাইনিং টেবুল নহালৈকে । ভাত খোৱাৰ সময় একেটাই । একেলগে । অতি অসুবিধাৰ বাহিৰে ঢাকি থোৱা ভাত খোৱা নিষিদ্ধ ।
পাকঘৰৰ ভিতৰত চালত মকৰাজাল ধোঁৱা লাগি এলান্ধু হৈছিল । এলান্ধু ব্যৱহাৰ হৈছিল নৱজাতকৰ "মুখ লগা ভঙা" মন্ত্ৰৰ বাবে যোগাৰ কৰা সামগ্ৰীৰ লগত ।
পাকঘৰৰ বেৰত শুকান তিতাফুলৰ ডালি খুচি থোৱা হৈছিল । কাগজৰ ঠোঙাত শুকুতা তিতা, বাঁহৰ চুঙাত শুকান থেকেৰা । আস !! ছৱিখন !!!
চৌকাত কৰা ৰন্ধনৰ সোৱাদ সুকীয়া আছিল । খৰিৰ জুইত ৰন্ধা ছাগলীৰ মঙহ বা ৰৌ মাছৰ তৰকাৰীখনত লাগি থকা ধোঁৱাৰ গোন্ধটো !!
কালক্ৰমত গাঁৱতো এই সুকীয়া পাকঘৰবোৰ গৈ কিচ্চেন হ'ল । আমাৰো । মজিয়াৰ গুৰু-গম্ভীৰ কথা গৈ ডাইনিং টেবুল পালেগৈ । অৱশ্যে আমাৰ সুবিধাৰ বাবেই ।
আমাৰ ঘৰৰ মাটিৰ পাকঘৰটো এতিয়াও আছে । চৌকা দুটাও । কিচ্চেন হ'ল যদিও সেই পাকঘৰত এতিয়াও ৰন্ধন কৰে মায়ে । আমি এতিয়াও জুইত ৰন্ধা মাংস তৃপ্তিৰে খাওঁ কেতিয়াবা ।
পাকঘৰবোৰ আছিল পৰিয়ালৰ সংস্কাৰ আৰু মিলাপ্ৰীতিৰো প্ৰতীক । পৰিয়ালৰ সকলোৱে একেলগে বহি ভোকৰ ভাতসাঁজ …!!

No comments:

Post a Comment