Pages

Tuesday 29 September 2015

জীৱনৰ ভিন্ন চিত্ৰ

ফু মাৰি উৰুৱাই দিব পৰা তিনিটা কথা । জীৱনৰ ভিন্ন চিত্ৰ ।
১) জীতেন কছাৰীয়ে তেতিয়া আমাৰ ঘৰত কাম কৰিছিল । বয়সীয়াল মানুহ কিন্তু তজবজীয়া । জেওঁৰা দিয়ে, জংঘল কাটে । কাণৰ কাম নাই । একেবাৰে নুশুনে । আকাৰ ইংগিতত নুবুজিলে লিখি দিব লাগে । এদিন কাগজ এটুকুৰাত লিখি দিলোঁ : দুলালৰ দোকানৰ পৰা মিঠৈখিনি আনকগৈ । মোৰ চাইকেলত নাহিল ।
পঢ়ি জীতেন কছাৰীয়ে ক'লে :
বাৰু । কিন্তু তই আখৰ ঠিক কৰিবি । মাষ্টৰৰ ল'ৰা আখৰ ভাল হ'ব লাগে । তিনিচুকীয়াকে লিখিবি ।
কৈ তেখেতে হাঁহিলে ।
আখৰ ভাল কৰিবলৈ কোনে কোনে কৈছিল পাহৰিলোঁ । গাত লাগিছিল জীতেন কছাৰীয়ে কোৱাৰ দিনাহে । সেইদিনা ৰাতি আখৰ তিনিচুকীয়া কৰিছিলোঁ ।
জীতেন কছাৰী আছিল বেলেগৰ ঘৰত কাম কৰা মানুহ ।
২) দিল্লীত থাকোঁতে এদিন ৰিক্সাৱালাক নতুন যেন দেখি সুধিলোঁ : আগতে দেখা নাই তোমাক !!
নাই । নতুন । আগতে ভাইয়ে ৰিক্সা টানিছিল এই জেগাত । পাঁচমাহ খৱৰ নোপোৱাত মই বিচাৰি আহি গম পালোঁ সি হেৰাল । তাৰ পাছত ময়েই তাৰ ৰিক্সাটো টানিব লগা হৈছে । পিছে মই হেৰালে আৰু মোক বিচাৰি অহা মতা মানুহ নাই আৰু ! তাৰ বিবি আৰু মোৰ বিবি বাচ্চাহে ঘৰত ।
৩)পঁচানব্বৈ টকা হ'ল মাছত । পাঁচ টকা খুচুৰা নাই দাদা । পিছত নিব । হ'ব দে । এই মাছ বাচি থকাটো তোৰ ল'ৰানে?? হয় দাদা । পঢ়িছেনে ?? হয় পঢ়ে । কিন্তু…
বাপেকৰ কাষতে গ্ৰাহকৰ বাবে মাছ বাচি থকা পুতেকে কথা শুনি হাতৰ হাথিয়াৰ খন্তেকৰ বাবে থৈ মাছৰ তেজ লগা গোন্ধোৱা হাত দুটা একলগ কৰি অতি ক্ষীপ্ৰ নমস্কাৰ এটা মোক দি আকৌ মাছ বচাত লাগিল ।
মাছ বেপাৰীৰ ল'ৰা !!
টকা পাঁচটা সি পালে ।

No comments:

Post a Comment