Pages

Sunday 20 September 2015

যোৱা সপ্তাহত


১) দোকানৰ পৰা ওলাওঁতেই অসাৱধানবশত: বাহিৰত ৰৈ কথা পাতি থকা ভদ্ৰলোকৰ ভৰিত মোৰ ভৰিৰে আঘাট কৰি অভ্যাসবশত হাত এখন কপালৰ ফালে নি ক'লো: অ' কৃষ্ণ কৃষ্ণ ! বেয়া নাপাব । ভদ্ৰলোকেও হাতখন কপালৰ ফালে নি একে সুৰত ক'লে : কৃষ্ণ ! একো নাই …। ভদ্ৰলোকৰ মুখত এমুখ ডাড়ি আৰু মূৰত গোল টুপী আছিল।
২) গনেশগুৰিৰ ফ্লাই অভাৰৰ তলত ৰাষ্টাৰ কাষত ঢলপুৱাতে পুৰি ভাজি খাই থাকোতে গ্ৰাহক অলপ কম হোৱা সময়ত পুৰিৰ দোকানীয়ে পকেটৰ পৰা ফোনটো ওলিয়াই ফোনত সৰু সৰুকৈ ক'লে : সোণ উঠিলনে?? তাক পঢ়াৰ আগতে হাতৰ আখৰ লিখোৱাবা । মই আঠটা মানতহে যাম । অংক মই চামগে ।
বাপেক ।
৩) অফিচলৈ যাওঁতে দেখিলোঁ মানুহ ঘৰৰ আগত এখন ১০৮ এম্বলেঞ্চ ৰৈ আছে আৰু ছোটা ভীমৰ স্পৰ্টিং পিন্ধা আঠ-ন বছৰীয়া ল'ৰা এটাই গাড়ীখনৰ পিছফালে ভৰি দিয়া খনত মুখেৰে শব্দ কৰি ওলমি আছে । ধেমালি ।
অফিচৰ পৰা ওভতি আহোতে দেখিলোঁ ল'ৰাটোৱে ধূতি পিন্ধি গাত বগা চেলেং কাপোৰ লৈ চোতালত আমন জিমনকৈ বহি আছে ।
৪) আজি । ইচ্ছা কৰি অকণমান বৰষুণত তিতি কিমান ভাল লাগিল লিখিম বুলি ভাবি আহি থাকোতেই দেখিলোঁ মাকে কোলাৰ কেঁচুৱাটোৰ মূৰত পলিথিনৰ ঠোঙা, ঠোঙাৰ ওপৰত নিজৰ চাদৰখন দিও তাৰ/তাইৰ হাঁচি ৰখাব পৰা নাই । ৰাষ্টাৰ কাম কৰা মানুহ । আমাৰ বিলাসিতা, সিহঁত বাধ্য, ভাগ্য ।

1 comment:

  1. আপোনাৰ blogটোত চকু ফুৰাই এটা নতুন আমেজ পালো... সৰু সৰু ঘটনাবোৰে আপোনাৰ অন্তৰত কি দৰে চাপ পেলাইছে তাৰ পৰা কোমলতাৰ উমানো পালো... প্ৰকাশভংগী আৰু শব্দৰ ব্যৱহাৰ অতি সুন্দৰ... এই আমেজ আগলৈয়ো পাই থকাৰ হেপাহঁ কৰিলো

    ReplyDelete