Pages

Friday 15 July 2016

কুকুৰা পুৰাণ

কুকুৰা পুৰাণ !

দিল্লীত গৈ মই প্ৰথম নিজাববীয়াকৈ ভাড়ালৈ  লোৱা ঘৰটো আছিল কেশৱপুৰমৰ চি ফাইভ এলেকাত । এটা সৰু ফ্লেট । মালিকনী ভদ্ৰমহিলা নীলম গুপ্তা । মাত কথা মৰমৰ । প্ৰথম দিনাই তেখেতে মোক সাৱধানবাণী শুনালে - বেটা অপনী পৰিৱাৰ কী তৰহ ৰেহনা লেকিন দাৰু ৱাৰু চিকেন ৱিকেন য়ে চব নেহি চলেগা । খায়াল ৰহে ।

মানে চিকেন ৰান্ধিব নোৱাৰিম ??
ওহোঁ ! আমি জৈন মানুহ । বাহিৰত খাই আহিবা মন গ'লে । ৰন্ধা চিকেন পেকিঙো নোৱাৰিবা আনিবলৈ ।

বাৰু । হ'ব । মুছাফিৰ হৈ আছোঁ যেতিয়া অলপ নীতি নিয়ম মানি চলিব লাগিবই ।

মই টপ ফ্ল'ৰত থাকোঁ । বাহিৰৰ পৰা আহিলে মালিকনীৰ চৰাঘৰলৈ সোমোৱা গেইটখন খুলি তেওঁলোকৰ কোনোবা চৰাঘৰত বহি থাকিলে মোৰ গাটো দেখুৱাই যাব লাগে ।

নীলম গুপ্তাৰ পৰিয়ালটো ভালেই লাগিছিল । আহোতে যাওঁতে মাতষাৰ পাওঁ নীলম গুপ্তাৰ পৰা যদি তেখেত চৰাঘৰত বহি থাকে- ষাঠি বছৰীয়া মহিলা - ঐয়ে দেবাঙ ইধৰ আ । চুন চুন…মেৰে বেটেকে লিয়ে নৌকৰী দেখ । এ  দেবাং কাহাছে আয়া ?? চুন চুন ইধৰ আ …পুৰি চব্জী খাকে যা …আৰে অয়ে দেবাং ক্যা?? ৰুক ৰুক …।

মই চিকেন বাহিৰতে খাই আহোঁ । আনিব নোৱাৰোঁ । যিকোনো সময়তে নীলম গুপ্তাৰ পুতেক দুটা ওলাবহি পাৰে । এদিন চয়াবীনত চিকেন মচলা দিওঁতেই পুতেকে শুঙি শুঙি অনুসৰণ কৰি পাকঘৰত চাই গৈছিলহি ।

চিকেন খাই ধৰা পৰিলে মোক ঘৰ খালী কৰিবলৈ নক'ব বুলি জানো কিন্তু সাদৰী মানুহজনীৰ বিশ্বাস ভাঙিবলৈ মন নগ'ল । মাতষাৰ পোৱাটো বন্ধ হ'ব ।

গতিকে মই বাহিৰতেই খাই আহোঁ । চিকেনৰ লগত ৰুমালী বা তণ্ডুৰী । তথাপি কেতিয়াবা মন যায় নিজৰ পাকঘৰত চিকেন ৰান্ধি খাবলৈ, নিজৰ বিচনাত বহি ঠেং চোবাবলৈ  !

এদিন মন বান্ধিলোঁ । এনেকে নহ'ব । বহুত নীলম গুপ্তাৰ কথা শুনিলোঁ । আজি তণ্ডুৰী পেকিঙ লৈ যাম আৰামত খাম বহি বহি ।

কথামতেই কাম । যিহেতু মোৰ ঘৰলৈ উঠি যাবলৈ নীলম গুপ্তাৰ চকুৰ আগেৰে যাব লাগিব গতিকে হাতত পেকেটটো থাকিলে ধৰা পৰাৰ ভয়ত পেকেটটো চোলাৰ বুটাম খুলি পেটত ভৰাই ল'লো । হাফ তণ্ডুৰী আছিল গতিকে পেটটো সামান্যহে ফুলিল ।

হাতত সাৰে ভৰিত সাৰে গেইটখন খুলি ওপৰলৈ চিৰিত ভৰি থৈছোহে মাত্ৰ - চুন দেবাং ইধৰ আজা ।

হ'লেই । মই উত্তৰ দিলোঁ - ৰুকীয়ে আণ্টী, ড্ৰেছ চেঞ্জ কৰকে আ ৰাহা হুঁ !

নাই নহ'ব । নীলম গুপ্তাই আদেশ দিলে । ক'ত ড্ৰেছ চেঞ্জ কৰি আহিবি । আহ পটকে । কথা আছে । পানীপট চে বুৱা আয়ী হেঁ ক্যা লায়া হেঁ দেখ - বুলি গেইট খুলি মোক আগুৱাই নিলেহিয়েই ।

মই মানুহৰ অনুৰোধ পেলাব নোৱাৰোঁ । মৰমো । মৰমত নীলম গুপ্তাই দিয়া আহ্বানক নেওঁচা দিব নোৱাৰি মৰণতে শৰণ দি ভিতৰলৈ গ'লো । একেবাৰে অতিমাত্ৰা ধাৰ্মিক শাকাহাৰীৰ চৰাঘৰত বহি আছোঁ পেটত এটা হাফ তণ্ডুৰী লৈ । ইতিমধ্যে পেটটোত গৰম বাঢ়ি গৈছে আৰু তণ্ডুৰীৰ সুগন্ধও বাহিৰ হ'বলৈ আৰম্ভ কৰিছে । ইফালে সিফালে লৰাই দিছো বেলেগে গম নোপোৱাকৈ ।

আজি হয় থাকিম নহয় ঘৰ এৰাৰ যো-জা কৰিম ।

চিনাকি কৰি দিয়া বুৱায়ে হাতত মালা এডাল জপি আছিল । কঁপালত দীঘল আঁচ । মনতে ভাবিলোঁ নীলম গুপ্তাই মোক ক্ষমা কৰিব কিন্তু এই বুৱাই যে মোক জীৱন্তে চোবাই খাব সেইটো খাটাং যদিহে মোৰ পেটত কুকুৰা থকাৰ উমান পায় ।

মই যিমান পাৰি সিমান কথা চমূ কৰি আহিবলৈ উঠিলো । বহি থকাৰ বাবে পেটৰ হাফ তণ্ডুৰী কুকুৰা অলপ মিছপ্লেচদ্ হ'ল । হাতৰে ধৰি অকণমান ঠিক কৰি দিলোঁ বেলেগে ধৰিব নোৱাৰাকে । চেৰেক কে শব্দ এটা হ'ল মৃদুকে । ফইল পেপাৰৰ ।

: আৰে পেট মে ক্যা লেকে আয়া হেঁ ??

নীলম গুপ্তাই এই প্ৰশ্নৰে মোক একপ্ৰকাৰ আত্মসমৰ্পন কৰিবলৈ বাধ্য কৰালে । মোৰ হাতত অস্ত্ৰ নাই । সমুখত বৰটোপ লৈ হাতত মালা জপি থকা দীঘল ফোঁটেৰে পানীপটৰ বুৱা আৰু নীলম গুপ্তা  ।

কৈ দিওঁ । স্বীকাৰ কৰি ছৰি ক'ম । আৰু এনে নকৰো বুলি কথা দিম ।

একে উশাহে "চিকেন আণ্টী" বুলি কৈ বুকুত গুলি ল'বলৈ সাজু হ'লোঁ !

"চালে বদট্টমিজ জাহা তাহা মজাক কৰতা ৰেহতা হেঁ" বুলি নীলম গুপ্তাই মালা জপি থকা বৃদ্ধাক ক'লে - ই অসমৰ ল'ৰা । আহোঁতেই কৈছিলোঁ তহঁত অসমীয়া মানুহে যিমান মাছ চিকেন খাৱ বাহিৰত খাবি মোৰ ঘৰলৈ নানিবি । বেচেৰাই কথা মানিছে । ই জানে চিকেন বুলি ক'লে মই নাক কোচাম গতিকে জোকাইছে ।

বুৱাই মোলৈ চাই হাঁহিলে । নীলম গুপ্তাই ক'লে - যা আভি ভাগ । অফিচ চে আয়া হে । অউৰ মেৰে চামনে চিকেন কা নাম ভী মত লে গণ্ডা কহি কা ।

ৰৈ গ'লো এখন্তেক । কি কওঁ । এই বিশ্বাস ! মৰম !! নে সঁচাকে জানিও অতিমাত্ৰা ধাৰ্মিক মহিলা গৰাকীৰ পৰা মোক বচোৱাৰ বাবে নীলম গুপ্তাৰ এই আচৰণ !!

সুখ নহ'ল প্ৰথমবাৰৰ বাবে ৰুমত তণ্ডুৰী খোৱা ।

সোৱাদ নাপালোঁ মুঠেও !

1 comment:

  1. দাদা মনত সুখ নহলে অমৃত পান কৰিলেও স্বাদ নাপাব ।

    ReplyDelete