Pages

Friday 15 July 2016

ধুমুহা

ধুমুহা

ধুমুহাজাক বাঢ়ি আহিছিল । পুতাইৰ লাহে লাহে ভয়টোও বাঢ়ি আহিছিল । সিঁহতৰ ঘৰটো থুনুকা । মাটিৰ । ছালখনৰো অৱস্থা নাই । পানীতো হৰহৰাই পৰেই লগতে কোনপাকত উৰুৱাই নিয়ে ঠিক নাই । সি মাটিত শোৱে । বিচনাত চম্পা । সি শুই থকা খেৰকেইদাল আৰু কাপোৰখন সামৰি আঁঠুতে হাত দুটা দি মজিয়াতে এনেই বহি ৰ'ল । শাম কাটিলে আকৌ বিচনা পাৰিব । তাৰ গাৰ কাষতে মজিয়াত পানী পৰি পৰি চিটিকনি বোৰ তাৰ পিঠিয়ে মুখে পৰিছে । চম্পা শুই আছেনে সাৰে আছে নে সাৰে থাকি শোৱাৰ ভাও ধৰিছে সি নাজানে ।

ধুমুহাৰ লগে লগে ঢেৰেকনীও বাঢ়ি আহিছিল । ক'ৰবাৰ পৰা নাৰিকলৰ ডাঙৰ শুকান পাত এটা উৰি আহি বাঁহৰ দুৱাৰখনৰ মুখতে পৰিলহি । এইবাৰ পুতাই নৰ'ল । ভয়তে চিধাই চম্পা শুই থকা বাঁহৰ বিচনাৰ তললৈ আঁঠু কাঢ়িয়েই বাট পোনালে । বিচনাৰ তলতহে যদি জীৱনটো বাচে ।

চম্পাকো মাতিব নেকি ?? নাই থাকক । কি দৰকাৰ । মৰক তাই ।

যোৱা পোন্ধৰদিন মান চম্পাৰ লগত তাৰ মাতবোল নাই । প্ৰথম দুদিন মাতবোল বন্ধ । পিছত সি একেলগে শোৱাও এৰিলে । সি মাটিত খেৰ পাৰি তাৰ ওপৰতে পুৰণা ফটা বিচনা চাদৰ এখন পাৰি শোৱা কৰিলে । ৰাতি আহি সি চৰুৰ পৰা ভাত উলিয়াই অকলে খাই অকলে মাটিত শুই থাকে । নিজৰ জেদৰ বাবে সি দুয়োটা ভোকেই সহ্য কৰিব পাৰে ।

পথাৰলৈ যাওঁতেই কোনোবাই বহুদিন আগতেই তাক কৈছিল সি নথকা অৱস্থাত গোলাপ সিহঁতৰ ঘৰতে বহি থাকেহি । সি গুৰুত্ব দিয়া নাছিল । দুদিনমান সি নিজেও গোলাপক সিহঁতৰ ঘৰত পাইছেহি যদিও কথাটো বৰকৈ মন কৰা নাছিল । পিছলৈ সি চম্পাৰ চাল-চলনত অলপ পৰিৱৰ্তন দেখা পাইছিল । আগৰ দৰে তাক নবকে, কাজিয়াও কমাই কৰে !

সিদিনা মনেশ্বৰে যেতিয়া নিজৰ ঘৈনিয়েক পলাই যোৱাৰ কথাটো পুতাইক মনত পেলাই দি তাক সাৱধান হ'বলৈ ক'লে সেইদিনাই পুতাইয়ে অলপ সৰহকৈ গিলি আহি চম্পাক সুধিলেহি - গোলাপ কিয় আহে মই নথকা পৰত হাঁ ?

তাৰ পৰাই আৰম্ভ হৈ যুদ্ধ ডাঙৰ হ'ল, চম্পাৰ পিঠিত হালোৱা এচাৰিৰ কোবৰ প্ৰতিদান স্বৰূপে তাৰো মূৰত চচপেনৰ কোব পৰিল । মাতবোল বন্ধ হ'ল । শোৱা বন্ধ হ'ল । সি কেতিয়াবা ৰাতি আহি একো নোখোৱাকৈয়ে ঘৰত ভোকতেই শুই থাকে । ভোকত থাকিব । জেদ নেৰে । তাই দোষ স্বীকাৰ কৰিব লাগিব । ভাওনাত দাসীৰ ভাও ল'লেও পুতাই মতা পুৰুষ ।

এইবোৰ ভাবি থাকোঁতেই ঘৰৰ কাষতে থকা অমিতা জোপা কেৰেককৈ ভাগি আহি ঘৰৰ ছালখনতে পৰিল । চম্পাই ভয়তে একেজাঁপে বিচনাৰ পৰা নামি বিচনাৰ তল পালেহি । পুতাইৰ গাতে গা লগাকৈ ।

ধুমুহাজাক বাঢ়ি আহিছিল । প্ৰচণ্ড ঢেৰেকনীৰ শব্দত চম্পাই এপাকত পুতাইক সাৱতি ধৰিলে । পুতাইয়ে এপষেকৰ মূৰত চম্পাৰ গোন্ধটো পালে । সি আঁতৰি নগ'ল ।

: তই গোলাপক কিয় ওচৰ চাপিবলৈ দিলি ?
চম্পাই কেতিয়াও নুশুনা সুৰ এটাৰে পুতাইয়ে সুধিলে ।

: তাক মই আজিলৈকে গাটো চুবলৈ দিয়া নাই । তোৰ শপত ।
: গাটোহে দিয়া নাই । বাকী মনটো ?? কিয় ??
: নাজানো । তই জাননে তোলৈ পলাই অহাৰ পাছৰে পৰাই মোৰ যে কিমান মনটো উৰি ফুৰিছিল । ৰাতি তোৰ লগত কথা পাতি পাতি শুই থাকিম । তই পথাৰৰ পৰা আহিবি মই জলপান দিম আৰু তোৰ কাষতে বহি কথা পাতিম । মূৰকত কিবাহে হ'লগৈ ।

ধুমুহাজাক বেছিকৈয়ে বলিছিল । পুতাইয়ে চম্পাক অকণমান বেছিকৈয়ে জোৰেৰে ধৰি ল'লে, তাই যাতে ভয় নকৰে । মজিয়াৰ পানী আহি সিহঁতৰ ভৰি চুলে ।

: পিছে তই ৰাতি সেইসোপা গিলি আহ । মোৰ কথাবোৰ নুশুন । মাত্ৰ মোৰ দেহৰ ভোকটো নাইকিয়া কৰ । কিন্তু মোৰ সৰু সৰু কথাবোৰ …। মনৰ ভোকটো ?? তই পলুৱাই অনাৰ প্ৰথম বছৰৰ বাহিৰে পিছত কেতিয়াবা মোৰ কথাবোৰ শুনিছিলিনে মন দি ?? এদিনমান ৰাতি আহি মোৰ লগত চোতালত এখন্তেক বহিছিলি নে ?? খালী সেইসোপা গিলি আাহি নিজৰ কথাবোৰ কৱ মোৰবোৰ নুশুন । ল'ছালী নোহোৱা বাবে মোক গালি পাৰ । এদিন নহয় সদায়েই । গোলাপ আহি এনেই বহে সন্ধিয়া । এই সৰু সৰু মই কাকো ক'বলৈ নোপোৱা কথাবোৰ গোলাপক কওঁ । মোৰো মন যায় ক'বলে । মোৰো মন যায় কোনোবাই মোৰ কথা শুনক ! গোলাপক মই মন দিয়া নাই । সি যদি দিছে নাজানোঁ । মই দিনটোৰ সৰু সৰু কথাবোৰ তাক কওঁ সি মনোযোগেৰে শুনে । তাতে মই ভাল পাওঁ । মনটো মোৰ পাতল লাগে । কথা সিমানেই ।

পুতাইয়ে চম্পাৰ মূৰত হাত থ'লে ।

: মই যোৱা সপ্তাহৰ পৰা এটুপিও মুখত দিয়া নাই জাননে তই ? যোৱা সপ্তাহৰ পৰা মোৰ তোৰ লগত কথা পাতিবলৈ মন গৈ আছে । তোৰে শপত আৰু এটুপিও নাখাওঁ । তই খালি গোলাপক মই নথকা পৰত আহিবলৈ হাক দিবি । মই বেয়া পাওঁ ।
: কৈছোৱেই তাক সিদিনাই । সি নাহে আৰু । এনেও খেতি খোলাৰ বাবে সি একেবাৰে নপামলৈ যাবগৈ । সি আহি বহা ঠাইকণতেই তই সন্ধিয়া বহিবিচোন । মই ভাত ৰান্ধি থাকিলে মোৰ সৰু সৰু কথাবোৰ শুনি শলাগি থাকিবি ।  হ'বনে ??
: হ'ব দে ।

দাসীৰ ভাও ল'লেও মতাপুৰুষ হোৱা পুতাই এটা সৰু ল'ৰাৰ দৰে হৈছিল ।

ধুমুহাজাক শাম কাটিছিল ।

No comments:

Post a Comment