Pages

Friday 15 July 2016

হাফ আৰু ফুল

হাফ্ আৰু ফুল
হাফ আৰু ফুল বুলি ক'লেই এতিয়াৰ চামৰ বেছিভাগৰে যিটো কথা মনলৈ আহে তেওঁলোকক কওঁ যে তাৰ বাহিৰেও হাফ আৰু ফুল বুলি দুটা মজাৰ বিষয় আছিল । সেইবিষয়ে আমি ফোনতে প্ৰস্তুত কৰা গৱেষণা পত্ৰখন মই পাঠ কৰিবলৈ ওলাইছোঁ নতুন চামক সেই দিনৰ এটা আভাস দিয়াৰ কিঞ্চিত প্ৰচেষ্টা স্বৰূপে । সেই দিন বুলি এইবাবেই কোৱা হৈছে যে দুহেজাৰ চনৰ পিছত দুনীয়াখন ইমান ক্ষীপ্ৰভাৱে সলনি হ'ল যে নিৰানব্বৈ চনৰ কথা মানে এতিয়া তাহানিৰ কথা !!

বাৰু শুনা বাচাহঁত ! হাফ আৰু ফুল মানে আছিল হাফ পেডেল আৰু ফুল পেডেল । সাধাৰণ চাইকেল এখন শিকি একেবাৰে চলাব পৰা হোৱালৈ চাৰিটা প্ৰশিক্ষণৰ স্তৰ পাৰ হ'ব লগা হৈছিল । যথাক্ৰমে, মুখেৰে ঘেং ঘেং শব্দ কৰি এনেই  ঠেলি নিয়া, মাজৰ ফ্ৰেমতে সৰ্বশৰীৰ সুমুৱাই দি পেডেল মাৰি চলোৱা যাক তলত চলোৱা বোলা হৈছিল, কোনোমতে ছিটত উঠিবলৈ চেষ্টা কৰি পেডেল এফলীয়াকৈ মাৰি যোৱা যাক হাফ পেডেল নামেৰে অভিহিত কৰা হৈছে আৰু শেষৰ স্তৰ হৈছে  কোনোমতে ছিটত উঠিব পৰা হৈ দুয়োফালে ঢুকি নাপালেও পেডেল মাৰি চলোৱা যাক কোৱা হয় ফুল পেডেল ।  সাধাৰণতে প্ৰথমাৱস্থাত যিসকলে পেডেলডাল কোনোমতেই ঢুকি নাপায় অথচ ছিটত উঠি ফুল পেডেল মাৰি চলায় তেওঁলোকক সমাজে "টিকা ঘুৰাই ঘুৰাই চলোৱা" বুলিও বিশেষভাৱে অভিহিত কৰিছিল । সেই সময়ত "টিকা ঘুৰাই চলোৱা" সকলৰ দূৰ্ঘটনাৰ হাৰেই আছিল সৰ্বাধিক আৰু অভিভাৱক সকলৰ চিন্তাৰ কাৰণ । আজিৰ সচেতন মহলৰ দৰে তেতিয়াও সচেতন মহল আছিল আৰু ক'ৰবাত কলৰ তলে বা বাঁহৰ তলে কোনোবা ন-শিকাৰুৰ চাইকেল দূৰ্ঘটনাত পতিত হৈ দাঁত, মুখ, নাক, হাত আদি ভাগিলে সিবিলাকে " এই ক্লাছ ছিক্সতে বাপেকৰ চাইকেল এনেকৈ এৰি দিব নালাগে " জাতীয় মন্তব্যৰে তেওঁলোকৰ দায়িত্ব পালন কৰিছিল ।

সমনীয়া কোনোবাই লগৰ এজনতকৈ আগতেই ফুল পেডেল মাৰিব পৰা গ'লে তেওঁ ঈৰ্ষাৰ পাত্ৰ হৈছিল । হাফ পেডেল মৰাৰ চিহ্ন আঁঠুত, গেৰুৱা গাঁঠি আদিত বিদ্যামান আছিল । ফুল পেডেল মাৰি গ'লে মনত উদয় হোৱা প্ৰথম ভাৱটো আছিল যে মোক কোনোবাই ফুল পেডেল মাৰি চাইকেল চলোৱা দেখিছেনে নাই ??

উপৰোক্ত কথাসমূহ সাধাৰণ চাইকেলৰ ক্ষেত্ৰত প্ৰযোজ্য আছিল । ৰেঞ্জাৰৰ ক্ষেত্ৰত নহয় ।

No comments:

Post a Comment