Pages

Friday 15 July 2016

আনন্দৰ প্ৰকাশ

আনন্দৰ প্ৰকাশ ।

দৈৰ টেকেলী তিনিটা আছিল । মোৰ দামে দৰে যিটো মিলিল সেইটো বাঁহৰ তমাল এডালেৰে ভালকৈ মেৰিয়াই দিবলৈ মানুহজনে বহি থকা ঠাইতে থকা কুমলীয়া বাঁহৰ কামি এপাত চুচিবলৈ লাগিল । আঁঠুমুৰীয়া চুৰিয়া এডোখৰ, হাফো নহয় ফুলো নহয় জাতীয় চোলা এটা আৰু ডিঙিত  পুৰণা গামোছা এখন  পকাই লোৱা - মোৰ স্পষ্টকৈ মনত আছে । টেকেলীটো ঠিক কৰি মোক দিয়ে মানে - এইটো দামত ইমান ভাল দৈ নোপোৱা- জাতীয় কথাৰে মোক উৎসাহ দি থাকোঁতেই ক'ৰবাৰ পৰা ঠিক তেখেতৰ বয়সৰে মানুহ এজন আহি তেখেতক ক'লেহি -…অই আমাৰ এইকে পাই খবৰটো দিছে । জীয়েৰৰ ল'ৰা এটা হ'ল অলপ আগতে । কেইদিনমান আগবাঢ়িল ।

তমালেৰে টেকেলীটো বান্ধি থকা মানুহটোৱে কটকী মানুহটোলৈ চালে ।
: অ' ! মই আক' বজাৰৰ পৰা গৈ যাম বুলিহে ! কেতিয়া হ'ল ।
: অলপ আগতে । এতিয়া ভাল ।

মানুহজনে টেকেলী বন্ধা এৰি গামোছাৰে চকুহাল মচিলে । নিজকে নিজে ক'লে - মাক নোহোৱা ছোৱালী ! নাকটো সোঁওত কে এবাৰ মচি আকৌ টেকেলী বন্ধাত লাগিল ।
: নাতি পালে ??
: অ' হে । হৰিৰ কৃপাত ।

আগদাঁত নোহোৱা মুখৰ সেই মুহুৰ্তৰ হাঁহিটো মোৰ মূৰত সোমাই আছে আজিও ।
----------------------------------
মইও বহি আছিলোঁ । পুতেকে উধাতু খাই সোমাই আহি মোৰ লগত কথা পাতি থকা বাপেকক কাগজ এখন দেখুৱাই ক'লে- দে'তা এইখন ! লেটাৰ ।

বাপেকে থুঁতৰিত হাতটো দি পুতেকক চকুৰে বুজাই দিলে - সেইফালে !

সেইফালে শ্বকেছ এটাৰ ওপৰত  চশমা পিন্ধা অতি সাদৰী যেন লগা মানুহ এগৰাকীৰ ডাঙৰ বন্ধোৱা ফটো এখন আছিল । সমুখতে সৰু পিতল নে তামৰ কাঁহী এখনত ধূপদানি এটা আৰু চাউল কেইটামান ।

-----------------------
মাজতে সভা এখনত কথা কৈ আছিলোঁ ! সভাসদৰ মনোযোগ দেখি অতি আনন্দ পাইছিলোঁ কথা কৈ । কথাৰ মাজতে হঠাতে মনোযোগ ভংগ হ'ল দহ ছেকেণ্ডমানৰ বাবে । আজি যদি সেই মানুহটো থাকিল হেতেন মই এনেদৰে কথা কোৱা শুনিবলৈ !

পিছ মুহুৰ্ততে এনেকুৱা লাগিল সমুখৰ আসনত যেন তেখেত বহি মোলৈ ইংগিত দিছে - কৈ থাক । ন'ৰবি ।

তাৰ পিছত যি পাঁচমিনিট কৈছিলোঁ সেইখিনি কৈছিলোঁ দুগুন আনন্দ আৰু উৎসাহেৰে !

No comments:

Post a Comment