Pages

Friday 15 July 2016

সংগীত

হজ খাছ ৰ ভিতৰফালে থকা (নামটো পাহৰিছোঁ) ৰেষ্টুৰেণ্ট এখনলৈ গৈছিলোঁ তিনি বছৰমানৰ আগতে । সৰুকৈ সজাই থোৱা মজিয়াতে বহি ডেকা এজনে তবলা, হাৰমনিয়ামৰ সংগত এনে সুন্দৰকৈ, বুকুত সোমাই যোৱাকৈ গোলাম আলীৰ গজল পৰিৱেশন কৰি আছিল যে বৰ্ণনা কৰিবলৈ মোৰ ভাষা নাই । তেওঁৰ গজল শুনি মই ইমানেই অভিভূত হৈছিলোঁ যে সেইদিনা তাত কি খাইছিলোঁ আজি মোৰ সমুলঞ্চে মনত নাই । মনত আছে তেওঁ গোৱা হাংগামা হে কিউ বড়পা, চমকতে চান্দ ক' আৰু য়ে দিল য়ে পাগল দিল আদি । গোলাম আলীৰ গজল ইমান নিখুঁতকৈ, এনেকুৱা কাজেৰে গোৱা কিজানি মই দ্বিতীয়বাৰ শুনিলোঁ । প্ৰথম শুনিছিলোঁ ৰূপমৰ কণ্ঠত । বাৰু, মই আহিবৰ সময়ত তেওঁৰ হাৰমনিয়াম খনৰ কাষতে সন্মান সহকাৰে কিবা এটা পুৰস্কাৰ থৈ তেওঁক সুধিলোঁ যে তেওঁৰ গুৰুজী কোন । ডেকাই উত্তৰ দিলে তেওঁৰ গুৰুজী হ'ল ৰেডিঅ' । বেলেগ কোনো গুৰু নাই । তেওঁ প্ৰাণ ঢালি গাবলৈ চেষ্টা কৰে, চকু মুদি ভাবি লয় এইটো গজলেই মোৰ "ৰুটী" !

আচৰিত নহৈ পাৰেনে ? আনুষ্ঠানিক বিদ্যা নোহোৱাকৈয়ে এনে গায়কীৰে গজল সম্ভৱ ?? উত্তৰ হয়তু এটাই যে তেওঁৰ আৱেগেই তেওঁৰ গুৰুজী !

ৰেল ষ্টেচনত থকা অন্ধ লোকগীতৰ শিল্পীকেইজনৰ গুৰু কোন নাজানোঁ । কিন্তু তেওঁলোকে গোৱা "দেহৰ ভৰষা নাই " আপুনি এখন্তেক ৰৈ মন দি শুনিলে আপোনাৰ বুকু কঁপি যাব ।

দিল্লীৰ বিনোদৰ চাহ দোকানত এদিন বেলৰ চৰবত বেচা ল'ৰা এটাই মগ এটা বজাই বজাই "নেইনা ঠগ লেংগে" গাই মোৰ চকু কঁপালত তুলিছিল । তাৰ পিছত আৰু এটা গাবলৈ দিওঁতে সি নাগালে ।

মায়ে কেতিয়াবা গুণ গুণাই থাকে - শালিকী অ' অবুজন চৰাইজনী, জোনধনে জোনালীতে তৰাৱতীক চাই । মই কাণ পাতি ৰওঁ - গা চোন আৰু দুলাইন ! একেটা মাতত । শব্দ নকৰাকৈ ।

কোনোবাই গুণ গুণোৱা শুনিলেই মই কাণ থিয় কৰোঁ । গাওঁকচোন ! বুকুৰ পৰা । নিজে শুনক । নিজেই নিজক নিচুকাওক ।

শইকীয়ানীয়ে কেতিয়াবা গুণগুণাই থাকিলে মই কাণ উনাই থাকোঁ । নালাগে গায়িকা হ'ব কিন্তু তেওঁৰ নিজৰেই অজ্ঞাতে বুকুৰ পৰা ওঁঠলৈ সুৰ আহে নেকি শুনি থাকোঁ ! গাই থাকাচোন ।

সকলোৰে এটাই কথা - গান গাব নাজানোঁ । হেৰি ! নিজৰ বাবে গুণ গুণাই থাওকচোন বুকুৰ পৰা । টিভিত সাৰেগামা লৈ যাব নালাগে । গানত প্ৰাণ দিয়ক নিজৰ বাবেই !

No comments:

Post a Comment