Pages

Friday 15 July 2016

মানুহবোৰ !

মানুহবোৰ !
দুবছৰমান হ'ল । তেখেতে মোক কাম এটা দিছিল । কিতাপ কাগজ সংক্ৰান্তীয় । মই সময়মতে কামটো উলিয়াব নোৱাৰি  অতি দুখেৰে তেখেতলৈ এখন ই-মেইল লিখিলোঁ । আপুনি মোক ইমান বিশ্বাসেৰে কামটো দিলে অথচ মই কৰিব পৰা নাই । মই দু:খিত ।
তেখেতৰ উত্তৰ আহিল : এইবাৰহে দেৰি হৈছে । তোমাৰ আগৰ সহায়বোৰ মনত ৰাখিছোঁ । কেতিয়াবা পলম মোৰো হয় । ভুলো হয় । সেইবুলি এবাৰ সময়মতে নোহোৱাৰ বাবেই তোমাৰ আগৰখিনি পাহৰি যোৱাটো উচিত নহ'ব মোৰ বাবে ! লাগি থাকা । মেইলখনৰ সততাক মৰম যাছিলোঁ ।

আচৰিত হ'লোঁ । সাধাৰণ মানুহৰ স্বভাৱতকৈ বেলেগ । আমাৰ ক্ষেত্ৰত কথাটো সুকীয়া । এক তাৰিখৰ পৰা ত্ৰিশ তাৰিখলৈ কোনোবা এজনে মোক সহায় কৰি দি আছে আৰু কিবা এটা কাৰণত একত্ৰিশ তাৰিখে নোৱাৰিলে । গতিকেই সেই এদিনৰ বাবে আগৰ ত্ৰিশ দিনৰ সহায়ক মই নিমিষতে পিছ ঠেং মাৰি আজি তেওঁ সহায় কৰিব নোৱাৰাটোক মগজুত সোমোৱাই লৈ নিশ্চিত কৰিলোঁ - মানুহটো কামৰ নহয় ! বেয়া ! সি এটা মস্ত…ধুৰ !!

পিছৰ উদাহৰণটো মোৰ জীৱনত বেছি ।
--------------------------------------------------------
সত্যপ্ৰকাশ ড্ৰাইভাৰে আমাক সিদিনা মউলিনঙলৈ লৈ গৈছিল । ৰাতি তেওঁক বিদায় দিয়াৰ পৰত খুচুৰা নাছিল বাবে টকা এশ বেচিকৈ দিব লগা হ'ল । পিছত কেতিয়াবা আকৌ আহিবা, তেতিয়া মিলাই দিবা বাৰু ।

পিছদিনা দুপৰীয়া ৰ'দত ঘামিজামি সত্যপ্ৰকাশ ওলালহি । ছাৰ এশ টকাটো লওঁক । দিবলৈ আহিলোঁ ।
:মই তোমাক পিছত মিলাই দিলেও
হ'ব বুলি কৈছিলোঁ !
: পিছৰটো পিছত ছাৰ । কেতিয়াবা এশ টকাৰো বহুত প্ৰয়োজন হয় । গতিকে মই দিবলৈ আহিলোঁ । আপুনি মোক ৰাতি ইমান বিশ্বাসত দি পঠাইছে !

সত্যপ্ৰকাশক চৰবত এগিলাচ খুৱাই পঠালোঁ । অতি সুৱলাকৈ, অতি শুদ্ধকৈ অসমীয়া কোৱা অমায়িক সত্যপ্ৰকাশ ইউপিৰ ল'ৰা । তাৰ বিষয়ে এটা লেখা ওলাব ।
--------------------------------------------------------
ৰাতিপুৱাৰ ভাগত । মাছবেপাৰীৰ হাতৰ তলুৱা দুখন চাব নোৱাৰা অৱস্থা । অনবৰত পানী চুই থকাৰ বাবে পানীয়ে খাই একেবাৰে বগা ঢেলা কৰি পেলাইছে । মাছকেইটা বাচি দিবলৈ কৈ অকণমান দোষী অনুভবেই কৰিলোঁ । উপায়ো নাই । কেটলী এটাত চাহ লৈ দোকানে দোকানে বেচি ফুৰা ল'ৰাটো কাষেৰে পাৰ হৈ যোৱাত তাক মাতি নিজেও একাপ লৈ একাপ মাছবেপাৰীক যাছিলোঁ অনুশোচনাত ।  মাছবেপাৰীয়ে ক'লে নালাগে । কিয় ?? মানুহজনী আহিব এতিয়া । একেলগে চাহ খাওঁ । ৰাতিপুৱাৰ চাহকাপ অকলে খাবলে'  বেয়া পাওঁ !

No comments:

Post a Comment