Pages

Friday 15 July 2016

মানুহবোৰ (২)

মানুহবোৰ !

দুমাহমানৰ আগৰ কথা । আপডেট এটা দিছিলোঁ । ল'ৰাজনে কমেণ্ট দিলে - হস্পিটেলত আছোঁ তথাপি হাঁহি আছোঁ দেৱাংগ দা ! ফোন কৰিলোঁ - কি হৈছে ? ব্লাড কেঞ্চাৰ দেৱাংগ দা ! যুঁজি আছোঁ । ভাল হৈছিল । আকৌ অকণমান প্ৰব্লেম হৈছে ।

মই তেওঁক মুঠেও সান্ত্বনা নিদিলোঁ । প্ৰকৃত যুঁজাৰুৱে সান্ত্বনা বা অনুকম্পা নিবিছাৰে । তেওঁক ক'লোঁ - ইতিমধ্যে জিকিছাই তুমি । কেঞ্চাৰক এনেকুৱাকৈ বিধ্বস্ত কৰি পেলোৱা যে তোমাৰ কথা শুনিলেই দহজন কেঞ্চাৰ ৰোগীৰ মনোবল বাঢ়ে , কেঞ্চাৰেও যাতে ভয়তে পলাই পত্ৰং দিয়ে । -

- ছিয়ৰ দেৱাংগ দা ! মই ভাল হৈ সোনকালেই আকৌ ৱেইট লিফটিঙ কৰিব লাগিব । ভাল হ'মেই হম ।

জীৱনৰ প্ৰতি এনে দূৰ্বাৰ হেপাহ থকা মানুহৰ সমুখত সময় কোন কুটা ??
########
মানুহজনৰ লগত চাৰিবছৰৰ ফোনৰ চিনাকি । "আমাৰ অসম" ত লিখা-মেলাৰ যোগেৰে । দুমাহ, তিনিমাহ, ছমাহ মানৰ মূৰত ফোন কৰে । মই ভাল পাওঁ । কিছুমান মানুহৰ লগত কথা পাতি মই বৰ শান্তি পাওঁ । পেছাত অৱসৰপ্ৰাপ্ত চিকিৎসক এখেতো তেনে এজনেই । যোৱামাহত ফোন কৰিলে ছমাহ মানৰ মূৰত ।

: দেৱাংগ, তুমি বাৰু কেতিয়াবা একেবাৰেই এনেই থাকানে ?
: থাকোঁ ।
: মানে একোৱেই নকৰি ??
: হয় । সপ্তাহত দুদিনমান এঘণ্টামানৰ বাবে মই একোৱেই নকৰাকে বহি থাকোঁ । হাতত ফোনো নাথাকে । একেবাৰে নিজৰ লগত । নিৰৱ ।
: হা হা ! সেই একেবাৰেই একো নকৰা সময়ত কি কৰা মোক লাগে । মই কি সুধিছোঁ বুজিছা নহয় !
: সেই এঘণ্টাত ! মই প্ৰায়েই ঘুৰি ফুৰোঁ । বিশ বছৰ আগৰ সময়ত !
: য়েচ ! মোক লাগে সেই সময়ত কি কৰা !
: চাওঁক কেতিয়াবা হাতত এচাৰিডাল লৈ লুঙলুঙীয়া বাটটোৰ দুয়োকাষে থকা জাৰ্মানী বনবোৰ কোবাই গৈ থাকোঁ ! কেতিয়াবা নৈৰ পাৰ পাওঁগৈ । বহো এখন্তেক । কেতিয়াবা বাঁহৰ চুপিটোত মাটি পেঞ্চিল টুকুৰা ভৰাই নিজৰ নামটো বেঁকাকৈ লিখি থাকোঁ চোতালতে বহি । দেৱাচালিৰ ভিতৰৰ গুলপীয়াখিনি শুঙি চাই চিলটখন মচোঁ তাৰেই ! কেতিয়াবা উইচিৰিঙাৰ গাঁতত পানী দি উইচিৰিঙাটো ওলাই আহিলে এক পৈশাচিক আনন্দ পাওঁ ! কলপাতেৰে পেঁপা এটা বনাই বজাওঁ । কেতিয়াবা পথাৰত গৰুখিছ বিচাৰি ফুৰোঁগৈ । বৰশীৰ টোপত লগোৱা কেঁচুডালে চটফটাই থকা দেখি বৰশীটো পেলাই দিওঁ বুলি ভাবোঁ অথচ নোৱাৰোঁ ! আৰু এই সময়খিনি যদি ৰাতি হয় তেন্তে লেম্পটোলৈ চাই ৰওঁ ! মোৰ ভাৱ হয় মই পৃথিৱীত নাই । স্কুলৰ বহী-কিতাপবোৰ মই শুঙি চাওঁ দীঘলকৈ ! খিৰিকীখন খুলি বতাহ আহিবলৈ দিওঁ আৰু বতাহৰ লগত যুদ্ধ লাগি লেমটো জিকি নুমাই নোযোৱাকৈ থাকিলে লেমটোক আলফুলে চুই দিওঁ হেপাহত !

: বাচ বাচ ! ৰখোৱা । মোক উশাহটো লৈ ল'বলৈ দিয়া !
: হা হা ! আপুনি শুনিব খুজিছিল ! তাৰ পিছতেই মই ঘুৰি আহোঁ পৃথিৱীলৈ !!
: সেই কাৰণেই শুনিব খুজিছিলোঁ । আচলতে তুমি কথাবোৰ কৈ থাকোতে মই তুমি কোৱাৰ দৰে এই পৃথিৱীত নাছিলোৱেই ! তুমি যি যি কৈ আছিলা মোৰ এনেকুৱা লাগিছিল সেইটো দেখোন  মই ! মোৰ গা বেয়া দেৱাংগ ! কিন্তু  কিবা এটা পালোঁ এইমাত্ৰ মই ! ইমান সোনকালে পৃথিৱী এৰিব নোৱাৰি বুজিছা ! নেৰোঁ ।
: নেৰিব । আমাৰ লগত কোনে কথা পাতিব ।
: (নীৰৱ)
: হেল্ল' ,
: বাৰু ৰাখোঁ দিয়া !

No comments:

Post a Comment